ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৩/উল্লেখনীয় ৱিকিমিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উল্লেখনীয় ৱিকিমিডিয়ান

অভিজিত কলিতা : ২০১২ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী দক্ষ ৱিকিমিডিয়ান। এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়াত মুঠ ৬৭১টা সম্পাদনা কৰাৰ লগতে ২৬টা প্ৰবন্ধৰ সৃষ্টি কৰিছে। তেওঁ ৱিকিমিডিয়া কমন্সলৈয়ো বৰঙণি আগবঢ়াইছে। তেওঁৰ অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক "অক্লান্ত কৰ্মী পদক", "অনুবাদকৰ পদক", "The Teamwork Barnstar" আদি পদকেৰে সন্মানিত কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।