হিড়া নাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা


হিড়া নাম বা হিৰা নাম আৰু হিয়া নাম হৈছে অসমৰ সত্ৰসমূহত প্ৰচলিত চাৰি প্ৰকাৰৰ “নাম-প্ৰসঙ্গ”ৰ এটা প্ৰকাৰ।[1][2] সত্ৰসমূহত প্ৰচলিত চাৰি প্ৰকাৰৰ নাম হৈছে:[3]

  • দিহা নাম,
  • প্ৰসঙ্গীয়া নাম,
  • পাল নাম, আৰু
  • হিড়া নাম

মতান্তৰত “প্ৰসঙ্গ-নাম”ৰ পাঁচটা ভাগো পোৱা যায়। সেইকেইটা হৈছে:[3]

  • উৎসৱৰ নাম,
  • উপাঙ্গ নাম,
  • নিবিড় নাম,
  • বিড় নাম, আৰু
  • মানস নাম।

হিড়া নাম অতি প্ৰয়োজন সাপেক্ষে আলোচনামৰ্মে নাম প্ৰসঙ্গৰ শেষত নামতিসকল, ঠিয় হৈ পৰিৱেশন কৰে।[3] এই হিড়া নাম লেছাৰি সুৰত গোৱা হয়।[3] হিড়া নামত সাধাৰণতে গায়ন-বায়নসকলে মূলতঃ শ্ৰীকৃষ্ণৰ নাম, গুণানুকীৰ্ত্তন কৰা হয়।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]