ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দ্বাদশ বৰ্ষ | নৱেম্বৰ | ২০২৩ | একাদশ সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁলোকৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

বিজ্ঞলোকে কয় মানুহৰ জীৱনত শিক্ষা আহৰণ কেতিয়াও শেষ নহয়। তেনেদৰে ময়ো ৱিকিত খোজ দিয়াৰ পৰাহে যেন নতুনকৈ শিক্ষাৰ্থীৰ জীৱন আৰম্ভ কৰিছো। ট্ৰেইন-দ্য-ট্ৰেইনাৰ (Train the Trainer) ত মোক জলপানিসহ বাছনি কৰাত আচৰিত হৈছিলো কাৰণ মোৰ কাৰিকৰী জ্ঞান তেনেই সীমিত। তথাপিও ওলালো, যিমান পাৰোঁ শিকিবলৈ যত্ন কৰিম বুলিয়েই...আনহাতে চন্দন চিৰিং ফুকনকো বাছনি কৰাত সহযাত্ৰী হিচাপে পাই যথেষ্ট উপকৃত হ'লো। ২৮ ছেপ্টেম্বৰৰ সন্ধিয়া আমি কোচিৰ হোটেল মাৰিয়টত উপস্থিত হ'লো। থকা-খোৱাৰ সুন্দৰ ব্যৱস্থা। আমি লৈ যোৱা পিঠা-লাৰুৱে চাহৰ টেবুলখন শুৱনি কৰি তুলিছিল। প্ৰশিক্ষণৰ আৰম্ভণিতে পাঞ্জাবী আৰু চাওঁতালি ভাষাৰ দুজন সদস্যক তেওঁলোকৰ অনন্য অৱদানৰ বাবে লেপটপ উপহাৰ দিয়া কাৰ্য্যসূচীয়ে সকলোকে উৎসাহিত কৰি তুলিছিল। প্ৰত্যেক দিনাই ন বজাৰ পৰা প্ৰশিক্ষণ আৰম্ভ হৈছিল। সকলোৰে পৰিচয় পৰ্বৰে প্ৰশিক্ষণৰ আৰম্ভণি কৰিছিল তনৱীৰ হাচানে, লগতে ট্ৰেইন-দ্য-ট্ৰেইনাৰ কাৰ্য্যসূচীৰ প্ৰতি আমাৰ প্ৰতিক্ৰিয়াৰ বিষয়েও সোধা হৈছিল। পৰিচয় পৰ্বৰ পিছতেই আমাক পাঁচজনকৈ পাঁচটা বিভিন্ন ভাষাৰ সদস্যৰ সৈতে গ্ৰুপ কৰি দিছিল।

ইয়াৰ পিছত আমাক অনলাইন মাধ্যমৰ জৰিয়তে কিছুমান ৱিকিমিডিয়ান বিশেষজ্ঞৰ সৈতে প্ৰত্যেকটো গ্ৰুপক একোজনকৈ স্পীকাৰে প্ৰেজেণ্টেশ্যন দিছিল। আমাৰ গ্ৰুপটোক ৰোহিনী লক্ষণে ৱিকিপিডিয়া আৰু কমন্সৰ বিষয়ে কৈছিল। দ্বিতীয়দিনা আমাৰ গ্ৰুপটোৰ স্পীকাৰ আছিল কে.চি.ভেলাগা। তেওঁ ছাত্ৰ- ছাত্ৰীসকলক ৱিকিমিডিয়া প্ৰকল্পত যোগদান কৰাৰ কাৰ্য্যসূচী কিছুমানৰ কথা আলোচনা কৰিছিল। ইয়াৰ পিছতে কনফাৰেন্স হলত ৱিকিপিডিয়ানসকলৰ অৰিহনা আৰু প্ৰত্যাহ্বানৰ বিষয়ে কৈছিল নীতেশ গীলে। ৱিকিৰ বিভিন্ন উন্নত পদ্ধতিৰ বিষয়ে প্ৰেজেণ্টেশ্যন দিছিল নিৱাচ আৰু জিনয়ে। আন এজন উদ্যোক্তা ৱিপিন, তেওঁ ৱিকিৰ লাইব্ৰেৰী আৰু ভৱিষ্যতৰ প্ৰজেক্টসমূহৰ বিষয়ে সকলোৰে লগত আলোচনা কৰিছিল। সুবোধ কুলকাৰ্নীয়ে ৱিকিউৎসৰ বিষয়ে প্ৰেজেণ্টেশ্যন দি কেনেকৈ কিতাপৰ সংগ্ৰহ আৰু ডিজিটাইজেচন কৰিব পাৰি জনাইছিল। বৰ্তমান চলি থকা পদক্ষেপসমূহৰ বিষয়ে পৱন চন্তুছে বিশদভাৱে কৈছিল। লগতে পদ্মিনী ৰয়ে এটা ভাষাক কেনেধৰণে সবল কৰিব পাৰি তাৰ পদক্ষেপসমূহৰ বিষয়ে জনাইছিল। প্ৰশিক্ষণৰ কালচোৱাত Smallwiki toolkits (bots), MediaWiki developers, Diff আদিৰ লগতে মালয়ালম ৱিকিয়ে হাতত লোৱা Wiki loves Muziris আদি প্ৰকল্পৰ বিষয়ে অৱগত কৰিছিল। এডিটাথনবিলাকে নতুন সদস্যক আকৰ্ষণ আৰু ধৰি ৰখাত কেনেদৰে সহায় কৰে,আৰু ৱিকিডাটাত স্কুল, পঞ্চায়ত আদিৰ তথ্য কেনেকৈ সংযোগ কৰিব পাৰি সেই বিষয়ে বুজাইছিল। তদুপৰি ৱিকিউৎসৰ অত্যাধুনিক স্কেনাৰেৰে কেনেকৈ কিতাপ স্কেন কৰা হয় তাৰো প্ৰশিক্ষণ দিয়া হৈছিল।

এই প্ৰশিক্ষণত প্ৰত্যেক দিনাই গ্ৰুপ এক্টিভিটিবিলাকৰ যোগেদি বিভিন্ন ৱিকিৰ সদস্যসকলৰ মনৰ ভাৱবোৰৰ আদান প্ৰদান কৰিবলৈ সুবিধা দিছিল। প্ৰত্যেকটো গ্ৰুপক কিছুমান প্ৰশ্ন দিয়া হৈছিল আৰু সেই প্ৰশ্নৰ উত্তৰ একোখন চাৰ্টত ষ্টিকি নোটত লিখিব লগা হৈছিল। লগতে সেই নোটবিলাক গ্ৰুপৰ সদস্যসকলে বিশ্লেষণ কৰিছিল। বিভিন্ন ভাষাৰ সদস্যসকলৰ সৈতে একেলগে গ্ৰুপত কাম কৰাটো এক অনন্য অভিজ্ঞতা আছিল। ব্যস্ততাৰে ভৰা প্ৰশিক্ষণৰ মাজতে ফৰ্ট কোচিলৈ ফুৰাবলৈ নিয়া কাৰ্যসূচীয়ে প্ৰথমবাৰৰ বাবে water metro-ত উঠাৰ সুযোগ দিলে। এই যাত্ৰাতে চেণ্ট ফ্ৰান্সিছ চাৰ্চ, ভাস্কো দা গামাৰ প্ৰথম গীৰ্জা, ডাচ চেমিনাৰী, চাইনা ভেলা আদি ঐতিহাসিক কীৰ্তিচিহ্নবোৰ চাই অভিভূত হৈ পৰিছিলো। বাঁহৰ মাছ ধৰা জাল আৰু বেৰত কৰা আৰ্টবিলাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

শেষৰ দিনা প্ৰশিক্ষণৰ অন্তত চন্দন আৰু মই ট্ৰেইন-দ্য-ট্ৰেইনাৰ উদ্যোক্তাসকলক একোখনকৈ ফুলাম গামোচাৰে সন্মান যাচিলো। বিদায় বেলাত CIS-A2K ৰ ফালৰ পৰা সকলো সদস্যকে একোটাকৈ সুন্দৰ লেপটপৰ বেগ উপহাৰ দিলে। প্ৰশিক্ষণৰ মুহূৰ্তবোৰত অনুভৱ হৈছিল শিক্ষাৰ্থীৰ জীৱন। ৱিকিৰ বিদ্যালয়খনিত ইমান কথা শিকিব লগা আছে। কিন্তু ইংৰাজী ভাষাত দখল নথকাৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হৈছিলো। নিজৰ মাতৃভাষাৰ লগতে যোগাযোগৰ মাধ্যম হিচাপে ইংৰাজী ভাষাও আৱশ্যক যেন অনুভৱ হ'ল। এই প্ৰশিক্ষণৰ অভিজ্ঞতাই মোক ৱিকিত অৰিহনা যোগোৱাৰ বহুতো নতুন দিশ দেখুৱালে। ট্ৰেইন-দ্য-ট্ৰেইনাৰত যোগদান কৰিবলৈ সুবিধা পোৱা বাবে CIS-A2K ৰ সমূহ সদস্যক আন্তৰিক ধন্যবাদ জনালো।

Rumi Borah~aswiki (বাৰ্তা) 13:40, 29 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

নাৰ্গেছ মহম্মদী (ইংৰাজী: Narges Mohammadi; জন্ম: ২১ এপ্ৰিল ১৯৭২) এজন ইৰানী মানৱ অধিকাৰ কৰ্মী আৰু শান্তিৰ নোবেল বঁটা বিজয়ী। বৰ্তমান তেওঁ শান্তিৰ নোবেল বঁটা বিজয়ী শ্বিৰিন এবাডীৰ নেতৃত্বত গঠিত ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰ (মানৱ অধিকাৰ ৰক্ষক কেন্দ্ৰ) চমুকৈ DHRCৰ উপ-সভানেত্ৰী। তেওঁ ইৰানত হিজাবৰ বিৰুদ্ধে গণ নাৰীবাদী নাগৰিক অবাধ্যতাৰ কণ্ঠস্বৰৰ প্ৰতীক আৰু ২০২৩ চনৰ হিজাব আৰু সতীত্ব কাৰ্যসূচীৰ সমালোচক। ২০১৬ চনৰ মে' মাহত তেহৰাণত "মৃত্যদণ্ড বিলুপ্ত কৰাৰ বাবে প্ৰচাৰ চলোৱা মানৱ অধিকাৰ আন্দোলন" আৰম্ভ কৰা আৰু ইয়াক চলাই নিয়াৰ বাবে নাৰ্গেছ মহম্মদীক ১৬ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। তেওঁক ২০২০ চনত মুকলি কৰি দিয়া হয় যদিও ২০২১ চনত পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। তেতিয়াৰ পৰাই তেওঁ ইৰানত আটক কৰা মহিলাসকলৰ ওপৰত চলোৱা নিৰ্যাতন আৰু এককভাৱে বন্দী কৰাৰ প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে।

২০২৩ চনৰ অক্টোবৰ মাহত কাৰাগাৰত কাৰাবন্দী হৈ থকা সময়ত তেওঁক "ইৰানৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতা প্ৰসাৰৰ বাবে কৰা যুঁজৰ বাবে" ২০২৩ চনৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয়। ইৰানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মহম্মদীক এই বঁটা প্ৰদান কৰা সিদ্ধান্তক গৰিহণা দিছে। বিতংকৈ ইয়াত পঢ়ক...


যোৱামাহৰ ভাল প্ৰবন্ধ বিক্ৰম বাত্ৰাৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
অক্টোবৰ-২০২৩ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৮৬

মহাত্মা গান্ধী এডিটাথন

  1. পঞ্চায়তী ৰাজ
  2. মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫
  3. গান্ধী মণ্ডপ, গুৱাহাটী
  4. মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (হিউষ্টন)
  5. গান্ধী শান্তি বঁটা
  6. ৰাষ্ট্ৰীয় নিমখ সত্যাগ্ৰহ স্মাৰক
  7. মণি ভৱন
  8. মহাত্মা গান্ধীৰ অনুশীলন আৰু বিশ্বাস
  9. মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (ছান ফ্ৰান্সিস্কো)
  10. ইণ্ডিয়ান নেচনেল কাউন্সিল
  11. মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, ভাৰতীয় সংসদ ভৱন
  12. চেভেন ছ'চিয়েল চিনছ্
  13. হোম ৰুল
  14. বিবি আমতুছ চালাম
  15. শিৱপ্ৰসাদ গুপ্ত
  16. শেৰবাজ খান
  17. সুবোধ ৰয়
  18. সুৰেশ চন্দ্ৰ মিশ্ৰ
  19. মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, গান্ধী ময়দান
  20. আব্দুল বাৰী (অধ্যাপক)
  21. শামলীৰ যুদ্ধ
  22. আইন অমান্য
  23. শিমলা সন্মিলন
  24. নজিব আলী চৌধুৰী
  25. পি এচ নটৰাজ পিল্লাই
  26. উমাজী নাইক
  27. প্ৰবীণ তোগড়িয়া
  28. অহিংসা
  29. ভাইকম সত্যাগ্ৰহ
  30. ধৰাসন সত্যাগ্ৰহ
  31. শ্যাম সুন্দৰ চক্ৰৱৰ্তী
  32. ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন
  33. হৰিজন (আলোচনী)
  34. ৰাম সিং ঠাকুৰী

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. ক্লডিয়া গোল্ডিন
  2. পিয়েৰ অগ'ষ্টিনি
  3. ফেৰেণ্টচ ক্ৰাউচ
  4. আন্ লুইলিয়ে
  5. কাটালিন কাৰিক'
  6. ফ্ৰান্সিছ ফিচাৰ
  7. ড্ৰু ৱাইছ্‌মেন
  8. নাৰ্গেছ মহম্মদী

অন্যান্য

  1. বাংলাদেশৰ ভাষাসমূহ
  2. ইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাস
  3. ঢাকা বিশ্ববিদ্যালয়
  4. প্ৰুছিয়া ৰাজ্য
  5. বলকান অঞ্চল
  6. আছ-ছুন্না ফাউণ্ডেশ্যন
  7. বিশ্ব ষ্ট্ৰ'ক দিৱস

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. বীৰেন্দ্ৰ সেহৱাগ
  2. ৰবি শাস্ত্ৰী
  3. ৰবীন্দ্ৰ জাদেজা
  4. ৰচীন ৰবীন্দ্ৰ
  5. কিশোৰ জেনা
  6. সোহম শ্বাহ
  7. পি ভি আৰ ৰাজা
  8. জিষ্ণু ৰাঘৱন
  9. অবিনাশ ছাব্‌লে
  10. ইয়ন ফছে

চলচ্চিত্ৰ বিষয়ক

  1. মানগৰম
  2. চাৰুলতা

অন্যান্য

  1. গোলাঘাট বাণিজ্য মহাবিদ্যালয়

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. অৰুণলোচন দাস
  2. সুব্ৰত জ্যোতি নেওগ
  3. নাৰায়ণ দাস ঠাকুৰ আতা
  4. চেনিৰাম গগৈ
  5. পদ্ম আতা

গ্ৰন্থ বিষয়ক

  1. ছগনলাল জৈন সাহিত্য বঁটা
  2. প্ৰেমত পৰিলো নেকি

চলচ্চিত্ৰ বিষয়ক

  1. ৰাঘৱ

অন্যান্য

  1. ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত
  2. হেলচাৰ পাম
  3. দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্ত
  4. হিড়া নাম
  5. কৈৱৰ্ত জনগোষ্ঠী
  6. অসমত দেখা পোৱা বান্দৰৰ তালিকা
  7. মাটিডাইল

সানমিহলি

  1. শক যুগ
  2. লিউকিমিয়া
  3. জৰায়ু
  4. শ্বৰীয়ত
  5. ছুন্নাহ
  6. ল'ৰা
  7. পৃথিৱীৰ বায়ুমণ্ডল
  8. এইচ আই ভি/এইডছ ৰোগীৰ বিৰুদ্ধে বৈষম্য
  9. সোণালী-পোক
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
কাতি বিহু উপলক্ষে এগৰাকী অসমীয়া মহিলাই শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ খেতিপথাৰত চাকি দিয়াৰ এটি দৃশ্য
চিত্ৰ শিল্পী: জ্ঞানজ্যোতি বৰা
উল্লেখনীয় ৱিকিমিডিয়ান

মৃদুল সিংহ ফুকন: ২০১৩ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী উৎসাহী আৰু দক্ষ ৱিকিমিডিয়ান। এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়াত মুঠ ২,৭৫১টা সম্পাদনা কৰাৰ লগতে ২টা প্ৰবন্ধৰ সৃষ্টি কৰিছে। তেওঁৰ এই অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক অক্লান্ত কৰ্মী পদক", "এই মাহৰ ৱিকিমিডিয়ান" আদি পদকেৰে সন্মানিত কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
হানিফ আলী
ন'বেল বিজয়ী পদক
অজয় দাস
তড়িৎ বেগী প্ৰশাসক পদক
দিব্য দত্ত
আয়োজক পদক
প্ৰাণজ্যোতি নাথ
মহাত্মা গান্ধী এডিটাথন পদক
অজয় দাস

জোনালী বৰুৱা
জ্যোতি মেধি
দিব্য দত্ত
নয়ন জ্যোতি নাথ
প্ৰণামিকা অধিকাৰী
হানিফ আলী

গ্ৰন্থস্ৰোতৰ ভগীৰথ
গীতাৰ্থ বৰদলৈ
হেঙুল-হাইতাল পদক
হানিফ আলী





বিশেষ অভিলেখ
অক্টোবৰ-২০২৩ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

অক্টোবৰ মাহত মহাত্মা গান্ধী এডিটাথন, ২০২৩ শীৰ্ষক এক সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়৷ ইয়াত ৭ গৰাকী অংশগ্ৰহণকাৰীয়ে মুঠ ৩৪টা নতুন প্ৰবন্ধৰ সৃষ্টি কৰে আৰু ৩টা প্ৰবন্ধ বিস্তাৰ কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১২,২০৯ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৫৯০ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৫৬৪ টালৈ বৃদ্ধি পালে।
  • অক্টোবৰ মাহত দিল্লীত অনুষ্ঠিত হোৱা Wiki Women Camp-2023ত অসমীয়া ৱিকিমিডিয়ান প্ৰণামিকা অধিকাৰীয়ে অংশগ্ৰহণ কৰে।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
বাবুল বৈশ্য ৬৫ - - - -
ভাস্কৰ ভূঞা ৭৫ - - - -
চন্দন চিৰিং ফুকন ১৮৩ ১৭ ৪৩ ১৪৪ ৩৭
চাণক্য কুমাৰ দাস ৪৭ ১১ -
গীতাৰ্থ বৰদলৈ ৫৬ ৭৩ -
প্ৰাণজ্যোতি নাথ ১৮৮ ৪৫ - - -
জোনালী বৰুৱা ১৭৫ - - - -
জ্যোতি চিৰিং ১৫৬ - -
খিলঞ্জীত ২১৬ - - -
১০ কন্দৰ্পজিৎ কল্লোল ১৯১ - -
১১ নয়ন জ্যোতি নাথ ৯৬ ১১ ৩৬
১২ প্ৰণামিকা অধিকাৰী ৩৪৯ ১৫৬ ৮৪ - -
১৩ দিব্য দত্ত ৪৩৩ ১০৫ ৫৩ ৪৫ ১০৮
১৪ যদুমণি গগৈ ১৩০ - - - -
১৫ হানিফ আলী ১৫৩ ১১১ - ১৮১
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।