কস্তুৰী মৃগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কস্তুৰী মৃগ
জীৱাশ্ম কাল: Late Miocene–recent
চাইবেৰীয়ান কস্তুৰী মৃগ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
শ্ৰেণী: Mammalia
পৰিয়াল: Moschidae
গ্ৰে' ১৮২১
গণ: Moschus
লিনিয়াছ, ১৭৫৮
Type species
Moschus moschiferus
লিনিয়াছ, ১৭৫৮
প্ৰজাতিসমূহ

কস্তুৰী মৃগ (ইংৰাজী: Mask Deer) শিং নথকা এবিধ সৰু আকৃতিৰ হৰিণ৷ এই জাতৰ মৃগৰ মতা মৃগবোৰৰ নাভিৰ ওচৰত হোৱা এটা টেমুনাত বিখ্যাত সুগন্ধি দ্ৰব্য ’’কস্তুৰী’’ৰ সৃষ্টি হয়৷ সেয়ে ইয়াক “কস্তুৰী মৃগ’’ বোলে৷ কস্তুৰী মৃগৰ বৈজ্ঞানিক নাম "Moschus moschiferus"৷[1] এইবিধ জন্তু ছাইবেৰিয়াৰ পৰা হিমালয় পৰ্বতৰ বিভিন্ন অঞ্চলত পোৱা যায়৷[2]

বিৱৰণ[সম্পাদনা কৰক]

পূৰ্ণবয়স্ক এটা কস্তুৰী মৃগ ওখই ৬০ ছেণ্টিমিটাৰ, দীঘলে ৯০ ছেণ্টিমিটাৰ আৰু ইহঁতৰ ওজন হয়গৈ প্ৰায় ১০ কিল’গ্ৰাম৷ গাবোৰ ডাঠ মুগা আৰু সোণালী বৰণৰ নোমেৰে আৱৰা৷ কিছুমানৰ পেটৰ তলফালে বগা ফুট ফুট থাকে৷ কাণদুখন থিয়৷ থুঁতৰিত ৭-১০ ছে:মি: আকাৰৰ দুটা দাঁত বাহিৰৰ ফালে থাকে, এই দাঁত দুটাৰ গুৰি অংশ ঢিলা বাবে দুটা পহুৰ মাজৰ যুঁজ-বাগৰ বা তেনে আঘাত পালেই দাঁত দুটা ভাগি থাকে৷ মুখৰ আগদাঁত কেইটা বটালিৰ দৰে চোকা৷ নেজ বৰ চুটি আৰু নেজৰ মূৰত সামান্য একোছা নোম থাকে৷ নেজডাল তপিনাৰ ফাঁকত নোমৰ মাজত লুকাই থাকে৷ আগ ঠেং দুটাৰ তুলনাত পিছঠেং দুটা শকত আৰু দীঘল৷ মতা মৃগবোৰৰ পেটৰ তলফালে নাভিৰ ওচৰত এটা টেমুনা থাকে৷ কেতিয়াবা নেজৰ ওচৰতো সৰু আকৃতিৰ টেমুনা থকা দেখা যায়৷ এই টেমুনাবোৰ সুগন্ধিযুক্ত৷[3]

বাসস্থান[সম্পাদনা কৰক]

চীন দেশৰ পৰা হিমালয়ৰ কাশ্মীৰলৈকে কস্তুৰী মৃগ পোৱা যায়৷ পাৰ্বত্য অঞ্চলৰ ২৬০০ মিটাৰৰ পৰা ৪৫০০ মিটাৰ উচ্চতালৈ ইহঁত থাকে৷ ছাইবেৰিয়া, ছাখালিন, কোৰিয়া আদিতো কস্তুৰী মৃগ পোৱা যায়৷ পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰায় ৭টা প্ৰজাতিৰ কস্তুৰী মৃগ পোৱা যায়৷ তাৰ ভিতৰত কাশ্মীৰৰ পৰা অৰুণাচললৈ পোৱা কস্তুৰী মৃগৰ সংখ্যাই বেছি৷[3]

খাদ্য[সম্পাদনা কৰক]

প্ৰায়েই অকলশৰীয়াকৈ থকা এই মৃগই ৰাতিহে চৰিবলৈ ওলায়৷ দিনটো ই জোপোহা বা ফুটুকানিৰ মাজত সোমাই থাকে৷ ইহঁতৰ প্ৰধান খাদ্য ঘাঁহ, বন, শেলাই, লাইকেন, ঘচৰ ফল আৰু ফুল আদি৷ অকলশৰীয়াকৈ থাকি ভাল পোৱা এই মৃগ জানুৱাৰী ফেব্ৰুৱাৰীত যোৰ পাতে আৰু জুন-জুলাই মাহত এটা বা কেতিয়াবা দুটা পোৱালি জগায়৷[3]

কস্তুৰী[সম্পাদনা কৰক]

পূৰ্ণ বয়স্ক মতা কস্তুৰী মৃগৰ নাভিদেশত পোৱা টেমুনাটোৱেই মহামূল্যবান সুগন্ধিত কস্তুৰী৷[4] ইয়াৰ বাবেই মৃগটো বধ কৰা হয় আৰু পেটৰ টেমুনাটো উলিয়াই শুকাই ব্যৱহাৰ কৰে৷ কেঁচা কস্তুৰীৰ গোন্ধ কম৷ শুকান কস্তুৰীৰ গোন্ধ অতি তীব্ৰ৷ ইয়াৰ সোৱাদ তিতা৷ কস্তুৰীবোৰত ৰেজিন, চৰ্বী, প্ৰ’টিন আৰু পানী থাকে৷ গুণাগুণৰ প্ৰতি লক্ষ্য কৰি কস্তুৰীক পাঁচভাগত ভাগ কৰা হৈছে,- টনকিন (Tonquin), কাৰবাডাইন(Carbadine), ইউনানী (Yunnani), অসমীয়া (Assamese) আৰু নেপালী(Nepalese).[3]

লুপ্তপ্ৰায় এইবিধ জীৱৰ সংৰক্ষণৰ বাবে ১৯৭২ চনৰ “বন্যপ্ৰাণী সুৰক্ষা আইন’’ৰ দ্বাৰা এই জন্তুবিধ বধ কৰা আৰু কস্তুৰী আমদানী ৰপ্তানী কৰা সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে৷

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Moschus (musk deer) Classification". Animal Diversity Web. University of Michigan Museum of Zoology. http://animaldiversity.ummz.umich.edu/site/accounts/classification/Moschus.html#Moschus. 
  2. "mask deer (mammal)". https://www.britannica.com/animal/musk-deer.  External link in |title= (help)
  3. 3.0 3.1 3.2 3.3 দত্ত, আনন্দ চন্দ্ৰ (১-১৫ জানুৱাৰী ২০১৩). "কস্তুৰী মৃগ". প্ৰান্তিক. 
  4. কস্তুৰী. https://www.dailynayadiganta.com/daily/670321/%E0%A6%95%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%81%E0%A6%B0%E0%A7%80.