ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২০/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুশল কোঁৱৰ শৰ্মা

কুশল কোঁৱৰ শৰ্মা এগৰাকী ভাৰতীয় পশু চিকিৎসক আৰু হাতী বিশেষজ্ঞ। বন্যপ্ৰাণীৰ চিকিৎসা আৰু এছীয় হাতীৰ সংৰক্ষণলৈ তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছে। তেওঁ “হাতী ডাক্তৰ” নামেৰে জনপ্ৰিয়ভাৱে পৰিচিত আৰু "এছিয়াৰ হস্তীমানৱ" উপাধিৰে বিভূষিত। ডাঃ শৰ্মাই বৰ্তমানলৈ প্ৰায় ৭ হাজাৰৰো অধিক হাতীৰ চিকিৎসাৰ লগতে প্ৰায় ২০০ৰো অধিক বনৰীয়া হাতীক বশ কৰিছে। ৩২ বছৰৰ পৰা ডাঃ শৰ্মাই এটাও সাপ্তাহিক ছুটী নোলোৱাকৈ প্ৰতিবছৰে ৭০০টা হাতী, বন্য আৰু উদণ্ড ষাঁড়ৰ চিকিৎসা কৰে। শৰ্মাই সমগ্ৰ উত্তৰ-পূবত ৰিমৰ্ট ট্ৰেংকুলাইজড ইনজেকশ্যনৰ কৌশল উদ্ভাৱন কৰিছিল। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০২০ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

বিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ ৰাষ্ট্ৰীয় জলপানি লাভ কৰিছিল। বৰমাৰ পৈতৃক ঘৰত তেওঁলোকৰ 'লক্ষ্মী' নামেৰে এজনী বৃদ্ধা হাতী আছিল। শিশু কুশল কোঁৱৰ শৰ্মায়ে হাতীজনীৰ লগত সময় কটাই ভাল পাইছিল। দুৰ্ভাগ্যবশত হাতীজনী গধুৰ বস্তু কঢ়িয়াই থাকোঁতে আঘাতপ্ৰাপ্ত হয়। পিতৃ আন চহৰত বদলি হোৱাৰ বাবে কুশল কুঁৱৰে পিছলৈ আইতাকৰ পৰা গম পালে যে উপযুক্ত চিকিৎসাৰ অভাৱত আঘাতপ্ৰাপ্ত হাতীজনীৰ মৃত্যু হয়। এই ঘটনায়ে তেওঁক এগৰাকী পশু চিকিৎসক তথা হস্তী বিশেষজ্ঞ হবলৈ প্ৰেৰিত কৰিছিল।

ডাঃ শৰ্মাই বৰ্তমানলৈ প্ৰায় ৭ হাজাৰৰো অধিক হাতীৰ চিকিৎসাৰ লগতে প্ৰায় ২০০ৰো অধিক বনৰীয়া হাতীক বশ কৰিছে। ৩২ বছৰৰ পৰা ডাঃ শৰ্মাই এটাও সাপ্তাহিক ছুটী নোলোৱাকৈ প্ৰতিবছৰে ৭০০টা হাতী, বন্য আৰু উদণ্ড ষাঁড়ৰ চিকিৎসা কৰে।

২০১৮ চনত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে তেওঁক 'উৎকৃষ্টতা বঁটা' প্ৰদান কৰিছিল আৰু "এলিফণ্ট মেন অৱ এছিয়া" উপাধিৰে সন্মানিত কৰিছিল। পশু চিকিৎসাৰ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানক সন্মান জনোৱাবাবে ভাৰত চৰকাৰে তেওঁক ২০২০ চনত পদ্মশ্ৰী প্ৰদান কৰে। ইয়াত বিতংকৈ পঢ়ক

যোৱা মাহৰ ভাল প্ৰবন্ধ মহামন্দাৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...