অসমৰ সত্ৰসমূহৰ তালিকা
মহাপুৰুষ শঙ্কৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। বৰদোৱাৰ পিছতে শংকৰদেৱে আহোম ৰজাৰ ৰোষত পৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ আহি ধুৱাহাট বেলগুৰিত সত্ৰ প্ৰতিষ্ঠা কৰে। তাৰপিছত দক্ষিণ পাৰত ক্ষেত্ৰী, কাপালত, চুণপোৰা, পালেদি, কমাৰকুছি আদি ঠাইলৈ গৈ সত্ৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছতে সমসাময়িকভাৱে শংকৰদেৱে পাটবাউসীত, হৰিদেৱে মানৰিত, দামোদৰদেৱে বৈকুণ্ঠপুৰত আৰু মাধৱদেৱে সুন্দৰীদিয়া, গণককুছি আৰু বৰপেটাত সত্ৰ প্ৰতিষ্ঠা কৰে। শংকৰদেৱে দিয়া দায়িত্ব পালন কৰি গোপালদেৱে পৰৱৰ্তীকালত উজনি অসমৰ ডেবেৰাপাৰত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰে। প্ৰথমতে অসমত ৬৬৫খন সত্ৰ আছিল যদিও এতিয়া তাৰে বেছিভাগৰে অস্তিত্ব নাই। এইকেইখনৰ ভিতৰত ৬৫খন কেৱল মাজুলীতে স্থাপন কৰা হৈছিল যাৰ ভিতৰত এতিয়া ২২ খনহে আছে।[1]
সত্ৰসমূহৰ তালিকা
[সম্পাদনা কৰক]

অসমৰ চাৰিখন ৰাজ সত্ৰ হ'ল: আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ আৰু কুৰুৱাবাহী সত্ৰ। ইয়াৰ উপৰি অসমৰ বিভিন্ন অঞ্চলত বিস্তৃত হৈ থকা সত্ৰসমূহ হ’ল[2][1][3][4]
| সংখ্যা | সত্ৰৰ নাম | ঠিকনা | ইতিহাস |
|---|---|---|---|
| ১ | অকযা সত্ৰ | বৰপেটা | |
| ২ | অগ্নিশালা সত্ৰ | বাঁহজানী, নলবাৰী | অগ্নিশালা সত্ৰ স্থাপন সম্পৰ্কে বিভিন্ন মত পোৱা যায়। কিছুমানৰ মতে বিদ্যাবাগীশ নামে সন্ন্যাসী এজনে পূৰ্বতে এই ঠাইত শ্যামৰায় বিগ্ৰহ স্থাপন কৰিছিল। আকৌ কিছুমানৰ মতে, আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত বুজৰবৰুৱা বংশৰ পূৰ্বপুৰুষ বক্তমল্লই স্বপ্নোদেশক্ৰমে সত্ৰৰ বিগ্ৰহটি উদ্ধাৰ কৰি প্ৰতিষ্ঠা কৰাই পূজা-অৰ্চনাৰ বাবে বজালীৰ বিদ্যাবাগীশক আনি সত্ৰৰ দায়িত্ব অৰ্পণ কৰে। |
| ৩ | অনন্তগোসাঁই সত্ৰ | নলবাৰী | |
| ৪ | অভয়পুৰী সত্ৰ | নলবাৰী | |
| ৫ | আইভেটী ন সত্ৰ | নগাঁও | |
| ৬ | আউনীআটী সত্ৰ | মাজুলী | এইখন এখন ঐতিহাসিক সত্ৰ। সত্ৰৰ মূল উপাস্য দেৱতা হ'ল গোৱিন্দ মহাপ্ৰভু। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত ১৬৫৩ খ্ৰীষ্ট্ৰাব্দত আউনীআটী সত্ৰ স্থাপন কৰা হয়। জয়ধ্বজ সিংহই কুৰুৱাবাহীৰপৰা নিৰঞ্জন পাঠকক আনি ভূমিসহ দেউৰী,যোগনিয়াৰ আদি দি আউনিআটী সত্ৰ প্ৰতিষ্ঠা কৰে। |
| ৭ | আগতোলা সত্ৰ | কামৰূপ | |
| ৮ | আদি এলেঙী সত্ৰ | লালুক, লখিমপুৰ | |
| ৯ | আধাৰ সত্ৰ | যোৰহাট | অসমৰ পুৰণি সত্ৰসমূহৰ ভিতৰত ঢেকিয়াল মৌজাৰ অন্তৰ্গত আধাৰ সত্ অন্যতম। গুৰু মাধৱদেৱৰ পৰামৰ্শক্ৰমে যদুমণিদেৱে বংশীগোপালদেৱৰ সৈতে উজনিলৈ আহি বৈঞ্চৱ ধৰ্ম প্ৰচাৰ আৰু সম্প্ৰসাৰণত নিয়োজিত হৈ পৰে। যদুমণিদেৱ আৰু তেৰাৰ চাৰি পুত্ৰই লগ লাগি কেবাখনো ব্ৰহ্ম সংহতিৰ সত্ৰ প্ৰতিষ্ঠা কৰে। |
| ১০ | আন সত্ৰ | ডিব্ৰুগড় | |
| ১১ | আনন্দপুৰ সত্ৰ | বৰপেটা | |
| ১২ | আমগুৰি সত্ৰ | লখিমপুৰ, নগাঁও | |
| ১৩ | আমৰাঙা সত্ৰ | কামৰূপ, বৰিহাট, দক্ষিণ কামৰূপ | |
| ১৪ | আম্ৰিখোৱা সত্ৰ | বৰপেটা | |
| ১৫ | আলগা সত্ৰ | কামৰূপ | |
| ১৬ | আল্লিবাৰী সত্ৰ | নলবাৰী | |
| ১৭ | আঁহতগুৰি সত্ৰ | যোৰহাট | মাজুলীৰ আঁহতগুৰি মৌজাত অৱস্থিত আঁহতগুৰি সত্ৰ কাল সংহতিৰ সত্ৰ। সত্ৰৰ প্ৰতিষ্থাপক হ'ল সত্ৰাধিকাৰ শ্ৰীৰামদেৱ। পৰৱতী কালত সত্ৰখন বানপানীত ক্ষতিগ্ৰস্ত হোৱাত বতমান উত্তৰ লক্ষীমপুৰৰ বিহপুৰীয়া মৌজাৰ চমুৱালৈ স্থানান্তৰিত কৰা হয়। |
| ১৮ | বগাবুঢ়া সত্ৰ | শোণিতপুৰ | |
| ১৯ | ইকৰাজান সত্ৰ | শিৱসাগৰ | |
| ২০ | ইটাখুলি সত্ৰ | মৰিগাঁও | |
| ২১ | উজনিয়াল সত্ৰ | শিৱসাগৰ | |
| ২২ | উপবাপু সত্ৰ | কামৰূপ | |
| ২৩ | উৰপোত সত্ৰ | কামৰূপ | |
| ২৪ | উলাবাৰী সত্ৰ | নলবাৰী | |
| ২৫ | উল্কাবাৰী সত্ৰ | নলবাৰী | |
| ২৬ | উলুতলী সত্ৰ | শিৱসাগৰ, গোলাঘাট | |
| ২৭ | উলুতলীয়া সত্ৰ | যোৰহাট | |
| ২৮ | উলুবডি সত্ৰ | কামৰূপ | |
| ২৯ | উল্টা পানী সত্ৰ | গোৱালপাৰা | |
| ৩০ | এৰা সত্ৰ | নলবাৰী | |
| ৩১ | এলেঙি সত্ৰ | যোৰহাট, নগাঁও, গোলাঘাট | |
| ৩২ | ঔগুৰি সত্ৰ | শিৱসাগৰ, গোলাঘাট | |
| ৩৩ | ঔতলা সত্ৰ | দৰং | |
| ৩৪ | ঔৱা সত্ৰ | যোৰহাট | |
| ৩৫ | কচুৱা সত্ৰ | নলবাৰী | |
| ৩৬ | কছাৰিপাৰ সত্ৰ | শিৱসাগৰ | |
| ৩৭ | কটাহ সত্ৰ | নলবাৰী | |
| ৩৮ | কটাহবাৰী সত্ৰ | নলবাৰী | |
| ৩৯ | কঁঠালমুৰি সত্ৰ | গোৱালপাৰা | |
| ৪০ | কঠীয়াতলি সত্ৰ | যোৰহাট | এইখন এখন প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত সত্ৰ। যোৰহাট চহৰৰ সমীপৰ পটীয়া গাঁৱত অৱস্থিত। বাপুৰামদেৱে মাজুলীত স্থাপন কৰা লেটুগ্ৰাম সত্ৰৰ শাখা সত্ৰ এই কঠীয়াতলি সত্ৰ। |
| ৪১ | কণৰাপাৰা সত্ৰ | বৰপেটা | |
| ৪২ | কন্দলি সত্ৰ | গোলাঘাট | |
| ৪৩ | কপাহনৰা সত্ৰ | নগাঁও | |
| ৪৪ | কপিলী সত্ৰ | দৰং | |
| ৪৫ | কমলাবাৰী সত্ৰ (তিনিখন) | যোৰহাট | |
| ৪৬ | কৰতিপাৰ সত্ৰ | যোৰহাট, শোণিতপুৰ | |
| ৪৭ | কমাৰ সত্ৰ | যোৰহাট | |
| ৪৮ | কৰদৈগুৰি সত্ৰ | যোৰহাট | |
| ৪৯ | কৰুবাহা সত্ৰ | কামৰূপ | |
| ৫০ | কলাকটা সত্ৰ | যোৰহাট, নগাঁও | |
| ৫১ | কলাখোৱা সত্ৰ | কামৰূপ | |
| ৫২ | ক’লাচুপহা সত্ৰ | কাকজান (যোৰহাট) | |
| ৫৩ | কলাবাৰী সত্ৰ | বিশ্বনাথ, যোৰহাট | |
| ৫৪ | ক’লিয়া গোসাঁই সত্ৰ | শোণিতপুৰ, যোৰহাট | |
| ৫৫ | সৰুভগীয়া সত্ৰ | নগাঁও | |
| ৫৬ | কহৰা সত্ৰ | কামৰূপ | |
| ৫৭ | কহিনা সত্ৰ | গোৱালপাৰা | |
| ৫৮ | কহুৱাতলী সত্ৰ | নগাঁও | |
| ৫৯ | কাকৰি কটা সত্ৰ | যোৰহাট | |
| ৬০ | কাটনী নমাটি সত্ৰ | শিৱসাগৰ | |
| ৬১ | কাঠনিপাৰ সত্ৰ | যোৰহাট, শিৱসাগৰ | |
| ৬২ | কাঠপাৰ সত্ৰ | লখিমপুৰ, শিৱসাগৰ | |
| ৬৩ | কাঠমহন্ত ন সত্ৰ | নগাঁও | |
| ৬৪ | কাথবাপু সত্ৰ | গোলাঘাট, শিৱসাগৰ | |
| ৬৫ | কানুআতাৰ সত্ৰ | তিনিচুকীয়া | |
| ৬৬ | কান্দুপুৰ সত্ৰ | কামৰূপ | |
| ৬৭ | কান্ধূলিমাৰ সত্ৰ | নগাঁও | |
| ৬৮ | কাপলা সত্ৰ | কামৰূপ, বৰপেটা | |
| ৬৯ | কামজনীয়া সত্ৰ | শিৱসাগৰ | |
| ৭০ | কামদেৱাল সত্ৰ | বিশ্বনাথ | |
| ৭১ | কামপুৰ সত্ৰ | নগাঁও | |
| ৭২ | কাৰসাত্নী সত্ৰ | কামৰূপ | |
| ৭৩ | কাৰাকুছি সত্ৰ | নলবাৰী | |
| ৭৪ | কোদোবাহী সত্ৰ | যোৰহাট | |
| ৭৫ | কোৰেখন্দা সত্ৰ | যোৰহাট | |
| ৭৬ | কালজাৰ সত্ৰ | বৰপেটা | |
| ৭৭ | কালজিৰা সত্ৰ | মৰাণ, নগাঁও | |
| ৭৮ | কালশিলা সত্ৰ | মূল সত্ৰ: দলৈচুবা, মৰিগাঁও | সত্ৰৰ প্ৰতিষ্থাপক : শ্ৰীশ্ৰী অনন্তদেৱ। তেখেতে মায়ঙৰপৰা কালশিল উদ্ধাৰ কৰি সেই কালশিলৰ আধাৰত দলৈচুবাত কালশিলা সত্ৰ স্থাপন কৰিছিল আৰু সেই কালশিলৰ স্মৃতি স্বৰূপে আজিও মৰিগাঁৱৰ মায়ঙত কাছশিলা নামেৰে এটি মন্দিৰ অৱস্থিত।
এই সত্ৰৰ শাখা সত্ৰ : নাওকটা, মৰিগাঁও |
| ৭৯ | কালশিলীয়া সত্ৰ | নগাঁও | |
| ৮০ | কাহিকুছি সত্ৰ | কামৰূপ, লখিমপুৰ | |
| ৮১ | কাৱৈমাৰি সত্ৰ | শোণিতপুৰ, শিৱসাগৰ | |
| ৮২ | কাংসপাৰ সত্ৰ | লখিমপুৰ, যোৰহাট, শিৱসাগৰ | |
| ৮৩ | কুচিমাৰি সত্ৰ | বৰপেটা | |
| ৮৪ | কুঁজী সত্ৰ | নগাঁও | |
| ৮৫ | কুঠিবাৰী সত্ৰ | উত্তৰবংগ | |
| ৮৬ | কুণ্ডাৰবাৰী সত্ৰ | তেজপুৰ | |
| ৮৭ | কুমতি সত্ৰ | নলবাৰী | |
| ৮৮ | কুৰচোং সত্ৰ | নগাঁও, যোৰহাট | |
| ৮৯ | কুৰুৱাবাহী সত্ৰ | গোলাঘাট, নগাঁও | |
| ৯০ | কুৰোৱাহা সত্ৰ | বৰপেটা | |
| ৯১ | কুলবিল সত্ৰ | নলবাৰী | |
| ৯২ | কুশাকাটি সত্ৰ | গোৱালপাৰা | |
| ৯৩ | কুঢ়িমাৰি সত্ৰ | নগাঁও | |
| ৯৪ | কেওঁটকুছি সত্ৰ | বৰপেটা | |
| ৯৫ | কেঁচাপতীয়া সত্ৰ | যোৰহাট | |
| ৯৬ | কেন্দুকুছি সত্ৰ | নলবাৰী | |
| ৯৭ | কেৱলীয়াহাটী সত্ৰ | দৰং | |
| ৯৮ | কৈচুঙীয়া সত্ৰ | যোৰহাট | |
| ৯৯ | কৈমাৰী সত্ৰ | কামৰূপ, ছয়গাঁও, দক্ষিণ কামৰূপ | |
| ১০০ | কৈৰাৰা সত্ৰ | নলবাৰী | |
| ১০১ | কৈহাটী সত্ৰ | নলবাৰী | |
| ১০২ | কোৱামৰা সত্ৰ | শিৱসাগৰ | |
| ১০৩ | খকৰা সত্ৰ | নলবাৰী | |
| ১০৪ | খটৰা সত্ৰ | মঙলদৈ, শিৱসাগৰ | |
| ১০৫ | খটিয়ামাৰি সত্ৰ | কামৰূপ | |
| ১০৬ | খনা সত্ৰ | নলবাৰী | |
| ১০৭ | খৰঙিয়াল সত্ৰ | গোলাঘাট | |
| ১০৮ | খৰমুজা সত্ৰ | গোৱালপাৰা | |
| ১০৯ | খলামবাৰী সত্ৰ | কোচবিহাৰ | |
| ১১০ | গজলা সত্ৰ | যোৰহাট, নগাঁও | |
| ১১১ | তলপিঝাৰ সত্ৰ | পাত্ৰপুৰ, কামৰূপ (গ্ৰাম্য) | |
| ১১২ | শ্ৰীশ্ৰীনাচনিপাৰ সত্ৰ | লখিমপুৰ,অসম | মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱ গুৰুজনাৰ নাতি শ্ৰীশ্ৰীপদ্মনাভদেৱে কালসংহতিৰ অন্তৰ্গত এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। |
| ১১৩ | বৰহেৰামদো সত্ৰ | দক্ষিণ কামৰূপৰ এখন ঐতিহাসিক সত্ৰ। | এই সত্ৰখন মধ্যযুগত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। অসমৰ নৱবৈষ্ণৱ আন্দোলনত এই সত্ৰৰ ভূমিকা উল্লেখযোগ্য। মাধৱদেৱৰ প্ৰিয় শিষ্য পঢ়িয়া মাধৱ আতা এই সত্ৰৰ প্ৰথম ধৰ্মাচাৰ্য্য। |
| ১১৪ | শ্ৰী শ্ৰী বঁটাৰ গঞা সত্ৰ | এই সত্ৰ খনি উত্তৰ লক্ষীমপুৰৰ ধেনুধৰীয়া গাঁও স্থিত এখন ঐতিহাসিক সত্ৰ। | সত্ৰখন শ্ৰী শ্ৰী জয়কৃষ্ণ দেৱে ১৭৭১ শকত প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰখনৰ বৰ্তমানৰ সত্ৰাধিকাৰজন হৈছে শ্ৰী ভৱদেৱ গোস্বামী। বৰ্তমান অসমৰ ভিতৰত এই সত্ৰতে মাহেক যোৰা মহা পালনাম ভাগি অনুষ্ঠিত হৈ আহিছে। এই সত্ৰৰ শিষ্য লক্ষীমপুৰৰ উপৰি গোলাঘাট, ধেমাজি, শিৱসাগৰ ইত্যাদি জিলাত প্ৰসাৰিত। |
| ১১৫ | শ্ৰীশ্ৰীপোহাৰদিয়া সত্ৰ | মাজুলী,যোৰহাট (দুলিয়া গাঁও),অসম | |
| ১১৬। | শ্ৰীশ্ৰী বিষ্ণু
সত্ৰ |
কামৰূপ গ্ৰাম্য মিৰ্জা, লোহাৰঘাট (গাঁও:বৰঝাৰ-সন্ধ্যাপাৰা) অসম। | এই সত্ৰখন স্থাপন কৰা হয়, ১৯৭২চনত আৰু এই সত্ৰখন ৰাভা জনগোষ্ঠীৰ লোকসকলেদ্বাৰা পৰিচালনা কৰা সত্ৰ, অসমৰ ভিতৰত বৰ্তমান সকলোতকৈ কনিষ্ঠতম সত্ৰাধিকাৰ তথা এই সত্ৰখনৰ বৰ্তমান আৰু প্ৰথম জনা সত্ৰাধিকাৰ শ্ৰীশ্ৰী বনজিৎদেৱ ৰাভা মহন্ত, অসমৰ ৰাভা জনগোষ্ঠীৰ দ্বিতীয়জনা সত্ৰাধিকাৰ॥ |
| ১১৭ | শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰ | শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ জোকতলি মৌজাৰ অন্তৰ্গত বাৰেঘৰ ভকত গাঁৱত এই সত্ৰৰ মূল সত্ৰ অৱস্থিত। ডিব্ৰুগড় জিলাৰ চাচনি মৌজাতো এই সত্ৰৰ এখনি শাখা সত্ৰ অৱস্থিত। | শ্ৰীশ্ৰী ৰামানন্দদৱেৰ আজ্ঞাত শ্ৰীকৃষ্ণদেৱে ষোড়শ শতিকাৰ প্ৰথম দশকতে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। অসমৰ সমাজ গঠন প্ৰক্ৰিয়া, বৈষ্ণৱ সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ লগতে বৈষ্ণৱ সাহিত্যৰ ৰচনা তথা চৰ্চা আৰু সুকুমাৰ িকলা, বিশেষকৈ অসমৰ চিত্ৰকলাৰ ইতিহাসত এই সত্ৰৰ শ্ৰীশ্ৰীবিষ্ণুৰামদেৱ আৰু শ্ৰীশ্ৰীপূৰ্ণকামদেৱৰ বিশেষ স্থান আছে। এই সত্ৰৰ তৃতীয়জনা সত্ৰাধিকাৰ শ্ৰীৰামদেৱৰ ওচৰতেই নগা (নক্তে) নৰোত্তমে শৰণ লৈ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল। নৰোত্তমৰ প্ৰকৃত নাম লথা খুনবাও, নৰোত্তম নামটো গুৰু শ্ৰীৰাম আতাই নৰতো উত্তম অৰ্থত প্ৰদান কৰা নাম। |
| ১১৮ | দলগোমা সত্ৰ | গোৱালপাৰা | মাধৱ গুৰুজনাৰ ভাগিন ৰামচৰণ ঠাকুৰে প্ৰতিষ্ঠা কৰা দলগোমা সত্ৰ গোৱালপাৰা জিলাৰ অন্তৰ্গত ধূপধৰাৰ উতৰ-পশ্চিমেথকা খেকাপাৰা সত্ৰৰ সমীপত বিদ্যমান। উল্লেখযোগ্য যে গৌৰীপুৰৰ জমিদাৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা প্ৰথমা পত্নী তথা প্ৰমথেশ বৰুৱাৰ মাতৃ এই দলগোমা সত্ৰৰ জীয়ৰী আছিল। |
| ১১৯ | দিনজয় সত্ৰ | চাবুৱা,ডিব্ৰুগড় জিলা | দিনজয় সত্ৰ চাবুৱাৰপৰা প্ৰায় পাঁচ কিল'মিটাৰ আঁতৰত অৱস্থিত। গোপাল আতাৰ শিষ্য শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে বিষ্ণু বালিকুষ্ণীত অৰ্থাৎ এতিয়াৰ লখিমপুৰত সত্ৰ স্থাপন কৰিছিল। পাছত সত্ৰখন খুঁটিয়াপোতালৈ স্থানান্তৰিত কৰা হয়। সত্ৰৰ নৱম সত্ৰাধিকাৰ অষ্টভুজৰ সময়ত মোৱামৰীয়া ৰাজবিদ্ৰোহ মূৰ দাঙি উঠে। আৰু ১৭৭০ খীষ্ট্ৰাব্দত অষ্টভুজ নিৰুদ্দেশ হয় আৰু চৈধ্য বছৰ ধৰি ধৰ্মাসন শুণ্য হৈ ৰয়। পৰৱৰ্তী সময়ত গৌৰীনাথ সিংহৰ ৰাজত্বকালত পিতাম্বৰ চন্দ্ৰদেৱ সত্ৰাধিকাৰ হয়। ৰাজবিদ্ৰোহৰ সময়ত সত্ৰখনলৈ দুৰৱস্থা আহে। মানৰ আক্ৰমণৰ সময়ত
সত্ৰৰ নৱম অধিকাৰ ভক্তানন্দ গোসাঁই বৰ্তমানৰ যোৰহাট জিলাৰ গড়মূৰত আশয় লৈ থাকে। পাছত গোসাঁই মালৌপথাৰৰ বৰভেটি সত্ৰলৈ আহে। পৰৱৰ্তীকালত সৰ্বানন্দ সিংহৰ পুত্ৰ মতিবৰ বৰসেনাপতিয়ে ভক্তানন্দক প্ৰথমে ৰঙাগড়ালৈ আৰু পাছৰ পৰ্যায়ত চাবুৱাৰ দিনজানলৈ আনি দিনজয় সত্ৰ প্ৰতিষ্ঠা কৰে। |
| ১২০ | বালি সত্ৰ | দামোদৰ আতাই প্ৰতিষ্ঠা কৰা প্ৰাচীন আৰু ঐতিহাসিক সত্ৰ। দামোদৰ আতাৰ পৰিনাতিসকলে বৰদোৱা থানৰপৰাই সত্ৰখন পৰিচালনা কৰি আছিল যদিও পৰৱৰ্তীকালত লক্ষ্মীকান্তদেৱৰ বৰপুত্ৰ ধনেশ্বৰদেৱ বালি সত্ৰৰ অধিকাৰ হয়। সত্ৰৰ প্ৰাচীন আৰু আপুৰুগীয়া সম্পদসমূহৰ ভিতৰত টঙচু ফুকনে দান কৰা এটি ডাঙৰ ঘণ্টা আৰু এখন কাঁহ আছে। সত্ৰখন পুৰুষ সংহতিৰ। [5] | |
| ১২১ | গণককুছি সত্ৰ | বৰপেটা | মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা জিলাৰ অন্তৰ্গত গণককুছি সত্ৰ অসমৰ এখন প্ৰাচীন ঐতিহাসিক সত্ৰ। গুৰুজনাই এইখন সত্ৰত ১৮ বছৰ ৬ মাহ কাল আছিল বুলি জনশ্ৰুতি আছে। সত্ৰৰ কীৰ্তনঘৰত শংকৰদেৱ,মাধৱদেৱ আৰু বদুলা আতাৰ তিনিখন আসন স্থাপন কৰা আছে। কীৰ্তনঘৰৰ উত্তৰত মাধৱ গুৰুজনাই ৰোপণ কৰা এজোপা ৰঙিয়াল ফুল আছে। আৰু তাৰ সন্মুখত এখন টিনৰ চালি আছে। এই টিনৰ চালিৰ তলতে বহি শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত কথোপকথন হৈছিল। |
| ১২২ | চেঁচা সত্ৰ | শোণিতপুৰ,জামুগুৰিহাট | |
| ১২৩ | দিচিয়াল সত্ৰ | শোণিতপুৰ,কলংপুৰ | |
| ১২৪ | নমাটি সত্ৰ | শোণিতপুৰ | |
| ১২৫ | বালিপুখুৰী সত্ৰ | নগাঁও, কলিয়াবৰ | |
| ১২৬ | ভোগপুৰ সত্ৰ | মাজুলী | নিকা সংহতিৰ অন্তগত এই সত্ৰখন প্ৰায় ৫০০ বিঘা ভূ-খণ্ডৰে আগুৰা ভোগপুৰ সত্ৰৰ মণিকূটৰ গুৰু আসনত ভাগৱত শাস্ত্ৰ আছে। সত্ৰত বহুতো প্ৰাচীন আৰু আপুৰুগীয়া সম্পদ আছে। সম্পদসমূহৰ ভিতৰত সাঁচীপতীয়া পুথি, গুৰুজনাই ব্যৱহাৰ কৰা সামগ্ৰী আদি উল্লেখযোগ্য। |
| ১২৭ | ডিফলু সত্ৰ | যোৰহাট,হাতীগড় মৌজা | জয়হৰিদেৱৰ দ্বিতীয় পুত্ৰ ৰামচন্দ্ৰৰপৰা ডিফলু সত্ৰ সম্প্ৰসাৰিত হয়। |
| ১২৮ | ডৌকাচাপৰি সত্ৰ | মাজুলী | কাল সংহতিৰ প্লৱৰ্তক ভবাণীপুৰীয়া গোপাল আতাৰ পৰামৰ্শ অনুযায়ী যাদৱানন্দদেৱে মাজুলীত ডৌকাচাপৰি সত্ৰ প্ৰতিষ্ঠা কৰিছিল। সত্ৰখন বতমান নাই। মানৰ আক্ৰমণৰ সময়ত ডৌকাচাপৰি সত্ৰখন স্থানান্তৰিত হয়। |
| ১২৯ | লেটুগ্ৰাম সত্ৰ | মাজুলী | বাপুৰামদেৱে লেটুগ্ৰাম সত্ৰ স্থাপন কৰে। |
| ১৩০ | গজলা সত্ৰ | মাজুলী | সৰু যদুমনিয়ে মাজুলীত পূৰ্বতে গজলা সত্ৰ স্থাপন কৰিছিল। মানৰ আক্ৰমণৰ সময়ত গজলা সত্ৰ পূৰ্বৰ স্থানৰপৰা স্থানান্তৰ হৈ বৰ্তমান যোৰহাট জিলাৰ বিভিন্ন ঠাইলৈ সত্ৰখন স্থানান্তৰিত হয়। |
| ১৩১ | নাপালি সত্ৰ | যোৰহাট, টিয়ক | ৰতিকান্ত দ্বিজদেৱে স্থাপন কৰে।
তথ্যৰ উৎস[সম্পাদনা কৰক] |
- 1 2 ‘সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপৰ্য’ (২০০২)- ড॰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী; কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়
- ↑ পৱিত্ৰ অসম- মহেশ্বৰ নেওগ
- ↑ The Neo Vaisnavite movement and the satra institutionof Assam- S.N. Sarma
- ↑ সত্ৰ-সংস্কৃতিৰ ৰূপৰেখা- কেশৱানন্দ দেৱ গোস্বামী
- ↑ অসমৰ সত্ৰ সংস্কৃতি,নৱজ্যোতি দেৱ চৌধুৰী, শক্তিৰূপা পৰাশৰ