সিন্ধী বিৰিয়ানী
অৱয়ব
সিন্ধি বিৰিয়ানী হৈছে পাকিস্তানৰ সিন্ধু প্ৰদেশৰ পৰা উৎপত্তি হোৱা এক বিশেষ মাংস আৰু চাউলেৰে তৈয়াৰী বিৰিয়ানী খাদ্য ৷ পাকিস্তানী খাদ্য আৰু সিন্ধী খাদ্যৰ অন্যতম ব্যৱহৃত তথা জনপ্ৰিয় খাদ্য এইবিধ। [1]
উপকৰণ
[সম্পাদনা কৰক]এই বিখ্যাত সিন্ধী খাদ্যবিধ ৰন্ধাত ব্যৱহাৰ কৰা মৌলিক উপকৰণসমূহ তলত উল্লেখ কৰা হ’ল:
মাটন বা চিকেন বা মাছ বা মিছামাছ, বাছমতী চাউল, আলু, বিলাহী, দৈ, নিমখ, পিঁয়াজ, হালধি , হালধি, আদা, ইলাচি, ক'লা ইলাচিৰ গুটি, লৱঙ্গ, ৰঙা জলকীয়া, জিৰা গুটি, ডালচেনিৰ লাঠি, ৰঙা মৰিচাৰ গুড়ি, তেল, পদিনা পাত, ধনীয়া পাত, কেশৰ, থেতেলিয়াই লোৱা আলু, সেউজীয়া মৰিচা কুচি, জিৰা আৰু জলকীয়া গুড়ি।
প্ৰস্তুত প্ৰণালী
[সম্পাদনা কৰক]- কেৰাহীত পিয়াঁজ দি মধ্যমীয়া জুইত সোণালী বাদামী ৰঙৰ হোৱালৈকে মাংস, আদা আৰু নহৰু দি ১০ মিনিট মান ভাজিব।
- গৰম মছলা, শুকান গোটা মছলা, গুড়ি মছলা, দৈ, আলু দি আৰু ৫ মিনিট ভাজি ল'ব।
- আধা গিলাচ বা তাতোকৈ অধিক পানী দি ঢাকোন দি মাংস কোমল হোৱালৈকে কম জুইত ৰান্ধিব।
- মাংস সিজিলে আৰু তেল পৃথক হ’লে তিয়াই থোৱা বগৰী দি কেৰাহীখন এফালে ৰাখিব।
- ভাতখিনি ৮০% সিজি যোৱালৈকে উতলা পানীত তিয়াই থোৱা চাউলখিনি দি ভাতখিনি ভালদৰে পানী উলিয়াই ছেকি লওক।
- এটা সুকীয়া কেৰাহীত সিজোৱা ভাতখিনি মাংসৰ ওপৰত সমানে মেলি দি ভাতৰ ওপৰত বিলাহী, সেউজীয়া মৰিচা, পদিনা পাত বিস্তাৰ কৰক।
- ভাতৰ ওপৰত হালধীয়া ফুড কালাৰিং ছটিয়াই ঢাকোন দি অতি কম জুইত ভাত কোমল হোৱালৈকে সিজাই লওক।