সমললৈ যাওক

হৰিজন (আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হৰিজন (অৰ্থ: ঈশ্বৰৰ সন্তান; দলিত বা অস্পৃশ্যসকলক বুজাবলৈ গান্ধীয়ে উদ্ভাৱন কৰা এটা শব্দ) আলোচনীখন ১৯৩৩ চনৰ পৰা ১৯৫৫ চনলৈকে প্ৰকাশ পাইছিল; মাজত মাত্ৰ ১৯৪০-ৰ দশকৰ ভাৰত ত্যাগ আন্দোলন চলি থকা সময়চোৱাত ইয়াৰ প্ৰকাশনা বন্ধ আছিল। এই কাকতখনৰ প্ৰকাশক “হৰিজন সেৱক সংঘ’’ৰ ভাৰতত অস্পৃশ্যতা নিৰ্মূলকৰণৰ বাবে চলোৱা অভিযানক সমৰ্থন কৰাৰ লক্ষ্যৰে প্ৰকাশিত হৈছিল। হৰিজন কাকতৰ সংখ্যাবোৰ প্ৰতি শনিবাৰে প্ৰকাশ পাইছিল। আদিতে ফুলস্কেপ কাগজৰ আঠ পৃষ্ঠাত ছপা হোৱা এই কাকতখনৰ মূল্য আছিল এক অনা। হৰিজন সেৱক আৰু হৰিজনবন্ধু নামেৰে কাকতখনৰ ক্ৰমে হিন্দী আৰু গুজৰাটী সংস্কৰণো প্ৰকাশ হৈছিল।[1][2]

১৯৩২ চনত গান্ধীক গ্ৰেপ্তাৰ কৰাৰ পিছত বন্ধ হৈ যোৱা ইয়ং ইণ্ডিয়াৰ বিকল্প হিচাপে হৰিজন প্ৰকাশ কৰা হৈছিল। আৰ.ভি. শাস্ত্ৰীৰ সম্পাদনাত প্ৰকাশিত উদ্বোধনী সংখ্যাটোৰ ১০ হাজাৰ কপি ১৯৩৩ চনৰ ১১ ফেব্ৰুৱাৰীত পুনেৰ পৰা প্ৰকাশিত হৈছিল, য’ত অস্পৃশ্যতাৰ ওপৰত গান্ধীজীয়ে লিখা কেইবাটিও লেখা সন্নিৱিষ্ট কৰা হৈছে।

তথ্যউৎস

[সম্পাদনা কৰক]