ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০১৯/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিজকে ‘ৱিকিপিডিয়ান’ বুলি ভাবিবলৈ এতিয়াও বহুদূৰ বাকী। এতিয়া কেৱল ৱিকিপিডিয়াত লিখিবলৈ শিকিহে আছোঁ। নিজৰ জাতিটোৰ প্ৰতি থকা দায়বদ্ধতা নাইবা অসমীয়া ভাষাটোৰ বাবে সাধ্যানুসাৰে আৰু নীৰৱে কিবা এটা কৰি থৈ যোৱাৰ হেঁপাহেই সম্ভৱত ৱিকিপিডিয়াত লিখিবলৈ সকলো ৱিকিপিডিয়ানকে অনুপ্ৰাণিত কৰে। মই ৱিকিপিডিয়াত লিখিবলৈ প্ৰেৰণা পোৱাৰ অন্তৰালতো এনে কিছুমান কথাই জড়িত হৈ আছে। ৱিকিপিডিয়াত লিখিবলৈ যোৱা দুই-তিনিবছৰৰপৰা মোৰ মনত আগ্ৰহ জন্মি আছিল, কিন্তু কেনেকৈ কি কৰিব লাগে, ভালদৰে জনা নাছিলো। শেহতীয়াকৈ গুৱাহাটীত হোৱা ৱিকিউৎসৰ কৰ্মশালাখনত অংশগ্ৰহণ কৰাৰেপৰা পাৰ্যমানে ৱিকিপিডিয়া আৰু ৱিকিউৎসত লিখিবলৈ, সম্পাদনা কৰিবলৈ আৰম্ভ কৰিছোঁ। এতিয়াও বহুবোৰ বিষয় শিকিবলৈ, জানিবলৈ বাকী আছেই। আগন্তুক দিনত সেইখিনিও শিকি বুজি লৈ কাম কৰি যাম বুলি মন স্থিৰ কৰিছোঁ।

ৱিকিপিডিয়ানৰ মনৰ কথা লিখিবলৈ বহি প্ৰথমেই আক্ষেপ আৰু হতাশাৰে অসমীয়া বুলি চিনাকি দি ভাল পোৱা মোৰ জ্যেষ্ঠ, কনিষ্ঠসকলক দুটামান কথা অৱগত কৰিব বিচাৰিছোঁ। ‘ভাষা নাথাকিলে জাতি এটাও নাথাকে’ বুলি আমি প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি মেলে-মিটিঙে কৈ আহিছোঁ। এইবোৰ কথা কাগজে কলমে লিখাসকলে লিখি আছে। সমালোচনা কৰাই কৰি আছে। কিন্তু কাৰ্যক্ষেত্ৰত হাতে কামেহে কথাবোৰ বাস্তৱায়িত হোৱাগৈ নাই। ভাষা এটা জীৱিত সম্পদ নহয় যে আমাৰ আৱেগ আৰু ঐতিহ্য আছে বুলিয়েই স্বয়ংক্ৰিয়ভাৱে পৰিৱৰ্তিত সময়ৰ সৈতে নিজে নিজে গতি কৰি থাকিব। ভাষা এটাক সক্ষম আৰু সুঠাম কৰি ৰাখিব লাগিব আমি সেই নিৰ্দিষ্ট ভাষাটো কোৱা মানুহখিনিয়েই। যদিহে নাৰাখে তেন্তে সেই ভাষাটোৱে নিজৰ কফিন নিজেই বিচাৰি ল’বলৈ বাধ্য হ’ব।

যি জাতিয়ে নিজৰ ভাষা আৰু সংস্কৃতিক সবলৰূপত প্ৰতিষ্ঠা কৰি সময়ৰ সৈতে লৈ যাব পৰা নাই; সেই জাতি নিঃশেষ হৈ যাবলৈ এই উত্তৰ-আধুনিক যান্ত্ৰিক যুগত বৰ বেছি পৰ নালাগে। উদাহৰণ বিচাৰিবলৈ বেলেগ ঠাইলৈ যাব নালাগে, আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ অনেক ভাষাগোষ্ঠীয়েই ইয়াৰ প্ৰমাণ। তাৰ পাছতো যদি আমি অসমীয়া জাতিয়ে কেৱল ‘আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ’ম’ বুলি হাত সাবটি বহি থাকোঁ; তেন্তে ‘নহ’লে অসমীয়া অসমৰ মাতিতে নিজইে ভগনীয়া হ'ব’ বুলি ভূপেন হাজৰিকাই কৈ যোৱা আপ্তবাক্যশাৰী কাৰ্যক্ষেত্ৰত সঁচা হ'বলৈ বৰ বেছিদিন নালাগিব।

সাম্প্ৰতিক সময়ত ইণ্টাৰনেটৰ প্ৰয়োজন আৰু প্ৰাসংগিকতা ক’ত, সেয়া চৰ্বিতচৰ্বণ কৰাৰ প্ৰয়োজন নাই। অন্যান্য জাতি-জনগোষ্ঠীৰ দৰে আমাৰ অসমীয়া জাতিটোৱেও পলমকৈ হ'লেও ইণ্টাৰনেটৰ জগতখনত নিজৰ পদচিহ্ন ৰাখিবলৈ সক্ষম হৈছে। এতিয়া আমাৰ তথ্য-প্ৰযুক্তিৰ সৈতে চিনা-পৰিচয় থকা মানুহখিনিৰ প্ৰধান কাম হ'ল ইণ্টাৰনেটত আমি আমাৰ ভাষাটোক কেনেকৈ সবলৰূপত প্ৰতিষ্ঠা কৰি থৈ যাব পাৰোঁ বা অনাগত দিনত আমাৰ জাতিটোৱে যাতে ডিজিটেল পৃথিৱীখনত মূৰ পোন কৰি থিয় হৈ থাকিব পাৰে তাৰ বাবে সাধ্যানুসাৰে কাম কৰা। আৰু সেই মূৰ থিয় দি থাকিব পৰাৰ বাবে কৰিবলগা সামগ্ৰিক প্ৰক্ৰিয়াটোৰ এটা প্ৰতিনিধিত্বমূলক বিষয় হ’ল- ৱিকিপিডিয়া, ৱিকিউৎসৰ মাধ্যমেৰে আমাৰ ভাষা, সাহিত্য, সংস্কৃতিক ডিজিটেল মাধ্যমত উপলব্ধ কৰোৱা। কিন্তু অতি দুখেৰে জনাও তথ্য, প্ৰযুক্তিৰ মহাবিস্ফোৰণত বিস্ফোৰিত হৈ থকা আমাৰ একাংশ সচেতন অসমীয়া মানুহেই ৱিকিপিডিয়া কি; খায়নে পিন্ধে সেয়া নাজানে। আজিৰ তাৰিখতো ফে'চবুক, হোৱাটছ্আপত ঘণ্টা ঘণ্টা ধৰি সময় কটোৱা অসমীয়া মানুহখিনিয়ে ৱিকিপিডিয়াত যে কিবা এটা হ'লেও তথ্য লিখিব লাগে; সেই কথা চিন্তা নকৰে। কিন্তু একেখিনি মানুহ বা তেওঁলোকৰ সতি-সন্ততিয়ে কিন্তু অসমীয়া ভাষাত কিবা এটা বিষয় ইণ্টাৰনেটত চাৰ্চ কৰি নাপালে হতাশ হৈ ‘অসমীয়াত যে একো নাপায়’ বুলি হা-হুমুনিয়াহ কাঢ়ি মৰে। আৰু অসমীয়া ভাষাৰ সলনি ইংৰাজী, হিন্দী ভাষা শিকাৰ কাৰণ দৰ্শায়।

আনহাতে ৰাজপথত আন্দোলন কৰিবলৈ ওলাই নোযোৱা ব্যক্তি এজনৰো যে জাতীয়তাবোধ থাকিব পাৰে-সেইটো ধাৰণা আজিৰ তাৰিখলৈকে আমাৰ সমাজত দৃঢ়তাৰে প্ৰতিষ্ঠিত নহ'ল। অসমৰ দৰে ৰাজ্যত ৰাজনৈতিক সদিচ্ছাৰ কথাতো বাদেই; কলেজ, বিশ্ববিদ্যালয়সমূহেও অসমীয়া ভাষাটোক ডিজিটেল ৰূপত উপলব্ধ কৰোৱাটো কিমান যে প্ৰয়োজনীয় কৰ্ম; সেয়া সঠিকভাৱে উপলব্ধি কৰা নাই। ফৰাচী দাৰ্শনিক ভল্টেয়াৰে এসময়ত কৈছিল– “কিতাপেই আধুনিক পৃথিৱীখন শাসন কৰি আছে। ’’ আজি একবিংশ শতিকাৰ দ্বিতীয় দশকত যেন এই কথাষাৰ নতুনকৈ উপলব্ধি কৰাৰ সময় আহি পৰিছে। আজিৰ তাৰিখত আমি সকলোৱে জানো— 'ইণ্টাৰনেটেহে আধুনিক পৃথিৱীখন শাসন কৰি আছে। ' কিয় এনেকৈ কৈছোঁ অকণমান গমি পিতি চালেই সকলোৱে বুজি পাব। এনে ক্ষেত্ৰত উচ্চ-শিক্ষাৰ বাবে ‘অসমীয়া ভাষা, সাহিত্য শিকি লাভ নাই' বুলি অনুভৱ কৰি নিজৰ ল'ৰা-ছোৱালীক ইংৰাজী মাধ্যমত পঢ়িবলৈ পঠিওৱা অসমীয়া মানুহখিনিৰ লগতে অসমীয়া ভাষা শিকি কি কৰিমগৈ বুলি শংকা প্ৰকাশ কৰা মানুহখিনিয়েও এই কথাও সময়, সুবিধা পালে অনুভৱ কৰি চাব লাগে যে তেওঁলোকে ‘নাই', ‘নহ'ব’ বুলি হাত সাবটি বহি নাথাকি জাতি আৰু ভাষাটোৰ বাবে নিজেই আচলতে কৰিছেনো কি? কাৰণ জাতি এটা বা ভাষা এটা কোনো ব্যক্তিৰে পৈতৃক সম্পত্তি নহয়। ইয়াৰ উত্তৰণৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন।

অসম সাহিত্য সভাৰ দৰে জাতীয় সংগঠনে আজিৰ তাৰিখলৈকে ৱিকিপিডিয়াৰ দৰে মুক্ত বিশ্বকোষত লিখাৰ বাবে নতুন প্ৰজন্মটোক লৈ একো এটা কাম কৰা চকুত পৰা নাই। অসমৰ বিশ্ববিদ্যালয়কেইখনেও ৱিকিপিডিয়াত অসমীয়া ভাষাটো প্ৰতিষ্ঠা কৰিবলৈ আজি পৰ্যন্ত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। এখন কৰ্মশালা আয়োজন কৰি যে কিছুসংখ্যক শিক্ষাৰ্থীক হ’লেও ৱিকিপিডিয়াত লিখিবলৈ শিকাব পাৰি, সেই কথা ভাবি চোৱা নাই। ইচ্ছা কৰিলে কলেজ, বিশ্ববিদ্যালয়সমূহৰ অসমীয়া বিভাগবোৰেই ভাষাটোক ডিজিটেল ৰূপত প্ৰতিষ্ঠা কৰাবলৈ বিভিন্ন কাৰ্যপণ্ঠা ল’ব পাৰে। একেবোৰ বিষয়তে বছৰি বছৰি চেমিনাৰ, এচাইণ্টমেণ্ট লিখিবলৈ দিয়াৰ সলনি ৱিকিপিডিয়াত নিৰ্দিষ্ট বিষয়ত লিখিবলৈ কাৰ্যপন্থা ল’ব পাৰে। কিন্তু নাই, ৱিকিপিডিয়াৰ গুৰুত্ব বুজি পোৱা মানুহ যেন ক’তোৱেই পাবলৈ নাই। যিসকলে ৱিকিপিডিয়াত লিখি আছে, সকলোৱেই ব্যক্তিগত প্ৰচেষ্টা আৰু মনৰ তাগিদাতহে লিখি আছে।

অসমৰ কেইজনমান ব্যক্তিৰ নিৰালস্য আৰু ব্যক্তিগত প্ৰচেষ্টাত অসমীয়া ৱিকিপিডিয়াই আজিৰ সমৃদ্ধ অৱস্থাত উপনীত হৈছেহি। তেওঁলোকক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। অসমৰ মানুহে তেওঁলোকক স্বীকৃতি দিয়াটো বাদেই, তেওঁলোকে কৰি থকা মহান কামটোকো গুৰুত্বপূৰ্ণ বুলি ভবা নাই। আচলতে ভাবিব লাগে বুলি অনুভৱো কৰা নাই। ব্যক্তিকেন্দ্ৰিক সমাজ ব্যৱস্থাত লাভ নথকা, গ্লেমাৰ নথকা যিকোনো এটা কাম কৰিবলৈ কাৰণো ইমান সময় আছে! তাতে ৱিকিপিডিয়াত লিখি নিজৰ ‘পাৰ্চনেল কেৰিয়াৰ’ নিৰ্মাণ কৰিব নোৱাৰি। টকা-পইচা পোৱা নাযায়। সাহিত্যিক হিচাপেও গ্লেমাৰ পাব নোৱাৰি। গতিকে এনেবোৰ কাম কৰিবলৈ সততে কোনো আগবাঢ়ি নাহে। অৱশ্যে আগবাঢ়ি নহাৰ ফলাফল এসময়ত আমাৰ পৰৱৰ্তী প্ৰজন্মই নিশ্চয়কৈ ভোগ কৰিবগৈ। যেনেকৈ একাংশ জাতি-জনগোষ্ঠীয়ে নিজৰ সকলো ঐতিহ্য, গৰিমা শেষ কৰি জনগোষ্ঠীয় লোক বুলি পৰিচয় দিবলৈ লাজ কৰি নিজৰ নামটোও ‘ৰবাৰ্ট’, ‘এলবাৰ্ট’ কৰি পেলাইছেগৈ। তেনেকৈ আমাৰ জাতিটোৱেও এদিন নিজস্বতা আৰু স্থিতিহীন হৈ সমকালীন সমাজৰ সৈতে তিষ্ঠিব নেৱাৰি আন আন প্ৰভাৱশালী জাতিৰ তলত যে মূৰ দোৱাই থাকিবগৈ। ইতিমধ্যেই এই প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে।

শুনিবলৈ ভাল লগা কথাবোৰ সকলোৱেই কয়। কিন্তু নিজৰ ভুলবোৰৰ আত্মসমালোচনা কৰা মানুহৰ সংখ্যা তেনেই কম। ৱিকিপিডিয়াৰ ক্ষেত্ৰখনলৈকে চালে মন কৰিব পাৰি আজিৰ তাৰিখত সমগ্ৰ অসমপৰা সক্ৰিয়ভাৱে ৱিকিপিডিয়াত লিখা মানুহৰ সংখ্যা পঞ্চাশজনৰ বেছি নহ'ব। কিন্তু চিৰ চেনেহী মোৰ ভাষা জননী’ বুলি চিঞৰি থকা মানুহৰ অভাৱ নাই। ২০১৯ ত থাকি আমি ১৯৬০-৭০ চনৰ কাম কৰি থাকিলে যেনেকৈ বৰ্তমান সময়ে আধুনিক বুলি গণ্য নকৰে, ঠিক তেনেকৈয়ে পৃথিৱীখন গোলকীয় গাঁও হৈ পৰা সময়ছোৱাত বসবাস কৰি কেৱল কাগজে-পত্ৰই লিখা-মেলা, তথ্য-সংগ্ৰহ কৰি থাকিলেই নহ'ব। হাতৰ মুঠিত থকা ম'বাইলটোতে এতিয়া দৈনন্দিন জীৱনৰ সকলোবোৰ বস্তু পাব পৰাকৈ সক্ষম। তেনেস্থলত আমাৰ ভাষা, সাহিত্য, সংস্কৃতি, তথ্য, সমলবোৰো কাগজে-পত্ৰই থকাৰ দৰেই ইণ্টাৰনেটতো পাব পৰাৰ অৱস্থা এটা সৃষ্টি হ’বই লাগিব। আৰু হ'বলৈকে একাংশ মানুহে নিঃস্বাৰ্থভাৱে কাম কৰিবই লাগিব। (একাংশ বুলি এইবাবেই কোৱা হৈছে- কাৰণ ৱিকিপিডিয়াত সকলোৱে নিলিখে বা কিছু পৰিমাণে ভাষা-সাহিত্য-সমাজৰ প্ৰতি সজাগ নহ’লে নিলিখাটোৱেই ভাল। ) ৰাজপথত আন্দোলন কৰিলেই যে দেশ আৰু ৰাজ্যৰ বাবে চিঞৰা বুজায়; সেই চিন্তা মনৰপৰা আঁতৰাবৰ হ'ল। নিজৰ ঘৰত বঢ়িও আজৰি সময়ত দুই এটা প্ৰবন্ধ ৱিকিপিডিয়াত লিখিলে বা ৱিকিউৎসত সম্পাদনা কৰিলেও যে আমাৰ জাতি আৰু ভাষাটোৰেই ৰাজহাড় মজবুত হ’ব, সেই কথা এবাৰ হলেও সচেতন লোকসকলে ভাবি চোৱা দৰকাৰ।

ৱিকিপিডিয়াত লিখি মানসিক প্ৰশান্তি পাওঁ। বহু সময়ত নিজৰ কৰিবলগা কাম নকৰিও ৱিকিপিডিয়াত লিখো বুলি বহোঁ। এইবুলিও ভাবোঁ যে আমাৰ সময়ত আমি যিবোৰ বস্তু নিজৰ ভাষাত ৱিকিপিডিয়াত বিচাৰি হাবাথুৰি খাইছিলোঁ, আমাৰ পাছৰ প্ৰজন্মৰ যাতে একে অৱস্থা নহয়। নহ’লে তেওঁলোকেও যে আমাক প্ৰশ্ন কৰিব- আমি আচলতে ভৱিষ্যত প্ৰজন্মৰ বাবে কৰি গ’লো কি! ‘অসমী আই’, ‘ভাষা-জননী’ বুলি সাহিত্যত কৈ থকা ভাষাটোৰ বাবে ব্যৱহাৰিক অৰ্থত কৰিলোঁ কি! তেতিয়া কি উত্তৰ দিম আমি?

শেষত গীতাৰ্থ দা, বিষ্ণু দা, নিতুল দা, দিব্য দা, জলি বা, প্ৰাণজ্যোতি বা, অজয় দা, অনিমেশ দা, অম্লান দা, চানক্য, নয়নজ্যোতি, ঈশান দা, অনামিকাৰ দৰে অনেক নাম জনা কিম্বা নজনা কৰ্মীয়ে নিজৰ ব্যক্তিগত জীৱনৰ পৰা সময় উলিয়াই জাতিটোৰ বাবে নীৰৱে কৰি অহা এই মহান ব্যক্তিগত প্ৰচেষ্টাক শতকোটিবাৰ প্ৰণাম জনাইছোঁ। তেওঁলোকৰ পূৰ্বতেও সময়ে সময়ে বহুকেইজন ৱিকিপিডিয়ানে অসমীয়া ৱিকিপিডিয়া, ৱিকিউৎসক সমৃদ্ধ কৰি থৈ গৈছে। তেওঁলোকলৈয়ো এই লেখাৰ জৰিয়তে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু বৃহত্তৰ অসমীয়া সমাজলৈ, নতুন প্ৰজন্মলৈ এই আহ্বান ৰাখিছোঁ যাতে আপোনালোকে কমপৰিমাণে হ’লেও ৱিকিপিডিয়াত লিখিবলৈ আৰম্ভ কৰে। আপোনালোকৰ সঁহাৰিয়ে এটা সামূহিক প্ৰচেষ্টাক নতুন ৰূপ লাৱণ্যৰে সমৃদ্ধ কৰাত সহায় কৰিব। আৰু প্ৰতিজন ৱিকিপিডিয়ানকে কৈছোঁ— অন্যান্য প্ৰভাৱশালী জাতিয়ে ৱিকিপিডিয়াৰ গুৰুত্ব বুজি উঠাৰ দৰে এদিন আপোনালোকৰ এই মহান প্ৰচেষ্টাকো অসমৰ মানুহে বুজি পাবই পাব। কাৰণ ভালকামবোৰ মানুহৰ মাজলৈ যোৱাত কিছু পলম হয়েই।

Bhaskarjyoti Bhuyan (talk) 11:59, 2 December 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]