ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
একাদশ বৰ্ষ | নৱেম্বৰ | ২০২২ | একাদশ সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
Joy sagar murmu at Sahitya academy program, New Delhi.jpg

কি-পেড মোবাইল চলাই থকা সময়ত মই যেতিয়া ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিলোঁ, সেই সময়ত মই কোনো তাৰকা বা ঠাই আদিৰ নামৰ পাছত ৱিকিপিডিয়া বুলি লিখি সন্ধান কৰিছিলোঁ আৰু প্ৰাথমিক পৰ্যায়ত ৱিকিপিডিয়া সম্পৰ্কত মোৰ জ্ঞান ইমানেই আছিল। ইয়াৰ পিছতে মই ৱিকিপিডিয়া যে ইংৰাজীৰ লগতে অন্যান্য ভাৰতীয় ভাষাতো উপলব্ধ সেই বিষয়ে জানিবলৈ পাওঁ।

২০১৮ চনত এবাৰ দিল্লীত অল ইণ্ডিয়া ইয়ং চাওতালি ৰাইটাৰছ এচচিয়েশ্যনত অংশগ্ৰহণ কৰিবলৈ গৈ মই বহুকেইজন যুৱ লেখকৰ পৰা চাওতালি ৱিকিপিডিয়াৰ বিষয়ে জানিব পাৰোঁ। ইয়াৰ পিছতে মই ৱিকিপিডিয়াত এটা একাউণ্ট খুলি লওঁ আৰু সৰু সুৰা দুই এটা সম্পাদনা কৰিবলৈ আৰম্ভ কৰোঁ। পিছত বহুকেইজন সক্ৰিয় ৱিকিমিডিয়ানৰ পৰা অনলাইনযোগে কিছু কথা জানিব পাৰোঁ। দ্বিতীয় পৰ্যায়ত মই প্ৰায়েই অসমীয়া ৱিকিপিডিয়াৰ পৰা চাওতালি ৱিকিলৈ প্ৰবন্ধ অনুবাদ কৰা আৰম্ভ কৰোঁ। তেনেকৈয়ে হিন্দী, ইংৰাজী আদি ভাষাৰ পৰাও অনুবাদ কৰিবলৈ ধৰিলোঁ।

২০১৯ বৰ্ষত মুম্বাইত ৱিকিমিডিয়া ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত ট্ৰেইন দ্য ট্ৰেইনাৰ শীৰ্ষক কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ গৈ অসমীয়া ৱিকিপিডিয়াৰ সদস্য নয়ন, অজয় আৰু বাবুল বৈশ্য দাক লগ পাওঁ আৰু তেওঁলোকৰ জৰিয়তেই অসমীয়া ৱিকিপিডিয়া পৰিয়ালৰ সৈতে পৰিচয় ঘটে। অসমীয়া ৱিকিপিডিয়াত মোৰ বিশেষ বৰঙণি নাই যদিও চাওতালি ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত মই অসমীয়া ৱিকিপিডিয়াকে গুৰুত্ব দি আহিছোঁ। ভবিষ্যতে ৱিকিপিডিয়াৰ এই প্ৰকল্পটোৰ সৈতে অধিক সক্ৰিয়ভাৱে জড়িত হৈ মোৰ যৎসামান্য বৰঙণি আগবঢ়াব পাৰিম বুলি মই আশাবাদী।

Joy sagar Murmu (বাৰ্তা) 16:43, 1 November 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
একচেটীয়া বজাৰত উৎপাদক আৰু উপভোক্তাৰ উদ্বৃত্ত তথা কল্যাণৰ ক্ষতিৰ চিত্ৰ ৰূপ।

একচেটীয়া বজাৰ বা একাধিকাৰ বজাৰ (ইংৰাজী: Monopoly) এনে এখন বজাৰ য'ত কেৱল এটি মাথো উৎপাদকে পণ্যটো উৎপাদন কৰে আৰু বৃহৎ সংখ্যক উপভোক্তাক বিক্ৰী কৰে।বিশেষভাৱে, এই সংজ্ঞাই নিভাজ একাধিকাৰক বুজায়। এনে বজাৰত উৎপাদকটোৰ কোনো প্ৰতিযোগী নাথাকে, আৰু সেয়েহে, উৎপাদকে সমগ্ৰ বজাৰৰ চাহিদাকে নিজে উৎপাদন কৰা সামগ্ৰীৰ চাহিদা বুলি গণ্য কৰে। একচেটীয়া বজাৰত উৎপাদকজন মূল্যৰ নিৰ্ধাৰক। সেইবাবে একচেটীয়া বজাৰ পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৰ একেবাৰেই বিপৰীত। এই দুই বিপৰীত মেৰুত অৱস্থিত বজাৰ ব্যৱস্থাৰ মাজত আহে স্বল্প বিক্ৰেতাৰ বজাৰ, একাধিকাৰ প্ৰতিযোগী বজাৰ ইত্যাদি।

একচেটীয়া বজাৰৰ উদয় বিভিন্ন কাৰণত হ'ব পাৰে, যাক কোৱা হয় প্ৰৱেশৰ বাধা। এনে কিছু প্ৰৱেশৰ বাধা হ'ল, পেটেণ্ট অধিকাৰ, চৰকাৰী নিয়ম, সেই খণ্ডত ব্যৱসায় আৰম্ভ কৰাৰ উচ্চ দাম ইত্যাদি। কোনো কোনো ক্ষেত্ৰত প্ৰৱেশৰ প্ৰাকৃতিক বাধা থাকে: যেনে বৃহৎ পৰিমাণৰ উৎপাদন কৰিলে প্ৰতি একক খৰচ ভালেমান হ্ৰাস হোৱা। তেনে একচেটীয়া বজাৰক প্ৰাকৃতিক একচেটীয়া বজাৰ বোলে।

একেচেটীয়া বজাৰত সাধাৰণতে পণ্যটোৰ মূল্য আন বজাৰতকৈ অধিক হয়, আৰু মুঠ বিক্ৰী কৰা পৰিমাণ কম হয়। কল্যাণ অৰ্থনীতিৰ প্ৰথম মৌলিক উপপাদ্যৰ মতে, পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰত উমৈহতীয়া কল্যাণ সৰ্বাধিক হয়। সেয়েহে, তেনে বজাৰতকৈ কম বিক্ৰী হোৱা যিকোনো বজাৰ, যেনে একচেটীয়া বজাৰত, বিক্ৰেতা আৰু গ্ৰাহক দুয়োৰে কল্যাণ যোগ কৰিলে, মুঠ কল্যাণ কম হয়। ইয়াক deadweight loss বোলা হয়।

একচেটীয়া বজাৰৰ বাবে হোৱা কল্যাণৰ ক্ষতিক চৰকাৰী নীতিৰে কিছু পৰিমাণে সোধৰাব পৰা যায়। এটি সাম্ভাৱ্য সমাধান হ'ল উৎপাদকক উৎপাদনৰ বাবে ৰাজসাহায্য প্ৰদান কৰা, যাতে উৎপাদন বৃদ্ধি হয়। আন এক সমাধান হ'ল উৎপাদকক ভিন ভিন গ্ৰাহকৰ পৰা ভিন ভিন মূল্য আদায় কৰাৰ অনুমতি প্ৰদান কৰা। ইয়াক মূল্য বৈষম্য বোলা হয়। অন্যথা চৰকাৰে একচেটীয়া বজাৰৰ উৎপাদকটোক বহুখণ্ডিত কৰি একচেটীয়া বজাৰখনক স্বল্প বিক্ৰেতাৰ বজাৰলৈ ৰূপান্তৰিত কৰিব পাৰে। এনে কৰা হয় প্ৰতিযোগিতা আইনৰ মাধমেৰে। প্ৰতিযোগিতা আইনে একচেটীয়া বজাৰ ভঙাতেই নহয়, এনে বজাৰ সৃষ্টি হোৱাৰ পৰা ৰক্ষা কৰাতো সহায় কৰে।বিতংকৈ ইয়াত পঢ়ক...


যোৱামাহৰ ভাল প্ৰবন্ধ মইনা পাৰিজাতৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
অক্টোবৰ-২০২২ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৩৮

বিশ্বৰ প্ৰেক্ষাপট World Map (political).svg

ব্যক্তি বিষয়ক

  1. ইজাজ উল কৰিম ৰাও
  2. ‎মাৰা ৰুডমেন
  3. মাছুম আজিজ
  4. ঋষি চুনাক
  5. ছেৰেনা উইলিয়ামছ

চলচ্চিত্ৰ বিষয়ক

  1. ‎নিৰ্বাক চলচ্চিত্ৰ
  2. ‎দ্য জেনেৰেল (১৯২৬ চলচ্চিত্ৰ)

অন্যান্য

  1. ‎আন্তঃলিংগুৱা
  2. বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকা
  3. খেওড়া

ভাৰতীয় পটভূমি Flag of India (Pantone).png

ব্যক্তি বিষয়ক

  1. আৰ কে নাৰায়ণ
  2. ‎যশৱন্ত সিং ৰাৱত
  3. কৃতি চেট্টী

অন্যান্য

  1. ‎জং জলপ্ৰপাত
  2. যশৱন্ত গড়, অৰুণাচল প্ৰদেশ
  3. ‎ভাৰতত বাঘৰ চোৰাং চিকাৰ
  4. ভাৰতত বনাঞ্চল ধ্বংস
  5. ৰাষ্ট্ৰীয় প্ৰতিজ্ঞা (ভাৰত)
  6. গোস্বামী


অসম বিষয়ক Rhino logo Assam.png

ব্যক্তি বিষয়ক

  1. কৌশিক কিশলয়

গ্ৰন্থ বিষয়ক

  1. অসমত মহাত্মা
  2. হেমকোষৰ ব্ৰেইল সংস্কৰণ
  3. ‎বাৰ্তাপখিলী
  4. জীৱনৰ সৰাপাত

অন্যান্য

  1. ‎ৰসী গাহেন
  2. অসমত গঁ‌ড়ৰ চোৰাং চিকাৰ


সানমিহলি

  1. বাওঁ নিলয়ী হাইপাৰট্ৰ'ফি
  2. ‎একচেটীয়া বজাৰ
  3. অমৰা
  4. ‎ব্যৱহাৰিক মনোবিজ্ঞান
  5. মূলধন আৰু পৰিসম্পত্তি মূল্যায়ন আৰ্হি
  6. ‎মৃগয়া
  7. ব্যষ্টিবাদী অৰ্থনীতি
  8. ‎জেলেপী
  9. ‎ক্ৰীড়াক্ষেত্ৰত পাৰিতোষিক লিংগ ব্যৱধান
  10. বডী শ্বেমিং
  11. ‎চেতনা
  12. চিঙৰা
Camera font awesome.svg
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
Cannon of Gadadhar Singha 2.jpg
গুৱাহাটীত উদ্ধাৰ হোৱা গদাধৰ সিংহৰ দিনৰ হিলৈ
আলোকচিত্ৰ শিল্পী: Extreminatethejuice
উল্লেখনীয় ৱিকিমিডিয়ান
Emblem-person-red.svg

প্ৰিয়াংকুশ ডেকা: ২০১৭ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। বাইহাটা চাৰিআলিৰ এই ৱিকিমিডিয়ানজনে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ১,১৮৭টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৫৭। অসমীয়া ৱিকিউৎসৰ লগতে তেওঁ ৱিকিডাটা, ৱিকিমিডিয়া কমন্স আদি ভগ্নী প্ৰকল্পলৈও উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে। উল্লেখযোগ্য যে প্ৰিয়াংকুশ ডেকাই বিজ্ঞানী ষ্টিফেন হকিঙৰ আত্মজীৱনীখন অসমীয়ালৈ "মোৰ সংক্ষিপ্ত জীৱন বৃত্তান্ত" নামেৰে অনুবাদ কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “ৱিকিপিডিয়াৰ প্ৰবন্ধকাৰ পদক”, “The Teamwork Barnstar”, “WLWI2019 Special Award”, “The Feather Barnstar” আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

Trophy font awesome.svg
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
Barnstar mex gold.pngএই মাহৰ ৱিকিমিডিয়ান
ঈশান কাশ্যপ হাজৰিকা
Feather Barnstar Hires.pngৱিকিপত্ৰিকা পদক
অনামিকা বড়া







উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১০,৭৯৬ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪১৪ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৪৬২ টালৈ বৃদ্ধি পালে।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

(নেঘেৰী খোপা দেখিবলৈ বৰ শুৱনী৷ নেঘেৰী খোপা বন্ধা নাৰীৰ সৌন্দৰ্য অতি কমনীয় হৈ পৰে৷ যাৰ নিজৰ নেঘেৰী খোপা বান্ধিব পৰা চুলি নাথাকে, তেওঁ আনৰ চিগা চুলিৰে হ’লেও খোপা বান্ধি সুন্দৰী হোৱাৰ চেষ্টা কৰে৷ গতিকে, লোকৰ বস্তু সংগ্ৰহ কৰি ব্যৱহাৰ নিজৰ যশ প্ৰকাশ কৰা৷)


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • Instagram logo 2022.svg ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


Bullhorn font awesome.svg ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
ঈশান কাশ্যপ হাজৰিকা ১১১ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা ৭২ - ১৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন ৮২ - ৫০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চাণক্য কুমাৰ দাস ১৫৪ - - ১২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ২০৪ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰণামিকা অধিকাৰী ৫৬ ১৬১ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ ৬৬ ১২৯ ১৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য ১৫৯ - - ৩১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
মো. সাদমান ছাকিব ১২৯ - ৮৬ ১০৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ ৰুমী বৰা - ৩৬ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: অনামিকা বড়া, ঈশান জ্যোতি বৰা, কৃতমজিৎ হাজং, গীতাৰ্থ বৰদলৈ, চাগিৰ আহমেদ, ছাজিদুল ইছলাম, জোনালী বৰুৱা, দীপকজ্যোতি মহন্ত, ধৰ্মেন্দ্ৰ মজুমদাৰ, নয়ন জ্যোতি নাথ, পলাশজ্যোতি বৰা, পাৰ্থসাৰথি বৰুৱা, বিষ্ণু শইকীয়া, ভাস্কৰজ্যোতি ভূঞা, মৃদুল কুমাৰ শৰ্মা, মৃদুল সিংহ ফুকন, মৌচুমী ছেত্ৰী, সৌৰভ সাহা, হানিফ আলী, TaDrian58

ইনকুবেটৰ (Wq/as): অনামিকা বড়া (১৩), কুলধৰ ৰাভা (১৫), চন্দন চিৰিং ফুকন (৫৬), চাণক্য কুমাৰ দাস (১৫০), দিব্য দত্ত (১৫), প্ৰণামিকা অধিকাৰী (৩৫)৷

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।