জাপানীজ ৰাইচ ফিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Oryzias|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
Oryzias latipes
Oryzias latipes
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Oryzias
প্ৰজাতি: O. latipes
দ্বৈৰাশিক নামকৰণ
Oryzias latipes
(Temminck & Schlegel 1846)
সমাৰ্থক[2]
  • Poecilia latipes Temminck & Schlegel, 1846
  • Aplocheilus latipes (Temminck & Schlegel, 1846)

জাপানীজ ৰাইচ ফিছ (বৈজ্ঞানিক নাম: Oryzias latipes) হৈছে অৰিজিয়াছ প্ৰজাতিৰ এবিধ মাছ। ইয়াক মেদকা বুলিও কোৱা হয়।[3] সৰু মাছবিধৰ দৈৰ্ঘ্য প্ৰায় ৩.৬ চেণ্টিমিটাৰলৈকে (১.৪ ইঞ্চি) হ’ব পাৰে। ই জাপানৰ থলুৱা প্ৰজাতিৰ মাছ। ই ধাননি পথাৰ, জলাশয়, পুখুৰী, ধীৰ গতিৰ নৈ আৰু জোৱাৰ-ভাটাৰ জলাশয়ত বাস কৰে।[4][5] ইয়াক লৱণ আৰু মিঠা পানী উভয়তে পোৱা যায়।[4] ইয়াৰ টিকি থাকিব পৰা গুণ আৰু দৃষ্টিনন্দন ৰঙৰ বাবে ই একুৰিয়ামৰ মাছ হিচাপে জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰ ৰং বনৰীয়া প্ৰজাতিৰ ক্ষেত্ৰত ক্ৰীমযুক্ত-বগাৰ পৰা হালধীয়ালৈকে, আৰু একুৰিয়ামত প্ৰজনন কৰা মাছৰ ক্ষেত্ৰত বগা, ক্ৰীমযুক্ত-হালধীয়া বা কমলা ৰঙৰ হ’ব পাৰে। ইয়াৰ গ্ল'ফিছৰ দৰেই উজ্জ্বল হালধীয়া, ৰঙা বা সেউজীয়া ট্ৰেন্সজেনিক প্ৰজাতিও বিকশিত কৰা হৈছে। কিন্তু ইউৰোপীয় ইউনিয়নত ইয়াৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।[6] জাপানত ১৭ শতিকাৰ পৰাই মেদকা এবিধ জনপ্ৰিয় পোহনীয়া মাছ।[7] নিষেচনৰ পিছত মাইকী মাছবোৰে নিজৰ কণীবোৰ পায়ুপথৰ ফানৰ আগফালে সংলগ্ন কৰি কিছু সময়ৰ বাবে কঢ়িয়াই লৈ ফুৰে আৰু তাৰ পিছত গছ বা তেনেধৰণৰ আধাৰত জমা কৰে।[6]

পৰিৱেশ বিজ্ঞান[সম্পাদনা কৰক]

মেদকা সৰু পুখুৰী, অগভীৰ নদী, ধাননি পথাৰ আদিত বাস কৰে।[8] পানীৰ উষ্ণতাৰ বিস্তৃত পৰিসৰত ইহঁতে জীয়াই থাকিব পাৰে (৩-৪২° চেলছিয়াচ বা ৩৭-১০৮° ফাৰেনহাইট)। অৱশ্যে ইহঁতে পানীৰ উষ্ণতা ১৫-২৮° চেলছিয়াচ হোৱাটো পছন্দ কৰে।[9] এই মাছবিধে মহৰ পোৱালি আৰু সৰু প্লাংকটন খায়, সেয়েহে ইহঁতক মানুহৰ বাবে উপকাৰী জীৱ হিচাপে জনা যায়। প্ৰতিবাৰ প্ৰসৱত ইহঁতে ১০–২০টা কণী উৎপন্ন কৰে, আৰু পৰীক্ষাগাৰৰ পৰিস্থিতিত ইহঁতে প্ৰতিদিনে কণী উৎপাদন কৰিব পাৰে। ইহঁত ঋতু অনুসৰি প্ৰজনন কৰা প্ৰাণী আৰু সাধাৰণতে বসন্ত আৰু গ্ৰীষ্মৰ মাজৰ সময়ছোৱাত কণী পাৰে।[10] ইহঁতে জলজ ঘাঁহৰ আশে-পাশে কণী পাৰিবলৈ পছন্দ কৰে আৰু সেয়ে প্ৰায়ে ধাননি পথাৰত বাস কৰিবলৈ ভাল পায়।[8] সাধাৰণতে কণীৰ পৰা পোৱালি জগিবলৈ ৪ৰ পৰা ১০ দিনৰ প্ৰয়োজন হয়।[11] ইহঁতৰ বৃক্কৰ কাৰ্য্যক্ষমতা উন্নত আৰু ইয়াৰ ফলত ইহঁতে ঈষৎ নিমখীয়া পানী আৰু লৱণযুক্ত পানী উভয়তে থাকিব পাৰে।[12] বন্য অৱস্থাত এই প্ৰজাতিটোৰ গড় আয়ুস ২ বছৰ বুলি অনুমান কৰা হৈছে যদিও পৰীক্ষাগাৰৰ পৰিস্থিতিত ইহঁতে ৩–৫ বছৰ জীয়াই থাকিব পাৰে। ইহঁ‌ত জুম বান্ধি থাকে আৰু ইহঁ‌তে আন মেদকাৰ মুখবোৰ চিনাক্ত কৰিব পাৰে।[13]

শ্ৰেণীবিভাজন আৰু পৰিসৰ[সম্পাদনা কৰক]

এই মাছবিধ পূব আৰু দক্ষিণ-পূব এছিয়াৰ মূল ভূখণ্ডৰ বহু অংশৰ থলুৱা প্ৰজাতি আছিল। কিন্তু শেহতীয়া দশকবোৰত এই জনসংখ্যাৰ অধিকাংশই ৰূপতাত্ত্বিক আৰু জিনীয় প্ৰমাণৰ ভিত্তিত পৃথক প্ৰজাতি হিচাপে বিভক্ত হৈছে।[5][14] ইয়াৰ ফলত মাছবিধৰ থলুৱা পৰিসৰ জাপানৰ ভিতৰতে সীমিত হৈ পৰে। ইয়াৰ ভিতৰত আছে পূব আৰু দক্ষিণ হনছু, শ্বিককু, কিউছু, আৰু দক্ষিণৰ সৰু দ্বীপসমূহ।[14] চীন, লাওছ আৰু পূব কোৰিয়াৰ কিছুমান জনসংখ্যাকে ধৰি কিছুমান বিশেষ জনসংখ্যাৰ শ্ৰেণীবিভাজনৰ অৱস্থান এতিয়াও অস্পষ্ট আৰু ইয়াৰ বাবে অধিক অধ্যয়নৰ প্ৰয়োজন।[5][14]

বিজ্ঞানত ব্যৱহাৰ[সম্পাদনা কৰক]

নিৰ্বাচিত প্ৰজননৰ জৰিয়তে উৎপাদন কৰা এটা কমলা একুৰিয়ামৰ মেদকা (হিমেদকা), ওপৰৰ পৰা ফটো তোলা। উজ্জ্বল ৰঙৰ ট্ৰেন্সজেনিক একুৰিয়াম ভেৰিয়েন্টৰ সৈতে বিভ্ৰান্ত নহ’ব।

এই মাছবিধ হৈছে এক আৰ্হি জীৱ (ইংৰাজী: Model organism) আৰু ইয়াক জৈৱিক গৱেষণাৰ বহু ক্ষেত্ৰত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। বিশেষকৈ ভেষজ বিজ্ঞানত ইয়াৰ ব্যাপক ব্যৱহাৰ হয়।[5][15]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Kanao, S.; Taniguchi, Y.; Watanabe, K. (2019). Oryzias latipes. 2019. p. e.T166979A1159322. doi:10.2305/IUCN.UK.2019-2.RLTS.T166979A1159322.en. 
  2. Froese, Rainer; Pauly, Daniel (eds.) (2019). "Oryzias latipes"April 2019 version.
  3. Froese, Rainer; Pauly, Daniel (eds.) (2019).
  4. 4.0 4.1 Froese, Rainer; Pauly, Daniel (eds.) (2014). "Oryzias latipes"April 2014 version.
  5. 5.0 5.1 5.2 5.3 Parenti, L.R. (2008). "A phylogenetic analysis and taxonomic revision of ricefishes, Oryzias and relatives (Beloniformes, Adrianichthyidae)". Zoological Journal of the Linnean Society খণ্ড 154 (3): 494–610. doi:10.1111/j.1096-3642.2008.00417.x. 
  6. 6.0 6.1 "Oryzias latipes". SeriouslyFish. http://www.seriouslyfish.com/species/oryzias-latipes/। আহৰণ কৰা হৈছে: 21 February 2017. 
  7. Hellweg, M (August 2013). "The Ricefish: An Odd and Interesting Group". TFH Magazine. http://www.tfhmagazine.com/details/articles/the-ricefish-an-odd-and-interesting-group-full-article.htm। আহৰণ কৰা হৈছে: 21 February 2017. 
  8. 8.0 8.1 牧人, 小林; 知尚, 頼経; 翔平, 鈴木; 彩美, 清水; 美香, 小井土; 優太郎, 川口; 洋一, 早川; さやか, 江口 et al. (2012). "屋外池における野生メダカ Oryzias latipes の繁殖行動". 日本水産学会誌 খণ্ড 78 (5): 922–933. doi:10.2331/suisan.78.922. 
  9. Shima, Akihiro; Mitani, Hiroshi (2004-07-01). "Medaka as a research organism: past, present and future". Mechanisms of Development. Medaka খণ্ড 121 (7): 599–604. doi:10.1016/j.mod.2004.03.011. ISSN 0925-4773. PMID 15210169. 
  10. Hirshfield, Michael F. (1980). "An Experimental Analysis of Reproductive Effort and Cost in the Japanese Medaka, Oryzias Latipes" (en ভাষাত). Ecology খণ্ড 61 (2): 282–292. doi:10.2307/1935187. ISSN 1939-9170. 
  11. Iwamatsu, Takashi (2004-07-01). "Stages of normal development in the medaka Oryzias latipes". Mechanisms of Development. Medaka খণ্ড 121 (7): 605–618. doi:10.1016/j.mod.2004.03.012. ISSN 0925-4773. PMID 15210170. 
  12. Sakamoto, Tatsuya; Kozaka, Tomohiro; Takahashi, Akiyoshi; Kawauchi, Hiroshi; Ando, Masaaki (2001-02-15). "Medaka (Oryzias latipes) as a model for hypoosmoregulation of euryhaline fishes". Aquaculture খণ্ড 193 (3): 347–354. doi:10.1016/S0044-8486(00)00471-3. ISSN 0044-8486. 
  13. Wang, Mu-Yun; Takeuchi, Hideaki (2017-07-11). Tsao, Doris Y. ed. "Individual recognition and the 'face inversion effect' in medaka fish (Oryzias latipes)". eLife খণ্ড 6: e24728. doi:10.7554/eLife.24728. ISSN 2050-084X. PMID 28693720. 
  14. 14.0 14.1 14.2 Asai, T.; Senou, H.; Hosoya, K. (2011). "Oryzias sakaizumii, a new ricefish from northern Japan (Teleostei: Adrianichthyidae)". Ichthyol. Explor. Freshwaters খণ্ড 22 (4): 289–299. ISSN 0936-9902. 
  15. "Major topic "Oryzias": free full-text articles in National Library of Medicine". https://www.ncbi.nlm.nih.gov/sites/entrez?Db=pubmed&Cmd=DetailsSearch&Term=%22Oryzias%22%5BMajr%5D+AND+%22loattrfree+full+text%22%5Bsb%5D.