সুব্ৰত জ্যোতি নেওগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুব্ৰত জ্যোতি নেওগ
জন্ম যোৰহাট
পেচা অধ্যাপক, চলচ্চিত্ৰ সমালোচক, নাট সমালোচক, নাট্যকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা পি.এইচ.ডি
মাতৃশিক্ষায়তন গুৱাহাটী বিশ্ববিদ্যালয়
ধৰণ অসমীয়া সাহিত্য
বিষয় সমালোচনা সাহিত্য
দাম্পত্যসংগী ঋতুপৰ্ণা বৰা সুব্ৰত
সন্তান সাৰস্বত নেওগ

সুব্ৰত জ্যোতি নেওগ (জন্ম-১৯৮৪) তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক আৰু এগৰাকী চলচ্চিত্ৰ সমালোচক। তেওঁ এজন সাহিত্য আৰু চলচ্চিত্ৰ অধ্যয়ন বিষয়ৰ গৱেষক। তেওঁ অসমীয়া আৰু ইংৰাজী দুয়োটা বিষয়তে স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু অসমীয়া বিষয়ত তেওঁ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি স্বৰ্ণ পদক লাভ কৰিছিল। ইংৰাজী বিষয়তো তেওঁ প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈছিল। তদুপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। [1]

তেওঁৰ আশীৰো অধিক গৱেষণা পত্ৰ বিভিন্ন আগশাৰীৰ আলোচনী আৰু গৱেষণা পত্ৰিকাত প্ৰকাশ পাইছে।বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) পৃষ্ঠপোষকতা আগবঢ়োৱা গৱেষণা প্ৰকল্প এটি তেওঁ ২০১৫ চনত সম্পূৰ্ণ কৰে আৰু National Film Archive of India-ৰ অনুদানেৰে মঞ্জু বৰাৰ চলচ্চিত্ৰৰ বিষয়ে এটি প্ৰকল্প ২০২২ চনত সম্পূৰ্ণ কৰে। এইসমূহ কৃতিত্বৰ উপৰিও তেওঁ প্ৰায় ২০-খন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় আলোচনা চক্ৰত অংশগ্ৰহণ কৰিছে। তেওঁ ইতিমধ্যে ৯-খন গ্ৰন্থ প্ৰণয়ন কৰিছে।[2] ইয়াৰ উপৰিও তেওঁৰ প্ৰায় এশৰো অধিক ৰচনা বিভিন্ন আলোচনী, বাতৰি কাকত আদিত প্ৰকাশ পাইছে।

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

১৯৮৪ চনৰ ১ আগষ্টত যোৰহাট জিলাৰ পানীচকুৱা অঞ্চলৰ বৰখঙীয়া গাঁৱত ড° সুব্ৰতজ্যোতি নেওগৰ জন্ম হয়। পিতৃ সুৰেন নেওগ আৰু মাতৃ স্মৃতিৰেখা নেওগ।

শিক্ষা[সম্পাদনা কৰক]

নেওগে টিঙিৰীমৰা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ২০০৬ চনত গুৱাহাটী কলেজৰ পৰা প্ৰথম শ্ৰেণী প্ৰথম হৈ অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি অসমীয়া বিষয়ত স্বৰ্ণ পদক লাভ কৰে। তেওঁ ইংৰাজী বিষয়তো স্নাতকোত্তৰ ডিগ্ৰীধাৰী। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০১৪ চনত 'The language of Homen Borgohain's Prose: A Study in the light of Stylistics' বিষয়ত পিএইচ.ডি লাভ কৰে।

কৰ্ম জীৱন[সম্পাদনা কৰক]

তেওঁ শিৱসাগৰৰ হেমচন্দ্ৰ দেৱ গোস্বামী‌ মহাবিদ্যালয়ত ২০১০ চনত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। তেওঁ ২০২০ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত সহযোগী অধ্যাপক হিচাপে যোগদান কৰে আৰু তেওঁ এই বিভাগৰ প্ৰতিষ্ঠাপক বিভাগীয় মুৰব্বী।

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

প্ৰকাশিত গ্ৰন্থ[2][সম্পাদনা কৰক]

  1. সাহিত্য সংস্কৃতিৰ সুবাস (২০১০)
  2. তপস্বিনী (ড° মামণি ৰ়ছম গোস্বামীৰ জীৱন আৰু সাহিত্যৰ ওপৰত আধাৰিত) (২০১২)
  3. চলচ্চিত্ৰ সাহিত্য (২০১৪)
  4. শৈলীবিজ্ঞান আৰু অসমীয়া সাহিত্য শৈলী (২০১৫)
  5. সাম্প্ৰতিক ভাৰতীয় চলচ্চিত্ৰ (২০১৯)

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  1. ভাৰতীয় নাট্ক পৰম্পৰা আৰু পৰিৱৰ্তন (২০১২)
  2. Indian drama tradition and translation (2012)[3]
  3. জ্যোতিৰ জোনাকী বাটেদি -একবিংশ শতিকাৰ নিৰ্বাচিত অসমীয়া নাটক (২০২২)[4]

আনুষ্ঠানিক পদবী[সম্পাদনা কৰক]

  1. জুৰী সদস্য, ইণ্ডিয়ান পেনোৰোমা, ২০২১
  2. মুৰব্বী ,অসমীয়া বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়
  3. সদস্য,অসমীয়া অধ্যয়ন পৰিষদ,উত্তৰ পূৰ্বাঞ্চল পাৰ্বত্য বিশ্ববিদ্যালয়, মেঘালয় ২০২১-২০২৪

উল্লেখযোগ্য বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

  1. শ্ৰেষ্ঠ চিত্ৰনাট্য ৰচনা সন্মান, গুৱাহাটী বিশ্ববিদ্যালয়, ২০০৭
  2. UGC, JRF Award, 2009
  3. শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক , নৰ্থ ইষ্ট প্ৰাগ চিনে এৱাৰ্ড, ২০১৫
  4. অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা-২০২৩-ৰ চিনেমা সম্পৰ্কীয় শ্ৰেষ্ঠ লেখাৰ বাবে 'পবিত্ৰ কুমাৰ ডেকা বঁটা'

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Shodhganga. “Homen Borgohainir Gadaya Sahityar Bhasa Ek Sailibijnanbhittik Adhyayan.” Inflibnet.ac.in, 2014, http://hdl.handle.net/10603/115345. Accessed 16 Oct. 2023.
  2. 2.0 2.1 পাটগিৰি, নৰেন আৰু সুব্ৰতজ্যোতি নেওগ (সম্পাদক)- জ্যোতিৰ জোনাকী বাটেদি, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, অক্টোবৰ, ২০২২, পৃষ্ঠা- বেটুপাতৰ শেষৰ পৃষ্ঠা
  3. Google, Books. “Indian Drama: Tradition and Transition.” Google Books, Books Way, 2014, books.google.co.in/books/about/Indian_Drama.html?id=vSx6vgAACAAJ&redir_esc=y. Accessed 16 Oct. 2023.
  4. Asomiya Pratidin. “পাৰ্থজিৎ বৰুৱাৰ ৰূপকোঁৱৰৰ ওপৰত গবেষণামূলক গ্ৰন্থ উন্মোচন….” Asomiya Pratidin, 29 Dec. 2021, www.asomiyapratidin.in/homepage/parthajeet-news-book-relesed. Accessed 16 Oct. 2023.