ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২২/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া ৱিকিউৎসৰ দক্ষতা বিকাশ কৰ্মশালাৰ এটি মুহূৰ্ত।

 যোৱা ১১ আৰু ১২জুন তাৰিখে অসমীয়া ৱিকিপিডিয়াৰ ভগ্নীপ্ৰকল্প ৱিকিউৎসৰ (Digital library) এখন উচ্চপৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈ যায়। সমল ব্যক্তি হিচাপে CIS-A2kৰ ফালৰ পৰা জয়ন্ত নাথ ডাঙৰীয়াৰ তত্ত্বাৱধানত অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন সক্ৰিয় সদস্যই প্ৰশিক্ষণ গ্ৰহণ কৰে।

(পৰিচয় পৰ্বৰ আলোচনা)

  • স্কেনাৰ প্ৰকল্প: অসমীয়া পুৰণি-ন, আপুৰুগীয়া গ্ৰন্থসমূহ স্কেনিং কৰিবলৈ অসমীয়া ভাষাৰ ৱিকিউৎসক এটা উচ্চ-পৰ্যায়ৰ স্কেনাৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হয়। কৰ্মশালাৰ সমল ব্যক্তি জয়ন্ত নাথৰ মতে, এই প্ৰকল্পৰ বাবে কমেও ৪০-৫০খন কিতাপ যোগাৰ কৰি ল'ব পাৰিলে আমি স্কেনাৰ এটাৰ বাবে সমূহীয়াকৈ আবেদন জনাব পাৰোঁ। এইধৰণৰ কামৰ বাবে অসমীয়া ভাষাৰ ৱিকিউৎসৰ এজন সদস্য বা স্বেচ্ছাসেৱকে দায়িত্ব ল'লে তেওঁক চিআইএছ-এটুকেৰ ফালৰ পৰা উপযুক্ত পাৰিশ্ৰমিক দিয়াটো নীতিগত কথা বুলি জয়ন্ত নাথে দোহাৰে। স্কেনাৰটো প্ৰয়োজনবিশেষে অসমৰ এঠাইৰ পৰা আন এঠাইলৈ নিব পৰা যাব আৰু অসমীয়া ৱিকিউৎসৰ অভ্যন্তৰীণ বিচাৰ-বিবেচনামতে ইয়াৰ ব্যৱহাৰ হ'ব। এনেধৰণৰ প্ৰকল্প অন্যান্য ভাষাৰ ৱিকিউৎসত ইতিমধ্যেই আৰম্ভ হৈছে।
  • GLAM প্ৰকল্প: GLAM ৰ অৰ্থ হৈছে Galleries, Library, Archive and Museums)। একোটা বিশেষ অঞ্চলৰ সাংস্কৃতিক অনুষ্ঠান বা প্ৰতিষ্ঠানৰ সমল বা সংগ্ৰহিত তথ্যসমূহ বিভিন্ন কৌশলেৰে ৱিকিপিডিয়া বা ৱিকিউৎসত সংৰক্ষণ কৰাৰ এক বিশেষ প্ৰকল্প। উদাহৰণস্বৰূপে, আমি অসমৰ সংগ্ৰহালয় বা ঐতিহ্যমণ্ডিত ঠাইৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি তেওঁলোকৰ দ্বাৰা সংৰক্ষিত সমলসমূহৰ ছবি তুলি ৱিকিপিডিয়াৰ প্ৰকল্পত সংৰক্ষণ কৰিব পাৰোঁ। প্ৰকল্পটো Photo documentationৰ লেখীয়া। ইয়াৰ বাবে প্ৰয়োজনীয় কেমেৰাকে আদি কৰি সঁজুলি চিআইএছ-এ২কেয়ে যোগান ধৰিব।
  • গ্ৰন্থ সংগ্ৰহ: পুৰণি গ্ৰন্থৰ বাবে আমি অসমৰ প্ৰধান বিশ্ববিদ্যালয়সমূহৰ পুথিভঁৰালৰ লগত বুজাবুজিৰ চুক্তি বা যিকোনো উপযুক্ত উপায়েৰে যোগাযোগ কৰিব পাৰোঁ আৰু তেওঁলোকৰ দ্বাৰা সংগ্ৰহিত কিতাপ ৱিকিউৎসৰ বাবে আগবঢ়াবলৈ অনুৰোধ কৰিব পাৰোঁ। আমি কথা পাতিব পাৰোঁ ব্যক্তিগতভাৱে গ্ৰন্থ-সংগ্ৰহ কৰি ৰখা ব্যক্তিৰ লগত। নতুবা বিশ্ববিদ্যালয়ৰ লগত অসমীয়া ৱিকিউৎস মধ্যস্থতাকাৰী হিচাপে জড়িত হৈ চিআইএছ-এটুকেৰ লগত এইবিষয়ত পোনপটীয়াকৈ কথা পাতিব পাৰি।

ইয়াৰ উপৰি অটিআৰএছ, কপিৰাইট, কথাছবিৰ কপিৰাইট আৰু ৱিকিউৎসত কথাছবিৰ ট্ৰেন্সক্লুছন, ৱিকিপিডিয়াত নিৰপেক্ষতা, সম্পাদনা নীতি, সামাজিক মাধ্যমত ৱিকিপিডিয়াৰ সক্ৰিয়তা আদি বিষয়সমূহত থূলমূলকৈ আলোকপাত কৰা হয়।

প্ৰথম দিন (১১-০৬-২০২২)
সময়- পুৱা ৯ঃ০০ বজাৰ পৰা আবেলি ৪ঃ৩০ বজালৈকে আলোচনাৰ সংক্ষিপ্ত বিৱৰণ-

  1. অসমীয়া ৱিকিউৎসৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সামৰি সদস্য ঈশান জ্যোতি বৰাই এক সংক্ষিপ্ত বিৱৰণ উপস্থাপন কৰে।
  2. সমল ব্যক্তি জয়ন্ত নাথে ভাৰতীয় কপিৰাইট আইন সম্পৰ্কীয় কথা-বতৰাৰে প্ৰথমদিনৰ মুখ্য কাৰ্যসূচীৰ দিশে আগবাঢ়ি যায়।
  3. মুদ্ৰণ সংশোধন পৃষ্ঠাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত প্ৰথমে কমন্সৰ পৰা কিতাপৰ নাম কপি কৰি লৈ ৱিকিউৎসত কিতাপৰ সূচী তৈয়াৰকৰণৰ কাৰিকৰী কৌশল সম্পৰ্কে প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰে।
  4. বেটুপাত, প্ৰথম পৃষ্ঠা, উকা পৃষ্ঠা ইত্যাদিৰ সংশোধনেৰে পৃষ্ঠা তালিকা তৈয়াৰকৰণ সম্পৰ্কীয় প্ৰশিক্ষণ আগবঢ়াই ব্যৱহাৰিকভাৱে ইয়াৰ কাৰ্যকৰীকৰণত গুৰুত্ব দিয়া হয়।
  5. মুদ্ৰণ সংশোধনৰ ক্ষেত্ৰত উচ্চতৰ বিকল্প সমূহ যেনে দুটা স্তম্ভত ভাগ হৈ থকা পাঠ্য উদ্ধাৰ কৰি মূল পাঠ্যৰ দৰেই পুনৰ সংশোধনকৰণৰ বিকল্প উপায় সম্পৰ্কে প্ৰশিক্ষণ।
  6. ট্ৰান্সক্লুডকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য আগবঢ়াই প্ৰশিক্ষক জয়ন্ত নাথে ইয়াৰ ব্যৱহাৰিক কৌশল সমূহৰ প্ৰশিক্ষণ দিয়ে। ট্ৰান্সক্লুড হোৱা কিতাপ সমূহ pdf, epub ইত্যাদি আৰ্হিত কিদৰে মোবাইল, লেপটপ আদিত পঢ়িব পৰাকৈ আগবঢ়াই দিব পাৰি সেইসম্পৰ্কে অৱগত কৰে।
  7. কেনেধৰণৰ ভৱিষ্যত পন্থা হাতত ল'লে অসমীয়া ৱিকিউৎসৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে ইত্যাদি সম্পৰ্কীয় এক বিশেষ কৌশলৰ আৰ্হি উপস্থাপন কৰি প্ৰশিক্ষক গৰাকীয়ে প্ৰথমটো দিনৰ কাৰ্যসূচীৰ সামৰণি মাৰে।

দ্বিতীয় দিন (১২-০৬-২০২২)
সময়- পুৱা ৯ঃ০০ বজাৰ পৰা আবেলি ৪ঃ৩০ বজালৈকে আলোচনাৰ সংক্ষিপ্ত বিৱৰণ-

  1. ইতিমধ্যে ট্ৰান্সক্লুড কৰি সম্পূৰ্ণ হৈ থকা কিতাপ এখনত উপ-পৃষ্ঠা কেনেকৈ সংযোগ কৰা হয় সেই বিষয়ে তত্ত্ব-কথা কিতাপখনৰ জৰিয়তে প্ৰশিক্ষক জয়ন্ত নাথে অৱগত কৰে। লগতে প্ৰায় ছয়/সাতখন কিতাপৰ উপ-পৃষ্ঠা সংযোগৰ কাম সদস্যসকলে ব্যৱহাৰিকভাৱে কৰে।
  2. উচ্চতৰ মুদ্ৰণ সংশোধনৰ ক্ষেত্ৰত প্ৰশিক্ষক জয়ন্ত নাথে ছবি থকা পৃষ্ঠা, ভিন্নধৰণৰ পৰিসীমা থকা পৃষ্ঠা, চিত্ৰ আৰু আখৰ একেলগে থকা পৃষ্ঠা, হাতেলিখা আলোচনীৰ পৃষ্ঠা, ৰঙীন আখৰযুক্ত পৃষ্ঠা, সুকীয়া ফণ্টযুক্ত আখৰ(বাক্য) থকা পৃষ্ঠা আদি জটিল সাঁচযুক্ত পৃষ্ঠাৰ মুদ্ৰণ সংশোধন সম্পৰ্কে প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰে।
  3. ৱিকিউৎসৰ ভৱিষ্যত পন্থা কি কি হ'ব সেই সম্পৰ্কে পুনৰ আলোচনা কৰা হয়। সৰ্বাধিক দৰ্শন প্ৰাপ্ত কিতাপসমূহৰ মুদ্ৰণ সংশোধন শুদ্ধকৈ কৰি পৃষ্ঠা তালিকা আৰু উপপৃষ্ঠা সংযোগ কৰি সম্পূৰ্ণ কৰাৰ প্ৰথম লক্ষ্য লোৱা হয়।

 অতিৰিক্তভাৱে দ্বিতীয় দিনাৰ চাহবিৰতিৰ সময়তে ৱিকিমিডিয়াৰ সক্ৰিয় সদস্য প্ৰণামিকা অধিকাৰীৰ জন্মদিন উপলক্ষে ৱিকিমিডিয়ান সকলে কেক কাটি আনন্দ-স্ফূৰ্তি কৰে। সদস্য সকলৰ মাজত মিলাপ্ৰীতিৰ বান্ধোন দৃঢ় কৰাৰ লগতে এই কৰ্মশালাখনে অসমীয়া ৱিকিউৎস প্ৰকল্পটোৰ গতিময়তাক এক অনন্য মাত্ৰা প্ৰদান কৰিব পাৰিব বুলি আশা কৰিব পাৰি।