সমললৈ যাওক

আলুৰ দম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলুৰ দম
প্ৰকাৰ মূল
উৎপত্তিৰ স্থান ভাৰত
অঞ্চল জম্মু আৰু কাশ্মীৰ
মুখ্য উপাদান আলু

আলুৰ দম বা দম আলু ( হিন্দী: दम आलू ) আলুৰ পৰা তৈয়াৰী এবিধ ব্যঞ্জন। ই ভাৰতৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ কাশ্মীৰ উপত্যকাৰ পৰম্পৰাগত কাশ্মীৰী পণ্ডিত সকলৰ খাদ্যৰ অংশ [1] [1] [2]। সাধাৰণতে সৰু আলুবোৰ প্ৰথমে ডিপ ফ্ৰাই কৰা হয়, তাৰ পিছত মছলাৰ সৈতে জোল কৰি অলপ সিজোৱা হয়। [3] পশ্চিম বঙ্গত এইবিধ খাদ্য সাধাৰণতে লুচিৰ লগত খোৱা হয় আৰু ইয়াক বাংলা ভাষাত "আলুৰ দম" বুলি জনা যায়।

প্ৰস্তুত প্ৰণালী

[সম্পাদনা কৰক]
দালি পুৰিৰ সৈতে আলুৰ দম
  • সৰু আলু - ২৫০ গ্ৰাম
  • টমেটো পিউৰি - ২ চামুচ
  • আদাৰ পেষ্ট - ১ চামুচ
  • ৰঙা জলকীয়া গুড়ি – ১ চামুচ
  • জিৰা - ১ চামুচ
  • তেজপাত - ১খন
  • নিমখ আৰু চেনি - ৰুচি অনুসৰি
  • তেল - প্ৰয়োজন অনুসৰি [4]

আলু নিমখ দি ভালদৰে সিজাই তাৰ পিছত খোলা উলিয়াই সামান্য পৰিমাণৰ নিমখ আৰু হালধি গুড়ি মিহলাই লোৱা হয়। কেৰাহীত তেল ঢালি তেল গৰম কৰি তাত আলু ভাজি লোৱা হয়। ভজা হলে আলুখিনি এফালে ৰাখি সেই তেলত জিৰা, তেজপাত ফোঁড়ন দি লোৱা হয়। তাৰ পিছত বটা আদাৰ (আদা পেষ্টৰ) লগত মিহলাই বিলাহী পিউৰিৰ লগত ভালদৰে ভাজি লোৱা হয়। তাৰ পিছত বিলাহী (টমেটো) পিউৰিৰ লগত ভালদৰে মিহলাই ৰঙা চিলি পাউদাৰৰ লগত মিহলাই ল'ব লাগে। তাৰ পিছত আলুৰ লগত ভালদৰে ভাজি লোৱা হয়। তাৰ পিছত অলপ পানীৰে সিজাই চেনিৰ লগত মিহলাই প্ৰস্তুত কৰা হয়। [4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "The Dum Aloo trail from Kashmir to Kolkata". Archived from the original on 2016-12-21. https://web.archive.org/web/20161221162643/http://www.rollingpin.me/single-post/2015/10/02/The-Dum-Aloo-trail-from-Kashmir-to-Kolkata আহৰণ কৰা হৈছে: 2023-11-26.
  2. "Beyond Wazwan: A Peek into the Cuisine of Kashmiri Pandits". Archived from the original on 2016-12-21. https://web.archive.org/web/20161221233759/http://food.ndtv.com/opinions/beyond-wazwan-a-peek-into-the-cuisine-of-kashmiri-pandits-1275847 আহৰণ কৰা হৈছে: 2023-11-26.
  3. "'Dama Oluv'". Archived from the original on 2012-05-18. https://web.archive.org/web/20120518011632/http://www.koausa.org/Cookbook/91.html.
  4. 1 2 "আলুৰ দম তৈৰিৰ ৰেসিপি". priyota.xyz. https://www.priyota.xyz/cooking-and-recipes/article/7636/আলুৰ-দম-তৈৰিৰ-ৰেসিপি আহৰণ কৰা হৈছে: ২৩ এপ্ৰিল ২০২০.[সংযোগবিহীন উৎস]