সমললৈ যাওক

ৰাম সিং ঠাকুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেপ্টেইন
ৰাম সিং ঠাকুৰী
জন্ম ১৫ আগষ্ট, ১৯১৪
খানয়াৰা, ধৰমশালা, পাঞ্জাৱ প্ৰভিনেন্স, ব্ৰিটিছ ভাৰত
(বৰ্তমান হিমাচল প্ৰদেশ, ভাৰত)
মৃত্যু ১৫ এপ্ৰিল, ২০০২ (৮৭ বছৰ)
ভৈছকুণ্ড, উত্তৰ প্ৰদেশ, ভাৰত
আনুগত্য  ভাৰত
 ভাৰত
চাকৰি/শাখা ব্ৰিটিছ ইণ্ডিয়ান আৰ্মী
ভাৰতীয় ৰাষ্টীয় সেনা
ভাৰতীয় সেনা
চাকৰিৰ কাৰ্যকাল ১৯৪২-১৯৭৪
পদমৰ্যদা কোম্পানী হাবিলদাৰ মেজৰ
ইউনিট ১ম গোৰ্খা ৰাইফলছ
যুদ্ধ-বিগ্ৰহ খাইবাৰ পাখটুনখ্বা যুদ্ধ
পুৰস্কাৰ কিং জৰ্জ ছিক্স কৰ’নেচন মেডেল
অন্যান্য  কাম বেণ্ড মাষ্টাৰ

ৰাম সিং ঠাকুৰী ইংৰাজী: Ram Singh Thakuri; ১৫ আগষ্ট ১৯১৪ – ১৫ এপ্ৰিল ২০০২) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সংগীতজ্ঞ আৰু সুৰকাৰ আছিল।[1] তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনীত (ইণ্ডিয়ান নেচনেল আৰ্মী) কৰ্মৰত অৱস্থাত ‘কদম কদম বঢ়ায়ে যা’ আৰু ‘সৱ সুখ চেইন’কে ধৰি কেইবাটাও দেশপ্ৰেমমূলক গীত ৰচনা কৰিছিল।

পিছৰ জীৱনত কেপ্তেইন সিঙে ‘উত্তৰ প্ৰদেশ প্ৰভিন্সিয়েল আৰ্মড কনষ্টেবুলাৰী’ (পিএচি)ত কাম কৰি ‘কনষ্টেবুলাৰী বেণ্ড’ প্ৰতিষ্ঠা কৰে।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯১৪ চনৰ ১৫ আগষ্টত, ধৰ্মশালাৰ সমীপৰ ভগছু খানয়াৰা গাঁৱত কেপ্তেইন ৰাম সিঙৰ জন্ম হৈছিল। তেওঁৰ পিতৃ হাবিলদাৰ দেলিপ সিঙে ৰাম সিংহক সেনাবাহিনীত যোগদান কৰিবলৈ প্ৰস্তুত কৰিছিল। মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ১৯২৭ চনত ধৰমশালা চাউনীত দ্বিতীয় গোৰ্খা ৰাইফলছত বেণ্ডৰ ৰিক্ৰুইট বয় হিচাপে যোগদান কৰে। ৰাম সিং ঠাকুৰীৰ মতে, তেওঁ তেওঁৰ মাতামহ নাথু চান্দৰ পৰা সংগীত শিকিবলৈ অনুপ্ৰাণিত হৈছিল। পিছলৈ ব্ৰিটিছ সংগীতজ্ঞ হেডছন আৰু ডেনিছৰ পৰা আৰ্মিত ব্ৰাছ বেণ্ড, ষ্ট্ৰিং বেণ্ড আৰু ডান্স বেণ্ডৰ প্ৰশিক্ষণ লৈছিল। কেপ্তেইন ৰোজৰ পৰা তেওঁ ভায়লিনো শিকে। [2]

সেনাবাহিনীত কাম কৰি থাকোঁতে সিঙে সংগীতৰ প্ৰতি থকা তেওঁৰ প্ৰেম আৰু দেশসেৱা, দুয়োটাৰে যুগলবন্দী ঘটাইছিল। তেওঁ শাস্ত্ৰীয় আৰু পশ্চিমীয়া সংগীতৰ লগতে বেলাড, ব্ৰাছ বেণ্ড, ষ্ট্ৰিং বেণ্ড আৰু ডান্স বেণ্ডৰ প্ৰশিক্ষণ লয়। সংগীতৰ বাহিৰেও তেওঁ ফুটবল, ক্ৰীড়া আৰু মল্লযুঁজৰ প্ৰতি আকৰ্ষিত হৈছিল। [3]

ব্ৰিটিছ ভাৰতীয় সেনাবাহিনী

[সম্পাদনা কৰক]

১৯৩৭ চনৰ পৰা ১৯৩৯ চনৰ ভিতৰত খাইবাৰ পাখটুনখ্বাত কাম কৰি থকাৰ সময়ত সিঙে ৰজা ষষ্ঠ জৰ্জ পদক লাভ কৰে। ১৯৪১ চনত তেওঁ কোম্পানি হাবিলদাৰ মেজৰলৈ পদোন্নতি লাভ কৰে আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁক ইউনিটৰ সৈতে ছিংগাপুৰ আৰু মালয়লৈ পঠিওৱা হয়।

ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনী

[সম্পাদনা কৰক]

১৯৪১ চনৰ ডিচেম্বৰ মাহত জাপানী বাহিনীয়ে মালয়-থাইলেণ্ড সীমান্তত আক্ৰমণ কৰি ব্ৰিটিছ সেনাক পিছুৱাই যাবলৈ বাধ্য কৰে। ২০০জন ভাৰতীয় সৈনিকক জাপানীসকলে গ্ৰেপ্তাৰ কৰিছিল।

ভাৰতলৈ প্ৰত্যাৱৰ্তন

[সম্পাদনা কৰক]

যুদ্ধ শেষ হোৱাৰ পিছত সিঙক সতীৰ্থ সৈনিকৰ সৈতে ভাৰতলৈ পুনৰ জাহাজেৰে পঠিওৱা হয়। দিল্লী কেণ্টনমেণ্টৰ কাবুল লাইনত বন্দী হৈ থকা কেপ্তেইন ৰাম সিঙে দিল্লীত মহাত্মা গান্ধীৰ উপস্থিতিত আই এন এৰ ৰাষ্ট্ৰীয় সংগীত বজোৱাৰ সুযোগ পাইছিল। তেওঁ কৈছিল;

“আমি দিল্লীৰ কাবুল লাইন কেণ্টনমেণ্টত বন্দী হৈ আছিলো। সন্ধিয়া প্ৰায় ৭ বজাত আমাক সাজু হ’বলৈ কোৱা হ’ল। আমাৰ বেৰেকৰ সন্মুখত দুখন তিনিখন গাড়ী ৰৈ গ’ল। প্ৰথমখন গাড়ীত আৰ্মি জেনেৰেলৰ পতাকা স্থাপন কৰা হৈছিল। বাপুজীয়ে জেনেৰেলৰ গাড়ীৰ পৰা নামি আহিল। তেওঁৰ লগত আছিল চৰ্দাৰ পেটেল। আমি সকলোৱে শাৰী পাতি আছিলো। মহাত্মাজীয়ে ক’লে, ‘ব্ৰিটিছ চৰকাৰৰ দয়াত মই আপোনালোকক লগ পোৱাৰ সুযোগ পাইছোঁ। তেতিয়া বাপুজীয়ে প্ৰতিজন আই এন এ জোৱানৰ নাম আৰু গাঁৱৰ কথা সুধিলে। আই এন এৰ জেনেৰেল ভোঁছলেই চৰ্দাৰ পেটেলৰ ওচৰত কাতৰ অনুৰোধ জনাইছিল যে আই এন এৰ সৈন্যই কৌমী তৰানা বজাব বিচাৰে। বাপুজীয়ে ইংৰাজ সেনাৰ জেনেৰেলৰ পৰা অনুমতি বিচাৰিছিল আৰু তেওঁ সহজেই অনুমতি দিছিল।”

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে আৰু পিছদিনা ৰাতিপুৱা জৱাহৰলাল নেহৰুৱে লালকিল্লাৰ প্ৰাচীৰত ত্ৰিৰংগা উৰুৱাই দেশবাসীক সম্বোধন কৰে। এই উপলক্ষে কেপ্টেইন ৰাম সিঙক তেওঁৰ অৰ্কেষ্ট্ৰা গোটৰ সদস্যসকলৰ সৈতে আইএনএৰ কৌমি তৰানাৰ সুৰ বজাবলৈ বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছিল। পিছলৈ মূল লিপিৰ পৰিৱৰ্তনৰ সৈতে সুৰৰ ম্যাদ হ্ৰাস কৰা হৈছিল। অৱশ্যে, সংগীতৰচনাটো ইয়াৰ মূল ৰূপত গ্ৰহণ কৰা হৈছিল।[4]

১৯৪৭ চনৰ পিছৰছোৱা

[সম্পাদনা কৰক]

পিএচিৰ তৃতীয় বেটেলিয়নৰ কমাণ্ডেণ্ট শ্ৰী জগদীশ প্ৰসাদ বাজপেইয়ে ৰাম সিঙক ১৯৪৮ চনত , উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত তৃতীয় বেটেলিয়ন পিএচিত নিযুক্তি দিছিল, আৰু পিছত ইন্সপেক্টৰ পদত বেণ্ড মাষ্টাৰ হিচাপে পদোন্নতি দিয়া হৈছিল। ঠাকুৰীয়ে ১৯৭৪ চনত অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰৰ পিছত তেওঁক উপ অধীক্ষক সন্মানীয় পদবী প্ৰদান কৰা হয়। অৱসৰৰ সময়ত তেওঁক "ডি এছ পি বেণ্ড ইউ পি পুলিচ" বুলি জনা গৈছিল। তেওঁক ভাৰত চৰকাৰৰ উপৰিও [[[উত্তৰ প্ৰদেশ]] আৰু ছিকিম চৰকাৰে সন্মানিত কৰিছিল।

শেষৰ বছৰবোৰ

[সম্পাদনা কৰক]

কেপ্তেইন সিঙৰ শেষৰ বছৰবোৰ কঠিন আৰু বিতৰ্কিত আছিল, যাৰ বাবে চৰকাৰে বহু সমালোচনাৰ সন্মুখীন হৈছিল।[5] প্ৰথমতে তেওঁক চৰকাৰে স্বাধীনতা সংগ্ৰামীৰ মৰ্যাদাৰ পৰা বঞ্চিত কৰিছিল[6] তেওঁক প্ৰাপ্য ধনৰাশি আদায় নিদিয়াৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ ওপৰত অৱমননাৰ গোচৰ তৰা হৈছিল, যদিও সংশ্লিষ্ট ধনৰ পৰিমাণ নিচেই সামান্য আছিল। এটা সময়ত আদালতৰ এখন বিতৰ্কিত আবেদনত তেওঁ যে ৰাষ্ট্ৰীয় সংগীতৰ সুৰকাৰ নহয় সেই কথা প্ৰতিষ্ঠা কৰিব বিচৰা হৈছিল।

২০০১ চনৰপৰা মৃগীৰোগত ভুগি প্ৰায় এবছৰ ধৰি অসুস্থ হৈ থকাৰ পাছত ২০০২ চনৰ ১৫ এপ্ৰিলত কেপ্টেইন সিঙৰ মৃত্যু হয়। ভাইচাকুণ্ডত ৰাজ্যিক সন্মানেৰে তেওঁক [[অন্ত্যেষ্টিক্ৰিয়া] কৰা হয়। অৱশ্যে কেইজনমান আৰক্ষী বিষয়াৰ বাহিৰে উল্লেখযোগ্য বা বিশিষ্ট চৰকাৰী বিষয়াৰ উপস্থিত নথকাৰ বাবে উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰ সমালোচনাৰ সন্মুখীন হৈছিল।[1]

  • জৰ্জ ষষ্ঠ পদক, ১৯৩৭
  • নেতাজী স্বৰ্ণ পদক( আজাদ হিন্দ ), ১৯৪৩
  • উত্তৰ প্ৰদেশৰ প্ৰথম ৰাজ্যপাল স্বৰ্ণ পদক, ১৯৫৬
  • ৰাষ্ট্ৰপতি আৰক্ষী পদক, ১৯৭২
  • উত্তৰ প্ৰদেশ সংগীত নাটক একাডেমী (ইউ পি সংগীত আৰু নাট্য একাডেমী) বঁটা, ১৯৭৯
  • ছিকিম চৰকাৰৰ মিত্ৰসেন বঁটা, ১৯৯৩
  • ১৯৯৬ চনত পশ্চিম বংগ চৰকাৰৰ প্ৰথম আজাদ হিন্দ ফৌজ বঁটা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]