নজিব আলী চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৌলানা

নজিব আলি চৌধুৰী
ব্যক্তিগত
সমাধিস্থল ৰাওতগ্ৰাম, কৰিমগঞ্জ, অসম, ভাৰত
ধৰ্ম ইছলাম
সন্তান গোলাম ৰব চৌধুৰী
যুগ আধুনিক
আন্দোলন দেওবন্দী
জীৱিকা মুছলিম পণ্ডিত আৰু শিক্ষক
আত্মীয় আব্দুল মুনিম চৌধুৰী (প্ৰৌপ্ৰত্ৰ)
জ্যেষ্ঠ বিষয়বাব
শিক্ষক ইমদাদউল্লাহ মুহাজীৰ মক্কি
পেছা মুছলিম পণ্ডিত আৰু শিক্ষক

নজিব আলী চৌধুৰী (ইংৰাজী: Najib Ali Choudhury) ১৯ শতিকাৰ এগৰাকী বঙালী সম্প্ৰদায়ৰ মুছলিম পণ্ডিত আৰু শিক্ষক আছিল। বৰাক উপত্যকা অঞ্চলত প্ৰথমখন মাদ্ৰাছা ‘মডিনাতুল উলুম বাগবাৰী’ প্ৰতিষ্ঠাতা ৰূপে তেওঁ পৰিচিতি লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু বংশ[সম্পাদনা কৰক]

কৰিমগঞ্জৰ ওচৰৰ বাগবাৰী গাঁৱৰ এটি মুছলমান পৰিয়ালত চৌধুৰীৰ জন্ম হৈছিল। অঞ্চলটো তেতিয়াৰ মোগল সাম্ৰাজ্যৰ বংগ চুবাহৰ অধীনত থকা চিলেট চৰকাৰৰ অংশ আছিল। তেওঁৰ ককাক মহম্মদ নাকি এঘাৰোশতি পৰগনাৰ ৭০ নং তালুকৰ স্থানীয় মাটিৰ মালিক আছিল।[1] চৌধুৰীৰ পূৰ্বপুৰুষ সম্পৰ্কে পৰস্পৰ বিৰোধী বিভিন্ন জনশ্ৰুতি শুনা যায়। তেওঁৰ পৰিয়াল হয় মোগল যুদ্ধত আফগানিস্তানৰ ঘোৰ প্ৰদেশৰ পৰা প্ৰব্ৰজন কৰিছিল, নহয় চুফি সাধু শ্বাহ জালালৰ তিনিশ ষাঠীজন সংগীৰ ভিতৰত অন্যতম শ্বাহ উমৰ য়েমেনীৰ বংশধৰ আছিল।[2][3]

চৌধুৰীৰ ডাঙৰ পুত্ৰ আব্দুল হাই চৌধুৰীৰ হাতে লিখা পাণ্ডুলিপি অনুসৰি, এই পৰিয়ালটো বদাখচানৰ এজন সম্ভ্ৰান্ত ব্যক্তি গোৱাহৰ খানৰ বংশধৰ। খানে নিজৰ ধন-সম্পত্তি কনিষ্ঠ ভাতৃৰ হাতত এৰি দিছিল আৰু হিন্দুস্তানত মানুহৰ ধৰ্ম সলনি কৰা কাৰ্যত নিজকে নিয়োগ কৰিছিল। ইয়ালৈ আহোঁতে তেওঁ মহম্মদ ইউছুফ আলীয়ে সোণৰ ৰং কৰা আৰু মিৰ হুছেইনৰ হাতেৰে লিখা এখন কোৰান (১০৫৬ হিজৰী / ১৬৪৭ খ্ৰীষ্টাব্দ) লৈ আহিছিল। এইখন তেওঁৰ পূৰ্বপুৰুষৰ আছিল। সম্ৰাটে তেওঁক বৰ্তমানৰ কৰিমগঞ্জ জিলাৰ ওচৰৰ কালিগঞ্জ গাঁৱৰ ওচৰত সম্পত্তি প্ৰদান কৰিছিল। [1]

শিক্ষা আৰু কেৰিয়াৰ[সম্পাদনা কৰক]

চৌধুৰী এটা সময়ত চিষ্টি অৰ্ডাৰৰ এগৰাকী চুফি পণ্ডিত ইমদাদউল্লাহ মুহাজিৰ মক্কিৰ শিষ্য হৈ পৰে। ১৮৫৭ চনত ভাৰতত হোৱা বিদ্ৰোহৰ সময়ত তেওঁ ছামলীৰ যুদ্ধত মক্কিৰ হৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল বুলি জনশ্ৰুতি আছে। বিদ্ৰোহৰ বিফলতাৰ পিছত গুৰু-শিষ্য দুয়োজনে ভাৰত এৰি মক্কালৈ প্ৰব্ৰজন কৰে।[3][4] চিলেটৰ পৰা প্ৰব্ৰজন কৰা সোতৰটা পৰিয়াল মক্কালৈ প্ৰব্ৰজন কৰিছিল। এওঁলোকৰ ভিতৰত চিলেট চহৰৰ চৈয়দ বখত মজুমদাৰ, সোণাতিয়াৰ মিয়াসকল, প্ৰিন্সিপাল হাবিবুৰ ৰহমানৰ পূৰ্বপুৰুষ আৰু খান বাহাদুৰ মাহমুদ আলি (অসমৰ প্ৰাক্তন মন্ত্ৰী)ৰ পূৰ্বপুৰুষ আদি আছিল। চৌধুৰীয়েও এওঁলোকৰ সৈতে প্ৰব্ৰজন কৰিছিল।[1]

পৰম্পৰা অনুসৰি মক্কাত থকাৰ সময়ত চৌধুৰীয়ে সপোনত দেখিছিল যে, তেওঁৰ ওচৰলৈ হজৰত মহম্মদ আহিছে আৰু তেওঁক নিজৰ গৃহভূমিলৈ উভতি গৈ ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰু ইছলামিক শিক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। এই সপোন অনুসৰি তেওঁ জন্ম গাঁৱলৈ উভতি আহি ১৮৭৩ চনত নিজৰ ঘৰতে এখন মাদ্ৰাছা স্থাপন কৰে। প্ৰতিষ্ঠাপকৰ নামেৰে এই মাদ্ৰাছাৰ নাম ‘"মডিনাতুল উলুম বাগবাৰী নাজিবিয়া আলিয়া মাদ্ৰাছা"’ ৰখা হৈছিল যদিও পিছলৈ সংক্ষিপ্ত কৰি ‘মডিনাতুল উলুম বাগবাৰী’ নামেৰে নামকৰণ কৰা হয়।[3][note 1] বৃহত্তৰ চিলেট অঞ্চলত আৰৱী ভাষাৰ পণ্ডিত সৃষ্টি কৰাত এই মাদ্ৰাছাই এক বিশিষ্ট ভূমিকা লৈছিল, যি সুনাম আজিও বৰ্তি আছে। [3]

মৃত্যু আৰু উত্তৰাধিকাৰ[সম্পাদনা কৰক]

আধ্যাত্মিক শক্তিৰ অধিকাৰী বুলি চৌধুৰীয়ে যথেষ্ট খ্যাতি অৰ্জন কৰিছিল।[note 2] তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ কবৰ এটা মন্দিৰ বা মাজাৰত পৰিণত হয়, যিটো বৰ্তমানৰ কৰিমগঞ্জ জিলাৰ ৰাওতগ্ৰামত অৱস্থিত।[2][6]

বিশিষ্ট ইছলামিক পণ্ডিত আব্দুল হাই চৌধুৰী আৰু গুলাম ৰব চৌধুৰীৰ তেওঁ পিতৃ আছিল। তেওঁৰ বংশধৰ আব্দুল বাৰি চৌধুৰীয়ে ১৯৪৮ চনত মদীনাতুল উলুম বাগবাৰীৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ দাৰুল উলুম দেওবন্দত পঢ়া-শুনা কৰি উভতি আহিছিল ইয়াত অধ্যক্ষ ৰূপে যোগদান কৰিছিল। চৌধুৰীৰ প্ৰপৌত্ৰ আব্দুল মুনিম চৌধুৰীক একে বছৰতে প্ৰথম শ্বায়খুল হাদীছ (হাদীছৰ অধ্যাপক) হিচাপে গঢ়ি তোলা হয়। আব্দুল মুনিম চৌধুৰী দক্ষিণ কৰিমগঞ্জ বিধান সমষ্টিৰ সদস্য আছিল।[2] চৌধুৰীৰ আন বংশধৰসকলৰ ভিতৰত বাগবাৰীত শিক্ষকতা কৰা জামিল আহমদ চৌধুৰী আৰু ছাইদ আহমদ চৌধুৰীৰ লগতে কৰিমগঞ্জ হাই মাদ্ৰাছাত অধ্যাপনা কৰা আব্দুল আহমদ চৌধুৰীও আছে।[1]

টোকাসমূহ[সম্পাদনা কৰক]

  1. এইটো দাৰুল উলুম বাগবাৰী নামেৰেও জনাজাত।[5]
  2. তেনে এটা কিংবদন্তি মতে, তেওঁৰ মৃত্যুৰ কেইবা দশকৰ পিছত চৌধুৰীয়ে তেওঁৰ এজন পুত্ৰক বিপদৰ পৰা ৰক্ষা কৰিবলৈ নিজে প্ৰকট হৈছিল।[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Qasemi, Ataur Rahman (2021), Choudhury, Tajul, ed. (bn ভাষাত), একটি উজ্জল ইতিহাস, Madinatul Uloom Bagbari 
  2. 2.0 2.1 2.2 Laskar, Ali Haidar; Barbhuiya, Atiqur Rahman (2019). Indigenous People of Barak Valley. Notion Press. পৃষ্ঠা. 86. ISBN 978-1-64678-800-2. https://books.google.com/books?id=5SLMDwAAQBAJ&pg=PT86. 
  3. 3.0 3.1 3.2 3.3 Rahman, Md. Matiur; Bhuiya, Abdul Musabbir (2009). Teaching of Arabic language in Barak Valley: a historical study (14th to 20th century). প্ৰকাশক Silchar: Assam University. পৃষ্ঠা. 59–60. https://shodhganga.inflibnet.ac.in/bitstream/10603/92871/7/07_chapter%203.pdf. 
  4. Thanwi, Ashraf Ali (1982). "Imdad al-Mushtaq ila Ashraf al-Akhlaq". Islamic Culture (Islamic Culture Board) খণ্ড LVI (I): 321. https://books.google.com/books?id=QYFCAAAAYAAJ&q=%22Haji+Imdad+Allah+Faruqi+was+a+paragon+of+Chishti-%C2%A7abiri+tradition+who+took+an+active+part+in+the+1857+uprising+and+even+established+an+emirate+at+Thana+Bhawan.+Shamli%27s+catastrophe+forced+him+to+leave+India+and+settle+at+Mecca%22. 
  5. Khan, Bazlur Rahman (2012-05-25). "Madrasa Education System in South Assam". The Milli Gazette. http://www.milligazette.com/news/3700-madrasa-education-system-in-south-assam-india. 
  6. 6.0 6.1 Talukdar, Dilwar Hussain (2015). "A study on Sufi Saints in Karimganj District of Assam (1346-1947)". Pratidhwani the Echo (Dept. of Bengali, Karimganj College) খণ্ড III (IV): 76. Archived from the original on 30 September 2020. https://web.archive.org/web/20200930064701/http://thecho.in/files/Dilwar-Hussain_51c0843n.pdf। আহৰণ কৰা হৈছে: 5 February 2020.