ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২০/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়াৰ জগতখনত মই নতুন সদস্য। দুবছৰমানৰ পৰাই এই জগতত সোমাবলৈ ইচ্ছা কৰিও অহেতুক ভয় আৰু সংকোচৰ বাবে পৰা নাছিলোঁ। প্ৰথমে একাউণ্ট সৃষ্টি কৰিবলৈ গৈ অসমৰ্থ হৈছিলোঁ। ৱিকিপিডিয়াৰ বিষয়ে জানিবলৈ গুগলত সময় পালেই কেতিয়াবা অনুসন্ধান কৰিছিলোঁ; যদিও ভালদৰে নজনাৰ বাবে ইয়াত সোমাব পৰা নাছিলোঁ। যোৱা মে’/জুন মাহৰ কোনোবা এটা দিনত, ফেচবুকৰ জৰিয়তে চিনাকি হৈ পিছত আপোন হৈ পৰা ভাতৃসম বন্ধু শ্ৰী মৃদুল কুমাৰ শৰ্মাৰ আহ্বান আৰু সাহসত ৱিকিপিডিয়াত এটা একাউণ্ট সৃষ্টি কৰি, আৰম্ভণিৰ কাম হিচাপে মৃদুলে দেখুৱাই দিয়া মুদ্ৰণ সংশোধনৰ কাম কৰিবলৈ লওঁ। এই কামত পাৰ্গত হ’বলৈ বহুদূৰ বাকী; তথাপি সাধ্যানুসাৰে কৰি আছোঁ। নিতৌ নতুন নজনা কথা জানিব পাৰিছোঁ। এখোজ দুখোজকৈ প্ৰথমে মৃদুল আৰু এতিয়া অনামিকা, পল্লবী, দিব্য, নয়ন, গীতাৰ্থ বৰদলৈ আৰু বহু এতিয়ালৈ চিনাকি নোহোৱা সক্ৰিয় সদস্যৰ আন্তৰিক সহযোগিতাত ৱিকিৰ জগতত সদায় কিছু সময় বিচৰণ কৰি আছোঁ। এইকাৰণেই ৱিকিক এখন জগত বুলি কৈছোঁ। সদস্যসকলৰ মাজৰ সৌহাৰ্দ্যপূৰ্ণ ভাব-বিনিময়ে চাক্ষুস চিনাকি নথকাতো পৰস্পৰৰ মাজত এক সুদৃঢ় ভাতৃত্ববোধৰ ভাব জগাই তুলিছে। এই জগত “জ্ঞানৰ জগত”, নিতৌ নতুন কথাৰে মনৰ ভঁৰাল ভৰাব পাৰি। সেয়ে, ইয়াত কাম কৰাটো এতিয়া এক নিচা হৈ পৰিছে। এই নিচাৰ বাবেই আজৰি সময়ৰ সদ্ব্যৱহাৰৰ বাবে লেপটপটো কৰ্মক্ষেত্ৰলৈ কঢ়িয়াই নিওঁ। সহকৰ্মীসকলে সোধে, কি লাভ হ’ব? মই কওঁ, অসমীয়া ভাষা হেৰাই যোৱাৰ ভয় নোহোৱা হ’ব। অসমীয়া ভাষা জগত সভালৈ যাব। বৰ্তমান ভুলত অভ্যস্ত হৈ পৰা ভাষাৰ ভুলবোৰ নোহোৱা হ’ব। অতীতৰ মহা-মূল্যবান অসমীয়া সাহিত্যৰাজি ইণ্টাৰনেটযোগে নৱ-প্ৰজন্মই অধ্যয়ন কৰাৰ সুযোগ পাব। সুখৰ কথা, এতিয়া মোক সহকৰ্মীসকলে আজৰি সময় উলিয়াই দিয়ে। মই ইয়াত জড়িত হোৱা বাবে তেওঁলোকে গৰ্ব অনুভৱ কৰে। এগৰাকী সহকৰ্মী এই জগতত সোমাবলৈ প্ৰস্তুত হৈ পৰিছে। এগৰাকী নতুন সদস্য বাঢ়িব। আৰু কি লিখিম? অসমীয়া ৱিকিসমাজৰ খ্যাতি ৰৈ বৈ যাওক। ইয়াৰ সৈতে জড়িত সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। সুৱদী-সুৰীয়া অসমীয়া ভাষা অজৰ-অমৰ হওক। “জয়তু ভাষা জননী’’ নমস্কাৰ।

Pranamikaadhikary (talk) 18:10, 29 November 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]