ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দ্বাদশ বৰ্ষ | ডিচেম্বৰ | ২০২৩ | দ্বাদশ সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

 মোৰ ৱিকি যাত্ৰা আৰম্ভ হৈছিল, ২০২০ চনৰ আগষ্ট মাহত। প্ৰথমাৱস্থাত ৱিকিৰ বিষয়ে বিশেষ একো নজনাকৈ মই একাউণ্ট খুলিছিলোঁ। ধীৰে ধীৰে ৱিকিউৎসত এপৃষ্ঠা-দুপৃষ্ঠাকৈ সম্পাদনা কৰিবলৈ লোৱাৰ পিছত, এতিয়া ৱিকি মোৰ নিচা হ’ল। অকণমান সময় পালেই যেন জঁপিয়াই পৰিম লেপটপত আৰু জীৱনৰ মূল্যবান সময়খিনি ধৰি ৰাখিম ভাষাটো ইণ্টাৰনেটত শক্তিশালী কৰিবলৈ! সম্পাদনা সংখ্যা যিমানেই বাঢ়িবলৈ ধৰিলে, সিমানেই আত্মবিশ্বাস গাঢ় হ’ল। ৱিকিপিডিয়াত প্ৰবন্ধ সৃষ্টি কৰা, ৱিকিউদ্ধৃতিত সম্পাদনা কৰা, ৱিকিডাটাত তথ্য সংযোগ কৰা, কমন্সত ফটো আপলোড কৰা আদি কামবোৰ শিকি গৈ আছোঁ, কৰি আছোঁ। যোৱা এপ্ৰিল মাহত হায়দৰাবাদত অনুষ্ঠিত হোৱা ৱিকি কনফাৰেন্সলৈ অসমৰ পৰা নিৰ্বাচিত আঠগৰাকী সদস্যৰ মাজত ময়ো নিৰ্বাচিত হৈ অংশ লোৱাৰ পিছত দিল্লীৰ গুৰগাঁৱত অক্টোবৰৰ ২০-২২ তাৰিখলৈ অনুষ্ঠিত হোৱা ৱিকি ওমেন কেম্পলৈ অসমীয়া ৱিকি সম্প্ৰদায়ৰ পৰা অকলে নিৰ্বাচিত হৈছিলোঁ। অকলে নিৰ্বাচিত হোৱাত মনলৈ অলেখ শংকাৰ ভাব আহিল; কেনেকৈ যাম, কিদৰে তাত ভাগ ল’ম, পাৰিমনে তালৈ অহা দেশ-বিদেশৰ ৱিকিমিডিয়ানসকলৰ লগত মিলিবলৈ! মনৰ ভাব ব্যক্ত কৰাত ৰুমী বৰা বাইদেউ, চন্দন চিৰিং ফুকন আৰু দিব্য দত্তই দিয়া সাহস আৰু সহযোগিতা পাহৰিব নোৱাৰোঁ। তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ আৰু মৰম জনালোঁ।

 ৱিকি ওমেন কেম্পলৈ গৈ মোৰ নানান বিষয়ত অভিজ্ঞতা হ’ল। নিৰ্বাচিত প্ৰতিনিধিসকলক কেপাচিটি বিল্ডিং আৰু ষ্ট্ৰেটেজী মেকিং- এই দুটা ভাগত ভাগ কৰি বেলেগে বেলেগে কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰি মাজে মাজে সকলোকে একেলগে গোটায়ো কিছুমান বিষয়ৰ আলোচনা কৰা হেছিল। প্ৰধান বিষয় আছিল, ব্যক্তিত্ব উন্নীতকৰণ (Personality Development)। ব্যক্তিত্ব বিকাশৰ বাবে প্ৰয়োজনীয় নানা দিশ যেনে, সমস্যা অধ্যয়ন আৰু সমাধান, কাৰিকৰী জ্ঞানৰ বিকাশ, সময়ানুৱৰ্তীতা, সিদ্ধান্ত গ্ৰহণ আদি বিষয় নানা কাৰ্যৰ মাজেৰে আলোচনা কৰা হৈছিল। নাৰীসকলে সাধাৰণতে ইলেক্ট্ৰনিক সামগ্ৰীৰ উন্নত ব্যৱহাৰ জানিবলৈ আগ্ৰহ নকৰা, সমসাময়িক ঘটনাপ্ৰবাহৰ লগত অপৰিচিত হৈ থকা, কোনো বিষয়ে সঠিক সিদ্ধান্ত ল’ব নোৱাৰা আৰু ল’লেও বিপৰীত লিংগৰ সহায়ত বা তেওঁলোকক অনুসৰণ কৰা, বাটে-পথে নিজকে সদায় সংকুচিত কৰি ৰখা, ব্যস্ততাৰ মাজত সময় উলিয়াব নজনা আদি কথাই নাৰীৰ ব্যক্তিত্ব বিকাশৰ বাধা। এইবোৰ অতিক্ৰমী নাৰী সমলৈংগিক পৰিৱেশ সৃষ্টি কৰিবলৈ নিজক যোগ্য হিচাপে তুলি ধৰিব লাগে। সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে পৰম্পৰাগত গণ্ডীৰ মাজৰ পৰা নিজক উলিয়াই যিকোনো ক্ষেত্ৰত যোগ্য কৰি তুলিলে লিংগসমতা সৃষ্টি হোৱাত সহায়ক হ’ব।

 অনুষ্ঠানটোত মনত ৰাখিবলগীয়া বিষয় হ’ল, সময়ানুৱৰ্তীতা। এটা সম্পূৰ্ণ মিনিটৰো হেৰফেৰ নোহোৱাকৈ মুঠ ত্ৰিশখন দেশৰ প্ৰতিনিধিৰ লগতে ৱিকিমিডিয়া ফাউণ্ডেছন আৰু ট্ৰাষ্টী ব’ৰ্ডৰ কিছু সদস্যই উপস্থাপন কৰা নানা বিষয় নিৰ্দিষ্ট সময়তে সামৰি সময়মতে আনটো বিষয় আৰম্ভ কৰা কথাটো তবধ মানিবলগীয়া। কোনো বক্তাই যদি কৈ থাকোঁতে সময় উকলি যোৱা যেন হয়, লগে লগে এগৰাকী আয়োজকে এখন কাৰ্ড লৈ আনে নেদেখাকৈ বক্তাৰ আগেৰে নিঃশব্দে পাৰ হৈ যায় আৰু বক্তাই কাৰ্ডখনলৈ চকু দি লগে লগে সামৰণি মন্তব্য প্ৰদান কৰি আঁতৰি আহে। সময় অমূল্য ধন। হিচাপত খৰচ কৰিলে আমি আমাৰ ব্যক্তিগত জীৱনতো বহু কাম কৰিব পাৰোঁ। আন এক উদাহৰণ, ফটো ছেচনত মোৰ লগত হোৱা দুখদায়ক ঘটনা। যিদিনা ফটো ছেচন আছিল, সেইদিনা আমাক জনোৱা হৈছিল, লাঞ্চৰ পিছতেই আঢ়ৈ বজাত সকলোৰে গ্ৰুপ ফটো লোৱা হ’ব। সেইখনেই হ’ব সমগ্ৰ অনুষ্ঠানটোৰ মূল ফটো। সেইদিনা কিবা কাৰণত মই আৰু মোৰ ৰুমমেট নিৰ্দিষ্ট স্থানত উপস্থিত হওঁতে পোন্ধৰ মিনিট পলম হৈছিল। উপস্থিত হৈ দেখিছিলোঁ, ফটো ছেচন শেষ আৰু কেমেৰাৰ ষ্টেণ্ড হাতত লৈ ফটোগ্ৰাফাৰ উভতি কনফাৰেন্স হলত সোমাইছে। আমাৰ অনুৰোধে কাকো গলাব নোৱাৰিলে। ৱিকিমিডিয়ানৰ ওচৰত সময়ৰ মূল্য নুবুজা মানুহৰ অনুৰোধৰ মূল্য নাই। বৰ দুখ লাগিছিল, কমন্সত আপলোড কৰা সেই গ্ৰুপ ফটোখনত নিজৰ মুখখন নাথাকিব।

 ৱিকিপিডিয়াত তথ্যৰ যোগান ধৰা হয় নিৰ্দিষ্ট আৰু গ্ৰহণযোগ্য উৎসৰ পৰা। গুৰুত্বপূৰ্ণ বিষয়ত তথ্য উৎসৰ যোগান ধৰাটো ৱিকিমিডিয়ানৰ কৰ্তব্য আৰু দায়িত্ব। আমি কথা কওঁতেও এই ক্ষেত্ৰত সাৱধান হ’ব লাগে। বৈদেশিক নীতি সম্পৰ্কীয় এটা বক্তব্যত আমন্ত্ৰিত সদস্য এগৰাকীয়ে তেওঁৰ বক্তব্যত আফগান মহিলা শৰণাৰ্থীসকলৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে লোৱা পদক্ষেপক এক উদাহৰণ হিচাপে ব্যক্ত কৰিলে। লগে লগে সভাগৃহত এক মৃদু গুণগুণনিৰ সৃষ্টি হ’ল। অন্বেষা নামৰ সদস্য এগৰাকী থিয় হৈ ৰেফাৰেন্স বিচৰাত বক্তা থৎমৎ খাই ৰৈ গ’ল। উপস্থিত বহুতে বিষয়টোত সহমত দি জনালে, কোনো ৰেফাৰেন্স নিদিয়াকৈ ইমান গুৰুত্বপূৰ্ণ কথা এটা কেনেকৈ কোৱা হ’ল……। তাৰপিছত বক্তাৰ কথা প্ৰায় কোনেও নুশুনাৰ দৰেই হৈ পৰিল। তেওঁৰ বক্তব্যৰ সময়খিনি মৃদু হুলস্থূলৰ মাজেৰে শেষ হ’ল।

 অকলে নিৰ্বাচিত হৈ সংকোচ কৰিছিলোঁ যদিও তালৈ গৈ বাংলাদেশ, আৰ্মেনিয়া, স্পেইন আদিৰ লগতে পঞ্জাব, উড়িষ্যা, পশ্চিমবংগ আদি ঠাইৰ ভালেকেইগৰাকী কৌশলী ৱিকিমিডিয়ানৰ সৈতে ঘনিষ্ঠতা গঢ়িব পৰাটো আছিল মোৰ অতিৰিক্ত লাভ। বাংলাদেশ আৰু আৰ্মেনিয়ান ৱিকিমিডিয়াই অসমৰ সৈতে সংযুক্ত হৈ একেলগে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ উপৰি আৰ্মেনিয়ান ৱিকি ইউজাৰ ’আৰমিনি আঘায়ান ফ্লিছ’ এ মোৰ পৰা অসম সম্বন্ধে কেইবাটাও বিষয় জানি লৈ অসমৰ নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে তেওঁলোকৰ ভাষাত প্ৰবন্ধ প্ৰস্তুত কৰাটো আমাৰ আটাইৰে বাবে সুখৰ কথা। Pranamikaadhikary (বাৰ্তা) 15:46, 30 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
১৯ শতিকাৰ শেষভাগৰ আৰু কুৰি শতিকাৰ আগভাগৰ এখন চিত্ৰ

ভূটানী শিল্প (ইংৰাজী: Bhutanese art) তিব্বতী শিল্পকলাৰ সৈতে মিল থকা এক শিল্পকলা। দুয়োটা বজ্ৰযানী বৌদ্ধ ধৰ্ম আৰু ইয়াৰ গুৰু পান্থেয়নৰ ঐশ্বৰিক সত্তাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।

ভূটানত বৌদ্ধ ধৰ্মমতৰ প্ৰধান ক্ৰমসমূহ হ’ল ড্ৰুকপা বংশ আৰু নিংমা। প্ৰথমটো কাগ্যু বিদ্যালয়ৰ এটা শাখা আৰু বৌদ্ধ গুৰু আৰু ৭০জন জে খেনপো (ভূটানৰ মঠ প্ৰতিষ্ঠানৰ নেতা)ৰ বংশৰ নথিভুক্ত চিত্ৰৰ বাবে জনাজাত। সপ্তম শতিকাত ভূটানত বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তনৰ কৃতিত্ব লাভ কৰা পদ্মসম্ভৱ ("গুৰু ৰিনপোচে")ৰ প্ৰতিচ্ছবিৰ বাবে নিয়িংমা বিদ্যালয় পৰিচিত। কিংবদন্তি অনুসৰি পদ্মসম্ভৱে ভৱিষ্যতৰ বৌদ্ধ গুৰুসকল, বিশেষকৈ পেমা লিংপাই বিচাৰি পোৱাকৈ পৱিত্ৰ ধন লুকুৱাই ৰাখিছিল। নিংমা শিল্পকলাত টাৰ্টনসকলো বিষয়বস্তু হিচাপে আছে।

প্ৰতিটো ঐশ্বৰিক সত্তাক বিশেষ আকৃতি, ৰং আৰু বা চিনাক্তকৰণ বস্তু, যেনে পদুম, শংখ-খোলা, বজ্ৰপাত, ভিক্ষাৰ বাটি আদিৰে চিহ্নিত কৰা হয়। সকলো পবিত্ৰ প্ৰতিমূৰ্তি সঠিক জোখ-মাখ অনুসৰি নিৰ্মাণ কৰা হয়; যিবোৰ শতিকাজুৰি বিশেষভাবে অপৰিৱৰ্তিত হৈ আছে।

ভূটানৰ শিল্প নিৰ্মাণৰ কৌশল প্ৰথমে তিব্বতৰ পৰা আমদানি কৰা হৈছিল। এই শিল্পকলা বিশেষকৈ বিভিন্ন ধৰণৰ ব্ৰঞ্জৰ বাবে সমৃদ্ধ; যিবোৰ ভূটানত নিৰ্মিত হ’লেও সামূহিকভাৱে খাম-ছ’ (খামত নিৰ্মিত) নামেৰে জনাজাত, কাৰণ সেইবোৰ নিৰ্মাণৰ কৌশল প্ৰথমে তিব্বতৰ পৰা আমদানি কৰা হৈছিল। এই অঞ্চলসমূহত দেৱাল চিত্ৰ আৰু ভাস্কৰ্য্য বৌদ্ধ মূৰ্তিৰ শ্বাশ্বত ৰূপৰ প্ৰচলিত ধাৰণাৰ ওপৰত নিৰ্মাণ কৰা হয়। যদিও এই বিষয়ত বিতংভাৱে গুৰুত্ব দিয়াটো তিব্বতী শিল্পকলাৰ আৰ্হি, তথাপি এই আকৃতিবোৰ জাকজমকীয়াকৈ এম্ব্ৰয়ডাৰী কৰা কাপোৰেৰে আড়ম্বৰপূৰ্ণভাৱে আবৃত কৰা আৰু চিকমিকোৱা অলংকাৰ পিন্ধোৱা সত্ত্বেও ইয়াৰ উৎপত্তিৰ উৎস সহজেই বুজিব পাৰি। দানৱৰ বিচিত্ৰ জগতখনত শিল্পীসকলৰ আচৰিত ধৰণে ঐশ্বৰিক সত্তাৰ প্ৰতিচ্ছবিৰ আৰ্হি প্ৰস্তুত কৰা কৰ্মৰ স্বাধীনতা আছিল। বিতংকৈ ইয়াত পঢ়ক...


যোৱামাহৰ ভাল প্ৰবন্ধ নাৰ্গেছ মহম্মদীৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
নৱেম্বৰ-২০২৩ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ১৭৪

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. ‎মেবেল আদিচ
  2. ‎চায়াকা মুৰাটা
  3. কিকুক' চুমুৰা
  4. হিৰমি কাৱাকামি
  5. ইফ্‌ফত আৰা
  6. শামীম আজাদ
  7. ‎জাহানাৰা ইমাম
  8. শেহনাজ মুন্নী
  9. ৰবীনা খান
  10. ‎য়'ক' টাৱাডা
  11. গু কাইঝি
  12. য়ায়ই কুচামা
  13. য়ুৰেই নাগাচিমা
  14. মিগুৱেল এঞ্জেল অস্তুৰিয়াছ
  15. য়োহানী
  16. ‎আবিদা পাৰবীন
  17. শ্বম্যুৱেল য়োছেফ এগনন
  18. ৰাহত ফটেহ আলি খান
  19. নুছৰত ফটেহ আলি খান
  20. আমজাদ সাবৰি
  21. ছাহাকদুখ্ট (আৰ্মেনিয়া)
  22. গোলাম আলি
  23. আজিজ মিঞা
  24. আহমদ ফৰাজ
  25. কিম জং উন
  26. ফৈজ আহমদ ফৈজ
  27. মেহদি হাছান
  28. আহমদ নাদিম কাচ্‌মি
  29. খাদিজা মাস্তুৰ
  30. আতা উল হক কাচ্‌মি
  31. কেশৱ মহাৰাজ
  32. আহমদ আলি
  33. ভলতেয়ৰ
  34. মহম্মদ হানিফ
  35. আছফাক আহমেদ
  36. হলি চেম্পছন
  37. ফাৰুখ আহমেদ
  38. শ্ৰী গুনসিংহে
  39. মহচিন হামিদ
  40. কাহ্নপাদ
  41. কাজুঅ' ইছিগুৰু
  42. কেঞ্জাবুৰো অয়ে
  43. আমোছ অজ
  44. টিমথি মো
  45. মুত্তিয়া মুৰালিধৰণ
  46. চেহান কৰুণাতিলকা
  47. পাথুম নিছাংকা
  48. শ্বাহেদা মুস্তাফিজ
  49. টাই নিং
  50. লানা ৰোডছ
  51. চু টং
  52. নাদিম আচলম
  53. জামিল জান ক'চাই

গ্ৰন্থ বিষয়ক

  1. দ্য ছেণ্ডমেন: ড্ৰিম কাণ্ট্ৰি

চলচ্চিত্ৰ বিষয়ক

  1. ৮০০ (চলচ্চিত্ৰ)
  2. মুনেল (চলচ্চিত্ৰ)

অন্যান্য

  1. এংকৰ থম
  2. ইকিগাই
  3. অকিনাৱা প্ৰশাসনিক অঞ্চল
  4. সিংহ নৃত্য
  5. ড্ৰেগন নৃত্য
  6. ‎বৰোং নৃত্য
  7. কোছাৰী নৃত্য
  8. ইজৰাইলৰ সংস্কৃতি
  9. ইজৰাইলৰ স্থাপত্য
  10. ইজৰাইলৰ স্বাস্থ্য
  11. ‎কানাডাৰ প্ৰদেশ আৰু ভূখণ্ড সমূহ
  12. বাঘা মছজিদ
  13. থট্টাৰ যুদ্ধ
  14. ‎বুনেৰ ৰিলিফ
  15. বুনেৰ জিলা
  16. ‎ইন্দোনেছিয়াৰ চিত্ৰকলা
  17. ‎শ্বাহ জালাল দৰগাহ
  18. ‎মুক্তিবাহিনী (বাংলাদেশ)
  19. চিলেট
  20. ভেনকুভাৰ
  21. ঢাকা আন্তৰ্জাতিক গ্ৰন্থমেলা
  22. চীনা কাপোৰ
  23. হেনটাই
  24. মহাস্থানগড়
  25. আৰা (পানীয়)
  26. চীনা সৃষ্টিৰ পৌৰাণিক আখ্যান
  27. বিয়ান লিয়ান
  28. চাং (পানীয়)
  29. স্বৰ্গৰ পুত্ৰ
  30. চিলন চাহ
  31. থাংকা
  32. ময়নামতী
  33. স্বাধীনতা সংগ্ৰহালয়, ঢাকা
  34. জামদানী
  35. কোকেছি
  36. পুনাখা
  37. পাৰো (ভূটান)
  38. কান্দ্যান নৃত্য
  39. আকা মাণ্ট
  40. খ’ন (থাইলেণ্ড)
  41. পানীৰ পুতলা নাচ
  42. ‎বেদি (আৰ্মেনিয়া)
  43. চিলেট মহিলা চিকিৎসা মহাবিদ্যালয়
  44. লুম্বিনী
  45. শ্ৰীলংকাৰ অসামৰিক যুদ্ধ
  46. আভুকানা বুদ্ধ মূৰ্তি
  47. পেলেষ্টাইন
  48. জাপানৰ স্বাস্থ্য
  49. সিংহলী জনগোষ্ঠী
  50. আফগানিস্তানৰ স্বাস্থ্য
  51. জাপান আন্তৰ্জাতিক সহযোগিতা সংস্থা
  52. দাঁতৰ বুদ্ধ মন্দিৰ (শ্ৰীলংকা)
  53. উত্তৰ-ঔপনিবেশিকতাবাদ
  54. চীনৰ স্বাস্থ্য
  55. জাপান চৰকাৰ
  56. পশুপতিনাথ মন্দিৰ
  57. পেণ্ডেট নৃত্য
  58. ফেং ছুই
  59. পাকিস্তান হিন্দু পৰিষদ
  60. চীনা কমিউনিষ্ট পাৰ্টিৰ ইতিহাস
  61. স্বয়ম্বৰম
  62. তুৰ্কী উত্তৰ চাইপ্ৰাচ প্ৰজাতন্ত্ৰ
  63. আঠটা খুটা
  64. কাঠমাণ্ডুৰ যুদ্ধ
  65. বিডি ক্লিন
  66. ভূটানী শিল্পকলা
  67. ইণ্ডোনেছিয়াৰ নিৰ্বনানীকৰণ
  68. আৱেস্তা ভাষা
  69. হাজং জনগোষ্ঠীৰ সাজপাৰ
  70. বাংলাদেশ উচ্চতম ন্যায়ালয়
  71. জৰথুষ্ট্ৰ
  72. ভূটানৰ পৰিৱেশ সমস্যা
  73. বিশ্ব চিলেট সন্মিলন
  74. ঢাকা ক্লাব


ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. হৰভজন সিং (কবি)
  2. তৰণ আদৰ্শ

চলচ্চিত্ৰ বিষয়ক

  1. সংস্কাৰ (১৯৭০ চলচ্চিত্ৰ)

অন্যান্য

  1. থাই মালিচ
  2. কাবাড়ী আট্টাম
  3. শ্বেয়াৰচাট

পৌৰাণিক ভাৰতীয় সংস্কৃতি আৰু আখ্যান

  1. সুদেশনাৱতী (বিকৰ্ণৰ পত্নী)

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. ‎দশৰথ দাস
  2. নয়নজ্যোতি শৰ্মা
  3. নৱ কুমাৰ সন্দিকৈ
  4. পৰেশ বৰুৱা
  5. ভবেশ কলিতা
  6. অনিল বৰুৱা

গ্ৰন্থ বিষয়ক

  1. জাল কটা জুই

চলচ্চিত্ৰ বিষয়ক

  1. কনকলতা (চলচ্চিত্ৰ)
  2. ৰঙাটাপু ১৯৮২

অন্যান্য

  1. তাঁতশাল
  2. ৰঙিয়া (বিধানসভা সমষ্টি)

সানমিহলি

  1. ‎জেক-অ'-লেণ্টাৰ্ণ
  2. চুশ্বি
  3. ঋণ
  4. নিৰাপদ ঋণ
  5. বাগুৱা
  6. জাপানীজ ৰাইচ ফিছ
  7. চেল ৰুটি
  8. হৰিছ(খাদ্য)
  9. এচাৰ পালমেটাম
  10. মেকন’পচিছ গাকিডিয়ানা
  11. ক্ৰমা
  12. মানৱতাবাদ
  13. আত্মবাদ
  14. আবেস্তা
  15. ষাঠি বছৰীয়া আৱৰ্তন
  16. সৰল যন্ত্ৰ
  17. গাজৰ
  18. গাহৰিৰ মাংস
  19. পৰমাণুত্ব
  20. কুকুৰীকণা
  21. এডেলি পেংগুইন
  22. আলুৰ দম
  23. সিন্ধী বিৰিয়ানী
  24. ৱিকিপিডিয়াৰ তালিকা
  25. পেণ্টহাউচ পেটসকলৰ তালিকা
  26. গুগল নিউজ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
কালী মূৰ্তিৰ বিসৰ্জনৰ দৃশ্য
চিত্ৰ শিল্পী: ভৃগু বায়ন
উল্লেখনীয় ৱিকিমিডিয়ান

অভিজিত কলিতা : ২০১২ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী দক্ষ ৱিকিমিডিয়ান। এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়াত মুঠ ৬৭১টা সম্পাদনা কৰাৰ লগতে ২৬টা প্ৰবন্ধৰ সৃষ্টি কৰিছে। তেওঁ ৱিকিমিডিয়া কমন্সলৈয়ো বৰঙণি আগবঢ়াইছে। তেওঁৰ অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক "অক্লান্ত কৰ্মী পদক", "অনুবাদকৰ পদক", "The Teamwork Barnstar" আদি পদকেৰে সন্মানিত কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
গণশক্তি পদক
আৰ্থিক বৰঙণি আৰু বিভিন্ন সহায়-সহযোগিতাৰে মাজুলীৰ প্ৰীতিমেল আৰু কৰ্মশালা সফল কৰি তোলা প্ৰতিগৰাকী ৱিকিমিডিয়ান আৰু শুভাকাংক্ষী
এছিয়ান মাহৰ ৰচনাকাৰ
প্ৰণামিকা অধিকাৰী
প্ৰাণজ্যোতি নাথ
এছিয়ান মাহৰ সহযোগী
অজয় দাস
ঈশান জ্যোতি বৰা
খিলঞ্জীত
গীতাশ্ৰী গগৈ আপ্তে
চাণক্য কুমাৰ দাস
জলি ৰুমী বৰা
জোনালী বৰুৱা
দীপাংকৰ দাস
নয়ন জ্যোতি নাথ
ভাস্কৰ ভূঞা
হানিফ আলী
চন্দন চিৰিং ফুকন
কৰ্মশালাৰ সোণালী পদক
দিব্য দত্ত
বাবুল বৈশ্য
চন্দন চিৰিং ফুকন
কৰ্মশালাৰ হিৰণ্ময়ী পদক
প্ৰণামিকা অধিকাৰী
ৰুমী বৰা
বিচাৰকৰ পদক
ঈশান কাশ্যপ হাজৰিকা
চাণক্য কুমাৰ দাস
ৱিকি গৌৰৱ পদক
নয়ন জ্যোতি নাথ
চন্দন চিৰিং ফুকন
ৰুমী বৰা
এইমাহৰ ৱিকিমিডিয়ান
প্ৰণামিকা অধিকাৰী
ন-সম্পাদকৰ পদক
যদুমণি গগৈ
ৰাজেন দাস



বিশেষ অভিলেখ
নৱেম্বৰ-২০২৩ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

নৱেম্বৰ মাহত এছিয়া বিষয়ক সমলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদেশ্যে ৱিকিপিডিয়া এছিয়ান মাহ ২০২৩ শীৰ্ষক এক সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়৷ ইয়াত ১৪ গৰাকী অংশগ্ৰহণকাৰীয়ে মুঠ ১১৮ টা এছিয়া বিষয়ক নতুন প্ৰবন্ধৰ সৃষ্টি কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১২,৩৬৯ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৫৯০ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৫৬৭ টালৈ বৃদ্ধি পালে।
  • ২৬ নৱেম্বৰ তাৰিখে মাজুলীৰ গড়মূৰত অসমীয়া ৱিকিমিডিয়া সমাজৰ এক প্ৰীতিমেল আৰু কৰ্মশালা অনুষ্ঠিত হৈ যায়।
মাজুলীৰ গড়মূৰত অনুষ্ঠিত অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰীতিমেল আৰু কৰ্মশালাৰ অংশগ্ৰহণকাৰীসকল
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক
(ডুব যাবৰ সময়ৰ বেলিক কোনেও সেৱা নকৰে। সেই একেদৰে প্ৰতিপত্তি শেষ হ'লে বা বিষয়বাব হেৰুৱালে মানুহ গুৰুত্বহীন হৈ পৰে।)


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
বাবুল বৈশ্য ২৪৮ - - - -
ভাস্কৰ ভূঞা ৪৬ - - - ২৬
চন্দন চিৰিং ফুকন ২৩৯ ৯০ ৩২ ৪৬
চাণক্য কুমাৰ দাস ১৫৮ - - - ৪৯
প্ৰাণজ্যোতি নাথ ৩০৩ - - ২৩ ২৮
জলি ৰুমী বৰা ৮৫ - - - -
জোনালী বৰুৱা ৮৭ - - -
জ্যোতি চিৰিং ৭০ - - -
খিলঞ্জীত ১৩৪ - - -
১০ কন্দৰ্পজিৎ কল্লোল ৪৮৯ - - - ৪৮
১১ নয়ন জ্যোতি নাথ ১৬২ ৪৮ ১৬
১২ প্ৰণামিকা অধিকাৰী ৫২৯ - - - ৭৮
১৩ ৰুমী বৰা ৪৯ - ৪৫
১৪ দিব্য দত্ত ২০৩ - ১১ - ১৭
১৫ হানিফ আলী ১৫৭ ৫০ - - ৯৪
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।