স্বৰ্গৰ পুত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পশ্চিম ঝৌ যুগৰ শিলালিপি।

স্বৰ্গৰ পুত্ৰ বা টিয়ানজি আছিল চীনা সাৰ্বভৌমৰ পবিত্ৰ ৰাজতন্ত্ৰ আৰু সাম্ৰাজ্যবাদী এক উপাধি। ইয়াৰ উৎপত্তি ঝৌ ৰাজবংশৰ পৰা হৈছিল[1] আৰু ই এক ৰাজনৈতিক আৰু আধ্যাত্মিক মতবাদ ''স্বৰ্গৰ আদেশ''ৰ ওপৰত প্ৰতিষ্ঠিত আছিল। কিন ৰাজবংশৰ পৰাই স্বৰ্গৰ পুত্ৰৰ ধৰ্মনিৰপেক্ষ সাম্ৰাজ্যবাদী উপাধি আছিল "হুয়াংডি।"

পৰৱৰ্তী সময়ত অন্যান্য চীন-মণ্ডলীয় ৰজাসকলেও নিজৰ শাসনক ন্যায্যতা প্ৰদান কৰিবলৈ "স্বৰ্গৰ পুত্ৰ" উপাধি গ্ৰহণ কৰে। চীনা সম্ৰাটসকলক চাইনোস্ফিয়াৰ বা চীন মণ্ডলত স্বৰ্গৰ পুত্ৰ হিচাপে থকা তেওঁলোকৰ মৰ্যাদাৰ সৈতে সংগতি ৰাখি সাম্ৰাজ্য একোখনক বুজাবলৈ মহাকাশীয় সাম্ৰাজ্য (বা "হেভেনলি ডাইনেষ্টী") শব্দাংশ ব্যৱহাৰ কৰা হৈছিল।

স্বৰ্গৰ পুত্ৰ আছিল সৰ্বোচ্চ বিশ্বজনীন ৰজা, যিয়ে টিয়ানচিয়া (অৰ্থাৎ "স্বৰ্গৰ তলতথকা সকলো") শাসন কৰিছিল। তেওঁৰ এই মৰ্যাদকা ইংৰাজীত "সমগ্ৰ পৃথিৱীৰ শাসক" বুলি অনুবাদ কৰা হৈছে।[2] "স্বৰ্গৰ পুত্ৰ" উপাধিটোৰ আক্ষৰিক অৰ্থ কেৱল চীন আৰু জাপানতহে ব্যাখ্যা কৰা হৈছিল। ইয়াৰ ৰজাসকলক স্বৰ্গৰ দেৱতা আৰু দেৱীসকলে নিৰ্বাচিত কৰি লোৱা অৰ্ধদেৱতা, দেৱতা বা "জীৱন্ত দেৱতা" বুলি আখ্যা দিয়া হৈছিল।[3]

ইতিহাস[সম্পাদনা কৰক]

স্বৰ্গৰ পুত্ৰ আছিল ঝৌৰ ৰজা ৱু আৰু পৰৱৰ্তী চীনা সাৰ্বভৌমসকলৰ উপাধি।

"স্বৰ্গৰ পুত্ৰ" শীৰ্ষক উপাধিটো ঝৌৰ ৰজা কাঙৰ ৰাজত্বকালৰ ব্ৰঞ্জৰ শিলালিপিত প্ৰথমবাৰৰ বাবে পোৱা গৈছে।[1] এই উপাধিটো ঝৌ ৰাজবংশৰ ৰজাসকলে শ্বাং ৰাজবংশক পদচ্যুত কৰাৰ ন্যায্যতা প্ৰদান কৰিবলৈ সৃষ্টি কৰা স্বৰ্গৰ আদেশৰ (ইংৰাজী: Mandate of Heaven) ধাৰণাটোৰ পৰা উদ্ভৱ হৈছে। তেওঁলোকৰ মতে স্বৰ্গই শ্বাং ৰাজবংশৰ পৰা কাৰ্যভাৰ বাতিল কৰি শ্বাঙৰ দুৰ্নীতি আৰু অপশাসনৰ ফলশ্ৰুতি হিচাপে ঝৌক অৰ্পণ কৰিছে। যিজন শাসন কৰিবলৈ আটাইতকৈ উপযুক্ত আছিল তেওঁকেই স্বৰ্গই এই আদেশ প্ৰদান কৰিছিল। এই উপাধিটোৱে ৰজাক নিজৰ জনসাধাৰণৰ সমৃদ্ধি আৰু নিৰাপত্তাৰ বাবে দায়ৱদ্ধ কৰিছিল।[4] "স্বৰ্গৰ পুত্ৰ" চীন-মণ্ডলীয় ৰজাসকলে সততে গ্ৰহণ কৰা কেইবাটাও উপাধিৰ ভিতৰত অন্যতম আছিল। টাঙৰ সম্ৰাট টাইজোঙে "স্বৰ্গৰ পুত্ৰ" উপাধি লাভ কৰিছিল। লগতে তেওঁ পূব তুৰ্কী খগানাটেক পৰাস্ত কৰাৰ পিছত"স্বৰ্গৰ খান" (টেঙেৰী কাঘান ) উপাধিও লাভ কৰিছিল।[5] জাপানী ৰজাসকলেও টেন' নামৰ এক দ্বিতীয় উপাধি ব্যৱহাৰ কৰিছিল। এই উপাধিয়ে "স্বৰ্গৰ পুত্ৰ"ৰ দৰেই সম্ৰাটৰ স্বৰ্গৰ সৈতে থকা সম্পৰ্কক সূচাইছিল।[6]

চতুৰ্থ আৰু পঞ্চম শতিকাৰ এপিটাফৰ ভিত্তিত গগুৰিয়েওতো স্বৰ্গৰ পুত্ৰ আৰু টিয়ানচিয়াৰ ধাৰণা প্ৰচলিত আছিল।[7][8][9] ইয়াৰ লগতে গৰ্য়েওৰ শাসকসকলেও সম্ৰাট আৰু স্বৰ্গৰ পুত্ৰ উপাধি ব্যৱহাৰ কৰিছিল।[10]

ভিয়েটনামতো স্বৰ্গৰ পুত্ৰ উপাধি গ্ৰহণ কৰা হৈছিল আৰু ই ভিয়েটনামী ভাষাত থিয়েন টু নামেৰে জনাজাত। বিশ্বাস অনুসৰি এক ঐশ্বৰিক আদেশে ভিয়েটনামী সম্ৰাটক শাসন কৰাৰ অধিকাৰ প্ৰদান কৰিছিল। কিন্তু তেওঁৰ বংশৰ ওপৰত ভিত্তি কৰি এয়া প্ৰদান কৰা হোৱা নাছিল। ইয়াক শাসন কৰাৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে দিয়া হৈছিল।[11]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Eno, Robert (2012). "Inscriptional records of the Western Zhou". scholarworks.iu.edu. পৃষ্ঠা: 18. https://scholarworks.iu.edu/dspace/handle/2022/23466. "Note that it is during the reign of King Kang that the custom of referring to the King as the Son of Heaven (Tian) first begins." 
  2. Ebrey 2010, পৃষ্ঠা. 179.
  3. Dull 1990, পৃষ্ঠা. 59.
  4. Dull 1990.
  5. Twitchett 2000.
  6. Ooms 2009.
  7. Yeongkwang, Jo (2015). "Status and Tasks for Study of the Foreign Relations and World View of Koguryo in the Gwanggaeto Stele" (ko ভাষাত). Dongbuga Yeoksa Nonchong (49): 70–76. ISSN 1975-7840. http://www.dbpia.co.kr/Journal/ArticleDetail/NODE06520451। আহৰণ কৰা হৈছে: 3 November 2018. 
  8. "고구려의 천하관" (ko ভাষাত). 우리역사넷. National Institute of Korean History. http://contents.history.go.kr/front/hm/view.do?treeId=010201&tabId=01&levelId=hm_013_0010। আহৰণ কৰা হৈছে: 3 November 2018. 
  9. "장수왕의 남진 정책". 우리역사넷. National Institute of Korean History. http://contents.history.go.kr/front/ta/view.do?levelId=ta_m71_0030_0020_0010_0020। আহৰণ কৰা হৈছে: 6 December 2018. 
  10. Em, Henry (2013) (en ভাষাত). The Great Enterprise: Sovereignty and Historiography in Modern Korea. Duke University Press. পৃষ্ঠা. 24–26. ISBN 978-0822353720. https://books.google.com/books?id=DxAd2Aw_jP0C&pg=PA24। আহৰণ কৰা হৈছে: 3 November 2018. 
  11. Woodside 1971, পৃষ্ঠা. 9.