ফৈজ আহমদ ফৈজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফৈজ আহমদ ফৈজ
নিচান-এ-ইমতিয়াজ, লেনিন পিচ প্ৰাইজ, মেম্বাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ
স্থানীয় নাম فیض. احمد فیض
জন্ম ১৩ ফেব্ৰুৱাৰী, ১৯১১
নাৰোৱাল, শিয়ালকোট, পঞ্জাৱ প্ৰভিনেন্স, ব্ৰিটিছ ভাৰত
মৃত্যু ২০ নৱেম্বৰ, ১৯৮৪ (৭৩ বছৰ)
লাহোৰ, পঞ্জাৱ, পাকিস্তান
সমাধিস্থল মডেল টাউন কবৰস্থান, লাহোৰ
ৰাষ্ট্ৰীয়তা
  • ব্ৰিটিছ ইণ্ডিয়ান (১৯১১–১৯৪৭)
  • পাকিস্তানী (১৯৪৭–১৯৮৪)
শিক্ষা আৰৱী সাহিত্য (স্নাতক), স্নাতকোত্তৰ
ইংৰাজী সাহিত্য (স্নাতকোত্তৰ)
শিক্ষানুষ্ঠান
  • শিয়ালকোট মুৰে কলেজ
  • লাহোৰ চৰকাৰী কলেজ
  • পঞ্জাৱ বিশ্ববিদ্যালয়
পেচা
  • কবি
  • সাংবাদিক
  • সামৰিক বিষয়া
  • শিক্ষক
  • সম্প্ৰচাৰক
  • ট্ৰেড ইউনিয়নৰ নেতা
সক্ৰিয় হৈ থকা সময় ১৯৩৫-১৯৮৪
ৰাজনৈতিক দল কমিউনিষ্ট পাৰ্টি অৱ পাকিস্তান
অপৰাধৰ শাস্তি ৪ বছৰ কাৰাবাস
দাম্পত্যসঙ্গী এলিয়াজ ফেইজ (বি. ১৯৪১)
সন্তান
  • চলিমা হাচমি
  • মুনিজা হাচমি
আত্মীয়-স্বজন চোৱেইব হাচমি (জোঁৱাই)
বঁটা, সন্মান, পুৰস্কাৰ আদি
  • নিগাৰ এৱাৰ্ড (১৯৫৩)
  • লেনিন পিচ প্ৰাইজ (১৯৬২)
  • নিচান-এ-ইমটিয়াজ (১৯৯০)
ফৈজ আহমদ ফৈজ
ভাষা
ধৰণ গজল, নাজম
বিষয় বিপ্লৱ, ন্যায়, প্ৰেম
সাহিত্যিক বিপ্লৱ প্ৰগতিশীল লেখক আন্দোলন
ৱেবছাইট
faizfoundationtrust.net

ফৈজ আহমদ ফৈজ (ইংৰাজী: Faiz Ahmad Faiz; ১৩ ফেব্ৰুৱাৰী ১৯১১ – ২০ নৱেম্বৰ ১৯৮৪)[1] এগৰাকী পাকিস্তানী কবি আৰু পাঞ্জাৱী আৰু উৰ্দু সাহিত্যৰ সাহিত্যকাৰ। ফৈজ তেওঁৰ সময়ৰ আটাইতকৈ প্ৰসিদ্ধ, জনপ্ৰিয় আৰু প্ৰভাৱশালী উৰ্দু লেখকসকলৰ মাজৰ এগৰাকী আছিল। তেওঁৰ কাম আৰু ধাৰণাসমূহ আজিও পাকিস্তানকে ধৰি অন্যান্য ঠাইত ব্যাপকভাৱে প্ৰভাৱশালী হৈ আছে।[2] কেৱল এগাৰাকী সাহিত্যকাৰেই নহয়; ফৈজ আছিল একাধাৰে এগৰকী শিক্ষক, সামৰিক বিষয়া, সাংবাদিক, ট্ৰেড ইউনিয়নিষ্ট তথা সম্প্ৰচাৰক (ব্ৰডকাষ্টাৰ)।[3]

সংক্ষিপ্ত জীৱনী[সম্পাদনা কৰক]

ব্ৰিটিছৰ শাসনকালত পঞ্জাৱ প্ৰভিনেন্সৰ শিয়ালকোটত ফৈজৰ জন্ম হৈছিল। তেওঁ লাহোৰ চৰকাৰী কলেজ আৰু অৰিয়েণ্টেল কলেজত পঢ়া-শুনা কৰিছিল[4] আৰু ব্ৰিটিছ সামৰিক বাহিনীত কাম কৰিছিল। ভাৰত-পাকিস্তান বিভাজনৰ পাছত ফৈজে পাকিস্তান টাইমচ্‌ নামে এখন ইংৰাজী কাকত আৰু ইমৰ’জ নামে এখন উৰ্দু কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[5][6] ৰাৱলপিণ্ডি ষড়যন্ত্ৰৰ অভিযুক্ত হিচাপে ১৯৫১ চনত গ্ৰেপ্তাৰ আৰু কাৰাবাস হোৱাৰ আগতে তেওঁ পাকিস্তান কমিউনিষ্ট পাৰ্টিৰ এগৰাকী শীৰ্ষস্থানীয় নেতা আছিল। লিয়াকট আলি চৰকাৰক ওফৰাই বাওঁপন্থী ছোভিয়েট সমৰ্থনকাৰী চৰকাৰ স্থাপনেই আছিল ৰাৱলপিণ্ডি ষড়যন্ত্ৰৰ মূল উদ্দেশ্য।[7]

চাৰি বছৰ কাৰাগাৰত থকাৰ পিছত ফৈজে মুক্তি লাভ কৰে আৰু দেশৰপৰা স্ব-নিৰ্বাসন গ্ৰহণ কৰে। এই সময়ছোৱা তেওঁ মস্কো আৰু লণ্ডনত অতিবাহিত কৰে আৰু প্ৰগতিশীল লেখক আন্দোলনৰ এগৰাকী উল্লেখযোগ্য সদস্য ৰূপে পৰিগণিত হয়। আয়ুব খান চৰকাৰৰ পতন আৰু বাংলাদেশৰ পৃথকীকৰণৰ পিছত, তেওঁ জুলফিকৰ আলি ভুট্টোৰ সহায়ক হিচাপে কাম কৰিছিল, কিন্তু জিয়া উল-হকৰ হাতত ভুট্টোৰ মৃত্যুদণ্ডৰ পিছত নিজকে পুনৰ বৈৰুতলৈ নিৰ্বাসিত কৰে।[7]

ফৈজ এজন প্ৰখ্যাত মাৰ্ক্সবাদী আছিল আৰু কোৱা হয় যে তেওঁ এজন প্ৰগতিশীল ব্যক্তি আছিল যি মাৰ্ক্সবাদৰ প্ৰতি বিশ্বাসী আছিল।[8] সমালোচকসকলে উল্লেখ কৰিছে যে, মুহম্মদ ইকবালে এৰি যোৱা মাৰ্ক্সবাদৰ ধাৰণাসমূহ ফৈজে বুটলি লৈছিল আৰু ইয়াক মুছলমানসকলৰ সেইটো যুৱ প্ৰজন্মলৈ প্ৰেৰণ কৰিছিল; যাক পৰিৱৰ্তনৰ বাবে অধিক মুক্ত আৰু সমতাবাদৰ প্ৰতি অধিক নমনীয় বুলি গণ্য কৰা হৈছিল আৰু যি দৰিদ্ৰসকলৰ বাবে অধিক চিন্তিত আছিল।[9] সাহিত্য সমালোচক ফতেহ মহম্মদ মালিকে এইবুলি যুক্তি দাঙি ধৰিছে যে, যদিও প্ৰথমতে ফৈজ এজন ধৰ্মনিৰপেক্ষ মাৰ্ক্সবাদী আছিল, জীৱন আগবাঢ়ি যোৱাৰ লগে লগে তেওঁ ইছলামিক সমাজবাদৰ সদস্য হৈছিল; কিয়নো তেওঁৰ কবিতাবোৰে বছৰ বছৰ ধৰি ধৰ্মীয় সুৰ এটা ধৰি ৰাখিছিল, ইয়াকো ক’ব পাৰি যে, ইৰানী বিপ্লৱক সমৰ্থন কৰা ফৈজে এক ইছলামিক বিপ্লৱৰো সপোন দেখিছিল।[10]

১৯৬২ চনত ছোভিয়েট দেশে প্ৰদান কৰা লেনিন শান্তি বঁটা গ্ৰহণ কৰা ফৈজ এছিয়াৰ প্ৰথমজন কবি আছিল।[11] তেওঁৰ নাম সাহিত্যৰ ন’বেল বঁটাৰ বাবে মনোনীত কৰা হৈছিল।[12] ১৯৯০ চনত পাকিস্তান চৰকাৰে তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা নিচান-এ-ইমতিয়াজ প্ৰদান কৰিছিল।[12][13]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "The Life of Faiz Ahmed Faiz – Newsweek Pakistan" (en-US ভাষাত). Archived from the original on 2023-02-11. https://web.archive.org/web/20230211231313/https://www.newsweekpakistan.com/the-life-of-faiz-ahmed-faiz/। আহৰণ কৰা হৈছে: 2023-02-11. 
  2. "Faiz Ahmad Faiz could be 20th century's most relevant poet, here are a few shayaris that will tug at your heart strings" (en ভাষাত). Hindustan Times. 2020-01-03. https://www.hindustantimes.com/art-and-culture/faiz-ahmad-faiz-could-be-20th-century-s-most-relevant-poet-here-are-a-few-shayaris-that-will-tug-at-your-heart-strings/story-MPsh7q3W5qrWmUuwUiULqK.html। আহৰণ কৰা হৈছে: 2023-02-12. 
  3. Sisir Kumar Das, History of Indian Literature: 1911-1956, struggle for freedom : triumph and tragedy, Sahitya Akademi, 2005, p. 476
  4. Faiz, Faiz Ahmed (3 January 2007). "Faiz Ahmed Faiz" (en ভাষাত). Faiz Ahmed Faiz. https://www.poets.org/poetsorg/poet/faiz-ahmed-faiz। আহৰণ কৰা হৈছে: 8 December 2017. 
  5. "Of Faiz and army generals | Political Economy | thenews.com.pk" (en ভাষাত). www.thenews.com.pk. https://www.thenews.com.pk/tns/detail/1014045-of-faiz-and-army-generals। আহৰণ কৰা হৈছে: 2023-02-11. 
  6. Farooqi, Baran. "Between Patriotism, Partition and Pakistan, here's how Faiz Ahmed Faiz became a poet" (en-US ভাষাত). Scroll.in. https://scroll.in/article/840401/between-patriotism-partition-and-pakistan-heres-how-faiz-ahmed-faiz-became-a-poet। আহৰণ কৰা হৈছে: 2023-02-13. 
  7. 7.0 7.1 Dryland, Estelle (1992). "Faiz Ahmed Faiz and the Rawalpindi Conspiracy Case". Journal of South Asian Literature খণ্ড 27 (2): 175–185. 
  8. "REVIEW: Faiz Ahmed Faiz: Dard aur Darma ka Sha'er by Dr Mohammad Ali Siddiqui" (en ভাষাত). Dawn.com. 2012-08-12. https://www.dawn.com/2012/08/12/review-faiz-ahmed-faiz-dard-aur-darma-ka-shaer-by-dr-mohammad-ali-siddiqui/। আহৰণ কৰা হৈছে: 2023-02-12. 
  9. Jalil, Rakhshanda (2020-01-16). "What Makes Faiz Timeless and Accessible to Lay Urdu Readers?" (en ভাষাত). TheQuint. https://www.thequint.com/voices/opinion/poet-faiz-ahmad-faiz-resistance-progressive-movement-marxism-protest-urdu-poetry। আহৰণ কৰা হৈছে: 2023-02-13. 
  10. Nayyar, Nasir Abbas (17 November 2019). "Faiz's notion of a revolution". The News International. https://www.thenews.com.pk/tns/detail/569327-faizs-notion-of-a-revolution। আহৰণ কৰা হৈছে: 11 June 2023. 
  11. "Verses of Urdu poet Faiz Ahmed Faiz dropped from CBSE Class 10 textbook: Report" (en-US ভাষাত). Scroll.in. Apr 23, 2022. https://scroll.in/latest/1022458/verses-of-urdu-poet-faiz-ahmed-faiz-dropped-from-cbse-class-10-textbook-report। আহৰণ কৰা হৈছে: 2023-02-13. 
  12. 12.0 12.1 "Remembering legendary poet Faiz Ahmed Faiz on 35th death anniversary" (en-US ভাষাত). Daily Times. 2019-11-22. https://dailytimes.com.pk/505149/remembering-legendary-poet-faiz-ahmed-faiz-on-35th-death-anniversary/। আহৰণ কৰা হৈছে: 2023-02-11. 
  13. "Faiz Ahmed Faiz: Life and poetry" (en-US ভাষাত). Dawn. 17 February 2011. https://www.dawn.com/news/606752.