ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
 
শাৰদীয় বিশেষ
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
 
একাদশ বৰ্ষ| অক্টোবৰ | ২০২২ | দশম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

৮২১ খ্ৰীষ্টাব্দৰ বাগদাদ চহৰ। কুৰি বছৰীয়া আৰব যুৱক অল-কিন্দি। তেওঁ আগ্ৰহেৰে গ্ৰন্থ এখনৰ পাত লুটিয়াইছে: চন্দ্ৰ, সূৰ্য, গ্ৰহ, তৰাৰ অৱস্থিতিৰ ৰহস্যই তেওঁক আৱৰি ধৰিছে। টলেমিৰ এই জ্ঞান শেহতীয়াকৈহে আৰবী ভাষাত উপলব্ধ হৈছে, লেটিন ভাষাৰ পৰা অনূদিত হৈ। অল-ফাৰাবি আৰু ইবন চিনাই প্লেটো আৰু এৰিষ্টটলৰ গ্ৰীক দৰ্শন আৰবী ভাষাত বুজাইছে। ইয়াকে বুজি অল-হৈথমে নিজৰ নতুন ভৌতিক সূত্ৰ তৈয়াৰ কৰিছে। প্ৰথমে সংস্কৃত ভাষাত লিখা ব্ৰহ্মগুপ্তৰ গাণিতিক তৰ্ক পঢ়ি আল-খোৱাৰিজমি অবাক হৈ পৰিছে। তাৰ পৰা অনুপ্ৰেৰণা লৈ অল-জব্ৰ ৱল-মুকাবলা লিখিছে, নিজৰ সুকীয়া অৱদান আগবঢ়াইছে। ইয়েই পাছলৈ গৈ এল্গৰিদম আৰু এলজেব্ৰা হৈছে। এই কালেই ইছলামৰ স্বৰ্ণিম যুগ, য’ত দৰ্শন, বিজ্ঞান, গণিত, সাহিত্য: সকলো প্ৰকাৰৰ বৌদ্ধিক বিষয়ৰ অভূতপূৰ্ব বিকাশ ঘটিছিল। এই মুছলিম বৰঙণিৰেই ইউৰোপ গমন হোৱাত আৰম্ভ হৈছিল ইউৰোপৰ নৱজাগৰণৰো। এই ঘটনাক্ৰমৰ অবিহনে আধুনিক বিশ্বৰ কল্পনা কৰাও প্ৰায় অসম্ভৱ। আৰু ইতিহাসৰ এই অত্যন্ত গুৰুত্বপূৰ্ণ কালখণ্ডৰ গুৰিতে আছিল অল-হাৰুণৰ সময়ত আৰম্ভ হোৱা অনুবাদ আন্দোলন, যাৰ কেন্দ্ৰ বাগদাদৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰ বয়্‌ট অল-হিক্মা, বা বুদ্ধিৰ ঘৰ। গ্ৰীচ, ভাৰত, চীন আদিত বিকশিত জ্ঞান আৰবী আৰু ফাৰ্চী ভাষাত উপলব্ধ হোৱাত মুছলিম জগতত এক বৌদ্ধিক আন্দোলনৰ সৃষ্টি হৈছিল। এই জ্ঞানৰ পৰা প্ৰেৰণা লভি, নিজৰো নতুন বৰঙণিৰেই তেতিয়াৰ মুছলিম জগত হৈ পৰিছিল সমগ্ৰ বিশ্বৰ বৌদ্ধিক বিকাশৰ কেন্দ্ৰ।

--

অসমীয়া ৱিকিপিডিয়াত সক্ৰিয় হৈ থকা আমাৰ মাজৰ সৰহসংখ্যক সদস্যৰ বাবেই, অসমীয়া ভাষাত তথ্য লাভ কৰা, মই যিমান দূৰ বুজোঁ, বৰ প্ৰয়োজনীয় নহয়। ময়ো আৰম্ভণিৰে পৰা ইংৰাজী মাধ্যমতেই শিক্ষা লাভ কৰিছোঁ। ইংৰাজীত উপলব্ধ তথ্য বুজিবলৈ কোনো সমস্যা আমি অনুভৱ নকৰোঁ। আমাৰ বাবে ভাষা এক আৱেগ: ই আমাৰ পৰিচয়, আমাৰ গৰ্ব। সেয়েহে “চিৰ চেনেহী মোৰ ভাষা জননী” বুলিয়েই আমি অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াওঁ। কিন্তু সকলোৰে বাবে ই মাথোঁ আৱেগ নহয়, হ’বও নোৱাৰে। চল্লিশ হাজাৰ চৰকাৰী স্কুলত পঢ়া লক্ষ লক্ষ শিক্ষাৰ্থীৰ বাবে অন্ততঃ, অথবা গাঁৱত ভালকৈ ইংৰাজী শিকিবলৈ নোপোৱা ল’ৰা-ছোৱালীৰ বাবে অন্ততঃ, অসমীয়া এক আৱেগো আৰু এক বাধ্যবাধকতাও। এনে লাখ লাখ লোকৰ বাবে অসমীয়া ভাষাত উপলব্ধ জ্ঞানেই হ’ল সকলো জ্ঞানৰ সীমা। অন্ততঃ যি জ্ঞান ভালকৈ বুজিব পাৰে, অন্তৰত স্থান দিব পাৰে, সেই জ্ঞানৰ সীমা। ঠিক সেইদৰেই যিদৰে অল-কিন্দিৰ বাবে আছিল আৰবী ভাষা।

আজি অসমত কিন্তু কোনো বুদ্ধিৰ ঘৰ নাই। শেহতীয়াকৈ ছপা হোৱা কাৰিকৰী বৈজ্ঞানিক প্ৰবন্ধ, আনকি সাধাৰণ লোকৰ বাবে লিখা পপ চাইঞ্চৰ গ্ৰন্থও অসমীয়াত সহজে উপলব্ধ নহয়। পুলিৎজাৰ বা বুকাৰ লাভ কৰা সাহিত্য অসমীয়াত সহজে উপলব্ধ নহয়। অসমীয়া ভাষাই জাপি দিয়া জ্ঞানৰ সীমা বহুত ঠেক যেন অনুভৱ হয়। কিন্তু এইসবৰ মাজতো মোক যদি সোধা যায়, মই ক’ম যে অসমতো এনে বুদ্ধিৰ ঘৰ নথকা নহয়।

মনৰ কথা লিখিবলৈ কোৱাত বহু কথাই মনলৈ আহিছিল; কি লিখোঁ কি নিলিখোঁ? আজিৰ পৰা সাত বছৰ আগতেও এবাৰ মনৰ কথা লিখিছিলোঁ। সেই লেখাত ঘাইকৈ লিখিছিলোঁ মাতৃভাষাৰ প্ৰেমৰ কথা, অসমীয়াৰ সংজ্ঞাৰ কথা, জাতিটোৰ কথা। অসমীয়া ৱিকিপিডিয়াত, মোৰ দৃষ্টিত আমি প্ৰায় সেই ভাৱেৰেই কাম কৰোঁ, আৰু অসমীয়া ৱিকিপিডিয়াৰ অৱদান সাংস্কৃতিক বুলি গণ্য কৰোঁ। কিন্তু ভাৱ হয় যেন ই এই আন্দোলনক পূৰ্ণৰূপে প্ৰতিফলিত নকৰে। কাৰণ ৱিকিপিডিয়া কেৱল আৱেগৰে বস্তু নহয়: ই বাস্তৱ জগতৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰিছে। ই বঞ্চিতক বিনামূলীয়া জ্ঞান প্ৰদান কৰিছে, দেশ-জাতি-ভাষাৰ প্ৰাচীৰ ভাঙি পেলাইছে, বাণিজ্যিক লাভালাভ নাথাকিলেও যে মানুহে একেলগ হৈ স্বেচ্ছাসেৱী মনোভাৱেৰে সৃষ্টিমূলক কাম কৰিব পাৰে তাক প্ৰমাণিত কৰিছে। এক কথাত ক’বলৈ গ’লে, জ্ঞানক মুক্ত কৰিছে। এনে ভাৱ হয় যেন অসমীয়া ৱিকিপিডিয়াই আমাৰ বাবে 'বয়্‌ট অল-হিক্মা' হৈ পৰিছে।

অল-হিক্মাৰ স্তৰ আৰু প্ৰভাৱৰ সমকক্ষ হ’বলৈ যে আৰু বহু কিছু কৰাৰ প্ৰয়োজন, তাত কোনো দ্বিমত নাই। অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে প্ৰায় লোকে নাজানে, বিশেষকৈ জনগণৰ যি অংশৰ দোহাই দি এই লেখা লিখিছোঁ, সেই অংশত হয়তো অসমীয়া ৱিকিপিডিয়া নামৰ কোনো বস্তুৰ অস্তিত্বই নাই। কিন্তু তৰ্ক কৰিব বিচাৰোঁ যে সম্ভাৱনীয়তাহে গুৰুত্বপূৰ্ণ।

অসমীয়া ৱিকিপিডিয়াৰ বাহিৰে আমাৰ আন কোন মঞ্চত নিস্বাৰ্থতা, গণ-আন্দোলন হোৱাৰ ক্ষমতা আৰু বৈশ্বিক সহযোগ, আটায়ে একেলগে আছে? আজি শিক্ষাৰ দ্ৰুত গতিত বাণিজ্যিকীকৰণ হোৱাৰ কালত ৱিকিপিডিয়া হৈ পৰিছে মুক্ত জ্ঞানৰ আন্দোলনৰ ভোঁটাতৰা। সমগ্ৰ মানৱ ইতিহাসতে ৱিকিপিডিয়াতকৈ ডাঙৰ জ্ঞানৰ সংগ্ৰহ আৰু পোৱা নাযায়। অসমীয়া ৱিকিপিডিয়াতো ১০,০০০তকৈ অধিক প্ৰবন্ধ আছে: আন ৱিকিপিডিয়াতকৈ কম হ’লেও কিন্তু ই যিকোনো ছপা বিশ্বকোষতকৈ বহু অধিক। এই বৃহৎ পৰিমাণৰ তথ্য বিনামূলীয়াকৈ সকলোৰে বাবে উপলব্ধ। কেৱল বিনামূলীয়াই নহয়, ই সঁচা অৰ্থতে মুক্ত: ৱিকিপিডিয়াৰ সমল পঢ়িবলৈ, ব্যৱহাৰ কৰিবলৈ আৰু সম্পাদনা কৰিবলৈ সকলো মুক্ত। ৱিকিপিডিয়া এক বহুজাতিক কোম্পানী নহয়। ৱিকিপিডিয়াৰ সমল কাৰো ব্যক্তিগত সম্পত্তি নহয়। এই মুক্ত প্ৰকৃতিয়েই ইয়াক কৰি তুলিছে এক গণ আন্দোলন। সমগ্ৰ বিশ্বৰ ৩ কোটিতকৈও অধিক সক্ৰিয় স্বেচ্ছাসেৱীয়ে বিনা কোনো স্বাৰ্থত, কেৱল সকলোৰে বাবে তথ্য মুকলি কৰাৰ উদ্দেশ্যেৰেই ৱিকিপিডিয়াত অৱদান আগবঢ়ায়। অসমীয়া ৱিকিপিডিয়াৰ সম্পাদকসকলেও এই কাৰ্যকে প্ৰাণেৰে কৰি আহিছে আৰু ৱিকিপিডিয়াক আজিৰ অৱস্থালৈ আনিছে। ই অসমীয়া ৱিকিপিডিয়াক ভৱিষ্যতে এক বহল আন্দোলন কৰি তোলাৰ এক দৃষ্টিভংগী আৰু আশা প্ৰদান কৰে। আশা যে বিশ্বৰ আন ভাষা, আন ঠাইৰ জ্ঞান লাভৰ সুবিধা পোৱা অসমীয়াই আন সকলোলৈয়ো সেই দুৱাৰ খুলি দিব, আৰু অসমৰ থলুৱা জ্ঞানো বিশ্বৰ বাবে মুকলি কৰি দিব। আমাৰ সৈতে বৈশ্বিক সহযোগিতা আছেই: বিশ্বৰ তিনি শতাধিক ভাষাৰ ৱিকিপিডিয়াৰ সমল ইটো আনটোৰ বাবে উপলব্ধ, সকলো একে প্ৰকল্পৰেই অংশগ্ৰহণকাৰী আৰু সকলোকে মিলাই এক বৃহৎ বৈশ্বিক সম্প্ৰদায়।

সেয়ে অসমীয়া ৱিকিপিডিয়া কেৱল এটি কাল্পনিক জাতিৰ গৰ্ব কৰাৰ প্ৰকল্প নহয়: ই মানুহৰ প্ৰকল্প যি মানুহৰ বাস্তৱ সমস্যা সমাধান কৰিব বিচাৰে। ই অসমীয়া মানুহক বিশ্বৰ সৈতে এক কৰিব বিচাৰে। ই বিশ্বৰ বিভিন্ন ভাষাৰ সৈতে অসমীয়া ভাষাৰ সমতা স্থাপন কৰিব বিচাৰে, যাতে অসমীয়া মানুহেও মানৱ জ্ঞানৰ ভঁৰালত সমানে, কান্ধে কান্ধ মিলাই অৱদান আগবঢ়াব পাৰে। ই দৰিদ্ৰ বঞ্চিতজনৰ সমাধিকাৰ বিচাৰে। ই মুক্তি বিচাৰে।

অসমীয়া ৱিকিপিডিয়া প্ৰকল্পৰ সৈতে জড়িত হোৱা কাৰ্যই সেয়ে দিয়ে মোক এক সুকীয়া তৃপ্তি: তৃপ্তি এক গুৰুত্বপূৰ্ণ, মহৎ আন্দোলনৰ অংশ হোৱাৰ, যাৰ প্ৰভাৱ হয়টো আন কেইবাশতকলৈকে থাকিব। আশা কৰোঁ এই প্ৰকল্প যেন বহু আগবাঢ়ক, অসমীয়া ভাষাই বিশ্বৰ সকলো জ্ঞানৰ দুৱাৰ খুলি দিয়ক, আৰু এই দুৱাৰ সকলোৰে বাবে খোলক।

ঈশান কাশ্যপ হাজৰিকা (বাৰ্তা) 04:23, 2 October 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
আমাৰ শিশুসকলক শৈশৱতেই সামাজিক, সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰৰ সৈতে পৰিচয় কৰি দিবলৈ কুৰি শতিকাৰ মাজভাগতে কেইগৰাকীমান সচেতন ব্যক্তিৰ প্ৰচেষ্টাত অসমত গঢ় লৈ উঠিছিল পাৰিজাত কানন আৰু মইনা মেল নামৰ দুটি শিশু অনুষ্ঠান। পৰৱৰ্তীকালত এই অনুষ্ঠান দুটি একেলগ হৈ মইনা পাৰিজাত নাম পায়। মইনা পাৰিজাত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শিশুসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। অৱশ্যে স্থানীয় বয়োজ্যেষ্ঠসকলে ইয়াৰ গুৰি ধৰিছিল। বৰ্তমানেও অসম বিভিন্ন ঠাইত মইনা পাৰিজাতৰ বিভিন্ন শাখা শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে সক্ৰিয় হৈ আছে।

শিশু বিশেষজ্ঞসকলৰ মতে, মানৱ শিশুৰ ৫ বছৰৰ পৰা ১০-১২ বছৰলৈ এই সময়খিনি শিক্ষাগ্ৰহণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এইখিনি সময়ত শিশোৱে সমাজৰ বিভিন্ন দিশৰ বিষয়সমূহৰ লগত পৰিচিত হয় আৰু নিজা চিন্তাশক্তিৰে সেইবোৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ শিকে। জীৱনৰ জটিল কথাবোৰো তেওঁলোকে চিন্তা কৰিবপৰা হয়। এইখিনি সময়ত শিশু মইনা পাৰিজাতৰ যোগেদি সামাজিক আচাৰ-ব্যৱহাৰ, দলীয় অনুশাসন, সময়ানুৱৰ্তীতা আদিৰ শিক্ষা লাভ কৰে। বেচৰকাৰী অনুষ্ঠান মইনা পাৰিজাতে শিশুৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে অসমৰ নানা ঠাইত বিভিন্ন কাৰ্যসূচী পালন কৰাৰ উপৰি শিবিৰ আদিৰ যোগেদিও শিশুসকলক স্বাৱলম্বী হোৱাত অৰিহণা যোগাই আহিছে। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ দ্য টাইমছ অৱ ইণ্ডিয়াৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ছেপ্টেম্বৰ-২০২২ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৭০

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. ‎মিখাইল গৰ্বাচেভ
  2. লক্ষ্মণ নৰসিংহ
  3. ‎তৃতীয় চাৰ্লছ

অন্যান্য

  1. লণ্ডন
  2. ‎হাক্হ্মানী সাম্ৰাজ্য
  3. পেকিং মানৱ
  4. ‎তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট
  5. শ্বিয়া ৰাজবংশ
  6. শ্বাং ৰাজবংশ
  7. ঝৌ ৰাজবংশ
  8. শৰৎ আৰু বসন্তৰ যুগ
  9. যুদ্ধৰত ৰাজ্যৰ যুগ
  10. চিন ৰাজ্য
  11. সুৰমা নদী

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. নুশ্ৰট ভাৰুচ্চা
  2. বাবা ফৰিদ
  3. ৰাণা নায়াৰ
  4. ‎তপন কুমাৰ প্ৰধান

অন্যান্য

  1. দাৰুল উলুম দেউবন্দ

পৌৰাণিক ভাৰতীয় সংস্কৃতি আৰু আখ্যান

  1. শালিগ্ৰাম
  2. তেত্ৰিশ কৌটি দেৱতা
  3. বসু
  4. একাদশ ৰুদ্ৰ

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. ‎প্ৰফুল্ল মহন্ত
  2. ‎প্ৰবীণ চন্দ্ৰ দাস
  3. ‎সদানন্দ হাজং

গ্ৰন্থ বিষয়ক

  1. সময় হৈছেনে?
  2. গভীৰ আস্থাৰ গান
  3. পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ
  4. ‎হে'লথ্‌ গাইড
  5. পৰাণ নিগৰে

চলচ্চিত্ৰ বিষয়ক

  1. বুলু ফিল্ম
  2. মোৰ ঘোঁ‌ৰাৰ দুৰন্ত গতি
  3. ব্ৰিজ (অসমীয়া চলচ্চিত্ৰ)

অন্যান্য

  1. ‎অভিৰুচি ক্ৰীড়া দিৱস
  2. অসমৰ বাঁহ-বেতৰ শিল্প
  3. ‎অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব
  4. মৰণা মৰা
  5. ডিমা হাছাও জিলাৰ মিটাৰগজ ৰে’ললাইন
  6. ‎মইনা পাৰিজাত

সানমিহলি

  1. পাভ মাছ
  2. চেলকণা মাছ
  3. ডঁৰিকনা
  4. অৱতৰণ দিৱস
  5. জিকা
  6. ‎লিম্ফ'মা
  7. কেচেৰু গছ
  8. বাঢ়নী
  9. বনপিঠা
  10. ব্যক্তিত্ব মনোবিজ্ঞান
  11. অন্ধকাৰ ত্ৰয়ী
  12. জলকীয়া
  13. ‎কস্তুৰী মৃগ
  14. বিগ ফাইভ ব্যক্তিত্বৰ বৈশিষ্ট্য
  15. ব্যক্তিত্ব
  16. ‎জুইশলা
  17. স্মাৰ্ট মিটাৰ
  18. ‎অস্বাভাৱিক মনোবিজ্ঞান
  19. মনোবিজ্ঞানৰ শাখাসমূহৰ তালিকা
  20. বিশ্লেষণাত্মক মনোবিজ্ঞান
  21. তুলনামূলক মনোবিজ্ঞান
  22. মানিকে মাগে হিথে
  23. কঠ
  24. ‎বিষমতাবাদী মনোবিজ্ঞান
  25. ভাৰতীয় মনোবিজ্ঞান
  26. ‎ঠেকুৱা
  27. বৃহৎকায়চৰাছ
  28. মাংস খোৱাৰ মনোবিজ্ঞান
  29. ‎ঘাম্বৰু
  30. ছাতি
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
অসমৰ শোণিতপুৰ জিলাৰ এখন গাৱঁৰ ব্যক্তিয়ে ঘৰুৱা ব্যৱহাৰৰ উদ্দেশ্যৰে
বাঁহৰ সামগ্ৰী নিৰ্মাণত ব্যস্ত থকাৰ দৃশ্য।
আলোকচিত্ৰ শিল্পী: নয়ন জ্যোতি নাথ
শৰৎ বিশেষ আলোকচিত্ৰ
উল্লেখনীয় ৱিকিমিডিয়ান

ভাস্কৰ জ্যোতি ভূঞা: ২০১৭ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। লখিমপুৰৰ এই ৱিকিমিডিয়ানজনে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ৩,০২৯টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ১৭৩। অসমীয়া ৱিকিউৎসৰ লগতে তেওঁ ৱিকিডাটা, ৱিকিমিডিয়া কমন্স আদি ভগ্নী প্ৰকল্পলৈও উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “জীৱনীকাৰ পদক”, “সাহিত্য সৌৰভ পদক”, “শততম প্ৰবন্ধ পদক”, “উদীয়মান সম্পাদক পদক”, “মুদ্ৰণ সংশোধন সহযোগিতা পদক” আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
প্ৰণামিকা অধিকাৰী
ড্ৰেগন ঐতিহ্য পদক
ঈশান কাশ্যপ হাজৰিকা
মনোবিজ্ঞান তত্ত্ব পদক
ঈশান জ্যোতি বৰা
ক্ৰীড়া অনুৰাগী পদক
TaDrian58






উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১০,৭৫৬ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪১৫ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৪৫১ টালৈ বৃদ্ধি পালে।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

(একে সময়তে বহু কাম কৰিম বুলি ভবাজনে কেতিয়াও কোনো কাম সময়মতে শেষ কৰিব নোৱাৰে৷ যিয়ে লাহে ধীৰে কামবোৰ পৰিপাটীকৈ কৰি যায়, তেনে মানুহৰ কাম যুগমীয়া হয়৷)


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অনামিকা বড়া ৭৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান কাশ্যপ হাজৰিকা ৭০ - - ১০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ১৯৬ ৩৬ ২১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা ৩৫ - - ২১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন ১৬৫ - ২৪ ৩৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চাণক্য কুমাৰ দাস ১২২ - - ১১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ১৫৮ - ১৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ ১৫৯ - ৫৪ ১২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰণামিকা অধিকাৰী ২০৫ ১২২ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ প্ৰিয়াংকুশ ডেকা ৩২ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ বাবুল বৈশ্য ৩০ - - ১৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ ৰুমী বৰা - ৩২ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ Scatter2021 - ৮০ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ Usoejw9 ৫৩ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: কৃতমজিৎ হাজং, খিলঞ্জীত, পলাশজ্যোতি বৰা, TaDrian58, UB Utpal

ইনকুবেটৰ (Wq/as) : অনামিকা বড়া (১৩), কুলধৰ ৰাভা (১২), চন্দন চিৰিং ফুকন (৮৯), চাণক্য কুমাৰ দাস (১২), দিব্য দত্ত (১১), প্ৰণামিকা অধিকাৰী (৭৮), প্ৰিয়াংকুশ ডেকা (১২)৷

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।