সমললৈ যাওক

এডেলি পেংগুইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এডিলি পেঙ্গুইন
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: কাৰ্ডাটা
শ্ৰেণী: পক্ষী
বৰ্গ: Sphenisciformes
পৰিয়াল: Spheniscidae
গণ: Pygoscelis
বৈজ্ঞানিক নাম
Pygoscelis adeliae
(হোমবৰ্ণ আৰু জেকুইনট, ১৮৪১)


এডেলি পেংগুইন( Pygoscelis adeliae ) হৈছে এণ্টাৰ্কটিকাৰ উপকূলীয় অঞ্চলত বাস কৰা পেংগুইনৰ এটা প্ৰজাতি। সাগৰীয় চৰাইৰ ভিতৰত ইহঁত আটাইতকৈ বেছি দক্ষিণ দিশত বসবাসকাৰী চৰাই। আন আন চৰাই যেনে Empera's penguin, South polar squaw, Wilson's storm petrel, Snow petrel, Antarctic petrel আদিও এই দক্ষিণ অঞ্চলত বাস কৰে। ১৮৪০ চনত ফৰাচী অভিযাত্ৰী জুলছ ডুমণ্ট ডি উৰভিলে প্ৰথমে পত্নীৰ নামেৰে ইহঁতৰ নাম "এডেলি" ৰাখিছিল।

শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]

এডেলি পেংগুইন হৈছে পাইগোচেলিছ প্ৰজাতিৰ অন্তৰ্গত তিনিটা প্ৰজাতিৰ ভিতৰত এটা। মাইট’কণ্ড্ৰিয়া আৰু কোষৰ নিউক্লিয়াছৰ অধ্যয়নত দেখা গৈছে যে এই প্ৰজাতিটো ৩.৮ কোটি বছৰৰ আগতে আন প্ৰজাতিৰ পৰা বিচ্ছিন্ন হৈছিল। পূৰ্বপুৰুষৰ এপ্টেন'ডাইটছৰ প্ৰায় ২০ লাখ বছৰৰ পিছত। ১৯ মিলিয়ন বছৰৰ আগতে এডেলি পেংগুইন আন প্ৰজাতিৰ পৰা বিচ্ছিন্ন হৈছিল।

বিতৰণ আৰু বাসস্থান

[সম্পাদনা কৰক]

এতিয়াও অনুমান কৰা হৈছে যে এডেলি পেংগুইনত এতিয়াও ২.৪-৩.২ মিলিয়ন পৃথিৱীত বাস কৰে। ইয়াৰে বেছিভাগেই এণ্টাৰ্কটিকাৰ উপকূলীয় অঞ্চলত বাস কৰে। এণ্টাৰ্কটিকা মহাদেশৰ বিভিন্ন উপকূলীয় অঞ্চলত অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে এডেলি পেংগুইনৰ প্ৰজনন হয়। ইহঁতে দুটা কণী পাৰে যিবোৰ ৩২ৰ পৰা ৩৪ দিনলৈকে থাকে। পেংগুইনৰ অধিৱেশনত অংশগ্ৰহণ কৰাৰ পূৰ্বে ২২ দিন ঘৰতে থাকে পোৱালিকেইটা। প্ৰাপ্তবয়স্ক পেংগুইনে ইহঁতক তাতেই ৰাখে। ৫০-৬০ দিনৰ পিছত পোৱালিবোৰ সাগৰলৈ যায়।

এই পেংগুইনবোৰৰ আকাৰ মধ্যমীয়া আকাৰৰ। ৪৬ৰ পৰা ৭৫ চে.মি. (১৮–৩০ ইঞ্চি) দীঘল আৰু ওজন ৩.৬–৬ কিলোগ্ৰাম (৭.৯–১৩.২ পাউণ্ড)। [2] [3] ইহঁতৰ পৃথক চিন হ’ল চকুৰ চাৰিওফালে বগা আঙুঠি আৰু ঠোঁটৰ তলৰ পাখি। এই দীঘল পাখিবোৰে ইহঁতৰ ওঁঠৰ প্ৰায় গোটেই অংশটো ঢাকি ৰাখে। ইহঁতৰ ঠেং আন পেংগুইনতকৈ দীঘল হয়। দেখাত প্ৰায় "টেক্সুডো" (টেক্সুডো হৈছে আমেৰিকাৰ ডিনাৰ জেকেট)ৰ দৰে। আন পেংগুইন প্ৰজাতিৰ তুলনাত ইহঁতৰ আকাৰ সৰু। ইহঁতৰ ক’লা মুখ আৰু বগা পেটৰ বাবে বেছিভাগ পেংগুইন কাৰ্টুনৰ দৰেই।

এডেলি পেংগুইনে ঘণ্টাত ৪৫ মাইল (৭২ কিলোমিটাৰ প্ৰতি ঘণ্টা) পৰ্যন্ত সাঁতুৰিব পাৰে। ইহঁতক প্ৰধানকৈ চিকাৰ কৰে নাহৰফুটুকী ছীল, স্কুয়া, হত্যাকাৰী তিমি।

চিত্ৰশালা

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. BirdLife International (2012). "Pygoscelis adeliae". IUCN Red List of Threatened Species. Version 2013.2. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/22697758 আহৰণ কৰা হৈছে: 26 November 2013.
  2. "Adélie penguin (Pygoscelis adeliae)". ARKive. Archived from the original on ৫ নভেম্বৰ ২০১১. https://web.archive.org/web/20111105050607/http://www.arkive.org/adelie-penguin/pygoscelis-adeliae/#text=Facts#text=Facts আহৰণ কৰা হৈছে: 6 November 2011.
  3. "Adélie Penguin". Sea World. Archived from the original on ২১ নভেম্বৰ ২০১১. https://web.archive.org/web/20111121133315/http://www.seaworld.org/animal-info/animal-bytes/animalia/eumetazoa/coelomates/deuterostomes/chordata/craniata/aves/sphenisciformes/adelie-penguin.htm আহৰণ কৰা হৈছে: 1 December 2011.