ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২২/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাইথেলী অংকৰ এক নমুনা

কাইথেলী অংক হৈছে গণিতৰ এক প্ৰকাৰ। নামনি অসমৰ কামৰূপত ওঠৰ শতিকাত কায়স্থ কুলৰ লোকসকলৰ মাজত সংখ্যাজড়িত সাঁথৰ কিছুমানৰ প্ৰচলন আছিল। কায়স্থ বা কাইথসকলৰ মাজত প্ৰচলিত আছিল বাবে এই অংকসমূহক “কাইথেলী অংক’’ নামে জনা যায়। কাইথেলী অংকক সাঁথৰৰ সৈতে তুলনা কৰিব পাৰি। সাঁথৰ ভেদ কৰিবলৈ যিধৰণৰ একাগ্ৰ চিন্তাৰ প্ৰয়োজন হয়, কাইথেলী অংক চৰ্চা কৰিবলৈয়ো তেনে তীক্ষ্ণ বুদ্ধিৰ দৰকাৰ। ধেমালিৰ মাজেৰে প্ৰশ্ন সোধাৰ চলেৰে কৰা এনে অংকবোৰে চৰ্চাকাৰীক হাঁহিৰ খোৰাক যোগোৱাৰ লগতে ই জ্ঞানবৰ্ধনতো সহায় কৰে। কিছুমানে কাইথেলী অংকক “কৌতুক অংক’’ও বুলিব খোজে।

 কাইথেলী অংক পদ্ধতিৰ দ্বাৰা মাটিৰ হিচাপৰ নিয়ম, মাটিৰ পিয়ল, বজাৰৰ দৰৰ জমা-খৰচৰ হিচাপ, কাঁহ-তাম-পিতলৰ দাম, ওজন, ভঁৰালৰ শস্যাদিৰ পৰিমাণ গণনা, ঘৰ-দুৱাৰ সজাৰ জোখ-মাখ, বাঁহ-বেত আদিৰ পৰিমাণ, ঘৰৰ ভেটি তোলাৰ সকলো নিয়ম, সূতা কটা আৰু কাপোৰ বোৱাৰ সকলো নিয়ম, প্ৰজাৰ কৰ-কাটল, ৰাজ-ভঁৰালৰ আয়-ব্যয়, জ্যোতিষ সম্পৰ্কীয় গণনা, মাটি কটাৰ জোখ-মাখ, আমদানি-ৰপ্তানিৰ হিচাপ, বছৰ-মাহ- দিনৰ হিচাপ, গাঁৱৰ জনসংখ্যা গণনা আদি সহজে কৰাৰ উপায় উলিওৱা হৈছিল।বিতংকৈ ইয়াত পঢ়ক...


যোৱামাহৰ ভাল প্ৰবন্ধ একচেটীয়া বজাৰৰ বিষয়ে ইয়াত পঢ়ক...