অসমৰ বাঁহ-বেতৰ শিল্প
অসমৰ বাঁহ-বেতৰ শিল্প (ইংৰাজী: Bamboo and cane culture of Assam) হৈছে অসমৰ এক কুটীৰ শিল্প। অসম প্ৰাকৃতিক সম্পদেৰে চহকী আৰু ইয়াৰ অধিকাংশ অৰণ্যত বিভিন্ন প্ৰজাতিৰ বাঁহ-বেত মজুত আছে।[1] বাঁহ হৈছে এবিধ বহুমুখী কেঁচামাল আৰু ই পৌৰাণিক দিনৰে পৰা অসমৰ জীৱনশৈলী আৰু অৰ্থনীতিৰ এক অংগ। বিশেষভাৱে মিজো পাহাৰ, কাছাৰ, মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ আৰু লখিমপুৰ জিলাৰ হাবিত বাঁহ-বেতৰ বিশাল বিস্তৃতি পোৱা যায়।[1] পাল্পিং, বিভিন্ন নিৰ্মাণ কাৰ্য আৰু বেৰা দিয়াৰ উদ্দেশ্যে তথা থলুৱা ভাৱে পাতি, খৰাহি-চালনি আদি নিৰ্মাণ উদ্যোগৰ বাবে বাঁহ-বেত সমূহ কেঁচামাল হিচাপে ব্যৱহাৰ হয়।
অসমত ৰাজ্যজুৰি বৃহৎ সংখ্যক শিল্পীয়ে বাঁহ আৰু বেতৰ সামগ্ৰী নিৰ্মাণ কৰে। ইয়াক ঘৰুৱা উদ্যোগ হিচাপে চৰ্চা কৰা হয় আৰু কোনো যান্ত্ৰিক যন্ত্ৰ ব্যৱহাৰ কৰা নহয়।[1] অসমত বেত আৰু বাঁহৰ সামগ্ৰী প্ৰতিখন ঘৰতে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।[2] এই উদ্যোগে খেতিয়কসকলক তেওঁলোকৰ আজৰি সময়ত অংশকালীন নিয়োগ প্ৰদান কৰে, আৰু বাণিজ্যিক ভিত্তিত কেৱল মিহি সজ্জাগত টোপোলা, আচবাব আৰু মেট উৎপাদন কৰা কেইজনমান উচ্চ দক্ষ শিল্পীক পূৰ্ণকালীন নিয়োগ প্ৰদান কৰে।[1]
ইতিহাস আৰু উৎপত্তি
[সম্পাদনা কৰক]এই শিল্পৰ প্ৰাচীনতা, ইতিহাস আৰু উৎপত্তিৰ বিষয়ে এটা সু-নিৰ্দিষ্ট সময়ক আঙুলিয়াই দিব পৰাকৈ কোনো নিৰ্দিষ্ট তথ্য উপলব্ধ নহয়। বিভিন্ন ঐতিহাসিক সমলৰ ওপৰত ভিত্তি কৰি সভ্যতাৰ একেবাৰে উত্থানৰ লগে লগে কুঁৱলীময় অতীতৰ পৰাই যে অসমত এই শিল্পৰ অনুশীলন হৈছিল সেই সম্পৰ্কে বিভিন্ন গৱেষকে মত পোষণ কৰে।[3][4][5][6] অসমত প্ৰাৰম্ভিক কালত বাঁহক বিশেষ গুৰুত্ব দিয়া হৈছিল আৰু “শুভ দিনত” বাঁহ কটা নিষিদ্ধ আছিল। বৰ্তমানো এই নিয়ম মানি চলা হয়। অসমীয়া সমাজত বাঁহক শুভ বুলি মান্যতা দিয়া হয় আৰু ইয়াৰ ধৰ্মীয় তাৎপৰ্য্য আছে বুলি সাধাৰণ বিশ্বাস প্ৰচলিত। পৌৰাণিক অসমীয়া গীত-মাত, সাহিত্য আদিত বাঁহৰ গুৰুত্ব সম্পৰ্কে উল্লেখ পোৱা যায়। অসমীয়া লোকসাহিত্য ফকৰা যোজনা আদিত বাঁহ-বেতৰ কাৰুকাৰ্য বা ইয়াৰ গুৰুত্বৰ উল্লেখ আছে-
“যাৰ নাই বাঁহ, তাৰ নাই সাহ”[7]
দেহবিচাৰ গীততো কাঁঠীকামিৰ উল্লেখ পোৱা যায়:
বাৰীৰে চুকৰে জাতিবাঁহ এজুপি
সিয়ো মোৰ সহোদৰ ভাই,
জীয়াই থাকো মানে কৰো কাঁঠীকামি
মৰিলে লগতে যায়।
অসমৰ বেত আৰু বাঁহৰ উৎপাদিত সামগ্ৰীৰ সমৃদ্ধিশালী অৱস্থাৰ বিষয়ে অসমৰ ৰজা ভাস্কৰ বৰ্মনৰ (খ্ৰীষ্টীয় সপ্তম শতিকাৰ আৰম্ভণিৰ অংশ)ৰ সময়ত পোৱা গৈছিল। গৱেষক পি.চি. চৌধুৰীয়ে তেওঁৰ গ্ৰন্থ “অসমৰ সভ্যতাৰ ইতিহাস”ত এই বিষয়ে উল্লেখ কৰিছে-
প্ৰাৰম্ভিক সাহিত্যত ধনী লোকসকলে ব্যৱহাৰ কৰা সুসজ্জিত আৰু ৰঙীন শীতল পাটিৰ বিষয়ে উল্লেখ আছে।[8] এই পাটিবোৰ সাধাৰণতে বেতৰ পৰা তৈয়াৰ কৰা হৈছিল। অসমৰ বনাঞ্চলত বেতৰ প্ৰাচুৰ্য্যৰ সাক্ষ্য ধ্ৰুপদী লেখকসকলে তেওঁলোকৰ সাহিত্যত আগবঢ়াইছে। উদাহৰণস্বৰূপে টলেমিয়ে উল্লেখ কৰিছে যে ছেৰিকাৰ পূব দিশত, যাক আমি অসম বুলি চিনাক্ত কৰিছোঁ, ইয়াৰ পাহাৰ আৰু জলাশয় বোৰত বেতৰ উৎপাদন হোৱাৰ লগতে এইসমূহক সাঁকো হিচাপে ব্যৱহাৰ কৰা হৈছিল। বেতৰ সামগ্ৰী উৎপাদনৰ আন এক প্ৰমাণ ‘হৰ্ষচৰিত’ত পোৱা যায়, য’ত বেতৰ সা-সঁজুলিৰ কথা উল্লেখ কৰা হৈছে। বাঁহৰ খেতি আৰু বিভিন্ন কামত ইয়াৰ ব্যৱহাৰ সকলোৰে পৰিচিত। বানভট্টই এই অতি উন্নত শিল্পৰ সাক্ষ্য দি উল্লেখ কৰিছে যে ভাস্কৰে হৰ্ষলৈ ‘বিভিন্ন ৰঙৰ নলৰে তৈয়াৰ কৰা বাস্কেট’, ‘ডাঠ বাঁহৰ নলী’ আৰু ‘বাঁহৰ পিঞ্জৰাত বিভিন্ন চৰাই পঠিয়াইছিল। এই সকলোবোৰে প্ৰমাণ কৰে যে অসমত প্ৰাৰম্ভিক কালত বিভিন্ন ঔদ্যোগিক কলাৰ বিকাশ ঘটিছিল আৰু ভাৰতৰ আন প্ৰান্তৰ শিল্পীসকলৰ দৰে তেনে পৰম্পৰাৰ ওপৰত ভিত্তি কৰি সাম্প্ৰতিক সময়লৈকে চলি আছে...।
কেঁচামাল আৰু ইয়াৰ ব্যৱহাৰ
[সম্পাদনা কৰক]অসমৰ এই শিল্পৰ খেত্ৰত ব্যৱহাৰ হোৱা মুখ্য কেঁচামাল হৈছে বাঁহ আৰু বেত।[9] বাঁহ আৰু বেতৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতৰ ভিতৰতে অসমত সৰ্বাধিক কেন্দ্ৰীভূত বনাঞ্চল পোৱা যায়। অসমত ৫১টা প্ৰজাতিৰ বাঁহ গজে আৰু এইঅসমূহ বিভিন্ন কামত ব্যৱহাৰ হৈ আহিছে, মূলতঃ গৃহ নিৰ্মাণ, আচবাব আদিৰ নিৰ্মাণত বাঁহ বেতৰ ব্যৱহাৰ হয়। লঘু কংক্ৰিটৰ গাঁথনিৰ বাবে মৃদু তীখাৰ ৰড্ ব্যৱহাৰৰ সলনি শক্তিবৰ্ধক হিচাপে ব্যৱহাৰ কৰিবলৈ বাঁহৰ উপযুক্ততা সম্পৰ্কে ভাৰতৰ কিছুমান গৱেষণা কেন্দ্ৰত অধ্যয়ন চলি আছে। ইয়াৰোপৰি ছাতিৰ নাল, লাখুটি, বিভিন্ন সঁজুলিৰ হেণ্ডেল, মাছ ধৰা সঁজুলি, তম্বুৰ খুঁটা, ৰছী, জখলা, যোৰ, বাস্কেট, খেলনা, বিছনি আৰু বিভিন্ন ঘৰুৱা আৰু কৃষি সঁজুলিৰ বাবেও বাঁহ ব্যৱহাৰ কৰা হয়। এই সকলোবোৰ সামগ্ৰী সৰু সৰু যন্ত্ৰৰ সহায়ত কুটিৰ আৰু ক্ষুদ্ৰ ভিত্তিত উৎপাদন কৰিব পাৰি।
বাঁহ
[সম্পাদনা কৰক]বাঁহ হৈছে এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ। বাঁহ গছ পৃথিৱীৰ ভিতৰত খুব কম সময়ত ক্ষিপ্ৰতাৰে বৃদ্ধি হোৱা গছসমূহৰ ভিতৰত অন্যতম।[10] এই গছ দক্ষিণ এছিয়াৰ দেশসমূহত অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰমূল্য আছে। দক্ষিণ এছিয়া আৰু পূব এছিয়াত ইয়াক গৃহ নিৰ্মাণ, কাগজ, ঘৰুৱা সামগ্ৰী, খাদ্যৰ উত্স আদি বিভিন্ন প্ৰকাৰৰ কামত ব্যৱহাৰ কৰা হয়। অসমৰ হাবিত বৰ্তমান বাঁহৰ বিশাল অনাবৃত সম্পদ আছে যিয়ে বহু উৎপাদনশীল কামৰ বাবে বাঁহৰ ব্যৱহাৰৰ পথ মুকলি কৰিব পাৰে। বাঁহৰ ৭৫ টা জাতৰ ১,২৫০ টা প্ৰজাতি আছে ইয়াৰ ২২ টা জাতৰ ১২৫ প্ৰজাতিৰ বাঁহ ভাৰতত পোৱা যায় । ইয়াৰে ১৬ টা জাতৰ ৮৯ টা প্ৰজাতিৰ বাঁহ উত্তৰ-পূৰ্বাঞ্চলত পোৱা যায়। অসমৰ মুঠ বনাঞ্চলৰ ৩৪.৫% অঞ্চল বাঁহেই আগুৰি আছে । অসমত পোৱা প্ৰজাতি সমুহৰ ভিতৰত ব্যৱসায়িক গুৰুত্ব থকা কেইবাটাও প্ৰজাতি উপলব্ধ-
- মুলি (মালোকানা বাম্বুছ’ইডছ),
- পাহাৰীয়া জাতি (অক্সিটেনান্থেৰা পাৰভিফোলা),
- কাক বাঁহ (ডেণ্ড্ৰ'কেলামাছ হেমিল্টনি),
- দলৌ (টেইনোষ্টাচ্যুম ডাল'য়া) আদি
বেত
[সম্পাদনা কৰক]অসমৰ বিভিন্ন কুটিৰ আৰু ক্ষুদ্ৰ উদ্যোগ বিভিন্ন ধৰণৰ বেত আৰু নলৰ যোগানৰ ওপৰত নিৰ্ভৰশীল। সাধাৰণতে তিনিটা প্ৰজাতিৰ বেতৰ বাণিজ্যিক গুৰুত্ব অধিক- জাতি (Calamus tenuis), তিতা (Calamus leptesadix) আৰু লেজাই (Calamus floribundus)। কিছুমান কম গুৰুত্বৰ প্ৰজাতিৰ ভিতৰত সুন্দী (Calamus garuba) আৰু ৰাইডাং (Calamus flagellum) আদিও ব্যৱহাৰ হয়। প্ৰায় সমগ্ৰ ৰাজ্যতে বেতৰো উৎপাদন যথেষ্ট। আচবাব আৰু বাস্কেট বনোৱাৰ বাবে স্থানীয়ভাৱে ‘মৃথিংগা’ আৰু ‘বেথুৱা’ নামেৰে জনাজাত আন দুবিধ বাঁহ আৰু স্থানীয়ভাৱে ‘সুন্দি’, ‘বৰজালী’, ‘হৰুৱা’, ‘গোল্লা’ আদি বিভিন্ন জাতৰ বেতৰ প্ৰয়োজন হয়। ‘মুৰ্তা’ (Clinogyne Dichotoma) নামৰ নল পৰিয়ালৰ বা পাটিদৈ উদ্ভিদৰ সহায়ত বিখ্যাত “শীতল পাতি” বনোৱা হয়। জাপি নিৰ্মাণৰ বাবে স্থানীয়ভাৱে বাঁহ, "টকৌ পাত”ৰ ব্যৱহাৰ কৰা হয়।[9] এটা ‘ফুলাম জাপি’ তৈয়াৰ কৰিবলৈ টকৌ পাতৰ উপৰিও সামগ্ৰীৰ ৰং আৰু বাৰ্নিচ কৰাৰ বাবে ৰঙীন ঊল, কপাহ, ৰং কৰা সূতা, মাইকা আদিৰ প্ৰয়োজন হয়, ইয়াৰোপৰি শিপিনীসকলে ভাতৰ ফেন, টেঙামৰা, অমিতা পাত, মেজেনটা (এবিধ ৰাসায়নিক ৰং কৰা বস্তু), কলাবতি চাচ (লাক) ৰজন, মিথাইলেড স্পিৰিট, ৰবি মুস্তাফি আদি ব্যৱহাৰ কৰে। প্ৰযুক্তিৰ বিকাশৰ ফলত বৰ্তমান এই নিৰ্মাণ কাৰ্য কিছু সহজহৈ পৰিছে।
বেতৰ আচবাব
[সম্পাদনা কৰক]বেতৰ আচবাব নিৰ্মাণৰ ক্ষেত্ৰত শ্ৰমিকসকলৰ উচ্চ মাত্ৰাৰ দক্ষতাৰ প্ৰয়োজন হয়। এনে দক্ষতা পৰম্পৰাগত ভাৱে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ আহে। বেতৰ আচবাব নিৰ্মাণৰ ক্ষেত্ৰত দক্ষ শিল্পীৰ দিশেৰে ৰাজ্যৰ আন জিলাসমূহৰ তুলনাত কাছাৰ জিলাই বিশেষ স্থান লাভ কৰিছে।[1] ৰাজ্যখনৰ প্ৰায় সকলো গুৰুত্বপূৰ্ণ চহৰ অঞ্চলতে এই শিল্পকৰ্মৰ বাণিজ্যিক উৎপাদন আছে।[11]
বেতৰ আচবাব নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পৰিমাণৰ বাঁহ-বেতৰ কাঁঠী-কামি প্ৰস্তুত কৰি লোৱা হয়। বিভিন্ন ব্যাস আৰু দৈঘ্যৰ বেতবোৰো খাপ খুৱাব পৰাকৈ বিভিন্ন আকাৰৰ কাঁঠীলৈ হ্ৰাস কৰা হয়। তাৰ পিছত শিল্পীসকলে নখৰ সহায়ত বাঁহৰ বিভিন্ন অংশবোৰ সংযোগ কৰি আচবাবৰ এটা ৰুক্ষ আৰ্হি প্ৰস্তুত কৰে। কোনো আচবাবৰ ক্ষেত্ৰত বেতৰ বেণ্ডটো প্ৰয়োজনীয় আকৃতিলৈ লৈ যাবলৈ পাতল লোহাৰ ৰড ব্যৱহাৰ কৰা হয়। এনেদৰে নিৰ্মিত গঠনটোৰ প্ৰকৃত বয়ন বা কইলিং নমনীয় বেতৰ মিহিকৈ প্ৰস্তুত কৰা কাঁঠীৰ সহায়ত কৰা হয়।[1]
উৎপাদনত প্ৰাচুৰ্য স্থান
[সম্পাদনা কৰক]অসমৰ প্ৰতিখন জিলাতেই বাঁহ-বেতৰ নানা সামগ্ৰী উৎপাদন কৰা হয় যদিও কোনো কোনো বিশেষ অঞ্চলত এই শিল্পৰ চৰ্চা অধিক। ‘জাপি’ৰ বিভিন্ন প্ৰকাৰ যেনে- হালোৱা জাপি, পিঠা জাপি, সৰুদৈয়া জাপি, বৰদৈয়া জাপি; ইত্যাদি, নলবাৰী, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ আৰু লখিমপুৰ আদি অবিভক্ত জিলাত উৎপাদন হয়। ‘ফুলাম জাপি’ নিৰ্মাণৰ ক্ষেত্ৰত নলবাৰী আৰু ইয়াৰ ওচৰ-চুবুৰীয়া গাঁও যেনে- কমাৰকুছি, মুঘকুছি আদি বিশেষ উল্লেখযোগ্য। শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত জাপিসাগিয়া নামৰ এখন গাঁও জাপি উৎপাদনৰ বাবে বিখ্যাত। নগাঁও জিলাৰ কন্দলি, উৰিয়াগাঁও, জাগী আৰু কঠীয়াতলিত অসমৰ শ্ৰেষ্ঠ জাপী তৈয়াৰ কৰা হয় বুলি জনা যায়।[9]
নগাঁও, দৰং আৰু কাছাৰ আদি অবিভক্ত জিলাসমূহতো ব্যৱসায়িক ভিত্তিত বিভিন্ন ধৰণৰ বাঁহৰ মেট প্ৰস্তুত কৰা হয়। কৰিমগঞ্জ জিলাৰ পৰা বৃহৎ পৰিসৰৰ বাণিজ্যিক উৎপাদন হয় য’ত মেট সমূহক স্থানীয়ভাৱে ধাৰা, ঝাৰিয়া বা দৰ্মা বুলি জনা যায়। কাৰ্বি-আংলং (বোকাজান), নগাঁও (ফোকোলিগাঁও),গোৱালপাৰা (বৰবিলা) আৰু বৰপেটা (কোয়াকুছি) জিলাতো বাঁহৰ পৰা এনে মেট উৎপাদন কৰা হয়। আন এক বজাৰযোগ্য সামগ্ৰী হৈছে ‘মুঢ়া’ যিটো নগাঁও, গোৱালপাৰা আৰু কাৰ্বি-আংলং জিলাত ব্যাপকভাৱে প্ৰস্তুত কৰা হয়। কাছাৰ, কৰিমগঞ্জ আৰু গোৱালপাৰা জিলাত এই শিল্পকৰ্মৰ খেত্ৰত শীতলপাতিৰ নিৰ্মাণত সৰ্বাধিক কেন্দ্ৰীভূততা লক্ষ্য কৰা হৈছে। শীতলপাতি উৎপাদনৰ বাবে বিখ্যাত গাঁওসমূহ হ’ল কটাখল, কালিগঞ্জ, কৰিমপুৰ, বসিগ্ৰাম, বৰাক উপত্যকাৰ শ্ৰীদুৰ্গাপুৰ আৰু গোৱালপাৰা জিলাৰ ডুবাপাৰা।[9]
চিত্ৰ বীথিকা
[সম্পাদনা কৰক]-
সৰুদৈয়া জাপি
-
বাঁহৰ শৰাই
-
অসমৰ এবিধ লোকবাদ্য ধুতং
-
মাছ ধৰা সঁজুলি পল
-
গৰু-ম'হৰ মুখত পিন্ধোৱা মোখোৰা
-
বাঁহৰ পাত্ৰ
-
ধান ৰখা ডুলি
-
তাঁত শালৰ বিভিন্ন সঁজুলি হিচাপে বাঁহৰ ব্যৱহাৰ।
-
বৰ চেৰেকী
-
খেতিৰ সঁজুলি মৈ
-
এখন বাঁহৰ দলং
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 "Bamboo And Cane Culture Of Assam". ministry of culture, govt of assam. https://ignca.gov.in/divisionss/janapada-sampada/northeastern-regional-centre/bamboo-and-cane-culture-of-assam/। আহৰণ কৰা হৈছে: 6 September 2022.
- ↑ "Art & Craft". Govt. of assam, Department of tourism. https://directortourism.assam.gov.in/information-services/art-craft। আহৰণ কৰা হৈছে: 7 September 2022.
- ↑ Khanikar,S. Chutia Jaatir Itihax aru Luko-Sanskriti,1991, p.100.
- ↑ ""Then the Chutiâ king desired to send silver and gold lipped Jâpi(Kup-ngiun-kham),gold bracelets(Mao-kham), gold basket(Liu-kham), gold ring (Khup-kham), gold bookstand (Khu-tin-kham), gold pirâ(Kham-ku), horse(Ma), elephant(Chang-pai), and two Âroans(Phra-nun) and Xorais(Phun) to the Ahom king."". Archived from the original on 2020-07-28. https://web.archive.org/web/20200728195005/http://brahmaputra.ceh.vjf.cnrs.fr/bdd/IMG/pdf/parallele_ahom-assamais2-2.pdf। আহৰণ কৰা হৈছে: 2022-09-06.
- ↑ Mahanta,S. Assam Buranji.D.H.A.S.,1945, p.9.
- ↑ Goswami, Hemchandra,Purani Asam Buranji,p.41.
- ↑ "Business". News18. https://assam.news18.com/news/business/sivasagar-youth-pankaj-raidangia-bamboo-industry-business-opportunity-manju-b-191789.html। আহৰণ কৰা হৈছে: 6 September 2022.
- ↑ অচ্যুতচৰণ চৌধুৰী তত্ত্বনিধি. শ্ৰীহট্টেৰ ইতিবৃত্ত. পৃষ্ঠা. প্ৰথম খণ্ড, চতুৰ্থ অধ্যায়.
- ↑ 9.0 9.1 9.2 9.3 "Bamboo and Cane Crafts of Assam". Indianetzone. https://www.indianetzone.com/41/bamboo_cane_crafts_assam.htm। আহৰণ কৰা হৈছে: 7 September 2022.
- ↑ Farrelly, David (1984). The Book of Bamboo. Sierra Club Books. ISBN 0-87156-825-X.
- ↑ "Cane and Bamboo". Govt. of Assam. https://assam.gov.in/citizen/428। আহৰণ কৰা হৈছে: 7 September 2022.