ধনিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Coriandrum|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
ধনিয়া
ধনিয়াৰ বিভিন্ন অংশৰ চিত্ৰণ
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Coriandrum
Species: C. sativum
দ্বৈৰাশিক নামকৰণ
Coriandrum sativum
L.

ধনিয়া (বৈজ্ঞানিক নাম: Coriandrum sativum) এবিধ সুগন্ধীকাৰক তৃণজাতীয় ঔষধি উদ্ভিদ আৰু ইয়াৰ গুটি। ধনিয়াৰ শুকান গুটি মছলা হিচাপে ব্যৱহাৰ কৰা হয়। সেইদৰে ইয়াৰ পাতকো কেঁচা মছলা হিচাপে ব্যৱহাৰ কৰা হয়। খাদ্য সজাবলৈ আৰু সজীৱ গোন্ধ প্ৰদান কৰিবলৈ ধনিয়াৰ কেঁচা পাত ব্যৱহাৰ কৰা হয়। ধনিয়াক শাক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। ধনিয়াৰ চাটনি এছিয়ান খাদ্যৰ অন্যতম উপাদান। ধনিয়া বিভিন্ন চালাডৰ অন্যতম মুখ্য উপাদান।[1] ইয়াৰ প্ৰতিটো অংশ সুগন্ধিযুক্ত হোৱাৰ লগতে খোৱাৰ যোগ্য।[2] একবৰ্ষজীৱী ধনিয়া দক্ষিণ পশ্চিম এছিয়া আৰু আফ্ৰিকাৰ স্থানীয় উদ্ভিদ। বৰ্তমান পৃথিৱীৰ বিভিন্ন ঠাইত ধনিয়াৰ খেতি কৰা হয়। ধনিয়া ভাৰতীয় খাদ্যৰ অন্যতম অপৰিহাৰ্য মছলা।

বিৱৰণ[সম্পাদনা কৰক]

ধনিয়াৰ ফুল

ধনিয়া দক্ষিণ ইউৰোপ, উত্তৰ আফ্ৰিকা আৰু দক্ষিণ-পশ্চিম এছিয়াৰ স্থানীয় উদ্ভিদ। ইয়াৰ গা-গছ লেহুকা আৰু কোমল। ই প্ৰায় ৫০ ছেণ্টিমিটাৰ পৰ্যন্ত ওখ হয়। পাতসমূহ বিভিন্ন আকৃতিৰ হয় আৰু ঠাৰিৰ ফালে সোমাই যোৱা ধৰণৰ। ফুল ফুলিবলৈ আৰম্ভ হোৱাৰ সময়ত পাতসমূহ ওপৰৰ ফালে পাখিৰ দৰে হয়। ফুল সমূহ থোপা-থুপিকৈ একেলগে লাগে। ফুল সমূহ অসমমিতি আৰু বগাৰ পৰা পাতল গুলপীয়া ৰঙৰ হয়। ফলবোৰ ঘূৰণীয়া আৰু কোঠালিত বিভক্ত। ফল সমূহ শুকুৱাই মছলাৰ বাবে ব্যৱহাৰ কৰা হয়।

উৎপত্তি[সম্পাদনা কৰক]

ইজৰাইলৰ নাহাল হেমাৰ গুহাত উদ্ধাৰ হোৱা প্ৰাক-মাটিৰ পাত্ৰত ধনিয়াৰ আটাইতকৈ পুৰণি পুৰতাত্বিক অৱস্থিতি পোৱা গৈছে। ইয়াৰ লগতে ইজিপ্তৰ ৰজা টুটনখামেনৰ কফিনৰ ভিতৰতো ধনিয়াৰ গুটি পোৱা গৈছে। যিহেতু ইজিপ্তত ধনিয়া প্ৰাকৃতিকভাৱে পোৱা নাযায় বাবে ইয়াৰ পৰা গম পোৱা গৈছে যে ইয়াত প্ৰাচীন কালত ধনিয়াৰ খেতি কৰা হৈছিল।[3] খ্ৰীষ্টপূৰ্ব ২০০০ মনত গ্ৰীচত ধনিয়াৰ খেতি কৰা হৈছিল। পাইলছত উদ্ধাৰ হোৱা লিনিয়াৰ বি ফলকত ধনিয়াৰ খেতি সুগন্ধি আতৰ নিৰ্মাণ কৰিবলৈ খেতি কৰাৰ কথা উল্লেখ আছে। ইয়াৰ লগতে ধনিয়াৰ পাত আৰু গুটি মছলা হিচাপে ব্যৱহাৰ কৰা হৈছিল। গ্ৰীচৰ মেছেডনীয়াত বৃহৎ পৰিমাণৰ প্ৰাক ব্ৰঞ্জ যুগৰ মছলাৰ ভাণ্ডাৰ পোৱা গৈছে।[4][3]

পুষ্টি[সম্পাদনা কৰক]

ধনিয়াৰ কেঁচা পাত
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত
শক্তি 95 kJ (23 kcal)
শৰ্কৰাসমূহ 3.67 g
- চেনি 0.87
- খাদ্য আঁহ 2.8 g
চৰ্বী 0.52 g
প্ৰ’টিন 2.13 g
পানী 92.21 g
ভিটামিন এ সমতুল্য 337 μg (42%)
- বিটা-কেৰটিন 3930 μg (36%)
- লিউটিন and জিয়াক্সনথিন 865 μg
থায়েমিন (ভিটামিন বি) 0.067 mg (6%)
Rৰাইবফ্লভিন (ভিটামিন বি) 0.162 mg (14%)
নিয়াচিন (ভিটামিন বি) 1.114 mg (7%)
পেণ্টথেনিক এচিড (বি) 0.57 mg (11%)
ভিটামিন বি 0.149 mg (11%)
ফলেট (ভিটামিন বি) 62 μg (16%)
ভিটামিন চি 27 mg (33%)
ভিটামিন ই 2.5 mg (17%)
ভিটামিন কে 310 μg (295%)
কেলচিয়াম 67 mg (7%)
লো 1.77 mg (14%)
মেগনেছিয়াম 26 mg (7%)
মেংগানিজ 0.426 mg (20%)
ফছফ’ৰাছ 48 mg (7%)
পটাছিয়াম 521 mg (11%)
ছডিয়াম 46 mg (3%)
জিংক 0.5 mg (5%)
Link to USDA Database entry
শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ.
পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে।
উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ

কেঁচা ধনিয়াৰ পাতত ৯২% পানী, ৪% কাৰ্ব'হাইড্ৰেট, ২% প্ৰ'টিন আৰু ১%তকৈ কম চৰ্বী পোৱা যায়। ধনিয়াৰ পাততকৈ গুটি আৰু ঠাৰিৰ পুষ্টিদ্ৰৱ্যৰ পৰিমাণ বেলেগ। কেঁচা ধনিয়া পাতত ভিটামিন এ আৰু ভিটামিন চিৰ পৰিমাণ বেছি যদিও খনিজ দ্ৰৱ্যৰ পৰিমাণ কম। আনহাতে গুটিত ভিটামিনৰ পৰিমাণ কম যদিও খাদ্য আঁহৰ লগতে কেলচিয়াম, চেলেনিয়াম, লো, মেগনেছিয়াম, আৰু মেংগানিজ আদি খনিজ দ্ৰৱ্যৰ পৰিমাণ বেছি।[5]

কৃষি[সম্পাদনা কৰক]

পানী জমা নোহোৱা যথেষ্ট জৈৱিক পদাৰ্থ থকা মাটিডৰা ভালদৰে চহাই ধনিয়াৰ খেতি কৰা হয়। অক্টোবৰৰ মাজভাগৰ পৰা নবেম্বৰ মাহৰ শেষলৈকে ইয়াৰ বীজ সিঁচা হয়। বীজবোৰ সম্পূৰ্ণ অঙ্কুৰিত হবৰ বাবে সিচাঁৰ আগতে ১২-২৪ ঘণ্টামান পানীত তিয়াই থব লাগে। পানীৰ ওপৰ ভাগত ওপঙি অহা বীজবোৰ আঁতৰাই পেলাব লাগে। আৰু বীজবোৰ চতিওৱাৰ আগে আগে দুফাল কৰি লব লাগে। দুফাল কৰোঁতে চাব লাগে যাতে বীজবোৰে কষ্ট নাপায়। বীজৰ পৰা গজালি ওলোৱাৰ পিছত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

ব্যৱহাৰ[সম্পাদনা কৰক]

খাদ্য হিচাপে[সম্পাদনা কৰক]

ধনিয়াৰ পাত

ধনিয়াৰ গোটেই গা-গছ খোৱাৰ যোগ্য যদিও সাধাৰণতে পাত আৰু গুটি খাদ্যৰ বাবে ব্যৱহাৰ কৰা হয়।[6] ইয়াৰ সতেজ কেঁচা পাত চাটনি, চালাড, চালছা, গুৱাকামলে আদিৰ উপাদান। ইয়াৰ লগতে জোল, চুপ, মাছ-মাংস, তৰকাৰীত সুগন্ধিকাৰক হিচাপে আৰু সজাবলৈ ধনিয়াৰ পাত ব্যৱহাৰ কৰা হয়।[7] অধিক উষ্ণতাত ধনিয়া পাতৰ গোন্ধ নাইকিয়া হয় বাবে খাদ্য পৰিবেশন কৰাৰ আগমুহূৰ্তত ইয়াৰ প্ৰয়োগ কৰা হয়। ইয়াক শাক হিচাপেও ব্যৱহাৰ কৰা হয়।

ধনিয়া গুটি

শুকান ধনিয়া গুটিসমূহ মছলা হিচাপে ব্যৱহাৰ কৰা হয়। গুটিসমূহ অলপ ভাজি গুৰি প্ৰস্তুত কৰা হয়। এনে কৰিলে গুটিৰ গোন্ধ বৃদ্ধি পায়। ই উত্তৰ ভাৰতীয় গৰম মছলাৰ অন্যতম উপাদান। ধনিয়া গুৰিৰ লগত জীৰাৰ গুৰি মিহলাই এবিধ মছলা তৈয়াৰ কৰা হয়।[8] এই মছলাবিধ ভাৰতীয় খাদ্যত বহুলভাৱে ব্যৱহাৰৰ কৰা হয়। ইয়াৰ লগতে পাচলিৰ আচাৰ প্ৰস্তুত কৰিবলৈ ধনিয়া গুটি ব্যৱহাৰ হয়। ইয়াৰ লগতে বিভিন্ন পানীয় প্ৰস্তুত কৰিবলৈ ইয়াৰ গুটি ব্যৱহাৰ কৰা হয়।[9]

ধনিয়াৰ শিপা

ধনিয়াৰ শিপাসমূহৰ গোন্ধ পাততকৈ বেছি। ইয়াক ঘাইকৈ এছিয়ান খাদ্য বিশেষকৈ থাই খাদ্যত ব্যৱহাৰ কৰা হয়।

ঔষধি গুণাগুণ[সম্পাদনা কৰক]

ধনিয়াৰ ঔষধি গুণাগুণ আছে। ধনিয়া সিজোৱা পানী বৃক্কৰ বাবে ভাল। ধনিয়াৰ ৰসে অনিদ্ৰাৰ উপশম ঘটাই গভীৰ টোপনি প্ৰদান কৰে। পেটফুলা, বমিভাৱ,বদহজম জাতীয় সমস্যাত ই অতি লাভদায়ক। ধনিয়া পাতৰ জুচত প্ৰচুৰ এণ্টি অক্সিডেণ্ট থাকে। ই বেয়া কলেষ্টৰেল কমায় আৰু ভাল কলেষ্টৰেল বৃদ্ধি কৰে। ইয়াৰ ফলত হৃদয়ৰ কাম সুচাৰুৰূপে চলে। প্ৰাকৃতিক গুণ আৰু ঘটকেৰে সমৃদ্ধ ধনিয়াই মধুমেহ নিয়ন্ত্ৰণ আৰু স্থিৰ ৰাখে। ছালৰ সমস্যাৰ বাবেও ধনিয়া ব্যৱহাৰ কৰা হয়।

চিত্ৰ বিথিকা[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. cilantro in the Cambridge English Pronouncing Dictionary
  2. Callaway, Ewen (12 September 2012). "Soapy taste of coriander linked to genetic variants" (en ভাষাত). Nature. doi:10.1038/nature.2012.11398. https://www.nature.com/news/soapy-taste-of-coriander-linked-to-genetic-variants-1.11398। আহৰণ কৰা হৈছে: 2019-07-20. 
  3. 3.0 3.1 Zohary, Daniel; Hopf, Maria (2000). Domestication of Plants in the Old World (Third সম্পাদনা). প্ৰকাশক Oxford: Oxford University Press. পৃষ্ঠা. 205–206. ISBN 0-19-850357-1. 
  4. Fragiska, M. (2005). "Wild and Cultivated Vegetables, Herbs and Spices in Greek Antiquity". Environmental Archaeology খণ্ড 10 (1): 73–82. doi:10.1179/146141005790083858. 
  5. "Nutritional Data, coriander seed, per 100 g". Conde Nast. http://nutritiondata.self.com/facts/spices-and-herbs/183/2। আহৰণ কৰা হৈছে: 2013-08-10. 
  6. Samuelsson, Marcus (2003). Aquavit: And the New Scandinavian Cuisine. Houghton Mifflin Harcourt. পৃষ্ঠা. 12 (of 312). ISBN 978-0-618-10941-8. https://books.google.com/books?id=oxhA_Xp1ZjAC. 
  7. Moulin, Léo (2002). Eating and Drinking in Europe: A Cultural History. Mercatorfonds. পৃষ্ঠা. 168. ISBN 978-9061535287. https://books.google.com/books?id=gvSBAAAAMAAJ. 
  8. "Dhana Jeera Powder – Also Known As Cumin and Coriander Blend or Dhanajiru Powder". My Spice Sage. http://www.myspicesage.com/dhana-jeera-powder-p-731.html। আহৰণ কৰা হৈছে: 2016-01-14. 
  9. Pendergrast, Mark (1994). For God, Country and Coca-Cola. Collier. পৃষ্ঠা. 422. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • ৱিকিমিডিয়া কমন্সত ধনিয়া সম্পৰ্কীয় মিডিয়া ফাইল।