ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০১৯/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গ্ৰেটা থুন্‌বাৰি

গ্ৰেটা থুন্‌বাৰি (ইংৰাজী: Greta Thunberg; ৩ জানুৱাৰী, ২০০৩) এগৰাকী চুইডিছ পৰিৱেশ কৰ্ম্মী৷ বিগত এটা বছৰ ধৰি তেওঁ জলবায়ু পৰিবৰ্তন সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা অনাৰ বাবে চেষ্টা কৰি আহিছে৷

২০১৮ চনৰ আগষ্ট মাহত মাথোঁ পোন্ধৰ বছৰ বয়সত তেওঁ বিদ্যালয়ৰ শ্ৰেণী বৰ্জন কৰি চুইডিছ সংসদৰ সন্মুখত জলবায়ুৰ পৰিবৰ্তন ৰোধাৰ বাবে অধিক কাৰ্য্যক্ষম পদক্ষেপৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে৷ কিছুদিনৰ ভিতৰতে অন্য বহু ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ প্ৰতিবাদত যোগ দিয়ে৷ তেওঁলোকে সন্মিলিত হৈ ভৱিষ্যতৰ বাবে শুক্ৰবাৰ (Fridays for Future) নামেৰে জলবায়ুৰ বিদ্যালয় প্ৰতিবাদ (school climate strike movement) আৰম্ভ কৰে৷ থুন্‌বাৰিয়ে ২০১৮ চনৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিবৰ্তন অভিৱৰ্ত্তন (2018 United Nations Climate Change File:Greta Thunberg au parlement européen (33744056508), recadré.png)-ত দিয়া বক্তৃতাৰ পিছত বিশ্বৰ বহুতো দেশত শিক্ষাৰ্থীৰ প্ৰতিবাদ অনুষ্ঠিত হয়৷

থুন্‌বাৰি তেওঁৰ পোনপটীয়া (blunt), তথ্যপূৰ্ণ কথা কোৱাৰ ধৰণৰ বাবে খ্যাত৷ তেওঁ নিজৰ পিতৃ-মাতৃক জলবাুয়ুৰ পৰিবৰ্তনত বিৰূপ প্ৰভাৱ পেলাব পৰা জীৱন এৰি File:Greta Thunberg au parlement européen (33744056508), recadré.png উপায় অৱলম্বন কৰিবলৈ সন্মত কৰাইছে৷

মে', ২০১৯ ত 'টাইম' আলোচনীয়ে থুন্‌বাৰিক 'নতুন প্ৰজন্মৰ নেত্ৰী' (next generation leader) হিচাপে আখ্যা দিছে৷ কিছুপ্ৰচামাধ্যমে তেওঁ সমাজৰ বিভিন্ন স্তৰত পেলোৱা প্ৰভাৱক 'গ্ৰেটা থুন্‌বাৰি এফেক্ট' (Greta Thunberg effect) ৰূপে অভিহিত কৰিছে৷

বিতংকৈ পঢ়ক...