সমললৈ যাওক

বুনেৰ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বুনেৰ জিলা
ضلع بونیر
ওপৰত: সৰ তীৰাজৰ ওচৰৰ পাহাৰ
তলত: ৰানিগটৰ বৌদ্ধ ধ্বংসাৱশেষ
উপনাম: 
গুল দা নমাইৰ[1]
মূলমন্ত্ৰ: 
চুফীসকলৰ দেশ اولیاء کی سرزمین
খেবাৰ পাখতুঁখোৱা প্ৰদেশৰ অৱস্থান।
খেবাৰ পাখতুঁখোৱা প্ৰদেশৰ অৱস্থান।
দেশ  পাকিস্তান
বিভাগ মালকান্দ
জিলা ১৯৯৮
মুখ্য কাৰ্যালয় ডাগগাৰ[2]
চৰকাৰ
 • ধৰণ জিলা প্ৰশাসন
 • উপায়ুক্ত নছৰুল্লা খান ইউছুফজাই
 • জিলা আৰক্ষী বিষয়া ইমৰাণ খান
 • জিলা স্বাস্থ্য বিষয়া অজ্ঞাত
কালি
 • মুঠ
১৮৬৫ km2 (720 sq mi)
জনসংখ্যা
 • মুঠ
৮৯৫৪৬০
 • ঘনত্ব 480/km2 (1,200/sq mi)
পীৰ বাব মছজিদ

বুনেৰ জিলা (পশতু: بونېر ولسوالۍ‎, উৰ্দু: ضلع بونیر) পাকিস্তানখাইবাৰ পাখতুঁখোৱা প্ৰদেশৰ মালাকান্দ সংমণ্ডলৰ এখন জিলা। বুনেৰ হস্পিটেলিটিৰ বাবে বিখ্যাত আৰু ইয়াক হস্পিটেলিটিৰ দেশ বুলিও কোৱা হয়। ১৯৯১ চনত জিলাৰ মৰ্যাদা লাভ কৰাৰ আগতে ই স্বাট জিলাৰ ভিতৰতে এখন তহচিল আছিল।[5]

পীৰ বাবাৰ সমাধি

দক্ষিণে স্বাবি আৰু উত্তৰে স্বাতৰ মাজত বুনেৰ উপত্যকা অৱস্থিত। ই গাঁৱে বিন্দু বিন্দুকৈ বিস্তৃত আৰু চাৰিটা মহকুমাত বিভক্ত উপত্যকা। মোৰা পাহাৰ আৰু ইলাম ৰেঞ্জে ইয়াক স্বাত উপত্যকাৰ পৰা বিভাজিত কৰে, আনহাতে চিনাৱাৰ ৰেঞ্জে ইউছাফজাইৰ, গুৰু পৰ্বতমালা মাৰ্দান উপত্যকা আৰু ডুমা পৰ্বতমালা পুৰাণ উপত্যকাৰ পৰা বিভাজিত কৰে।[6]

১৫৮০ চনৰ ভিতৰত মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে ইউছুফজাই জনগোষ্ঠীৰ মাজত এক উল্লেখযোগ্য বিদ্ৰোহ সংঘটিত হয়।[7] ১৫৮৫ চনৰ শেষৰ ফালে মোগল সম্ৰাট আকবৰে জৈন খান কোকা আৰু বীৰবল অধীনত সামৰিক বাহিনী পঠিয়াই বিদ্ৰোহক মষিমূৰ কৰে। ১৫৮৬ চনৰ ফেব্ৰুৱাৰী মাহত কাৰাকৰ পাছৰ ওচৰত বীৰবলকে ধৰি প্ৰায় ৮০০০ মোগল সৈন্যক কালু খানৰ নেতৃত্বত ইউছুফজাই লস্কৰৰ দ্বাৰা হত্যা কৰোৱায়। আকবৰৰ ৰাজত্বকালত মোগল সেনাবাহিনীয়ে সন্মুখীন হোৱা এইটোৱেই আছিল আটাইতকৈ ডাঙৰ দুৰ্যোগ।[8]

গোটেই ১৯ শতিকাটোত বুনেৰৰ বাসিন্দাসকলে দুবাৰকৈ ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে থিয় দিছিল। ২০০৯ চনৰ এপ্ৰিল মাহত তেহৰিক-ই-তালিবান পাকিস্তানে স্থানীয় বাসিন্দাসকলৰ সৈতে কিছু সময়ৰ যুদ্ধৰ অন্তত বুনেৰৰ নিয়ন্ত্ৰণ দখল কৰে। [উদ্ধৃতিৰ প্ৰয়োজন] ইয়াৰ পিছত টিটিপিয়ে কঠোৰ নিয়ম আৰোপ কৰিবলৈ আৰম্ভ কৰে, য’ত ভিডিঅ’ ষ্ট’ৰ বন্ধ কৰা, দাড়ি কটাৰ বিৰুদ্ধে আদেশ দিয়া, বিভিন্ন ৰাজহুৱা স্থানত মহিলাৰ উপস্থিতিৰ ওপৰত নিষেধাজ্ঞা আদি অন্তৰ্ভুক্ত কৰা বুলি জানিব পৰা গৈছে।[9] ২৯ এপ্ৰিলপাকিস্তান চৰকাৰে তালিবানৰ প্ৰতি সঁহাৰি জনাই অঞ্চলটোত সেনা নিয়োগ কৰিছিল, আনকি হেলিকপ্টাৰেৰে ডেলিভাৰী কৰা পেৰাচুট আৰোহীকো নিয়োগ কৰিছিল।[10] ২০০৯ চনৰ মে’ মাহৰ শেষৰ ফালে প্ৰায় গোটেই বুনেৰ তালিবানৰ কবলৰ পৰা মুক্ত কৰা হয়।[11]

জনগাঁথনি

[সম্পাদনা কৰক]
ঐতিহাসিক জনসংখ্যা
বছৰ জনসংখ্যা ±%
১৯৫১ ১০৯,১৪৭
১৯৬১ ১২৩,২১৭ এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"
১৯৭২ ১৮৭,৯৮৪ এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"
১৯৮১ ২৬৫,৫১৭ এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "২"
১৯৯৮ ৫০৬,০৪৮ এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৫"
২০১৭ ৮৯৫,৪৬০ এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"
উৎস:[12]

২০১৭ চনৰ লোকপিয়ল মতে জিলাখনৰ ৯২,৯৯০টা পৰিয়ালৰ ৮৯৫,৪৬০ গৰাকী জনসংখ্যা। ইয়াৰে ৪৪৫,৮৭২ গৰাকী পুৰুষ আৰু ৪৪৯,৫৫৫ গৰাকী মহিলা। সমগ্ৰ জনসংখ্যা আছিল গ্ৰাম্য। বুনেৰৰ লিংগ অনুপাত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ১০০৮ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ ৪৬.৮৪% - ৬৫.১০% পুৰুষ আৰু মহিলাৰ ২৯.৪০%। আৰু ৩২.১৮% জনসংখ্যা ১০ বছৰৰ তলৰ। জিলাখনৰ (মূলতঃ শিখ ধৰ্মৰ) ১,৪০২ (০.১৬%) লোক ধৰ্মীয় সংখ্যালঘু শ্ৰেণীৰ।[3]




বুনেৰ জিলাৰ ভাষাসমূহ (২০১৭)

  পশতু (97.56%)
  অন্যান্য (1.49%)

২০১৭ চনৰ লোকপিয়লৰ সময়ত ৯৭.৫৬% জনসংখ্যাই পশতু আৰু ০.৯৫% হিন্দকো প্ৰথম ভাষা হিচাপে কয়।[3]

প্ৰশাসন

[সম্পাদনা কৰক]

বুনেৰ তহচিলছ

[সম্পাদনা কৰক]

বুনেৰ জিলা বৰ্তমান ৬খন তহচিলত উপবিভক্ত।

  1. ডাগ্গাৰ (উৰ্দু: تحصیل ڈگر)
  2. চাঘৰজাই (উৰ্দু: تحصیل چغرزئی)
  3. চামলা (মন্দনৰ) (উৰ্দু: تحصیل چملہ)
  4. খুদু খেল (উৰ্দু: تحصیل خدو خیل)
  5. গাগ্ৰা (উৰ্দু: تحصیل گاگرہ)
  6. গাদেজাই (উৰ্দু: تحصیل گدیزئی)

এই জিলাখনক পাকিস্তান ৰাষ্ট্ৰীয় বিধানসভাত এজন নিৰ্বাচিত এম এন এ (ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য) দ্বাৰা প্ৰতিনিধিত্ব কৰে। ইয়াৰ সমষ্টিটো হৈছে এন এ-২৮।[13]

নিৰ্বাচন সদস্য দল
২০০২ শেৰ আকবৰ খান পিপিপি (এস)
২০০৮ ইস্তিকবাল খান এএনপি
২০১৩ শেৰ আকবৰ খান জেআই
২০১৮ শেৰ আকবৰ খান পিটিআই

বিধানসভা

[সম্পাদনা কৰক]

জিলাখনৰ খাইবাৰ পখতুঁখোৱাৰ প্ৰাদেশিক বিধানসভাৰ তিনিটা[14] আৰু পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ এটা সমষ্টি আছে।

প্ৰাদেশিক বিধানসভাৰ সদস্য পাৰ্টিৰ সংযোগ সমষ্টি চন
ৰিয়াজ খান পাকিস্তান তেহৰিক-ই-ইনছাফ পি কে-২০ বু্নেৰ-১ ২০১৮
চৈয়দ ফখৰ ই জেহান পাকিস্তান তেহৰিক-ই-ইনছাফ পি কে-২১ বু্নেৰ-২ ২০১৮
চৰ্দাৰ হুছেইন বাবাক আৱামি নেচনেল পাৰ্টি পি কে-২২ বু্নেৰ-৩ ২০১৮

শিক্ষানুষ্ঠানসমূহ

[সম্পাদনা কৰক]
  • বুনেৰ বিশ্ববিদ্যালয়
  • চৰকাৰী মহাবিদ্যালয় ডাগ্গাৰ, বুনেৰ
  • চৰকাৰী বালিকা ডিগ্ৰী মহাবিদ্যালয়, ডাগ্গাৰ
  • চৰকাৰী ডিগ্ৰী কলেজ জোৱৰ, বুনেৰ
  • চৰকাৰী ছোৱালীৰ ডিগ্ৰী কলেজ, বাজাৰগাই
  • চৰকাৰী ডিগ্ৰী কলেজ, গাদিজাই

ডাঙৰ গাঁওসমূহ

[সম্পাদনা কৰক]
  • ২০২০ চনত তৰৱাৰছাক গাঁও
    তৰৱাৰছাক বুনেৰৰ আটাইতকৈ জনবসতিপূৰ্ণ চহৰ যিখনৰ ২০১৮ চনত জনসংখ্যা আছিল প্ৰায় ৩৫,১৬৫ জন।[15]
  • টোটালাই ২০১৮ চনত প্ৰায় ২৪,৫৬২জন জনসংখ্যাৰে দ্বিতীয় সৰ্বাধিক জনবসতিপূৰ্ণ গাওঁ। [15]
  • ৰেগা ২০১৮ চনত প্ৰায় ২৩,৭২৬জন জনসংখ্যাৰে তৃতীয় সৰ্বাধিক জনবসতিপূৰ্ণ গাওঁ। [15]
  • এলাই ২০১৮ চনত প্ৰায় ২৩,৬৭৮জন জনসংখ্যাৰে চতুৰ্থ সৰ্বাধিক জনবসতিপূৰ্ণ গাওঁ।[15]
  • ২০২৩ চনত আফগান শৰণাৰ্থী শিবিৰৰ জনসংখ্যা আছিল প্ৰায় ২২,৩৮০ জন[উদ্ধৃতিৰ প্ৰয়োজন]

লগতে পঢ়ক

[সম্পাদনা কৰক]

তথ্যসমূহ

[সম্পাদনা কৰক]
  1. "بونیر کے روایتی پھول نمیر سے منسوب تین روزہ میلہ شروع ہوگیا". 13 October 2017. Archived from the original on 20 November 2022. https://web.archive.org/web/20221120174313/https://tnnurdu.com/kp/39927/। আহৰণ কৰা হৈছে: 5 November 2023. 
  2. "Uncertainty rules Pakistan's Buner district" Archived 2014-07-14 at the Wayback Machine, Radio Nertherlands Worldwide
  3. 3.0 3.1 3.2 "District Wise Results / Tables (Census - 2017)". Pakistan Bureau of Statisticswww.pbscensus.gov.pk. https://www.pbs.gov.pk/census-2017-district-wise. 
  4. "Village/Neighbourhood Council". lgkp.gov.pk. Archived from the original on 2018-02-26. https://web.archive.org/web/20180226025051/http://lgkp.gov.pk/neighbourhood-council/। আহৰণ কৰা হৈছে: 2017-07-03. 
  5. 1998 District Census report of Buner. Census publication. 98. প্ৰকাশক Islamabad: Population Census Organization, Statistics Division, Government of Pakistan. 2000. 
  6.  One or more of the preceding sentences incorporates text from a publication now in the public domainChisholm, Hugh, ed. (1911). "Buner". Encyclopædia Britannica. 4 (11th ed.). Cambridge University Press. p. 798. 
  7. "Imperial Gazetteer2 of India, Volume 19– Imperial Gazetteer of India". Digital South Asia Library. পৃষ্ঠা: 152. https://dsal.uchicago.edu/reference/gazetteer/pager.html?objectid=DS405.1.I34_V19_154.gif। আহৰণ কৰা হৈছে: 22 April 2015. 
  8. Richards, John F. (1993). The Mughal Empire. The New Cambridge History of India. Cambridge University Press. পৃষ্ঠা. 50–51. ISBN 9780521566032. https://books.google.com/books?id=HHyVh29gy4QC&pg=PA50. 
  9. "Taliban Exert Influence In Pakistan". NPR.org. https://www.npr.org/templates/story/story.php?storyId=103334961. 
  10. Pakistani forces seize main town of Buner district from Taliban
  11. "90% Buner Cleared: May 27, 2009". http://www.nation.com.pk/pakistan-news-newspaper-daily-english-online/Politics/27-May-2009/90pc-Buner-cleared-29-militants-6-troops-killed। আহৰণ কৰা হৈছে: 2009-06-12. 
  12. "Population by administrative units 1951-1998". Pakistan Bureau of Statistics. https://www.pbs.gov.pk/sites/default/files/population/1998/administrative_units.pdf. 
  13. "Election Commission of Pakistan". Archived from the original on 2015-11-10. https://web.archive.org/web/20151110154333/http://ecp.gov.pk/GE.aspx। আহৰণ কৰা হৈছে: 2023-11-05. 
  14. Constituencies and MPAs – Website of the Provincial Assembly of the NWFP Archived April 22, 2009, at the Wayback Machine
  15. 15.0 15.1 15.2 15.3 Babbar, Rafiullah. "Buner District Population of Cities, Towns and Villages 2017-2018". https://www.politicpk.com/bunner-district-population-of-cities-towns-and-villages-2017-2018/.