সমললৈ যাওক

অসমৰ সত্ৰসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মহাপুৰুষ শঙ্কৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। বৰদোৱাৰ পিছতে শংকৰদেৱে আহোম ৰজাৰ ৰোষত পৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ আহি ধুৱাহাট বেলগুৰিত সত্ৰ প্ৰতিষ্ঠা কৰে। তাৰপিছত দক্ষিণ পাৰত ক্ষেত্ৰী, কাপালত, চুণপোৰা, পালেদি, কমাৰকুছি আদি ঠাইলৈ গৈ সত্ৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছতে সমসাময়িকভাৱে শংকৰদেৱে পাটবাউসীত, হৰিদেৱে মানৰিত, দামোদৰদেৱে বৈকুণ্ঠপুৰত আৰু মাধৱদেৱে সুন্দৰীদিয়া, গণককুছি আৰু বৰপেটাত সত্ৰ প্ৰতিষ্ঠা কৰে। শংকৰদেৱে দিয়া দায়িত্ব পালন কৰি গোপালদেৱে পৰৱৰ্ত্তীকালত উজনি অসমৰ ডেবেৰাপাৰত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰে। প্ৰথমতে অসমত ৬৬৫খন সত্ৰ আছিল যদিও এতিয়া তাৰে বেছিভাগৰে অস্তিত্ব নাই। এইকেইখনৰ ভিতৰত ৬৫খন কেৱল মাজুলীতে স্থাপন কৰা হৈছিল যাৰ ভিতৰত এতিয়া ২২ খনহে আছে।[1]

সত্ৰসমূহৰ তালিকা

[সম্পাদনা কৰক]
চামগুৰি সত্ৰৰ মুখা শিল্পৰ ফটো
চামগুৰি সত্ৰৰ মুখা শিল্পৰ ফটো

অসমৰ চাৰিখন ৰাজ সত্ৰ হ'ল: আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ আৰু কুৰুৱাবাহী সত্ৰ। ইয়াৰোপৰি অসমৰ বিভিন্ন অঞ্চলত বিস্তৃত হৈ থকা সত্ৰসমূহ হ’ল[2][1][3][4]

সংখ্যা সত্ৰৰ নাম ঠিকনা ইতিহাস
অকযা সত্ৰ বৰপেটা
অগ্নিশালা সত্ৰ বাঁহজানী, নলবাৰী
অনন্তগোসাঁই সত্ৰ নলবাৰী
অভয়পুৰী সত্ৰ নলবাৰী
আইভেটী ন সত্ৰ নগাঁও
আউনীআটী সত্ৰ মাজুলী
আগতোলা সত্ৰ কামৰূপ
আদি এলেঙী সত্ৰ লালুক, লখিমপুৰ
আধাৰ সত্ৰ যোৰহাট
১০ আন সত্ৰ ডিব্ৰুগড়
১১ আনন্দপুৰ সত্ৰ বৰপেটা
১২ আমগুৰি সত্ৰ লখিমপুৰ, নগাঁও
১৩ আমৰাঙা সত্ৰ কামৰূপ, বৰিহাট, দক্ষিণ কামৰূপ
১৪ আম্ৰিখোৱা সত্ৰ বৰপেটা
১৫ আলগা সত্ৰ কামৰূপ
১৬ আল্লিবাৰী সত্ৰ নলবাৰী
১৭ আঁহতগুৰি সত্ৰ যোৰহাট
১৮ বগাবুঢ়া সত্ৰ শোণিতপুৰ
১৯ ইকৰাজান সত্ৰ শিৱসাগৰ
২০ ইটাখুলি সত্ৰ মৰিগাঁও
২১ উজনিয়াল সত্ৰ শিৱসাগৰ
২২ উপবাপু সত্ৰ কামৰূপ
২৩ উৰপোত সত্ৰ কামৰূপ
২৪ উলাবাৰী সত্ৰ নলবাৰী
২৫ উল্কাবাৰী সত্ৰ নলবাৰী
২৬ উলুতলী সত্ৰ শিৱসাগৰ, গোলাঘাট
২৭ উলুতলীয়া সত্ৰ যোৰহাট
২৮ উলুবডি সত্ৰ কামৰূপ
২৯ উল্টা পানী সত্ৰ গোৱালপাৰা
৩০ এৰা সত্ৰ নলবাৰী
৩১ এলেঙি সত্ৰ যোৰহাট, নগাঁও, গোলাঘাট
৩২ ঔগুৰি সত্ৰ শিৱসাগৰ, গোলাঘাট
৩৩ ঔতলা সত্ৰ দৰং
৩৪ ঔৱা সত্ৰ যোৰহাট
৩৫ কচুৱা সত্ৰ নলবাৰী
৩৬ কছাৰিপাৰ সত্ৰ শিৱসাগৰ
৩৭ কটাহ সত্ৰ নলবাৰী
৩৮ কটাহবাৰী সত্ৰ নলবাৰী
৩৯ কঠালমুৰি সত্ৰ গোৱালপাৰা
৪০ কঠীয়াতলি সত্ৰ যোৰহাট
৪১ কণৰাপাৰা সত্ৰ বৰপেটা
৪২ কন্দলি সত্ৰ গোলাঘাট
৪৩ কপাহনৰা সত্ৰ নগাঁও
৪৪ কপিলী সত্ৰ দৰং
৪৫ কমলাবাৰী সত্ৰ (তিনিখন) যোৰহাট
৪৬ কৰতিপাৰ সত্ৰ যোৰহাট, শোণিতপুৰ
৪৭ কমাৰ সত্ৰ যোৰহাট
৪৮ কৰদৈগুৰি সত্ৰ যোৰহাট
৪৯ কৰুবাহা সত্ৰ কামৰূপ
৫০ কলাকটা সত্ৰ যোৰহাট, নগাঁও
৫১ কলাখোৱা সত্ৰ কামৰূপ
৫২ ক’লাচুপহা সত্ৰ কাকজান (যোৰহাট)
৫৩ কলাবাৰী সত্ৰ বিশ্বনাথ, যোৰহাট
৫৪ ক’লিয়া গোসাঁই সত্ৰ শোণিতপুৰ, যোৰহাট
৫৫ সৰুভগীয়া সত্ৰ নগাঁও
৫৬ কহৰা সত্ৰ কামৰূপ
৫৭ কহিনা সত্ৰ গোৱালপাৰা
৫৮ কহুৱাতলী সত্ৰ নগাঁও
৫৯ কাকৰি কটা সত্ৰ যোৰহাট
৬০ কাটনী নমাটি সত্ৰ শিৱসাগৰ
৬১ কাঠনিপাৰ সত্ৰ যোৰহাট, শিৱসাগৰ
৬২ কাঠপাৰ সত্ৰ লখিমপুৰ, শিৱসাগৰ
৬৩ কাঠমহন্ত ন সত্ৰ নগাঁও
৬৪ কাথবাপু সত্ৰ গোলাঘাট, শিৱসাগৰ
৬৫ কানুআতাৰ সত্ৰ তিনিচুকীয়া
৬৬ কান্দুপুৰ সত্ৰ কামৰূপ
৬৭ কান্ধূলিমাৰ সত্ৰ নগাঁও
৬৮ কাপলা সত্ৰ কামৰূপ, বৰপেটা
৬৯ কামজনীয়া সত্ৰ শিৱসাগৰ
৭০ কামদেৱাল সত্ৰ বিশ্বনাথ
৭১ কামপুৰ সত্ৰ নগাঁও
৭২ কাৰসাত্নী সত্ৰ কামৰূপ
৭৩ কাৰাকুছি সত্ৰ নলবাৰী
৭৪ কোদোবাহী সত্ৰ যোৰহাট
৭৫ কোৰেখন্দা সত্ৰ যোৰহাট
৭৬ কালজাৰ সত্ৰ বৰপেটা
৭৭ কালজিৰা সত্ৰ মৰাণ, নগাঁও
৭৮ কালশিলা সত্ৰ মৰাণ, নগাঁও
৭৯ কালশিলীয়া সত্ৰ নগাঁও
৮০ কাহিকুছি সত্ৰ কামৰূপ, লখিমপুৰ
৮১ কাৱৈমাৰি সত্ৰ শোণিতপুৰ, শিৱসাগৰ
৮২ কাংসপাৰ সত্ৰ লখিমপুৰ, যোৰহাট, শিৱসাগৰ
৮৩ কুচিমাৰি সত্ৰ বৰপেটা
৮৪ কুজী সত্ৰ নগাঁও
৮৫ কুঠিবাৰী সত্ৰ উত্তৰবংগ
৮৬ কুণ্ডাৰবাৰী সত্ৰ তেজপুৰ
৮৭ কুমতি সত্ৰ নলবাৰী
৮৮ কুৰচোং সত্ৰ নগাঁও, যোৰহাট
৮৯ কুৰুৱাবাহী সত্ৰ গোলাঘাট, নগাঁও
৯০ কুৰোৱাহা সত্ৰ বৰপেটা
৯১ কুলবিল সত্ৰ নলবাৰী
৯২ কুশাকাটি সত্ৰ গোৱালপাৰা
৯৩ কুঢ়িমাৰি সত্ৰ নগাঁও
৯৪ কেওঁটকুছি সত্ৰ বৰপেটা
৯৫ কেঁচাপতীয়া সত্ৰ যোৰহাট
৯৬ কেন্দুকুছি সত্ৰ নলবাৰী
৯৭ কেৱলীয়াহাটী সত্ৰ দৰং
৯৮ কৈচুঙীয়া সত্ৰ যোৰহাট
৯৯ কৈমাৰী সত্ৰ কামৰূপ, ছয়গাঁও, দক্ষিণ কামৰূপ
১০০ কৈৰাৰা সত্ৰ নলবাৰী
১০১ কৈহাটী সত্ৰ নলবাৰী
১০২ কোৱামৰা সত্ৰ শিৱসাগৰ
১০৩ খকৰা সত্ৰ নলবাৰী
১০৪ খটৰা সত্ৰ মঙলদৈ, শিৱসাগৰ
১০৫ খটিয়ামাৰি সত্ৰ কামৰূপ
১০৬ খনা সত্ৰ নলবাৰী
১০৭ খৰঙিয়াল সত্ৰ গোলাঘাট
১০৮ খৰমুজা সত্ৰ গোৱালপাৰা
১০৯ খলামবাৰী সত্ৰ কোচবিহাৰ
১১০ গজলা সত্ৰ যোৰহাট, নগাঁও
১১১ তলপিঝাৰ সত্ৰ পাত্ৰপুৰ, কামৰূপ (গ্ৰাম্য)
১১২ শ্ৰীশ্ৰীনাচনিপাৰ সত্ৰ লখিমপুৰ,অসম মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱ গুৰুজনাৰ নাতি শ্ৰীশ্ৰীপদ্মনাভদেৱে কালসংহতিৰ অন্তৰ্গত এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল।
১১৩ বৰহেৰামদো সত্ৰ দক্ষিণ কামৰূপৰ এখন ঐতিহাসিক সত্ৰ। এই সত্ৰখন মধ্যযুগত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। অসমৰ নৱবৈষ্ণৱ আন্দোলনত এই সত্ৰৰ ভূমিকা উল্লেখযোগ্য। মাধৱদেৱৰ প্ৰিয় শিষ্য পঢ়িয়া মাধৱ আতা এই সত্ৰৰ প্ৰথম ধৰ্মাচাৰ্য্য।
১১৪ শ্ৰী শ্ৰী বঁটাৰ গঞা সত্ৰ এই সত্ৰ খনি উত্তৰ লক্ষীমপুৰৰ ধেনুধৰীয়া গাঁও স্থিত এখন ঐতিহাসিক সত্ৰ। সত্ৰখন শ্ৰী শ্ৰী জয়কৃষ্ণ দেৱে ১৭৭১ শকত প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰখনৰ বৰ্তমানৰ সত্ৰাধিকাৰজন হৈছে শ্ৰী ভৱদেৱ গোস্বামী। বৰ্তমান অসমৰ ভিতৰত এই সত্ৰতে মাহেক যোৰা মহা পালনাম ভাগি অনুষ্ঠিত হৈ আহিছে। এই সত্ৰৰ শিষ্য লক্ষীমপুৰৰ উপৰিও গোলাঘাট, ধেমাজি, শিৱসাগৰ ইত্যাদি জিলাত প্ৰসাৰিত।
১১৫ শ্ৰীশ্ৰীপোহাৰদিয়া সত্ৰ মাজুলী,যোৰহাট (দুলিয়া গাঁও),অসম
১১৬। শ্ৰীশ্ৰী বিষ্ণু

সত্ৰ

কামৰূপ গ্ৰাম্য মিৰ্জা, লোহাৰঘাট (গাঁও:বৰঝাৰ-সন্ধ্যাপাৰা) অসম। এই সত্ৰখন স্থাপন কৰা হয়, ১৯৭২চনত আৰু এই সত্ৰখন ৰাভা জনগোষ্ঠীৰ লোকসকলে দ্বাৰা পৰিচালনা কৰা সত্ৰ, অসমৰ ভিতৰত বৰ্তমান সকলোতকৈ কনিষ্ঠতম সত্ৰাধিকাৰ তথা এই সত্ৰখনৰ বৰ্তমান আৰু প্ৰথম জনা সত্ৰাধিকাৰ শ্ৰীশ্ৰী বনজিৎদেৱ ৰাভা মহন্ত, অসমৰ ৰাভা জনগোষ্ঠীৰ দ্বিতীয়জনা সত্ৰাধিকাৰ॥
১১৭ শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ জোকতলি মৌজাৰ অন্তৰ্গত বাৰেঘৰ ভকত গাঁৱত এই সত্ৰৰ মূল সত্ৰ অৱস্থিত। ডিব্ৰুগড় জিলাৰ চাচনি মৌজাতো এই সত্ৰৰ এখনি শাখা সত্ৰ অৱস্থিত। শ্ৰীশ্ৰী ৰামানন্দদৱেৰ আজ্ঞাত শ্ৰীকৃষ্ণদেৱে‍ ষোড়শ শতিকাৰ প্ৰথম দশকতে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। অসমৰ সমাজ গঠন প্ৰক্ৰিয়া, বৈষ্ণৱ সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ লগতে বৈষ্ণৱ সাহিত্যৰ ৰচনা তথা চৰ্চা আৰু সুকুমাৰ কলা, বিশেষকৈ অসমৰ চিত্ৰকলাৰ ইতিহাসত এই সত্ৰৰ শ্ৰীশ্ৰীবিষ্ণুৰামদেৱ আৰু শ্ৰীশ্ৰীপূৰ্ণকামদেৱৰ বিশেষ স্থান আছে। এই সত্ৰৰ তৃতীয়জনা সত্ৰাধিকাৰ শ্ৰীৰামদেৱৰ ওচৰতেই নগা (নক্তে‍) নৰোত্তমে শৰণ লৈ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল। নৰোত্তমৰ প্ৰকৃত নাম লথা খুনবাও, নৰোত্তম নামটো গুৰু শ্ৰীৰাম আতাই নৰতো উত্তম অৰ্থত প্ৰদান কৰা নাম।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 ‘সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপৰ্য’ (২০০২)- ড॰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী; কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়
  2. পৱিত্ৰ অসম- মহেশ্বৰ নেওগ
  3. The Neo Vaisnavite movement and the satra institutionof Assam- S.N. Sarma
  4. সত্ৰ-সংস্কৃতিৰ ৰূপৰেখা- কেশৱানন্দ দেৱ গোস্বামী