সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
একাদশ বৰ্ষ | ডিচেম্বৰ | ২০২২ | দ্বাদশ সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

নমস্কাৰ।
মই মো. সাদমান ছাকিব, এজন বাংলাদেশী ৱিকিপিডিয়ান। ২০১৬ চনত বিদ্যালয়ৰ “তথ্য আৰু যোগাযোগ প্ৰযুক্তি” কিতাপত মই প্ৰথমবাৰ ৱিকিপিডিয়াৰ বিষয়ে জানিব পাৰিলোঁ। তেতিয়াৰ পৰাই মই ৱিকিপিডিয়াত লিখিব বিচাৰিছিলোঁ; যদিও ইণ্টাৰনেট সংযোগৰ অভাৱৰ বাবে সম্পাদনা কৰিব পৰা নাছিলোঁ। ২০১৮ চনত, মই হঠাতে লক্ষ্য কৰিলোঁ, ফ্ৰী-বেচিক্স নামৰ এটা ৱেবছাইটত এম. বি. (মেগাবাইট) খৰচ নকৰাকৈ ৱিকিপিডিয়া পঢ়িব পৰা যায়। (এই সুবিধাটো এতিয়া বন্ধ হৈ গৈছে।) তেতিয়াৰ পৰাই মই ৱিকিপিডিয়াৰ নিয়মীয়া পাঠক। সেই সময়ত ৱিকিপিডিয়াৰ জৰিয়তে মই "অসমীয়া" নামৰ ভাষাটোৰ বিষয়ে জানিব পাৰিলোঁ। মোৰ মাতৃভাষা বাংলাৰ লগত অসমীয়া ভাষাত একে লিপি ব্যৱহাৰ কৰা দেখি বৰ আচৰিত হ’লোঁ। তেতিয়াৰ পৰাই অসমীয়া ভাষাৰ প্ৰতি মোৰ প্ৰেম গঢ় লৈ উঠিল।

 কিন্তু কোনো অজ্ঞাত কাৰণত, ফ্ৰী-বেচিক্স ৱেবছাইটৰ পৰা যেতিয়াই মই ৱিকিপিডিয়া সম্পাদনা কৰিবলৈ চেষ্টা কৰোঁ, মোৰ আইপি অৱৰুদ্ধ হৈ পৰে। এনেকৈ আৰু দুবছৰ পাৰ হৈ গ’ল। ২০২০ চনৰ ২০ জানুৱাৰীত হঠাৎ লক্ষ্য কৰিলোঁ যে, আইপি ব্লক অবিহনে ৱিকিপিডিয়াত সম্পাদনা কৰিব পাৰিলোঁ! তাৰ পিছত মই কোনো পলম নকৰাকৈ বাংলা ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ আৰম্ভ কৰিলোঁ। মই প্ৰথমে বাংলাদেশী প্ৰবন্ধটো সম্পাদনা কৰিলোঁ। সেইদিনা মই এই একাউণ্টটো খুলিলোঁ। বাংলা ৱিকিপিডিয়াত মোৰ প্ৰথম প্ৰবন্ধটো হৈছে খেওড়া। (কিছুদিন আগতে অসমীয়া ৱিকিত খেওড়া প্ৰবন্ধটো সৃষ্টি কৰিছিলোঁ।) তেতিয়াৰ পৰা মই নিয়মিতভাৱে ৱিকিপিডিয়া সম্পাদনা কৰি আহিছোঁ। বিশেষকৈ কোভিড-১৯ৰ লকডাউনৰ সময়ত, মোৰ সম্পাদনাৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছিল।

 ২০২০ চনৰ ২৭ ফেব্ৰুৱাৰীত মই প্ৰথমবাৰ অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰিছিলোঁ। কিন্তু মই তেতিয়ালৈকে অসমীয়া ভাষা বুজি পোৱা নাছিলোঁ বাবে অসমীয়া ৱিকিপিডিয়া পঢ়ি অসমীয়া শিকিবলৈ আৰম্ভ কৰিলোঁ। প্ৰায় এবছৰৰ ভিতৰত, মই মোটামুটিকৈ ভাষাটো আয়ত্ত কৰিব পাৰোঁ‌। ২০২১ চনৰ ৫ মে তাৰিখে মই অসমীয়া ৱিকিপিডিয়াত প্ৰথম প্ৰবন্ধটো সৃষ্টি কৰিছিলোঁ (মটক স্বায়ত্তশাসিত পৰিষদ)। তাৰ পিছত ১১ মে'ৰ পৰা মই প্ৰায়ে অসমীয়া ৱিকিত সম্পাদনা কৰি আহিছোঁ।

 মোৰ মাতৃভাষা বাংলা হোৱাৰ বাবে মই মূলতঃ বাংলা ৱিকিপিডিয়াত সক্ৰিয় (৩৮,০০০+ সম্পাদনা)। কিন্তু অসমীয়া ৱিকিপিডিয়াৰ লগতে মই ৱিকিমিডিয়া কমন্স, ৱিকিডেটা, বাংলা আৰু অসমীয়া ৱিকিউৎসতো সক্ৰিয়। মই বাংলা ৱিকিপিডিয়াৰ এজন নিৰীক্ষক, ৰোলবেকাৰ আৰু ফাইল মুভাৰ। লগতে ৱিকিমিডিয়া কমন্সত মই ফাইল মুভাৰ। ৱিকিত মোৰ আটাইতকৈ ডাঙৰ সাফল্য হৈছে ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১-ত গোলকীয়ভাৱে প্ৰথম স্থান লাভ কৰা। লগতে অসমীয়া ৱিকিপিডিয়াত এছিয়ান মাহ ২০২১-ত তৃতীয় স্থান লাভ কৰিছিলোঁ।

 অসমীয়া ৱিকিপিডিয়া সম্পাদনাত ৱিকিৰ ভিতৰত আৰু বাহিৰত মোক আটাইতকৈ বেছি সহায় কৰিছে সন্মানীয় হানিফ আলী আৰু কুলধৰ ৰাভা দাদায়ে। তদুপৰি নয়ন দাদাকে প্ৰমুখ্য কৰি অসমীয়া ৱিকিপিডিয়াৰ সকলোকে মোক ইয়াত লিখিবলৈ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

ধন্যবাদান্তে,
MS Sakib    «কওক...» 15:16, 28 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
কাইথেলী অংকৰ এক নমুনা

কাইথেলী অংক হৈছে গণিতৰ এক প্ৰকাৰ। নামনি অসমৰ কামৰূপত ওঠৰ শতিকাত কায়স্থ কুলৰ লোকসকলৰ মাজত সংখ্যাজড়িত সাঁথৰ কিছুমানৰ প্ৰচলন আছিল। কায়স্থ বা কাইথসকলৰ মাজত প্ৰচলিত আছিল বাবে এই অংকসমূহক “কাইথেলী অংক’’ নামে জনা যায়। কাইথেলী অংকক সাঁথৰৰ সৈতে তুলনা কৰিব পাৰি। সাঁথৰ ভেদ কৰিবলৈ যিধৰণৰ একাগ্ৰ চিন্তাৰ প্ৰয়োজন হয়, কাইথেলী অংক চৰ্চা কৰিবলৈয়ো তেনে তীক্ষ্ণ বুদ্ধিৰ দৰকাৰ। ধেমালিৰ মাজেৰে প্ৰশ্ন সোধাৰ চলেৰে কৰা এনে অংকবোৰে চৰ্চাকাৰীক হাঁহিৰ খোৰাক যোগোৱাৰ লগতে ই জ্ঞানবৰ্ধনতো সহায় কৰে। কিছুমানে কাইথেলী অংকক “কৌতুক অংক’’ও বুলিব খোজে।

 কাইথেলী অংক পদ্ধতিৰ দ্বাৰা মাটিৰ হিচাপৰ নিয়ম, মাটিৰ পিয়ল, বজাৰৰ দৰৰ জমা-খৰচৰ হিচাপ, কাঁহ-তাম-পিতলৰ দাম, ওজন, ভঁৰালৰ শস্যাদিৰ পৰিমাণ গণনা, ঘৰ-দুৱাৰ সজাৰ জোখ-মাখ, বাঁহ-বেত আদিৰ পৰিমাণ, ঘৰৰ ভেটি তোলাৰ সকলো নিয়ম, সূতা কটা আৰু কাপোৰ বোৱাৰ সকলো নিয়ম, প্ৰজাৰ কৰ-কাটল, ৰাজ-ভঁৰালৰ আয়-ব্যয়, জ্যোতিষ সম্পৰ্কীয় গণনা, মাটি কটাৰ জোখ-মাখ, আমদানি-ৰপ্তানিৰ হিচাপ, বছৰ-মাহ- দিনৰ হিচাপ, গাঁৱৰ জনসংখ্যা গণনা আদি সহজে কৰাৰ উপায় উলিওৱা হৈছিল।বিতংকৈ ইয়াত পঢ়ক...


যোৱামাহৰ ভাল প্ৰবন্ধ একচেটীয়া বজাৰৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
নৱেম্বৰ-২০২২ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৪৮

বিশ্বৰ প্ৰেক্ষাপট

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. আব্দুৰ ৰহিম (বীৰ বিক্ৰম)

অন্যান্য

[সম্পাদনা কৰক]
  1. পুৰকুইল গাউছিয়া হাবিবিয়া ফাজিল মাদ্ৰাছা
  2. এলবাৰ্টা
  3. লাক্সেমবাৰ্গ
  4. বিশ্ব দূৰদৰ্শন দিৱস
  5. আন্তৰ্জাতিক শিক্ষাৰ্থী দিৱস
  6. আন্তৰ্জাতিক পুৰুষ দিৱস
  7. আন্তৰ্জাতিক অদ্বিতীয় জনগণ দিৱস
  8. আন্তৰ্জাতিক ট্ৰান্সজেণ্ডাৰ দৃশ্যমানতা দিৱস

ভাৰতীয় পটভূমি

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. কপিল দেৱ

অন্যান্য

[সম্পাদনা কৰক]
  1. পশ্চিমবংগৰ ৰাজ্যিক প্ৰতীক
  2. শিশু দিৱস (ভাৰত)
  3. বাংগালুৰ
  4. লোকসেৱা সম্প্ৰসাৰণ দিৱস
  5. ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
  6. বিক্ৰম (ৰকেট)
  7. সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ
  8. আগ্ৰা
  9. ৰাষ্ট্ৰীয় শিক্ষা দিৱস

পৌৰাণিক ভাৰতীয় সংস্কৃতি আৰু আখ্যান

[সম্পাদনা কৰক]
  1. সুদৰ্শন চক্ৰ
  2. নাগ (কিংবদন্তি)

অসম বিষয়ক

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. ভোলা কটকী
  2. বীৰেন্দ্ৰ কুমাৰ ফুকন
  3. চিৰঞ্জীৱ দত্ত
  4. ড° জলীন প্ৰকাশ চেতিয়া
  5. পূৰ্ণিমা পাঠক শইকীয়া

গ্ৰন্থ বিষয়ক

[সম্পাদনা কৰক]
  1. সৰল জীৱন সুখী জীৱন
  2. হৃদয় নিৰুপায়
  3. জয়ন্তীয়া বুৰঞ্জী (গ্ৰন্থ)
  4. কছাৰী বুৰঞ্জী (গ্ৰন্থ)

চলচ্চিত্ৰ বিষয়ক

[সম্পাদনা কৰক]
  1. মমতাজ (চলচ্চিত্ৰ)

অন্যান্য

[সম্পাদনা কৰক]
  1. কাইথেলী অংক
  2. সুন্দৰীদিয়া সত্ৰ
  3. মিকিৰ বৰা চুক
  4. মৰাণ ৰাজ্য
  5. লাচিত দিৱস

সানমিহলি

[সম্পাদনা কৰক]
  1. অ’পিঅইড আসক্তি
  2. পদ (ব্যাকৰণ)
  3. আল-ফুৰকান
  4. গৰুগাড়ী
  5. হেলীৰ ধূমকেতু
  6. অভিযান্ত্ৰিক মনোবিজ্ঞান
  7. ত্ৰয়স্ত্ৰিংশ
  8. চাৰিজন স্বৰ্গীয় ৰজা
  9. লম্ব
  10. মিউচুৱেল ফাণ্ড
  11. আম্বেদকাৰৰ বাইশটা প্ৰতিশ্ৰুতি
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
সেনাপতি লাচিত বৰফুকনৰ এখন কাল্পনিক ডিজিটেল চিত্ৰ।
চিত্ৰ শিল্পী: ভাৰ্গৱ বুঢ়াগোহাঁই
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
হানিফ আলী‎
ৱিকিপত্ৰিকা পদক
দিব্য দত্ত
দিৱস পদক
নয়ন জ্যোতি নাথ,
জি. এছ. বৰা







উল্লেখনীয় কাম সম্পাদনা কৰক
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অনামিকা বড়া-৩৫-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা১৫৯২৫২৮- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা৯০৬১৮-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জি. এছ. বৰা৩১৯--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ-৫৯০১০৩- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাশ্ৰী গগৈ আপ্তে-৮৭১-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন১১২৪১৯১১(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলী ৰুমী বৰা১০২০-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দীপকজ্যোতি মহন্ত-১০১-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০দিব্য দত্ত২৪৩১০১২৭(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১নয়ন জ্যোতি নাথ৯৫২৪২(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২পল্লৱী দত্ত বৰুৱা-৬২৭-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩পলাশজ্যোতি বৰা২৩৩--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪প্ৰণামিকা অধিকাৰী৩৩--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫প্ৰিয়াপাল সন্দিকৈ২৮--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬বাবুল বৈশ্য১৬০--৪৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭প্ৰাণজ্যোতি নাথ১৯৯৭১৬(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮ৰুমী বৰা-৪৮৫-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৯মো. সাদমান ছাকিব১৮৫৩৫৩৬৪১৭০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২০Jadab2018৬৩-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২১হানিফ আলী১৮১২৯৩- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: চন্দ্ৰিমা ৰাভা, ছাজিদুল ইছলাম, চাণক্য কুমাৰ দাস, জেবিন চৌধুৰী, দীপাংকৰ কাশ্যপ, নিৰঞ্জন বড়া, বাস্তৱ বড়া, বিষ্ণু শইকীয়া, ভাস্কৰজ্যোতি ভূঞা, মৌচুমী ছেত্ৰী

ইনকুবেটৰ (Wq/as): কুলধৰ ৰাভা (২০), চন্দন চিৰিং ফুকন (৩০), চাণক্য কুমাৰ দাস (২১)৷

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।