কছাৰী বুৰঞ্জী (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কছাৰী বুৰঞ্জী  
লেখক সূৰ্যকুমাৰ ভূঞা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ বুৰঞ্জী
মিডিয়া প্ৰকাৰ মুদ্ৰণ

কছাৰী বুৰঞ্জী গ্ৰন্থখনৰ প্ৰথম সম্পাদনা কৰিছে সূৰ্য্যকুমাৰ ভূঞাই ১৯৩৬ চনত ৷ গ্ৰন্থখনত কছাৰী ৰাজ্যৰ ইতিবৃত্ত; আৰু অসম আৰু কছাৰী ৰাজ্যৰ ৰাজনৈতিক লেনদেনৰ বুৰঞ্জী সম্পৰ্কে উল্লেখ আছে৷ কছাৰী ৰজা আৰু আহোম ৰজাৰ মাজৰ সম্পৰ্ক, পাৰ্থক্য, আহোম-কছাৰীৰ যুদ্ধ আদি সম্পৰ্কেও বিৱৰণ আছে৷ গ্ৰন্থখনৰ মূল ৰূপটোৰ পাণ্ডুলিপি সংগ্ৰহ কৰা হয় হেমচন্দ্ৰ গোস্বামীৰ পৰিয়ালৰপৰা৷[1]

বিৱৰণ[সম্পাদনা কৰক]

গ্ৰন্থখনত কছাৰী বা আহোম ডা-ডাঙৰীয়াসকলৰ মাজৰ যোগসূত্ৰৰ এছোৱা সময়ৰ কথা উল্লেখ আছে৷ চিঠি-পত্ৰৰ আদান প্ৰদান, ৰাজনৈতিক কথা-বতৰা, সৌহাদ্যপূৰ্ণ সম্পৰ্ক স্থাপনৰ কাৰণে ইজনে আন এজন ৰজালৈ চিঠি প্ৰেৰণৰ মাত্ৰাটো আহোম যুগত সৰ্বাধিক আছিল৷ চিঠিৰ সৈতে কটকীৰ হাতত মৌখিক বাৰ্তা দি পঠোৱাটোও আহোম যুগৰ যোগাযোগৰ প্ৰধান বৈশিষ্ট্য আছিল৷ সেইদৰে একেটা কাৰণত কেতিয়াবা বাৰে-বাৰে চিঠিৰ জৰিয়তেই কটকী পঠিয়াই আলোচনা চলিছিল৷ এই বিষয়বোৰ কছাৰী বুৰঞ্জীত উল্লেখ আছে৷[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 সূৰ্যকুমাৰ ভূঞা (২০১০). কছাৰী বুৰঞ্জী, Preface. বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ. পৃষ্ঠা. ৩.