মনো ৰোগ বিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা


মনোৰোগ বিজ্ঞান বা মানসিক ৰোগ বিজ্ঞান (ইংৰাজী: Psychiatry) হৈছে মানসিক ৰোগৰ চিকিৎসা বিষয়ক অধ্যয়ন। এই অধ্যয়নত মানসিক ৰোগৰ ব্যপ্তি, কাৰণ, নিদান, প্ৰতিকাৰ আৰু প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিয়া হয়। আনহাতে মনোবিজ্ঞান বা মনস্তত্ব-ত (Psychology) বিষয়ত সাধাৰণ মনৰ (ৰোগ বিহীন) বিষয়ে অধ্যয়ন কৰা হয়। মনোৰোগ বিজ্ঞানৰ অধ্যয়ন কৰি এই বিভাগৰ চিকিৎসা প্ৰদান কৰোতাসকলক 'মানসিক ৰোগ বিশেষজ্ঞ' (Psychiatrist) বোলা হয়।

Psychiatry শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল ১৮০৮ চনত জাৰ্মান চিকিৎসক 'জোহান ক্ৰিষ্টিয়ান ৰেইল'-এ ( Johann Christian Reil)। Psychiatry শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে 'মানসিক ৰোগৰ ভেষজ চিকিৎসা'।

সাধাৰণতে মানসিক ৰোগ নিৰ্ণয়ৰ বাবে ৰোগীৰ লক্ষণসমূহৰ বিষয়ে আৰু অন্যান্য প্ৰাসংগিক তথ্য আহৰণ কৰা হয় আৰু 'মানসিক স্থিতিৰ পৰীক্ষণ' (Mental Status Examination) কৰা হয়। কেতিয়াবা মনোবৈজ্ঞানিক পৰীক্ষাৰ (Psychoogical test) সহায় লোৱা হয়। এইদৰে ৰোগ চিনি উলিওৱাৰ পাছত তাৰ চিকিৎসাৰ বাবে বিভিন্ন পদ্ধতি যেনে ঔষধ, ব্যৱহাৰিক চিকিৎসা, মনোবৈজ্ঞানিক চিকিৎসা, বৈদ্যুতিক মৃগী সৃষ্টি (Electro Convulsive Therapy চমূকৈ ECT) ইত্যাদি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়।

সম্প্ৰতি বিশ্বতে মানসিক ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়ি অহা বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে।

সূচী

ইতিহাস[সম্পাদনা কৰক]

মনোৰোগ বিজ্ঞানৰ ইতিহাস বহু পুৰণি হ'লেও Psychiatry শব্দৰে ইয়াক প্ৰথম প্ৰকাশ কৰা হয় ১৮০৮ চনত, জোহান ক্ৰিষ্টিয়ান ৰেইল-ৰ দ্বাৰা। উনৈছ শতিকাত চিকিৎসালয়ৰ ধাৰণাই গঢ় লৈ উঠাৰ পাছতহে মনোৰোগ বিজ্ঞান বিষয়টো গঢ় লৈ উঠে। মনোৰোগ বিজ্ঞানক আধুনিক বিজ্ঞানৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰা হয় ১৮ শতিকাৰ পাছৰপৰা। তাৰ আগলৈ মানসিক ৰোগক ঘাইকৈ ভূত-প্ৰেত, অপদেৱতাৰ প্ৰকোপ বা ভগৱানৰ শাস্তি বুলি ভবা হৈছিল। তথাপিও মানসিক ৰোগৰ বিষয়ে চেগা-ছোৰোকা অধ্যয়নৰ আভাষ বহু আগৰেপৰাই পোৱা গৈছে। [1]

প্ৰাচীন যুগ[সম্পাদনা কৰক]

খ্ৰীষ্ট পূৰ্ব পঞ্চম শতিকাৰপৰাই মানসিক ৰোগৰ বিষয়ে তথ্য উল্লেখ আছে যদিও সেয়া কোনো ৰোগৰ লক্ষণ বুলি নলৈ ভগৱানৰ শাস্তি বা অপদেৱতাৰ প্ৰকোপ হিচাপেহে উল্লেখ আছে। মানসিক ৰোগক ঈশ্বৰৰ অভিশাপ হিচাপে ধৰা হৈছিল বাবে ইয়াৰ চিকিৎসাৰ বাবে সাধাৰণতে পুৰোহিতসকলে জৰা-ফুকাৰ বিধান দিছিল। [2] বাইবেলত উল্লেখিত নেবুচাডনেজ্জাৰৰ কাহিনীটো এই বিষয়ক প্ৰথম উল্লেখ বুলি কোৱা হয়। নেবুচাডনেজ্জাৰৰ ঐতিহাসিক শাসনকাল খ্ৰী.পূ. ৬০৫-৫৬২ বুলি ঠাৱৰ কৰা হৈছে। এই উল্লেখ যদি সঁচা হয় তেন্তে এয়া মানসিক ৰোগৰ প্ৰথম লিখিত বিৱৰণী হ'ব।

খ্ৰী.পূ. চতুৰ্থ শতিকাৰ হিপ'ক্ৰেটিছ-ৰ লিখনীত 'বিষাদগ্ৰস্ততা' (Depression) আৰু 'হিষ্টিৰিয়া'-ৰ (Hysteria) উল্লেখ আছে। হিপ'ক্ৰেটিছে এই দুই মানসিক ৰোগৰ কাৰণো বাখ্যা কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে সেই বাখ্যা বৈজ্ঞানিক ভাৱে প্ৰমাণিত নহয়।

লক্ষ্যণীয় যে 'প্ৰাচীন যুগ'ত (Ancient Age) মানসিক ৰোগক এক প্ৰকাৰৰ ৰোগ হিচাপে ধৰি লৈ চিকি৭সা কৰাৰ চেষ্টা কৰা হৈছিল যদিও 'মধ্য যুগ'ত (Middle Age) সেই ধাৰা সলনি হৈ যায়।

মধ্য যুগ[সম্পাদনা কৰক]

মানসিক ৰোগীৰ বাবে বিশেষ চিকিৎসালয়ৰ প্ৰথম উল্লেখ পোৱা যায় ৭০৫ খ্ৰীষ্টাব্দৰ বাগদাদ-ত। প্ৰায় সমসমায়িক আন দুখন এনে চিকিৎসালয়ৰ কথা জনা যায়, ফেছ আৰু কাইৰো-ত। দশম শতিকাৰ পাৰ্ছী চিকিৎসক 'মহম্মদ বিন জাকাৰিয়া ৰাজি'-য়ে মনস্তাত্বিক আৰু ভেষজ দুয়োধৰনৰ ব্যৱস্থাৰে মানসিক ৰোগ চিকিৎসা কৰাৰ প্ৰচেষ্টা চলাইছিল। তেখেতৰ সমসাময়িক আৰব চিকিৎসক 'নজব উদ-দিন আহমেদ'-এ মানসিক ৰোগ সমূহক শ্ৰেণী বিভাগ কৰাৰ চেষ্টা কৰিছিল। [3]

একাদশ শতিকাত আন এজন পাৰ্ছী চিকিৎসক, 'আবু আল-হুছেইন ইবন আব্দুল্লা ইবন ছিনা' ( পাশ্চাত্যত 'আভিচেনা'(Avicenna) নামে জনাজাত)-ই ধমনীত তেজৰ গতিৰ (Pulse) লগত 'আবেগ'ৰ সংযোগ লক্ষ্য কৰে।[4] তেখেতৰ বিখ্যাত গ্ৰন্থ 'Cannon of Medicine (Al-Qanun fi al-Tibb)'-ত মানসিক ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত যৌন সমস্যা, প্ৰেমজনিত ৰোগ, অহেতুক বিশ্বাস, মৃগী, নিদ্ৰাহীনতা, বিষাদগ্ৰস্ততা, একাংগী, স্মৃতিবিলোপ আদিৰ বিষয়ে আলোচনা আগবঢ়োৱা হৈছে। [5]

১১ আৰু ১৩ শতিকাতে প্ৰথমে ইউৰোপত মানসিক ৰোগীসকলৰ বাবে 'পগলা ফাটেক'ৰ প্ৰচলন হয়। এই পগলা ফাটেক সমূহ মানসিক ৰোগীৰ বাবে জেলৰ দৰে আছিল, যাতে তেওঁলোকে সাধাৰণ মানুহৰ শান্তি ভংগ কৰিব নোৱাৰে।[6] ১৩ শতিকাতে স্থাপিত হৈছিল লণ্ডনৰ বিখ্যাত 'Bethlem Royal Hospital' চমূকৈ Bedlum। ১৯৪৮ চনলৈ এই চিকিৎসালয়খন চলি আছিল।[7]

ফিলিপ পিনেল-ক আধুনিক মনোৰোগ বিজ্ঞানৰ জনক বুলি কোৱা হয়।

আধুনিক যুগৰ প্ৰথমছোৱা[সম্পাদনা কৰক]

১৬৫৬ খ্ৰীষ্টাব্দত ফ্ৰান্সচতুৰ্দশ লুই-য়ে মানসিক ৰোগৰ চিকিৎসাৰ বাবে প্ৰথমে এলানি চিকিৎসালয়ৰ স্থাপন কৰে। ইংলেণ্ডত ১৭৫৮ চনত 'উইলিয়াম বেটি'য়ে (William Battie) প্ৰথমে মানসিক ৰোগীসকলক চিকিৎসাৰ লগতে সহৃদয়তা আৰু সমবেদনা দেখুৱাব লাগে এই ধাৰণাৰ বিষয়ে কৈ গৈছিল।[8] ১৭৯৮ চনত ইংলেণ্ডৰ ৰজা তৃতীয় জৰ্জৰ মানসিক বিকাৰ ভাল হোৱাৰ পাছত 'মানসিক ৰোগ উপশম হ'ব পাৰে' এই বিশ্বাস প্ৰথমে গঢ় লৈ উঠে।[2] এই বিশ্বাসৰ ভেঁটিতে মানসিক ৰোগৰ চিকিৎসালয়ৰ প্ৰসাৰ ঘটে সমগ্ৰ ইউৰোপত। অৱশ্যে চিকিৎসালয় বুলি কলেও তাত চিকিৎসাৰ বাবে বিশেষ একো কৰা হোৱা নাছিল। কাৰণ মানসিক ৰোগৰ চিকিৎসা তেতিয়ালৈকে কৰাৰ কোনো উপায়েই নাছিল। চিকিৎসালয় সমূহত ৰোগীক সাধাৰণতে বান্ধি ৰখা হৈছিল।

ৰোগীক বন্ধনৰপৰা মুক্ত কৰাৰ পোষকতা কৰা প্ৰথমজন ব্যক্তি আছিল 'ফিলিপ পিনেল' (Philippe Pinel)। তেখেতে ১৭৯৩ চনত পেৰিছৰ 'বিয়েট্ৰি' (Bisetr / Bicetre) চিকিৎসালয়ৰ ৰোগীসকলক আবদ্ধ কৰি ৰখাৰ নিয়ম বন্ধ কৰি দিছিল। পিনেলৰ এই কাৰ্য্যক মানসিক ৰোগ বিজ্ঞানৰ লগতে আধুনিক চিকিৎসা বিজ্ঞানৰ এক মাইলৰ খুঁটি বুলি গণ্য কৰা হয়। তেখেতক 'মনোৰোগ বিজ্ঞানৰ জনক' বুলি অভিহিত কৰা হয়।[2] ৰোগীক বন্ধন মুক্ত কৰি সাধাৰণ মানুহৰ দৰে চিকিৎসা কৰিবলৈ আগবঢ়োৱা তেখেতৰ মতবাদক 'মানৱীয় চিকিৎসা' (Moral Treatment) নাম দিয়া হৈছিল। অৱশ্যে এই মতবাদ সম্পূৰ্ণৰূপে পিনেলৰ সৃষ্টি নাছিল। এই মতবাদৰ আঁৰত 'জঁ বাপ্টিষ্ট পুছে'-ৰ (Jean-Baptiste Pussin (1745-1811)) অৱদানৰ কথা তেখেতে নিজেই উল্লেখ কৰি গৈছে। পিনেলে মানসিক ৰোগীসকলৰ লক্ষণ সমূহ অধ্যয়ন কৰাৰ ক্ষেত্ৰত জোৰ দিয়ে। এই ধাৰণা অত্যন্ত গুৰুত্বপূৰ্ণ এই কাৰণেই যে আজিও মানসিক ৰোগৰ নিদানৰ বাবে লক্ষণৰ ওপৰত গুৰুত্ব দিয়া হয়। কিন্তু চিকিৎসা বিজ্ঞানৰ অন্যান্য শাখাত ৰোগৰ নিদান ৰোগৰ কাৰণৰ ওপৰত ভিত্তি কৰি কৰা হয়। মানসিক ৰোগৰ কাৰণসমূহ এতিয়াও বিতংকৈ জনা হোৱা নাই বাবেই এই ব্যৱস্থা এতিয়াও মানি চলা হৈছে। পিনেলৰ এই অৱদানে পাছলৈ মানসিক ৰোগৰ শ্ৰেণীবিভাগ কৰাত বিশেষ অৰিহনা যোগায়।

পিনেলৰ আদৰ্শ আনুধাৱন কৰি 'উইলিয়াম টুক'-এ (William Tuke) ইংলেণ্ডত 'য়ৰ্ক ৰিট্ৰিট' (York Retreat) নামৰ এক মানসিক ৰোগ চিকিৎসাৰ প্ৰতিষ্ঠান গঢ়ি তোলে।[2] একে আদৰ্শৰে আমেৰিকা যুক্তৰাষ্ট্ৰতো ব্ৰেটেলবোৰ (Brattleboro) আৰু হাৰ্টফোৰ্ড ৰিট্ৰিট (Hartford Retreat, বৰ্তমান নাম Institute of Living) গঢ়ি তোলা হয়।

পিনেলৰ কাৰ্য্যই মানসিক ৰোগ চিকিৎসা বিজ্ঞানত নতুন চিন্তাৰ বিকাশ ঘটায়।

উনবিংশ শতিকা[সম্পাদনা কৰক]

পিনেলৰ আদৰ্শৰে গঢ়ি উঠা মানসিক ৰোগ চিকিৎসালয়ৰ সংখ্যা ধীৰে ধীৰে বাঢ়িবলৈ ধৰে আৰু উনৈছ শতিকাৰ শেষ ভাগলৈ সমগ্ৰ পৃথিৱীতে এনে চিকিৎসালয় গঢ়ি উঠে।[9]Shorter, E. (1997), p. 34</ref> উল্লেখনীয় যে এনে চিকিৎসালয় সংখ্যাত অসংখ্য আৰু তাত ৰোগীক মানৱীয় দৃষ্টিভঙ্গীৰে ৰখা হ'লেও প্ৰকৃত চিকিৎসাৰ নামত তেনে কোনো বিকাশ হোৱা নাছিল।[10] এই প্ৰতিষ্ঠান বোৰক চিকিৎসালয় বোলাতকৈ 'পগলা ফাটেক' (Asylum) বুলিহে কোৱা হৈছিল। তথাপিও এই চিকিৎসালয়বোৰে মনোৰোগ বিজ্ঞানৰ বিকাশত বিশেষ অৱদান আগবঢ়াবলৈ সক্ষম হৈছিল কাৰণ এই প্ৰতিষ্ঠানে মানসিক ৰোগী অধ্যয়ন কৰিবলৈ সুবিধা প্ৰদান কৰিছিল। 'পগলা ফাটেক'বোৰ নিয়ন্ত্ৰণ কৰিছিল বিশ্ববিদ্যালয় সমূহে, আৰু মানসিক ৰোগ বিষয়ত আগ্ৰহী লোকসকলক ৰোগী অধ্যয়নৰ অনুমতি দিয়া হৈছিল।[11]Shorter, E. (1997), p. 35</ref> এই বিষয়ত আটাইতকৈ অগ্ৰণী দেশ আছিল জাৰ্মানী। সেই বাবেই এতিয়াও ৰোগীৰ লক্ষণ বৰ্ণনা বিষয়ত জাৰ্মান ভাষাৰ শব্দ বিদ্যমান।[9]

এই প্ৰতিষ্ঠানসমূহ বিভিন্ন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হোৱা বাবে সামগ্ৰিক পৰিচালনা আৰু লব্ধ জ্ঞানৰ বিতৰণত সুসমতা নাছিল। ১৮৩৮ চনত ফ্ৰান্সত প্ৰথমে আইন কৰি 'পগলা ফাটেক'ত ভৰ্তি আৰু পৰিচালনা ব্যৱস্থা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হয়। [12]

এমিল ক্ৰেপএলিন-এ (Emil Kraepelin) মানসিক ৰোগৰ শ্ৰেনী বিভাজনৰ বিষয়ে প্ৰথমে ধাৰণা দিছিল।

এই 'পগলা ফাটেক' সমূহত অধ্যয়নৰত মানসিক ৰোগ চিকিৎসক সকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি কামত ব্ৰতী হৈছিল যদিও, মানসিক ৰোগৰ চিকিৎসা বিষয়ত বিশেষ আগবাঢ়িব পৰা হোৱা নাছিল। তেওঁলোকে মূলতঃ ৰোগীৰ লক্ষণ সমূহহে অধ্যয়ন কৰিছিল, চিকিৎসা প্ৰদানৰ নামত ৰোগীক মৰম কৰি ৰখাৰ বাহিৰে কৰিব লগীয়া একোৱেই নাছিল। এই অসমৰ্থতাৰ প্ৰতিফল স্বৰূপে সৃষ্টি হৈছিল ৰোগীৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা, আৰু তাৰে কিছুমান আছিল শুনিবলৈ ভয় লগা বিধৰ। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত মনোৰোগ বিজ্ঞানৰ প্ৰতি মানুহৰ বিৰূপ মনোভাৱ সৃষ্টি হৈছিল। এই সময়ছোৱাক মনোৰোগ বিজ্ঞানৰ বাবে আটাইতকৈ দুৰ্য্যোগপূৰ্ণ সময় বুলি কোৱা হয়।[13]

বিংশ শতিকা[সম্পাদনা কৰক]

বিংশ শতিকাৰ আৰম্ভনিতেই মনোৰোগ বিজ্ঞানৰ ইতিহাসত কেবাটাও নতুন ঘটনা ঘটে, যিয়ে এই বিজ্ঞানৰ ৰূপ-ৰেখা সলনি কৰি দিয়ে।

মানসিক ৰোগৰ শ্ৰেণী বিভাগ

বিংশ শতিকাৰ আদি ভাগতে প্ৰথমে মানসিক ৰোগসমূহক শ্ৰেণীবিভাগ কৰাৰ এটা উল্লেখযোগ্য ধাৰণাৰ জন্ম হয়। এই ধাৰণাৰ বাটকটীয়া 'কাৰ্ল লাডউইগ কলবাম' (Carl Ludwig Kahlbaum)। তেখেতে মানসিক ৰোগীৰ লক্ষণৰ ওপৰত ভিত্তি কৰি মানসিক ৰোগৰ চিনাক্ত কৰিবলৈ আৰম্ভ কৰে। এই পদ্ধতিৰে বিকাশ ঘটাই 'এমিল ক্ৰেপেলিন'-এ (Emil Krepelin) মানসিক ৰোগ সমূহক ঘাইকৈ দুটা ভাগত বিভক্ত কৰে। 'ছাইক'ছিছ' (Psychosis) আৰু নিউৰ'ছিছ (Neurosis)। ছাইক'ছিছকো তেখেতে আন দুটা ভাগত বিভক্ত কৰে। ক্ৰেপেলিনৰ এই শ্ৰেণী-বিভাজনৰ নিয়ম আছিল ৰোগ শ্ৰেণী বিভাগৰ সাধাৰণ নিয়মৰ বাহিৰত। ৰোগক সাধাৰণতে তাৰ কাৰণৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ শ্ৰেণীত ভগোৱা হয়। কিন্তু ক্ৰেপেলিনে এই নিয়ম নামানি মানসিক ৰোগক ইয়াৰ লক্ষণ আৰু দৈৰ্ঘৰ ওপৰত ভাগ কৰিছিল। উল্লেখনীয় যে ক্ৰেপেলিনে আগবঢ়োৱা নিয়মৰ ওপৰত ভিত্তি কৰিয়েই এতিয়াও মানসিক ৰোগক শ্ৰেণী বিভাজন কৰা হৈ আহিছে।[14]

মানসিক ৰোগ মগজুৰ বিকাৰ

ক্ৰেপেলিনৰ আন এটা উল্লেখনীয় অৱদান আছিল মানসিক ৰোগসমূহক মগজুৰ জৈৱিক ক্ৰিয়াৰ বিসংগতিৰ ফলত উদ্ভৱ হোৱা বুলি আগবঢ়োৱা ধাৰণাটো। উল্লেখনীয় যে ক্ৰেপেলিনে মনোবিজ্ঞানৰ (Psychology) ছাত্ৰ হিচাপে মানসিক ৰোগ বিজ্ঞান বিষয়ত প্ৰবেশ কৰিছিল। মনোবিজ্ঞানত মগজুৰ গাঠনিক বিকৃতিতকৈ মনৰ চিন্তা-চৰ্চাৰ পদ্ধতিৰ ওপৰত বেছি জোৰ দিয়া হয়। কিন্তু ক্ৰেপেলিনে মগজুৰ চিন্তা-চৰ্চাৰ বিসংগতিৰ ফলত মানসিক ৰোগৰ উদ্ভৱ হোৱাৰ ধাৰণাটো মানি লোৱা নাছিল আৰু সকলো মানসিক ৰোগেই মগজুৰ ক্ৰিয়াৰ বিজুতিৰ বাবে হোৱা বুলি বিশ্বাস কৰিছিল। উল্লেখনীয় যে মগজুৰ কাৰ্য্যপ্ৰণালীত বিংসগতি ঘটিলে মানসিক ৰোগ হ'ব পাৰে, এই ধাৰণাটো আগতেও মানি চলা হৈছিল, কিন্তু সকলো মানসিক ৰোগ মগজুৰ ৰোগ হ'ব পাৰে, এই ধাৰণাটো মানি লোৱা হোৱা নাছিল। কাৰণ মানসিক ৰোগীৰ মগজু অধ্যয়ন কৰি কোনো বিসংগতি পোৱা নগৈছিল। সেয়ে ক্ৰেপেলিনৰ মতবাদক বহুতে মানি ল'ব খোজা নাছিল।[15]

মনোবিশ্লেষণৰ পাতনি

বিংশ শতাব্দীৰ প্ৰাক কালতে 'ছিগমুণ্ড ফ্ৰয়েড'ৰ (Sigmund Freud) ধাৰণাসমূহো জনসাধাৰণৰ মাজলৈ আহে। ফ্ৰয়েডৰ তত্বসমূহত 'মন'ৰ গঠন আৰু কাৰ্য্য প্ৰণালী লৈ ধাৰণা আগবঢ়োৱা হৈছিল। ফ্ৰয়েডৰ ধাৰণাসমূহৰ আৰম্ভণি হৈছিল 'হিষ্টিৰিয়া' (Hysteria) ৰোগীৰ চিকিৎসা সংক্ৰান্তীয় অধ্যয়নৰ পাছত। গতিকে ফ্ৰয়েডৰ চিন্তা-ধাৰাই মানসিক ৰোগ অধ্যয়নৰ এটা নতুন বাট মুকলি কৰে।[16] অৱশ্যে ফ্ৰয়েডৰ ধাৰণা সমূহ ঘাইকৈ আগতে কৈ অহা 'নিউৰ'ছিছ' ভাগৰ মনোৰোগৰ চিকিৎসাৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল। মন সম্বন্ধে ফ্ৰয়েডে আগবঢ়োৱা তত্বসমূহক সমূহীয়াকৈ 'মনোবিশ্লেষণৰ তত্ব' (Psychoanalytic Theory) বুলি কোৱা হয়।

ব্যৱহাৰিক মনোবিজ্ঞান

ফ্ৰয়েডৰ প্ৰায় সমসাময়িক ভাৱে 'জে বি ৱাটছন'-এ (JB Watson) ব্যৱহাৰিক মনোবিজ্ঞানৰ পাতনি মেলে। মন-ৰ কাৰ্য্যপ্ৰণালী বুজাৰ ই অন্য এটা ধাৰণা। এই ধাৰণা অনুসৰি মানুহৰ সকলো আচৰ-ব্যৱহাৰ প্ৰকৃততে শিকি লোৱা। সৰুৰেপৰা দেখি-শুনি-ঠেকি মানুহে কি পৰিস্থিতিত কেনেকুৱা ব্যৱহাৰ কৰিব তাৰ আধাৰ তৈয়াৰ কৰি ৰাখে। পাছলৈ এই আধাৰ অনুসৰিয়েই মানুহৰ ব্যৱহাৰ নিৰ্ণিত হয়। এই ধাৰণা সমূহকো কিছুমান মানসিক ৰোগৰ বাখ্যাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এওঁলোকেও নিউৰ'ছিছৰ চিকিৎসাৰ বাবে নিজস্ব পদ্ধতি আৱিষ্কাৰ কৰিছিল।

'নিউৰ'ট্ৰান্সমিটাৰ'ৰ (Neurotransmitter) আৱিষ্কাৰ

বিংশ শতিকাৰ প্ৰথম দশকতে 'অট' ল'ৱি'-এ (Otto Loewi) মগজুত এবিধ বিশেষ ধৰণৰ ৰসায়ন আৱিষ্কাৰ কৰে।[17]Shorter, E. (1997), p. 246</ref> এই ৰসায়নবিধ আছিল 'এচিটাইলক'লিন' (ACh : Acetylecholine)। ই মগজুৰ স্নায়ুকোষৰ মাজত বাৰ্তাবাহকৰ কাম কৰে। অৰ্থাৎ এটা কোষে আন এটা কোষক নিয়ন্ত্ৰণ কৰাৰ বাবে এই ৰসায়ন বিধৰ সহায় লয়। এই আৱিষ্কাৰে মগজুৰ কাৰ্য-প্ৰণালী বুজিবলৈ এটা নতুন আয়ামৰ জন্ম দিয়ে। আৰু দেখা পোৱা বিসংগতি নথকাকৈয়ো যে মগজুৰ কাৰ্য্য-প্ৰণালী ব্যাহত হ'ব পাৰে তাক সফল ভাৱে ব্যাখ্যা কৰিবলৈ সমৰ্থ হয়।

ফ্ৰয়েডৰ তত্বই অস্বাভাৱিক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়। আৰু সোনকালেই ফ্ৰয়েডৰ তত্বৰ বিভিন্ন অনুসিদ্ধান্তৰে সকলো মানসিক ৰোগক বাখ্যা কৰাৰ প্ৰয়াস কৰা হয়। অৱশ্যে এই প্ৰচেষ্টা সম্পূৰ্ণ সফল নহ'ল। এই তত্বৰে নিউৰ'ছিছ-ৰ বিষয়ে কিছু বাখ্যা দিব পৰা গৈছিল আৰু মনোবিশ্লেষণ চিকিৎসাও কৰা হৈছিল। একেদৰেই কিছু সংখ্যকে ব্যৱহাৰিক মনোবিজ্ঞানৰ নিয়মেৰে মানসিক ৰোগ চিকিৎসা কৰাৰ প্ৰয়াস কৰিছিল। তেওঁলোকেও ছাইক'ছিছ-ৰ একো বাখ্যা আগবঢ়াব পৰা নাছিল। উনবিংশ শতিকাৰ মাজভাগলৈ মনোৰোগ বিজ্ঞান মূলতঃ: ফ্ৰয়েডীয় আৰু ব্যৱহাৰিক মনোবিজ্ঞানৰ ধাৰণাৰে পৰিপুষ্ট হৈ আছিল। নিউৰ'ছিছ ৰোগী সকলক এই পদ্ধতিৰে চিকিৎসা কৰা হৈছিল। আনহাতে, তেওঁলোকে সহায় কৰিব নোৱাৰা ছাইক'ছিছৰ ৰোগীখিনি পগলা-ফাটেকত ৰখা হৈছিল। তাতো তেওঁলোকৰ বাবে কৰিবলৈ বিশেষ একো নাছিল।

বিংশ শতিকাৰ দ্বিতীয়াৰ্ধ[সম্পাদনা কৰক]

বিংশ শতিকাৰ প্ৰথমাৰ্ধত মনোৰোগৰ চিকিৎসাৰ বাবে ঘাইকৈ দুটা পদ্ধতি আছিল। ফ্ৰয়েড আৰু উত্তৰসূৰী সকলৰ 'মনোবিশ্লেষণ' (Psychoanalysis), আনফালে 'ব্যৱহাৰিক মনোবিজ্ঞান'ৰ 'ব্যৱহাৰিক চিকিৎসা' (Behavioural Therapy)। এই দুইবিধা পদ্ধতিতে ঘাইকৈ নিউৰ'ছিছ ৰোগৰ চিকিৎসাৰ বিধানহে আছিল। 'পগলা' বুলি সাধাৰণভাৱে অভিহিত কৰা 'ছাইক'ছিছ'ৰ ৰোগীসকলক চিকিৎসা কৰিবলৈ বিশেষ ফলপ্ৰসূ উপায় নাছিল। থকা উপায় সমূহ আছিল 'ইলেক্ট্ৰ' কনভালছন থেৰাপী', 'ইনছুলিন কমা থেৰাপী' ইত্যাদি। কিন্তু এই চিকিৎসা বিধি সমূহৰপৰাও দৈৰ্ঘ্যকালীন সাফল্য পোৱাটো সম্ভৱ নাছিল। সেয়ে এনেকুৱা ৰোগীক মানসিক চিকিৎসালয়ত ৰাখি থোৱাৰ বাহিৰে কৰিব পৰা আন একো নাছিল।

কিন্তু ১৯৫০ চনত হোৱা এটা অভিনৱ আৱিষ্কাৰে এই অৱস্থাৰ আমূল পৰিবৰ্তন সাধে। ১৯৫০ চনৰ ১১ ডিচেম্বৰ তাৰিখে ফ্ৰান্সৰ 'ৰইন-পোলে কোম্পানী'য়ে (Laboratoires Rhone-Poulenc) 'প্ৰোমেথাজিন' (Promethazine) নামৰ দৰৱৰ আণৱিক গাঁঠনিৰ কিছু সালসলনি কৰি এটা নতুন দৰৱ প্ৰস্তুত কৰে। ৰসায়নবিদ 'পল চাৰপেণ্টিয়াৰ'-এ (Paul Charpentier) কাম কৰা এই ঔষধ বিধৰ নাম দিয়া হৈছিল 'ক্ল'ৰপ্ৰমাজিন' (Chlorpromazine)। এই ঔষধ বিধ সংজ্ঞাহৰণৰ (Anaesthetic drug) সহায়কাৰী ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু ইয়াৰ টোপনি আনিব পৰা গুণাগুণ লক্ষ্য কৰি 'হেনৰি লেবোৰিট' নামৰ শল্য চিকিৎসক এজনে ইয়াক মানসিক অস্থিৰতা কমোৱাৰ বাবে ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিয়ে। এই ঔষধ দি 'মেনিয়া'ত ভুগি থকা ৰোগী এজনক তিনি সপ্তাহৰ চিকিৎসাৰ পাছত ঘৰলৈ যাব পৰা কৰি তোলা হয়। এই গুণাগুণ লক্ষ্য কৰি 'পিয়েৰ ডেনিকাৰে' (Pierre Deniker) পেৰিছৰ ছেইণ্ট এনি হস্পিটালত (Hôpital Sainte-Anne) মানসিক ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰে। এই ঔষধৰ ক্ৰিয়া আছিল চমকপ্ৰদ। অকল টোপনি অনাৰ বাহিৰেও এই ঔষধ বিধে অন্যান্য লক্ষণ সমূহৰো উপশম কৰা প্ৰত্যক্ষ কৰা হয়। খুব সোনকালেই এই ঔষধৰ প্ৰয়োগ বাঢ়িবলৈ ধৰে। ১৯৫৪ চনত আমেৰিকাত কেবাটাও মানসিক ৰোগৰ চিকিৎসাৰ বাবে ইয়াক ব্যৱহাৰ কৰিবলৈ লোৱা হয়। এই ঔষধ বিধৰ বাবেই প্ৰথমবাৰৰ বাবে 'পগলা ফাটেক'ত ভৰ্তি হৈ থকা ৰোগীক সুস্থ কৰি ঘৰলৈ পঠিয়াব পৰা হৈছিল। মানসিক ৰোগ চিকিৎসা বিজ্ঞানত' ক্ল'ৰপ্ৰ'মাজিন'ৰ আৱিস্কাৰ এক বৈপ্লৱিক পৰিঘটনা বুলি অভিহিত কৰা হয়। সোনকালেই এইবিধ ঔষধতকৈ কম পাৰ্শ্বক্ৰিয়া থকা নতুন ঔষধ উলিওৱা হয়। এই নতুন ঔষধৰ মাজতেই 'বিষাদগ্ৰস্ততা'ৰ (Depression) ঔষধো বিচাৰি পোৱা যায়।

ঔষধ আৱিষ্কাৰ হোৱাৰ পাছৰেপৰা মানসিক ৰোগৰ কাৰণ নিৰ্ণয়ৰ বাবে এটা নতুন পথৰ সন্ধান পোৱা যায়। সেয়া হৈছে ঔষধ বিধে কি তন্ত্ৰত কেনেকৈ কাম কৰে তাৰ অধ্যয়ন কৰা। এই পদ্ধতিৰে কেবাটাও মানসিক ৰোগত মগজুৰ ভিতৰত নিউৰ'ট্ৰেন্সমিটাৰৰ কাৰ্যপ্ৰণালীত বিসংগতি অহা বাবেই মানসিক ৰোগ হয় জানিব পৰা গৈছে। কিন্তু এই বিসংগতি কিয় আৰু কেনেকৈ হয়, তাৰ সঠিক বাখ্যা এতিয়াও দিব পৰা হোৱা নাই।

মানসিক ৰোগ চিকিৎসাৰ কাৰ্যকৰী ঔষধ আৱিষ্কাত হোৱাৰ পাছৰে পৰা মানসিক ৰোগ সম্পৰ্কে আকৌ নতুন ধ্যান-ধাৰণা আৰম্ভ হয়। এমিল ক্ৰেপেলিন-এ আগবঢ়াই যোৱা 'মগজুৰ বিকাৰ' ধাৰণাটোৰ পুণৰ জন্ম হয়। আৰু বৰ্তমানৰ মনোৰোগ বিজ্ঞান এই ধাৰণাৰেই উদ্বুদ্ধ। অৰ্থাৎ মানসিক ৰোগ বিলাক মগজুত ঘটা কিছুমান জৈৱিক প্ৰক্ৰিয়াৰ ফল। সেইবাবে এই ধাৰণাক 'জৈৱিক মনোৰোগবিজ্ঞান' (Biological Psychiatry) বোলা হৈছে।

কিন্তু সমস্ত মানসিক ৰোগৰ ক্ষেত্ৰতে জৈৱিক কাৰণ এতিয়াও পূৰ্ণৰূপে আৱিষ্কাৰ হোৱা নাই। আনহাতে পৰীক্ষা-নিৰীক্ষাৰপৰা এটা কথা জানিব পৰা গৈছিল যে অকল জৈৱিক প্ৰক্ৰিয়াৰ বাবেই মানসিক ৰোগ নহ'বও পাৰে। মানসিক ৰোগৰ কাৰণৰ আঁৰত সৰু কালৰ পৰিবেশ, বংশগতি, আনকি সমাজ আৰু শিক্ষাৰো প্ৰভাৱ পৰা দেখা যায়। সেয়ে বৰ্তমান সমস্ত ৰোগৰ ক্ষেত্ৰতে 'জৈৱ-মনো-সমাজৰ আৰ্হি' (Biopsychosocial Model) প্ৰয়োগ কৰা হয়। ১৯৭৫ চনত 'জৰ্জ এঞ্জেল'-এ (George L. Engel) প্ৰবৰ্তন কৰা এই মতবাদ অনুসৰি যিকোনো ৰোগ এটাৰ লক্ষণ আৰু তাৰ চিকিৎসাৰ লগত তিনিটা ধাৰণা একেলগে নিহিত হৈ থাকে। 'ৰোগৰ জৈৱিক কাৰণ', 'ৰোগৰ প্ৰতি ভূগি থকা ব্যক্তিগৰাকীৰ মানসিক ধাৰণা' আৰু 'সমাজখনে ৰোগ আৰু ৰোগীৰ প্ৰতি পোষণ কৰা ধাৰণা', এই তিনিওটা বস্তুৱে ৰোগবিধৰ লক্ষণ আৰু চিকিৎসাৰ সুবিধা-অসুবিধা নিৰ্ণয় কৰে। সেয়ে অকল ৰোগৰ উপশমৰ বাবে ঔষধ দিয়াৰ বাহিৰেও চিকিৎসকে ৰোগীৰ মনোজগত আৰু সামাজিক ( আৰু আধ্যাত্মিক) ধ্যান-ধাৰণাৰ প্ৰতিও চকু ৰখা দৰকাৰ। বৰ্তমান মানসিক ৰোগ চিকিৎসাৰ ক্ষেত্ৰত সেয়ে এই তিনিওবিধ কাৰকৰ ওপৰত কাম কৰাৰ প্ৰয়াস কৰা হয়।

মানসিক ৰোগ[সম্পাদনা কৰক]

মানসিক ৰোগ বুলিলে সাধাৰণতে মগজুৰ বিকাৰ ঘটি অদ্ভুত আচৰণ কৰাটোকে ধৰি লোৱা হয় যদিও, এয়া আচলতে মানসিক ৰোগৰ এটা সৰু অংশহে। সংজ্ঞা অনুসৰি মানসিক ৰোগ হেছে যিকোনো এনে অসুবিধা যাৰ বাবে ব্যক্তি এজনে দৈনন্দিন কাজ-কৰ্মত হানি হোৱাকৈ অসুবিধা পায়, আৰু সেই অসুবিধা সমূহ আন কোনো ৰোগ, বা দ্ৰব্যৰ প্ৰয়োগ, বা পৰিস্থিতিৰ দ্বাৰা বাখ্যা কৰিব নোৱাৰি।

এই সংজ্ঞা অনুসৰি, মানুহ এজনৰ আচাৰ-ব্যৱহাৰত হোৱা পৰিৱৰ্তন, চিন্তা-চৰ্চাত হোৱা পৰিৱৰ্তন, তেখেতৰ অনু্ভূতিত হোৱা পৰিৱৰ্তন, অতি মাত্ৰাই নিচামুক্ত দ্ৰব্য ব্যৱহাৰ কৰা, বুদ্ধি আৰু স্মৃতি-শক্তিৰ হীনতা, কিছুমান শাৰীৰিক লক্ষণ যাক অন্যান্য ৰোগৰ জৰিয়তে বাখ্যা কৰিব নোৱাৰি, ইত্যাদি বহুতো ধৰণে মানসিক ৰোগ দেখা দিব পাৰে। কিন্তু মানসিক ৰোগ চিনাক্তকৰণৰ বাবে ওপৰোক্ত দৈনন্দিন জীৱনৰ অসুবিধা হোৱাটো প্ৰয়োজনীয়। খাদ্যভাসৰ পৰিৱৰ্তন, যৌন সমস্যা, মানসিক দৃঢ়তাৰ অভাৱ, ইত্যাদিও মানসিক ৰোগৰ লক্ষণ হ'ব পাৰে।

মানসিক ৰোগৰ শ্ৰেণী বিভাগ[সম্পাদনা কৰক]

এমিল ক্ৰেপেলিনে প্ৰথমে মানসিক ৰোগৰ শ্ৰেণীবিভাজনৰ আৰম্ভণি কৰে। তেখেতে ইয়াৰ বাবে ৰোগৰ লক্ষণ আৰু দৈৰ্ঘ্যৰ (ৰোগবিধ কিমানদিনলৈ চলি থাকে) ওপৰত ভিত্তি কৰিছিল। তেওঁ মূলতে মানসিক ৰোগক দুটা ভাগত ভাগ কৰিছিল- 'ছাইক'ছিছ' আৰু 'নিউৰ'ছিছ'। যিবিলাক ৰোগত মানুহজনে নিজেই বুজি পাব যে তেখেতে কিবা এটা মানসিক অসুবিধাত ভূগিছে, সেইবিলাকক কোৱা হয়--'নিউৰ'ছিছ' আৰু যিবিলাক ৰোগত ৰোগীয়ে নিজৰ মানসিক অৱস্থাক বুজি নাপায়, সেইবিলাকক 'ছাইক'ছিছ' বোলে। উদাহৰণ স্বৰূপে 'মানসিক অশান্তি' (tension), 'বিষাদগ্ৰস্ততা' (Depression) একোটা 'নিউৰ'ছিছ'। কাৰণ এই দুয়োবিধত ভূক্তভোগীয়ে নিজেই বুজি পায় যে তেখেতৰ মানসিক জগতত এটা অসুবিধা হৈছে। আনহাতে 'স্কিজোফ্ৰেনিয়া' (Schizophrenia) ৰোগত মানুহজনে অদ্ভুত আচৰণ কৰে, কিন্তু তেওঁলোকে নিজে বুজি নাপায় যে তেওঁলোক কিবা অসুবিধাত ভূগিছে। এনে ৰোগসমূহক 'ছাইক'ছিছ' বোলা হয়। আজিকালি পাছে 'ছাইক'ছিছ' বা 'নিউৰ'ছিছ' বিভাজনক ইমান গুৰুত্ব দি লোৱা নহয়। কাৰণ দেখা গৈছে যে অকল মানসিক অৱস্থাক বুজি পোৱা নোপোৱাটো আন বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। যেনে সমাজ এখনত প্ৰচলিত নীতি-নিয়মৰ ভিত্তিত ৰোগ বিধক মানুহে অন্যান্য ধৰণেও বাখ্যা কৰিব পাৰে। যেনে অসম আৰু ভাৰতবৰ্ষত বহুতো মানসিক ৰোগক অপদেৱতাৰ কাণ্ড বুলি ভবা হয়। সেয়ে মানুহজনে নিজেও এনে হ'লে সেয়া মানসিক অসুবিধা নুবুলি বাহিৰা শক্তিৰ জৰিয়তে হোৱা বুলি ভাবি লয়।

--ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ--

মূল প্ৰবন্ধ: ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰবৰ্তন কৰা 'ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজন'ৰ (ICD: International Classification of Diseases) দশম সংস্কৰণৰ নিয়মাৱলীত মানসিক ৰোগ সমূহক 'F' অধ্যায়ত ৰখা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ 'আমেৰিকান ছাইকিয়াট্ৰিষ্ট এছ'ছিয়েছন'-এ প্ৰবৰ্তন কৰা DSM (Diagnostic and Statistical Manual for classification of mental illness)-ৰ চতুৰ্দশ সংষ্কৰণ মানসিক ৰোগ শ্ৰেণী বিভাজনৰ অন্য এটা বহল ব্যৱহৃত শ্ৰেণী বিভাজনৰ নিয়ম।

এই নিয়ম অনুসৰি মানসিক ৰোগসমূ্হক লক্ষণ আৰু 'দৈৰ্ঘ্য'ৰ (ৰোগবিধ কেনেকৈ আগবাঢ়ে) ওপৰত ভিত্তি কৰি ভগোৱা হৈছে।

--'ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজন'ৰ (ICD: International Classification of Diseases) দশম সংস্কৰণ অনুসৰি মানসিক ৰোগৰ শ্ৰেণী বিভাজন--

এই সংষ্কৰণত মানসিক ৰোগ সমূহক পঞ্চম অধ্যায়, 'F'-ৰ অধীনত ৰখা হৈছে।

  • F00-F09 -- জৈৱিক কাৰণত হোৱা মানসিক ৰোগ বা ৰোগৰ লক্ষণ (Organic, including symptomatic, mental disorders)
  • F10-F19 -- নিচাযুক্ত দ্ৰৱ্য ব্যৱহাৰৰ ফলত হোৱা মানসিক বা ব্যৱহাৰিক ৰোগ (Mental and behavioural disorders due to psychoactive substance use)
  • F20-F29 -- স্কিজোফ্ৰেনিয়া, স্কিজ'টিপাল আৰু ডেলুইছনেল ৰোগ (Schizophrenia, schizotypal and delusional disorders)
  • F30-F39 -- আবেগ সম্বন্ধীয় ৰোগ (Mood [affective] disorders)
  • F40-F48 -- নিউৰ'টিক, মানসিক চাপ জনিত বা শৰীৰত লক্ষণ উৎপন্ন হোৱা ৰোগ (Neurotic, stress-related and somatoform disorders)
  • F50-F59 -- ব্যৱহাৰ সম্বন্ধীয় ৰোগ যিয়ে সাধাৰণ দৈহিক ক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে (Behavioural syndromes associated with physiological disturbances and physical factors)
  • F60-F69 -- প্ৰাপ্তবয়স্কৰ ব্যক্তিত্ব আৰু ব্যৱহাৰ সম্বন্ধীয় ৰোগ ( Disorders of adult personality and behaviour)
  • F70-F79 -- মানসিক বিকাশৰ মন্থৰণ (Mental retardation)
  • F80-F89 -- মানসিক বিকাশ সম্বন্ধীয় ৰোগ (Disorders of psychological development)
  • F90-F98 -- শিশু বা কৈশোৰ অৱস্থাত হোৱা ব্যৱহাৰিক বা আবেগ জনিত ৰোগ (Behavioural and emotional disorders with onset usually occurring in childhood and adolescence)
  • F99 -- অনিৰ্দিষ্ট মানসিক ৰোগ (Unspecified mental disorder)

কেতিয়াবা * এই চিনটো দি কিছুমান ৰোগক বিশেষ শ্ৰেণীত ৰখা হৈছে। যেনে: F00* -- আলঝেইমাৰ ৰোগত হোৱা স্মৃতিবিলোপ ( Dementia in Alzheimer's disease) F02* -- অন্য অধ্যায়ত উল্লেখিত ৰোগৰ ফলত হোৱা স্মৃতিবিলোপ (Dementia in other diseases classified elsewhere)

মানসিক ৰোগসমূহৰ ব্যাপ্তি[সম্পাদনা কৰক]

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি প্ৰতি ৪ জনৰ ভিতৰত এজন মানুহ কোনো এবিধ মানসিক ৰোগৰ চিকাৰ হয়। উন্নত আৰু উন্নয়নশীল দেশ মিলি ৪৫০ নিযুত মানুহ বৰ্তমান মানসিক ৰোগত ভূগি আছে। তাৰে ১৫৪ নিযুত 'বিষাদগ্ৰস্ততা' (), ২৫ নিযুত 'স্কিজোফ্ৰেনিয়া' (), ৯১ নিযুত সুৰাব্যৱহাৰজনিত ৰোগ আৰু ১৫ নিযুত অন্যান্য নিচাযুক্ত দ্ৰব্যজনিত ৰোগত ভূগি আছে। এই পৰিসংখ্যা মতে মানসিক ৰোগৰ প্ৰাদুৰআভৱ ডায়েবেটিছ, কৰ্কট ৰোগ আৰু হৃদযন্ত্ৰৰ ৰোগতকৈও বেছি। মানসিক ৰোগসমূহে গোটেই পৃথিৱীতে সৰ্বাধিক প্ৰাদুৰ্ভাৱ থকা ৰোগৰ তালিকাখনৰ প্ৰথম দহটা স্থানৰ ভিতৰত পাঁচটাই অধিকাৰ কৰি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাদা আৰু পশ্চিম ইউৰোপত সৰ্বাধিক প্ৰাদুৰ্ভাৱ থকা ৰোগেই হৈছে মানসিক ৰোগ।

মানসিক ৰোগ যিকোনো মানুহৰ ক্ষেত্ৰতে দেখা দিব পাৰে। বয়স, লিংগ, আৰ্জনত তাৰতম্য, ধৰ্ম-বিশ্বাস আদি ভেদে সকলো লোকেই মানসিক ৰোগত আক্ৰান্ত হ'ব পাৰে।

আটাইতকৈ বেছি প্ৰাদুৰ্ভাৱ থকা মানসিক ৰোগ কেইটা হৈছে বিষাদগ্ৰস্ততা, স্কিজোফ্ৰেনিয়া, মানসিক চাপ জনিত সমস্যা আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ।

মানসিক ৰোগৰপৰা হোৱা ক্ষতি[সম্পাদনা কৰক]

সমগ্ৰ পৃথিৱীত প্ৰতিটো দিনত গড়ে ৩০০০ ব্যক্তিৰ মৃত্যুৰ কাৰণ আত্মহত্যা। প্ৰতিটো সফল আত্মহত্যাৰ বিপৰীতে ২০ টা অসফল আত্মহত্যাৰ প্ৰচেষ্টা থাকে। উন্নত দেশত যোৱা পাঁচটা দশকত আত্মহত্যাৰ হাৰ ৬০% বৃদ্ধি পাইছে। এই দৰে আত্মহত্যা ১৫ - ৩৪ বছৰ বয়সৰ ব্যক্তিৰ মৃত্যুৰ ৩ নং কাৰণ। বৰ্তমানে বৃদ্ধ সকলৰ আত্মহত্যাৰ হাৰো বৃদ্ধি পাইছে।

মানসিক ৰোগৰ পৰা অৰ্থনৈতিক ক্ষতিও অতি বেছি। মানসিক ৰোগৰ বাবে ব্যক্তি এগৰাকীৰ কৰ্মকুশলতা আৰু সামাজিক আৰু পাৰিবাৰিক জীৱনত হেঙাৰ আহি পৰে। এইদৰে অৰ্থহানি হোৱাৰ উপৰিও মানসিক ৰোগৰ চিকিৎসাও খৰছসাপেক্ষ। আমেৰিকা যুক্তৰাষ্ট্ৰত মানসিক ৰোগৰ নামত প্ৰতি বছৰে ব্যয় হয় ১৫০০০ কোটি ডলাৰ।

মানসিক ৰোগে ৰোগীক মানসিক ভাৱে পংগু কৰি দেশ এখনৰ গৃহহীন নাগৰিক বৃদ্ধি, নিবনুৱা সমস্যা, অপৰাধ, নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আদি বিভিন্ন দিশত নেতিবাচক অৰিহণা জোগায়। এনে ক্ষতি সংখ্যাৰ হিচাপত প্ৰকাশ কৰা সহজ নহব যদিও এনে ক্ষতি পৰিমাণো প্ৰভূত পৰিমাণৰ হ'ব বুলি ঠাৱৰ কৰা হৈছে। [18]

মানসিক ৰোগৰ কাৰণ[সম্পাদনা কৰক]

যোৱা কেইটামান দশকত মানসিক ৰোগ চিকিৎসা বিজ্ঞানত যথেষ্ট পৰিমাণৰ গৱেষণা হৈছে আৰু তাৰ জৰিয়তে নতুন নতুন তথ্য পোহৰলৈ আহিছে। কিন্তু ইয়াৰ পাছতো এতিয়াও মানসিক ৰোগ কি কাৰণত হয়, তাৰ সম্পূৰ্ণ সঠিক বাখ্যা দিব পৰা হোৱা নাই। অৱশ্যে কেইবাটাও কাৰকৰ কথা পোহৰলৈ আহিছে। এনে কাৰক সমূহ তলত আলোচনা কৰা হ'ল। মন কৰিবলগীয়া যে ইয়াত সামগ্ৰিক ভাৱে মানসিক ৰোগৰ কাৰণৰ বিষয়ে আলোচনা কৰা হৈছে। কিন্তু মানসিক ৰোগ বিভিন্ন প্ৰকাৰ আছে বাবে, এই আলোচনা বিশেষ ৰোগৰ বিষয়ে বেলেগ বেলেগ হ'ব।

প্ৰকৃতি বনাম প্ৰতিপালন (nature vs. nurture)[সম্পাদনা কৰক]

বিভিন্ন সময়ত মানসিক ৰোগৰ কাৰণ সম্বন্ধে বিভিন্ন মত আগবঢ়াই অহা হৈছে। এই সমগ্ৰ কাৰণক মূলতঃ প্ৰকৃতি আৰু প্ৰতিপালন সম্বন্ধীয় বিবাদ বুলি আলোচনা কৰিব পাৰি। 'প্ৰকৃতি' মতবাদ অনুসৰি মানসিক ৰোগ প্ৰাকৃতিক পৰিঘটনাৰ ফলত হয়। যেনে বংশগতিৰ ফলত, কোনো জীৱাণুৰ আক্ৰমণত, বা পৰিবেশৰ অসমতাৰ ফলত। আনহাতে, 'প্ৰতিপালন' মতবাদ অনুসৰি, মানসিক ৰোগৰ মূল কাৰণ হৈছে, বিকাশৰ সময়ত (মূলত: শিশু কালত) এজন ব্যক্তিয়ে লাভ কৰা প্ৰতিপালনৰ গুণাগুণৰ ওপৰত, যেনে ৰোগীৰ পিতৃ-মাতৃয়ে কি পৰিবেশত ব্যক্তিগৰাকীক ডাঙৰ-দীঘল কৰিছিল।

এই বিবাদৰ নিষ্পত্তিৰ বাবে বহুতো মানসিক ৰোগত যঁজা সন্তানৰ ওপৰত গৱেষণা চলোৱা হৈছে। বিশেষকৈ যঁজা সন্তান, যাৰ জিনীয় ক্ৰম একে কিন্তু কিবা কাৰণত বেলেগ বেলেগ (তুলি লোৱা হৈছে) পিতৃ-মাতৃৰ হাতত প্ৰতিপালন হৈছে, তেনে যঁজা সন্তানৰ ওপৰত। এনে গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰকৃতি আৰু প্ৰতিপালন দুয়োটাই মানসিন ৰোগৰ কাৰণ হ'ব পাৰে, আৰু তাতকৈ আগ্ৰহজনক ফলাফল দেখা গৈছিল যে আচলতে প্ৰকৃতি আৰু প্ৰতিপালন পানী নসৰকা দুটা কোঠালী নহয়। আচলতে প্ৰকৃতিয়ে প্ৰতিপালনক প্ৰভাৱান্বিত কৰিব পাৰে। আৰু ঠিক ওলোটাটোও হোৱাটো সম্ভৱ।

মানসিক ৰোগৰ কাৰক সমূহ[সম্পাদনা কৰক]

  • বংশগতি:

কেবাটাও মানসিক ৰোগৰ ক্ষেত্ৰত দেখা গৈছে যে এই ৰোগ বংশগতি অনুসৰি দেখা দিব পাৰে। অৱশ্যে মানসিক ৰোগে বংশগতিৰ সহজ নিয়ম যেনে, Autosomal dominant আৰু Autosomal recessive মানি নচলে। বৰং মানসিক ৰোগ সৃষ্টি কৰিব পৰা 'জিন' (gene) সমূহে কেবাটাও জিণৰ সমিলমিলত হে কাম কৰিব পাৰে। বংশগতি বিজ্ঞানৰ polygenetic principle, epigentic principle আদিহে মানসিক ৰোগৰ ক্ষেত্ৰত অধিক প্ৰযোজ্য। সেয়ে পিতৃ-মাতৃৰ থাকিলেই সন্তানৰো এই ৰোগ হ'ব বুলি ক'ব নোৱাৰি।

  • জীৱাণুৰ সংক্ৰমণ

কিছুমান মানসিক ৰোগ (যেনে, স্কিজোফ্ৰেনিয়া)-ৰ ক্ষেত্ৰত দেখা যায় যে এটা বিশেষ ঋতুত জন্ম হোৱা ব্যক্তিৰ এই ৰোগ বেছিকৈ হয়। তাৰ এটা কাৰণ হ'ব পাৰে, সেই ঋতুত প্ৰাদুৰ্ভাৱ ঘটা কোনো বীজাণুৰ (ভাইৰাছ) সংক্ৰমণৰ বাবে সেই কেঁচুৱাৰ মগজুৰ বিকাশত কোনো বাধাৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে ভৱিষ্যতে এই ৰোগ দেখা দিব পাৰে।

  • হ'ৰমনৰ বিসংগতি

কিছুমান হ'ৰমনৰ বিংসগতিৰ ফলত ব্যক্তিৰ ব্যৱহাৰত পৰিবৰ্তন হয়। উদাহৰণস্বৰূপে থাইৰয়ড গ্ৰন্ধিৰ অধিক ক্ৰিয়াৰ ফলত আক্ৰান্ত মানুহজনে অত্যধিক মানসিক চাপত ভূগিব পাৰে, আকৌ প্ৰয়োজনতকৈ কম ক্ষৰণ হ'লে ৰোগীয়ে বিষাদগ্ৰস্ততাৰ লগত মিলি যোৱা লক্ষণ দেখুৱায়। আনহাতে অধিক টেষ্ট'ষ্টেৰ'ন হৰম'নে ব্যক্তিগৰাকীক বেছি আক্ৰমণাত্মক কৰি তুলিব পাৰে। সেয়ে মানিসক ৰোগৰ ক্ষেত্ৰত হৰম'নৰ ভূমিকাও উলাই কৰিব নোৱাৰি।

  • মগজুৰ গাঠনিক বিকৃতি

মগুজত থকা গাঠনিক (structural) বিকৃতিৰ বাবেও মানসিক ৰোগৰ লক্ষণ দেখা দিব পাৰে। 'ষ্ট্ৰোক' (মগজুলৈ যোৱা ৰক্তপ্ৰবাহ বন্ধ হোৱা বা মগজুৰ ভিতৰত ৰক্তবাহী ধমনী ফাঁটি যোৱাৰ ফলত মগজুৰ কোষে তেজ নোপোৱাকৈ থকা অৱস্থা) হোৱাৰ পাছত আক্ৰান্ত স্থানৰ ওপৰত নিৰ্ভৰ কৰি মানসিক ৰোগৰ লক্ষণ দেখা দিব পাৰে। সেয়ে মগজুৰ গাঠনিক বা কাৰ্য্যপ্ৰণালীত আহি পৰা যিকোনো অসুবিধাৰ বাবে মানসিক ৰোগ হ'ব পাৰে।

  • মনঃস্তাত্বিক কাৰণ

মানসিক ৰোগৰ কাৰণ সমূহৰ বিষয়ে বিভিন্ন মন:স্তাত্বিক বাখ্যাও আছে। মন:স্তাত্বিক বাখ্যা সমূহৰ মূল নীতি এয়ে যে, বিকাশ কালত পিতৃ-মাতৃ, পৰিবেশৰ প্ৰভাৱত ব্যক্তিগৰাকীৰ চিন্তা-চৰ্চা, আবেগ-অনুভূতি নিয়ন্ত্ৰণৰ ক্ষমতা আদিত তাৰতম্য আহি পৰে। যিয়ে ব্যক্তিৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰে। গতিকে বিকাশ কালৰ পৰিস্থিতি মানসিক ৰোগৰ কাৰণ হ'ব পাৰে।

মানসিক ৰোগৰ স্নায়ুগত বাখ্যা[সম্পাদনা কৰক]

মানসিক ৰোগৰ কাৰণ সম্বন্ধে বিভিন্ন মত থাকিলেও, কিছুমান মানসিক ৰোগত কেনে ধৰণৰ স্নায়িবক পৰিবৰ্তন হয়, তাক বুজিব পৰা গৈছে। মগজুৰ কামৰ বাবে স্নায়ুতন্ত্ৰৰ আটাইতকৈ সৰু একক 'স্নায়ুকোষ' (নিউৰণ (neuron))-ত হোৱা পৰিৱৰ্তনসমূহ কম-বেছি পৰিমাণে বুজিব পৰা হৈছে। এই সম্বন্ধে এতিয়াও গৱেষণা চলিয়াই আছে যদিও, কেইটামান নিৰ্ভৰযোগ্য তথ্য তলত সংযোজিত কৰা হ'ল।

মগজুৱে এখন আন্তজালৰ (network) নিচিনাকৈ কাম কৰে। প্ৰতিটো স্নায়ুকোষ আন স্নায়ুকোষৰ লগত আন্তজালেৰে সংলগ্ন হৈ থাকে আৰু এটা স্নায়ুকোষত অহা পৰিবৰ্তনে আন স্নায়ুকোষৰ ক্ৰিয়াৰ সলনি কৰিব পাৰে। এটা স্নায়ুকোষৰপৰা আন এটা স্নায়ুকোষলৈ তথ্যৰ সৰবৰাহ হয় দুটা স্নায়ুকোষ য'ত লগ লাগে সেই স্থানত, এই স্থানক synapse বোলা হয়। synapse-ত আগতে উল্লেখ কৰা নিউৰ'ট্ৰান্সমিটাৰ বিলাক থাকে। এই নিউৰ'ট্ৰান্সমিটাৰ বিলাকেই তথ্যৰ সৰবৰাহ কৰে। মানসিক ৰোগ স্নায়বিক বাখ্যা এই নিউৰ'ট্ৰান্সমিটাৰৰ গৱেষণা কৰিয়েই পোৱা হৈছে।

  • ড'পামিন (dopamine)

কেটেক'লামিন (catecholamines) গোটৰ অন্তৰ্গত ড'পামিন এবিধ নিউৰ'ট্ৰান্সমিটাৰ। ড'পামিন-ৰ বৃদ্ধিয়ে স্কিজোফ্ৰেনিয়া নামৰ মানসিক ৰোগৰ সৃষ্টি কৰে। অকল বৃদ্ধিৰ বাবেই হয় বুলি কলে অতি উজু কৰি পেলোৱা হয়। তথাপিও প্ৰাৰম্ভিক পৰ্য্যায়ৰ বাবে ড'পামিনৰ বৃদ্ধিয়ে স্কিজোফ্ৰেনিয়া ৰোগ সৃষ্টি কৰে বুলি কব পাৰি। এই বাখ্যৰ সপক্ষে দেখুৱাব পাৰি যে স্কিজোফ্ৰেনিয়াত ব্যৱহৰগ দৰৱ সমূহে মগুজৰ ড'পামিনৰ মাত্ৰা কমাই দি ৰোগৰ লক্ষণ নোহোৱা কৰিব পাৰে। নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ সম্বন্ধীয়া ৰোগতো ড'পামিনৰ প্ৰভাৱ লক্ষ্য কৰা হৈছে।

  • এড্ৰিনালিন, নৰএড্ৰিনালিন (adrenaline, noradrenaline)

বিষাদগ্ৰস্ততা আৰু মানসিক চাপজনিত ৰোগত (depression and anxiety disorders) ৰোগত এই দুবিধ নিউৰ'ট্ৰান্সমিটাৰত হোৱা পৰিবৰ্তন লক্ষ্য কৰা হৈছে।

  • ছেৰ'ট'নিন (serotonin)

বিষাদগ্ৰস্ততা আৰু মানসিক চাপ জনিত ৰোগত এইবিধ নিউৰ'ট্ৰান্সমিটাৰতো পাৰ্থক্য আহি পৰা দেখা গৈছে। আজিকালি সঘনাই ব্যৱহৃত বিসাদগ্ৰস্ততাৰ ঔষধে মগজুত ছেৰ'ট'নিনৰ মাত্ৰা বঢ়াই ৰোগৰ লক্ষণ নিয়ন্ত্ৰণ কৰে।

মানসিক ৰোগৰ লক্ষণ[সম্পাদনা কৰক]

মানসিক ৰোগৰ লক্ষণ বিভিন্ন ধৰণৰ হ'ব পাৰে। লক্ষণসমূ্হক তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি।

  • চিন্তাৰ ভ্ৰান্তি (Problems of Thought)

কিছুমান মানসিক ৰোগত ৰোগীৰ মনত অমূলক চিন্তা আহিব পাৰে, যাক পৰিস্থিতিলৈ চাই বাখ্যা কৰিব নোৱাৰি। এনে চিন্তাৰ ভ্ৰান্তি বিভিন্ন ধৰনৰ হ'ব পাৰে। যেনে, চিন্তাৰ সংগতি নোহোৱা হোৱা, এটা ভুল চিন্তা মনলৈ অহা আৰু সেইটোক সঁচা বুলি মানি লোৱা, মনলৈ অমূলক চিন্তা আহি থকা আৰু সেই চিন্তাৰ অমূলকতা জানিও মনৰপৰা আঁতৰ কৰিব নোৱাৰা।

কেইটামান উদাহৰণ: অহেতুক সন্দেহবাতিকতা, যেনে কোনোবাই অপকাৰ কৰিব, কোনাবাই ৰোগীক অনুসৰণ কৰি থকা বুলি ভবা, পত্নী বা পতিয়ে অইনৰ লগত সম্বন্ধ স্থাপন কৰা বুলি ভুলকৈ ভবা, নিজৰ চিন্তা আন মানুহে জানিবলৈ পায় বুলি ভবা, কোনোবা শক্তিয়ে ৰোগীক অনবৰত নিয়ন্ত্ৰণ কৰে বুলি ভবা, এটা বিষয় ক'বলৈ আৰম্ভ কৰি আনফালে গুচি যোৱা, কথাৰ মাজতে ৰৈ যোৱা ইত্যাদি।

  • ইন্দ্ৰিয়ৰ ভ্ৰান্তি (Problems in Perception)

আমি ইন্দ্ৰিয়ৰ জৰিয়তে বাহিৰৰ পৃথিৱীৰ খবৰ ৰাখোঁ আৰু সেই মৰ্মেই আমাৰ ব্যৱহাৰ সলনি হৈ থাকে। যিকোনো উৎসৰ খবৰ আমাৰ ইন্দ্ৰিয়ই পোৱাটোক sensation বোলা হয়। Sensation এটাক আমাৰ মগজুৱে বিশ্লেষন কৰি বাখ্যা কৰাৰ পাছত আমি বুজি পাওঁ তাৰ অৰ্থ কি, সেই প্ৰক্ৰিয়াটোক perception বোলা হয়।

কিছুমান মানসিক ৰোগত ৰোগীয়ে উৎস অবিহনেই কিছুমান perception অনুভৱ কৰে। যেনে, কোনোবাই কিবা কৈ থকা, বা গোন্ধ পোৱা, বা কিবা দেখা পোৱা ইত্যাদি। ইয়াক হেলুচিনেছন (hallucination) বোলা হয়।

  • আবেগৰ সমস্যা (Problems of Emotion)

সাধাৰণ মানুহে পৰিস্থিতি সাপেক্ষে বিভিন্ন আবেগ অনুভৱ কৰে। কিন্তু কেতিয়াবা একেটা আবেগ মানুহে অনবৰত অনুভৱ কৰি থাকিব পাৰে। যেনে বিষাদগ্ৰস্ততা, বা অতি মাত্ৰই আনন্দ অনুভৱ কৰা, বা মানসিক চাপ অনুভৱ কৰা।

  • বৈশ্লষিক অপাৰগতা (Problems of Cognition)

আমি যিকোনো সিদ্ধান্ত লবলৈ মগজুক এটা কম্পিউটাৰৰ নিচিনাকৈ ব্যৱহাৰ কৰোঁ। পাৰিপাৰ্শ্বিকতাৰপৰা আহৰণ কৰা তথ্যক মগজুইৱে স্মৃতিত সঞ্চিত হৈ থকা তথ্যাৱলীৰ সহায়ত বিশ্লেষণ কৰি এটা সিদ্ধান্ত লয়। এই গোটেই প্ৰক্ৰিয়াটোকে Cognition বোলা হয়। সঠিক Cognition-ৰ আবে আমাৰ ইন্দ্ৰিয় সমূহ (sensation), স্মৃতি (memory), মেধা (intelligence) আৰু ঐকান্তিকতাৰ (attention and concentration) প্ৰয়োজন। এই কেইটাত আহি পৰা অসুবিধা সমূহো মানসিক ৰোগৰ লক্ষণ।

কেইটামান মানসিক ৰোগৰ বিষয়ে চমূ আলোচনা[সম্পাদনা কৰক]

মানসিক ৰোগৰ চিকিৎসা পদ্ধতি[সম্পাদনা কৰক]

বৰ্তমান মানসিক ৰোগৰ বাবে মূলত: দুটা চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰা হয়। ঔষধ আৰু অন্যান্য জৈৱিক চিকিৎসা (biological therapy) আৰু মন:স্তাত্বিক চিকিৎসা (psychotherapy).

মানসিক ৰোগৰ বাবে বহুল ভাৱে ঔষধৰ ব্যৱহাৰ কৰা হয়। অন্যান্য ৰোগৰ দৰেই নিয়মিত ভাৱে ৰোগীয়ে ঔষধ সেৱন কৰিব লাগে। কিছুমান অৱস্থাত বৈদ্যুতিক পদ্ধতিৰে ৰোগীৰ মগজুত মৃগীৰ সৃষ্টি কৰি সুফল পোৱা যায়। এই পদ্ধতিক ECT (Electroconvulsive Therapy) বোলা হয়। ইয়াৰ বাহিৰেও চুম্বকীয় ক্ষেত্ৰৰে মগজুক শিহৰিত কৰিও চিকিৎসা কৰা হয়।

মনঃস্তাত্বিক চিকিৎসা: কিছুমান মানসিক ৰোগত মনঃস্তাত্বিক চিকিৎসা ব্যৱহাৰ কৰা হয়। মনঃস্তাত্বিক চিকিৎসা পদ্ধতিত ৰোগীৰ সতে মনঃস্তত্ববিদে (psychotherapist) আলোচনা কৰে, আৰু লগতে ৰোগৰ লক্ষণ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন কৌশল শিকোৱা হয়। মনঃস্তাত্বিক চিকিৎসা কেইবা বিধৰো আছে। ৰোগ অনসুৰি এই চিকিৎসা পদ্ধতিৰ বেলেগ বেলেগ ধৰণ প্ৰয়োগ কৰা হয়।

'পগলা ফাটেক' আৰু মানসিক ৰোগ চিকিৎসালয়[সম্পাদনা কৰক]

মানসিক ৰোগ আৰু আইন[সম্পাদনা কৰক]

মানসিক আৰু স্নায়ুৰোগৰ মাজৰ পাৰ্থক্য[সম্পাদনা কৰক]

মানসিক ৰোগৰ উপ-বিভাগ[সম্পাদনা কৰক]

ভৱিষ্যতৰ মানসিক ৰোগ বিজ্ঞান[সম্পাদনা কৰক]

প্ৰসংগ টীকা[সম্পাদনা কৰক]

  1. Shorter, E. (1997), p. 1
  2. 2.0 2.1 2.2 2.3 Elkes, A. (1967), p.13
  3. Syed (2002), p.7-8
  4. Syed (2002), p. 7
  5. Mohamed Reza Namazi (2001), "Avicenna, 980-1037", American Journal of Psychiatry 158 (11), p. 1796; Mohammadali M. Shoja, R. Shane Tubbs (2007), "The Disorder of Love in the Canon of Avicenna (A.D. 980–1037)", American Journal of Psychiatry 164 (2), pp 228-229;S Safavi-Abbasi, LBC Brasiliense, RK Workman (2007), "The fate of medical knowledge and the neurosciences during the time of Genghis Khan and the Mongolian Empire", Neurosurgical Focus 23 (1), E13, p. 3.
  6. Shorter, E. (1997), p. 4
  7. Shorter, E. (1997), p. 5
  8. Shorter, E. (1997), p. 9
  9. 9.0 9.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Shorter34 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  10. Rothman, D.J. (1990). The Discovery of the Asylum: Social Order and Disorder in the New Republic. Boston: Little Brown, p. 239. ISBN 978-0-316-75745-4
  11. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Shorter35 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  12. Shorter, E. (1997), p. 46
  13. Shorter, E. (1997), p. 65
  14. Thiher, Allen (2005). Revels in Madness: Insanity in Medicine and Literature. University of Michigan Press. ISBN 0472089994. http://books.google.com/books?id=G_Ww-9iiKe0C&pg=PT137&dq. 
  15. Shorter, E. (1997), p. 114
  16. Shorter, E. (1997), p. 145
  17. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Shorter246 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  18. http://www.myasha.org/node/12 আহৰণ কৰা তাৰিখ ৮ আগষ্ট, ২০১১

উদ্ধৃত তথ্যৰ পঞ্জী[সম্পাদনা কৰক]

  • Gask, L. (2004). A Short Introduction to Psychiatry. London: SAGE Publications Ltd., p. 113 ISBN 978-0-7619-7138-2
  • Guze, S.B. (1992). Why Psychiatry Is a Branch of Medicine. New York: Oxford University Press, p. 4. ISBN 978-0-19-507420-8
  • Leigh, H. (1983). Psychiatry in the practice of medicine. Menlo Park: Addison-Wesley Publishing Company. ISBN 978-0-20-105456-9
  • Lyness, J.M. (1997). Psychiatric Pearls. Philadelphia: F.A. Davis Company, p. 3. ISBN 978-0-80-360280-9
  • Shorter, E. (1997). A History of Psychiatry: From the Era of the Asylum to the Age of Prozac. New York: John Wiley & Sons, Inc. ISBN 978-0-47-124531-5
  • Elkes, A. & Thorpe, J.G. (1967). A Summary of Psychiatry. London: Faber & Faber
  • Syed, Ibrahim B. (2002). "Islamic Medicine: 1000 years ahead of its times", Journal of the International Society for the History of Islamic Medicine, (2): 2-9 [7-8].
  • http://apps.who.int/classifications/apps/icd/icd10online/ আহৰণ কৰা তাৰিখ: ৭ আগষ্ট, ২০১১

প্ৰসংগ সমল[সম্পাদনা কৰক]