ৰচীন ৰবীন্দ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰচীন ৰবীন্দ্ৰ
ব্যক্তিগত তথ্য
জন্ম ১৮ নৱেম্বৰ, ১৯৯৯ (২৪ বছৰ)
ৱেলিংটন, নিউজিলেণ্ড
বেটিং শৈলী বাওঁহাত
বলিং শৈলী বাওঁহাত
উৎস: Cricinfo, ৩ ডিচেম্বৰ ২০২১

ৰচীন ৰবীন্দ্ৰ ( কন্নড়: ರಚಿನ್ ರವೀಂದ್ರ  ; জন্ম ১৮ নৱেম্বৰ ১৯৯৯) এজন নিউজিলেণ্ড ক্ৰিকেটাৰ[1]

ভাৰতীয় পিতৃ-মাতৃৰ ঘৰত ৰবীন্দ্ৰৰ জন্ম হৈছিল; পিতৃ ৰবি কৃষ্ণমূৰ্তি বাংগালুৰুত বাস কৰা এজন চফ্টৱেৰ চিষ্টেম আৰ্কিটেক্ট আৰু মাতৃ দীপা কৃষ্ণমূৰ্তি নিউজিলেণ্ডৰ ৱেলিংটনত থাকে। [2] ২০২১ চনৰ ছেপ্টেম্বৰ মাহত নিউজিলেণ্ড ক্ৰিকেট দলৰ হৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। [3]

জীৱনৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

নিউজিলেণ্ডৰ ৱেলিংটনত ভাৰতীয় পিতৃ-মাতৃৰ ঘৰত জন্ম হৈছিল ৰবীন্দ্ৰৰ।[4] তেওঁৰ পিতৃ ৰবি কৃষ্ণমূৰ্তি নিউজিলেণ্ডত বাস কৰা এজন চফটৱেৰ আৰ্কিটেক্ট। বাংগালুৰুত থাকি ক্লাব ক্ৰিকেট খেলিছিল।[5] ৰচীনৰ পিতৃৰ প্ৰিয় ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড় আৰু শচীন তেণ্ডুলকাৰ। ৰাহুলত থকা "ৰ" আৰু শচীনত থকা "চীন"-এৰে পুত্ৰৰ নাম ৰাখে "ৰচীন"। [6]

কেৰিয়াৰ[সম্পাদনা কৰক]

২০১৬ চনৰ ১৯ ​​বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপ, ২০১৮ চনৰ ১৯ ​​বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ বাবে নিউজিলেণ্ডৰ দলত অন্তৰ্ভুক্ত হৈছিল। ২০১৮ চনৰ জুন মাহত তেওঁ ৱেলিংটনৰ সৈতে ২০১৮-১৯ ছিজনৰ বাবে চুক্তিবদ্ধ হয়। [7]

২১ অক্টোবৰত পাকিস্তান এৰ বিৰুদ্ধে নিউজিলেণ্ড এৰ হৈ তেওঁ লিষ্ট এত অভিষেক ঘটায়। ইয়াৰ উপৰিও ২০১৮ চনৰ ৩০ অক্টোবৰত পাকিস্তান এৰ বিৰুদ্ধে নিউজিলেণ্ড এৰ হৈ প্ৰথম শ্ৰেণীৰ অভিষেক ঘটায়। ২০১৯-২০ বৰ্ষৰ ফৰ্ড ট্ৰফীত অকলেণ্ডৰ বিৰুদ্ধে ৱেলিংটনৰ হৈ লিষ্ট এ ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰে ৰবীন্দ্ৰই। ২০২০ চনৰ মাৰ্চ মাহত ২০১৯-২০ বৰ্ষৰ প্লাংকেট শ্বিল্ড ছিজনৰ ষষ্ঠ ৰাউণ্ডত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰে। [8]

২০২০-২১ বৰ্ষৰ ঘৰুৱা ক্ৰিকেট ছিজনৰ পূৰ্বে ২০২০ চনৰ জুন মাহত তেওঁক চুক্তিবদ্ধ কৰিছিল ৱেলিংটনে। ২০২০ চনৰ নৱেম্বৰ মাহত ৰবীন্দ্ৰই ভ্ৰমণকাৰী ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুশীলন মেচৰ বাবে নিউজিলেণ্ড এ ক্ৰিকেট দলত নিৰ্বাচিত হয়। [9] প্ৰথম অনুশীলন মেচত ৰবীন্দ্ৰই ১১২ ৰানেৰে শতক অৰ্জন কৰে। [10]

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ[সম্পাদনা কৰক]

২০২১ চনৰ এপ্ৰিল মাহত ইংলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলা আৰু ২০১৯-২১ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলৰ বাবে নিউজিলেণ্ড টেষ্ট দলত নিৰ্বাচিত হৈছিল ৰবীন্দ্ৰ। পাকিস্তান ভ্ৰমণৰ বাবে নিউজিলেণ্ডৰ এদিনীয়া দলত নিৰ্বাচিত হৈছিল। ২০২১ চনৰ ১ ছেপ্টেম্বৰত বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টি-২০ খেলিছিল।[11]

২০২১ চনৰ নৱেম্বৰ মাহত ভাৰতৰ বিৰুদ্ধে খেলা শৃংখলাৰ বাবে নিউজিলেণ্ডৰ টেষ্ট দলত নিৰ্বাচিত হৈছিল ৰবীন্দ্ৰ। ২০২১ চনৰ ২৫ নৱেম্বৰত ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট খেলিছিল।[12]

তথ্যসমূহ[সম্পাদনা কৰক]

  1. "20 cricketers for the 2020s". The Cricketer Monthly. https://www.thecricketmonthly.com/story/1224850/20-cricketers-for-the-2020s। আহৰণ কৰা হৈছে: 6 July 2020. 
  2. "Meticulous Rachin building on father's cricket genes". ESPN Cricinfo. https://www.espncricinfo.com/story/meticulous-rachin-building-on-father-s-cricket-genes-1132964। আহৰণ কৰা হৈছে: 28 December 2020. 
  3. "Rachin Ravindra". ESPN Cricinfo. http://www.espncricinfo.com/ci/content/player/959767.html। আহৰণ কৰা হৈছে: 24 October 2018. 
  4. "Meticulous Rachin building on father's cricket genes" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/meticulous-rachin-building-on-father-s-cricket-genes-1132964। আহৰণ কৰা হৈছে: 2021-12-05. 
  5. "Meticulous Rachin building on father's cricket genes". ESPN Cricinfo. https://www.espncricinfo.com/story/meticulous-rachin-building-on-father-s-cricket-genes-1132964। আহৰণ কৰা হৈছে: 28 December 2020. 
  6. "ఇంగ్లండ్‌కే చుక్కలు చూపించాడు.. ఎవరీ రచిన్‌ రవీంద్ర? భారత్‌తో సంబంధం ఏంటి?" (te ভাষাত). సాక్షి. 2023-10-06. https://www.sakshi.com/telugu-news/sports/who-rachin-ravindra-new-zealands-cricket-world-cup-2023-hero-1802301। আহৰণ কৰা হৈছে: 2023-10-06. 
  7. "Central Districts drop Jesse Ryder from contracts list" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/central-districts-drop-jesse-ryder-from-contracts-list-1149432। আহৰণ কৰা হৈছে: 2021-12-05. 
  8. "Plunket Shield: Devon Conway and Rachin Ravindra put table-topping Firebirds in control" (en ভাষাত). Stuff. 2020-03-11. https://www.stuff.co.nz/sport/cricket/120203593/plunket-shield-devon-conway-and-rachin-ravindra-put-tabletopping-firebirds-in-control। আহৰণ কৰা হৈছে: 2021-12-05. 
  9. "Auckland lose Jeet Raval to Northern Districts, Finn Allen to Wellington in domestic contracts" (en ভাষাত). Stuff. 2020-06-15. https://www.stuff.co.nz/sport/cricket/121831138/auckland-lose-jeet-raval-to-northern-districts-finn-allen-to-wellington-in-domestic-contracts। আহৰণ কৰা হৈছে: 2021-12-05. 
  10. "Black Caps vs West Indies: Rachin Ravindra century gives New Zealand A control over tourists" (en ভাষাত). Stuff. 2020-11-20. https://www.stuff.co.nz/sport/cricket/123463428/black-caps-vs-west-indies-rachin-ravindra-century-gives-new-zealand-a-control-over-tourists। আহৰণ কৰা হৈছে: 2021-12-05. 
  11. "Full Scorecard of New Zealand vs Bangladesh 1st T20I 2021 - Score Report | ESPNcricinfo.com" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/new-zealand-in-bangladesh-2021-1272089/bangladesh-vs-new-zealand-1st-t20i-1272093/full-scorecard। আহৰণ কৰা হৈছে: 2021-12-05. 
  12. "Full Scorecard of India vs New Zealand 1st Test 2021/22 - Score Report | ESPNcricinfo.com" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/new-zealand-in-india-2021-22-1278658/india-vs-new-zealand-1st-test-1278674/full-scorecard। আহৰণ কৰা হৈছে: 2021-12-05.