সমললৈ যাওক

বিশ্লেষণাত্মক মনোবিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিশ্লেষণাত্মক মনোবিজ্ঞানক (ইংৰাজী: Analytical psychology, জাৰ্মান: Analytische Psychologie) কেতিয়াবা বিশ্লেষণাত্মক মনোবিজ্ঞান বুলি অনুবাদ কৰা হয় আৰু ইয়াক জংগিয়ান বিশ্লেষণ বুলিও কোৱা হয়। ই হৈছে চুইজাৰলেণ্ডৰ মনোৰোগ বিশেষজ্ঞ কাৰ্ল য়ঙে তেওঁৰ নতুন "অনুভৱী বিজ্ঞান" মনোবিজ্ঞানৰ গৱেষণাক বৰ্ণনা কৰিবলৈ উদ্ভাৱন কৰা এটা শব্দ। ১৯১২ চনৰ পৰা ১৯১৩ চনৰ ভিতৰত মনোবিশ্লেষণৰ সন্দৰ্ভত তেওঁলোকৰ সাত বছৰীয়া সহযোগিতাৰ আধাৰত ফ্ৰয়েডৰ মনোবিশ্লেষণ তত্ত্বৰ পৰা পৃথক কৰিবলৈ ইয়াক ৰচনা কৰা হৈছিল।[1][2][3]য়ঙৰ বিজ্ঞানৰ বিৱৰ্তন তেওঁৰ জীৱনৰ ষাঠি বছৰৰ ভিতৰত ৰচিত কীৰ্তিচিহ্নস্বৰূপ গ্ৰন্থ সংগ্ৰহিত গ্ৰন্থসমূহত সন্নিৱিষ্ট হৈ আছে।[4]

বিশ্লেষণাত্মক মনোবিজ্ঞানৰ ইতিহাস য়ঙৰ জীৱনীৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। আৰম্ভণিতে ই "জুৰিখ স্কুল" নামেৰে জনাজাত আছিল, যাৰ মুখ্য ব্যক্তি আছিল ইউজেন ব্লিউলাৰ, ফ্ৰান্স ৰিক্লিন, আলফনছ মেডাৰ আৰু য়ং। এই সকলো জুৰিখৰ বাৰ্গহ'লজলি চিকিৎসালয়ত আছিল। প্ৰথম অৱস্থাত ই মানসিক জটিলতা সম্পৰ্কীয় এটা তত্ত্ব আছিল। পৰৱৰ্তী সময়ত য়ঙে চিগমাণ্ড ফ্ৰয়েডৰ সৈতে বিচ্ছেদ ঘটাই ইয়াক আৰ্কিটাইপ (স্বৰূপ) আৰু অচেতন বিষয়ৰ অনুসন্ধানৰ সাধাৰণীকৃত পদ্ধতিলৈ ৰূপান্তৰিত কৰে আৰু মনোচিকিৎসালৈ ৰূপান্তৰিত কৰে।

বিশ্লেষণাত্মক মনোবিজ্ঞানত বহুলভাৱে ব্যৱহৃত ধাৰণাসমূহৰ ভিতৰত আছে এনিমা আৰু এনিমাছ, আৰ্কিটাইপ, সামূহিক অচেতনতা, জটিলতা, বহিৰ্মুখী আৰু অন্তৰ্মুখিতা, ব্যক্তিত্ব, আত্মা, ছাঁ আৰু সমকালীনতা।[5][6]মায়াৰ্ছ–ব্ৰিগছ টাইপ ইনডিকেটৰ (MBTI) য়ঙৰ আন এটা তত্ত্বৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।[5][7][8] এটা কম পৰিচিত ধাৰণা আছিল য়ঙৰ চাইকোইডৰ ধাৰণাটো-যিটোৱে চেতনাৰ বাহিৰৰ এটা অনুমাণিক অন্তৰ্নিহিত সমতল, সামূহিক অচেতনৰ পৰা পৃথক আৰু সমকালীনতাৰ সম্ভাৱ্য স্থানক বুজায়।[9]

উৎপত্তি

[সম্পাদনা কৰক]
১৮৯০ চনত কাৰ্ল য়ঙে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা বাৰ্গহ’লজলি হাস্পতাল

য়ঙে ছুইজাৰলেণ্ডৰ জুৰিখত মনোৰোগ বিশেষজ্ঞ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইতিমধ্যে ১৯০১ চনত বাৰ্গোলজলি চিকিৎসালয়ত কৰ্মৰত হৈ থকা জুৰিখ বিশ্ববিদ্যালয়ৰ চিকিৎসা অনুষদৰ বাবে তেওঁৰ শৈক্ষিক গৱেষণা পত্ৰত তেওঁ ছমনামবুলিজমৰ ওপৰত কৰা পৰীক্ষা আৰু তেওঁৰ মধ্যমপন্থী খুলশালীয়েক হেলি প্ৰেইছৱাৰ্কৰ দৃষ্টিভংগী ব্যৱহাৰ কৰাৰ ৰিস্ক লয়। গ্ৰন্থখনৰ শিৰোনাম আছিল, "অন দ্য চাইক'লজি এণ্ড পেথ'লজি অৱ ছ'-কলড অকল্ট ফেন'মেনা।" [10] ইয়াক গ্ৰহণ কৰা হৈছিল যদিও তেওঁৰ মাকৰ পৰিয়ালৰ মাজত যথেষ্ট বিচলিত হৈছিল।[11] মনোৰোগ বিশেষজ্ঞ ইউজেন ব্লিউলাৰৰ নিৰ্দেশনাত তেওঁ তেওঁৰ সহকৰ্মীসকলৰ সৈতে গেলভেনোমিটাৰ ব্যৱহাৰ কৰি শব্দৰ সংযোগৰ সময়ত শব্দৰ তালিকাৰ প্ৰতি ৰোগীৰ আৱেগিক সংবেদনশীলতা মূল্যায়ন কৰিবলৈও গৱেষণা কৰিছিল।[11][12][13][14] য়ঙে চিকিৎসাত এই যন্ত্ৰটোৰ ব্যৱহাৰৰ বিৱৰণ এৰি থৈ গৈছে।[15][16][17]তেওঁৰ গৱেষণাই তেওঁক বিশ্বব্যাপী সুনাম আৰু অসংখ্য সন্মান লাভ কৰে, য’ত আছে ক্ৰমে ১৯০৯ আৰু ১৯১০ চনত ক্লাৰ্ক আৰু ফৰ্ডহাম বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী। [18][19]

যদিও এবছৰৰ আগতেই ফ্ৰয়ড আৰু য়ঙে চিঠি-পত্ৰ লিখিবলৈ আৰম্ভ কৰিছিল, ১৯০৭ চনত য়ঙে অষ্ট্ৰিয়াৰ ভিয়েনাত চিগমাণ্ড ফ্ৰয়েডক লগ কৰিবলৈ যাত্ৰা কৰিছিল। সেই সময়ত বত্ৰিশ বছৰীয়া য়ঙৰ আন্তৰ্জাতিক খ্যাতি উনচল্লিশ বছৰীয়া স্নায়ু বিশেষজ্ঞগৰাকীতকৈ বহু বেছি আছিল।[11]পৰৱৰ্তী ছয় বছৰ ধৰি দুয়োজন পণ্ডিতে একেলগে কাম কৰি আমেৰিকা ভ্ৰমণ কৰিছিল। ১৯১১ চনত তেওঁলোকে আন্তৰ্জাতিক মনোবিশ্লেষণাত্মক সংস্থা প্ৰতিষ্ঠা কৰে, যাৰ প্ৰথম সভাপতি আছিল য়ং।[11] কিন্তু সহযোগিতাৰ আৰম্ভণিতে য়ঙে ইতিমধ্যে লক্ষ্য কৰিছিল যে ফ্ৰয়েডে নিজৰ ধাৰণাকহে সৰ্বাধিক গুৰুত্ব দিয়ে।

প্ৰায়বোৰ আধুনিক মনোবিজ্ঞানীৰ দৰে য়ঙে মানৱ মনোজগত বুজি পোৱাৰ মাধ্যম হিচাপে বৈজ্ঞানিক পদ্ধতিত নিজকে সীমাবদ্ধ কৰি ৰখাত বিশ্বাসী নাছিল। তেওঁ সপোন, ৰূপকথা, কাকতলীয়, লোককথাক অধিক বুজাত আৰু অৰ্থক অভিজ্ঞতাভিত্তিক প্ৰমাণ হিচাপে চাব বিচাৰিছিল। য়ঙে কোৱাৰ দৰে, "অচেতনৰ সৌন্দৰ্য্যটো হ'ল ই প্ৰকৃততে অচেতন।" [20] সেয়েহে, অচেতন পৰীক্ষামূলক গৱেষণাৰ দ্বাৰা,বা প্ৰকৃততে যিকোনো সম্ভাৱ্য ধৰণৰ বৈজ্ঞানিক বা দাৰ্শনিক প্ৰসাৰৰ দ্বাৰা 'অস্পৃশ্য', ঠিক কাৰণ ই অচেতন।[21][22]

ফ্ৰয়েডৰ সৈতে বিচ্ছেদ

[সম্পাদনা কৰক]
এতিয়াও বাৰ্তালাপত: মনোবিশ্লেষক সহকৰ্মীৰ সৈতে য়ং। সন্মুখৰ শাৰীত, চিগমাণ্ড ফ্ৰয়ড, জি ষ্টেনলি হল, কাৰ্ল য়ং। পিছৰ শাৰীত আব্ৰাহাম ব্ৰিল, আৰ্নেষ্ট জোনছ, ছাণ্ডাৰ ফেৰেঞ্চি। ১৯০৯ চনত ক্লাৰ্ক বিশ্ববিদ্যালয়ৰ সন্মুখত।
Psychology of the Unconscious (১৯১৬), যিখন কিতাপে য়ঙৰ লগত ফ্ৰয়ডৰ বিচ্ছেদ ঘটায়

য়ঙৰ এখন গ্ৰন্থ প্ৰকাশৰ জৰিয়তেই মনোবিশ্লেষণৰ সৈতে বিৰতিৰ সৃষ্টি হৈছিল আৰু বিশ্লেষণাত্মক মনোবিজ্ঞানৰ প্ৰতিষ্ঠা হৈছিল। ১৯১২ চনত য়ঙে "মিছ মিলাৰ"ক লগ পায়, যি তেওঁক দৃষ্টিগোচৰ কৰোৱা হৈছিল থিয়ডৰ ফ্ল'ৰনয়ৰ ৰচনাৰ দ্বাৰা। আৰু যাৰ খবৰে তেওঁৰ সামূহিক অচেতন তত্ত্বক অধিক গুৰুত্ব প্ৰদান কৰিছিল।[23]:213–215 তেওঁৰ দৃষ্টিভংগীৰ সেই অধ্যয়নলব্ধ সমলেই হয়গৈ তেখেতৰ ছাইক'লজি অৱ দ্য অনকনচিয়াছ (ৱাণ্ডলুংগেন আৰু চিম্বল ডেৰ লিবিড')। পিছে এই কথাটোত ফ্ৰয়েডে "বৈষম্য"ৰ উমান পালে।[24] কৰ্মৰ দ্বিতীয় অংশটোৱেই বিচ্ছিন্নতাক অধিক পোহৰলৈ আনিছিল। ফ্ৰয়ডে আৰ্নেষ্ট জ'নছক কৈছিল যে মূল জাৰ্মান সংস্কৰণৰ ১৭৪ নং পৃষ্ঠাতেই য়ঙে "নিজৰ পথ হেৰুৱাই পেলাইছিল।"ফ্ৰয়ডৰ এই অনুমোদন তাৎক্ষণিক আছিল৷ আৰু সেয়েহে ১৯১২ চনৰ আগষ্ট মাহৰ পৰা য়ঙক আনুষ্ঠানিকভাৱে ভিয়েনাৰ মনোবিশ্লেষণাত্মক বৃত্তৰ পৰা নিষিদ্ধ কৰা হয়। সেই তাৰিখৰ পৰা মনোবিশ্লেষণাত্মক আন্দোলন দুটা ভাগত বিভক্ত হৈ পৰে।

১৯১৩ চনত য়ঙ-ফ্ৰয়ডৰ বন্ধুত্বৰ অন্ত পৰে। তেতিয়াৰ পৰাই দুয়োজন পণ্ডিতে ব্যক্তিত্ব বিকাশৰ ওপৰত স্বতন্ত্ৰভাৱে কাম কৰিছিল: য়ঙে ইতিমধ্যে তেওঁৰ পদ্ধতিটোক বিশ্লেষণাত্মক মনোবিজ্ঞান (১৯১২) বুলি অভিহিত কৰিছিল। আনহাতে ফ্ৰয়ডে প্ৰতিষ্ঠা কৰা পদ্ধতিটোক মনোবিশ্লেষণাত্মক বিদ্যালয়,(psychoanalytische Schule) বুলি কোৱা হয়।

মনোবিশ্লেষণৰ প্ৰতিষ্ঠাপকে য়ঙৰ ওপৰত বৃহৎ প্ৰভাৱ পেলাইছিল যদিও য়ঙৰ প্ৰস্তাৱিত 'অচেতন'ৰ ধাৰণাটো ফ্ৰয়ডত প্ৰস্তাৱিত আৰ্হিৰ পৰা একেবাৰে পৃথক আছিল। বিশেষকৈ কামনাৰ (libido) প্ৰকৃতি সম্পৰ্কীয় মতানৈক্যকে ধৰি বিভিন্ন মতাদ্বৈধতাৰ বাবে তেওঁ আৰু ফ্ৰয়ডৰ মাজত দূৰত্ব বৃদ্ধি পাইছিল।

য়ঙে যৌন বিকাশৰ গুৰুত্বক প্ৰবৃত্তিগত চালিকা-শক্তি বুলি ভবা নাছিল আৰু সামূহিক অচেতনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। অচেতনৰ সেই অংশটোত স্মৃতি আৰু ধাৰণা থাকে যিবোৰ য়ঙে পূৰ্বপুৰুষৰ প্ৰজন্মৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা বুলি বিশ্বাস কৰিছিল। য়ঙে মূল ব্যক্তিত্বৰ গঠনৰ বাবে কেৱল কামনাই দায়ী বুলি বিবেচনা কৰা নাছিল।[25]পৰৱৰ্তী সময়ত য়ঙে বিশ্বাস কৰিছিল যে তেওঁকে ধৰি অন্যান্যৰ বিকাশৰ লগত যৌনতাৰ সম্পৰ্ক নথকা কাৰকৰ দ্বাৰাহে প্ৰভাৱান্বিত।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Jung, C. G. (1912) (de ভাষাত). Neue Bahnen in der Psychologie. প্ৰকাশক Zürich.  (New Pathways in Psychology)
  2. Samuels, Andrew; Shorter, B.; Plaut, F. (1986). A Critical Dictionary of Jungian Analysis. প্ৰকাশক London: Routledge and Kegan Paul. ISBN 978-0-415-05910-7. 
  3. "Analytic Psychology". Encyclopaedia Britannica. https://www.britannica.com/topic/analytic-psychology. 
  4. Collected Works of C.G. Jung, Complete Digital Edition. Princeton University Press. March 2014. ISBN 9781400851065. http://press.princeton.edu/titles/10294.html। আহৰণ কৰা হৈছে: 23 January 2014. 
  5. 5.0 5.1 Fordham, Michael (1978). Jungian Psychotherapy: A Study in Analytical Psychology. প্ৰকাশক London: Wiley & Sons. পৃষ্ঠা. 1–8. ISBN 0-471-99618-1. 
  6. Anthony Stevens (1990). Archetype: A Natural History of the Self. প্ৰকাশক Hove: Routledge. ISBN 978-0-415052207. 
  7. Jung, Carl Gustav (1 August 1971). "Psychological Types". Collected Works of C. G. Jung, Volume 6. Princeton University Press. ISBN 978-0-691-09770-1. [পৃষ্ঠা নং প্ৰয়োজন]
  8. McCrae, R.; Costa, P. (1989), Reinterpreting the Myers-Briggs Type Indicator from the perspective of the five-factor model of personality. 
  9. Ann Addison (2009). "Jung, vitalism and 'the psychoid': an historical reconstruction". Journal of Analytical Psychology খণ্ড 54 (1): 123–142. doi:10.1111/j.1468-5922.2008.01762.x. PMID 19161521. 
  10. Jung. CW 1. pp. 3–88
  11. 11.0 11.1 11.2 11.3 Bair, Deirdre (2004). Jung, A Biography. প্ৰকাশক London: Little Brown. ISBN 0-316-85434-4. 
  12. Binswanger, L. (1919). "XII". In Jung, Carl. Studies in Word-Association. প্ৰকাশক New York, NY: Moffat, Yard & company. পৃষ্ঠা. 446 et seq. https://archive.org/stream/studiesinwordass00jung#page/446/mode/2up/search/psychogalvanic। আহৰণ কৰা হৈছে: 30 March 2015. 
  13. Note: Jung was so impressed with EDA monitoring, he allegedly cried, "Aha, a looking glass into the unconscious!"
  14. Brown, Barbara (9 November 1977). "Skin Talks – And It May Not Be Saying What You Want To". Idaho State Journal. প্ৰকাশক Pocatello, Idaho: Field Enterprises, Inc.. পৃষ্ঠা 32. https://www.newspapers.com/newspage/22744127/. 
  15. Mitchell, Gregory. "Carl Jung & Jungian Analytical Psychology". Mind Development Courses. Archived from the original on 29 December 2020. https://web.archive.org/web/20201229173014/https://mind-development.eu/jung.html। আহৰণ কৰা হৈছে: 9 April 2015. 
  16. Daniels, Victor. "Notes on Carl Gustav Jung". Sonoma State UniversitySonoma State University. http://www.sonoma.edu/users/d/daniels/junglect.html। আহৰণ কৰা হৈছে: 4 April 2015. "By 1906 [Jung] was using GSR and breath measurement to note changes in respiration and skin resistance to emotionally charged worlds. He found that indicators cluster around stimulus words which indicate the nature of the subject's complexes." 
  17. The Biofeedback Monitor Archived 15 September 2008 at the Wayback Machine
  18. Wehr, Gerhard (1987). Jung – A Biography. প্ৰকাশক Boston: Shambala. পৃষ্ঠা. 501–505. ISBN 0-87773-455-0. https://archive.org/details/jungbiography0000wehr/page/501. 
  19. Roazen, Paul. (1976) Erik Erikson, pp. 8-9. The Harvard Fellowship was intended for Freud who was too ill to travel, so to save emoluments going elsewhere, it was offered to Jung, who accepted.
  20. Martin-Vallas François (2013). "Quelques remarques à propos de la théorie des archétypes et de son épistémologie" (fr ভাষাত). Revue de Psychologie Analytique খণ্ড 1 (1): 99–134. doi:10.3917/rpa.001.0099. .
  21. "Jungian Psychoanalysis" (en-US ভাষাত). new. Archived from the original on 2021-11-21. https://web.archive.org/web/20211121054211/https://audreypunnettphd.com/jungian-psychoanalysis/। আহৰণ কৰা হৈছে: 2021-11-21. 
  22. Vaughan, Alan G. (2013-08-09). "Jung, Analytical Psychology, and Transpersonal Psychology". The Wiley-Blackwell Handbook of Transpersonal Psychology: 141–154. doi:10.1002/9781118591277.ch7. ISBN 9781119967552. http://dx.doi.org/10.1002/9781118591277.ch7. 
  23. Bair, Deirdre (2004). Jung – A Biography. পৃষ্ঠা. 553. ISBN 0-316-85434-4. 
  24. Baudouin, Charles. L'Œuvre de Carl Jung et la psychologie complexe, Paris, Petite bibliothèque Payot, coll. " numéro 133 ", 2002 (আই.এচ.বি.এন. 978-2-228-89570-5)(in French)
  25. Jung, Carl (1963). Memories, Dreams, Reflections. Pantheon Books. পৃষ্ঠা. 206. https://archive.org/details/memoriesdreamsre00jung. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]