শ্ৰী গুনসিংহে
শ্ৰী গুনসিংহে සිරි ගුණසිංහ | |
---|---|
জন্ম | ১৮ ফেব্ৰুৱাৰী, ১৯২৫ Kegalle, শ্ৰীলংকা |
মৃত্যু | ২৫ মে', ২০১৭ (৯২ বছৰ) ব্ৰিটিছ কলম্বিয়া, কানাডা |
ৰাষ্ট্ৰীয়তা | শ্ৰী লংকান |
শিক্ষা | মহিন্দ্ৰ কলেজ ইউনিভাৰচিটি অৱ চেইলন |
পেচা | বিশ্ববিদ্যালয়ৰ অধ্যাপক |
জনা যায় | লেখন কবিতা সাহিত্য সমালোচনা |
শ্ৰী গুণসিংহে (ইংৰাজী: Siri Gunasinghe; সিংহলী: සිරි ගුණසිංහ ; ১৮ ফেব্ৰুৱাৰী ১৯২৫ – ২৫ মে’ ২০১৭) শ্ৰীলংকাৰ এগৰাকী শিক্ষাবিদ, কবি, সংস্কৃতিবিদ, শিল্পকলা ইতিহাসবিদ, লেখক তথা চলচ্চিত্ৰ নিৰ্মাতা আছিল।[1] মুক্ত সিংহল কবিতাৰ সৃষ্টিশীলতাক নিখুঁত আৰু তীক্ষ্ণ কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[2] সিংহলী সাহিত্যত সাহিত্যিক ভাষাৰ পৰিৱৰ্তে কথিত ভাষা ব্যৱহাৰত গুণসিংহেই অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। [3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]শ্ৰীলংকাৰ কেগালে জিলাৰ ৰুৱানৱেলাত শ্ৰী গুণসিংহেৰ জন্ম হৈছিল। তেওঁ মহিন্দা মহাবিদ্যালয়, গালে আৰু চেইলন বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল। চৰবোন বিশ্ববিদ্যালয়ত, তেওঁ ‘ভাৰতীয় চিত্ৰকলাৰ কৌশল’ সন্দৰ্ভত পিএইচডি সম্পূৰ্ণ কৰে।[4] পিছলৈ শ্ৰী গুনসিংহে বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হয় আৰু শ্ৰীলংকাৰ পেৰাডেনিয়া বিশ্ববিদ্যালয় আৰু কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ভিক্টোৰিয়া বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। ইয়াত তেওঁ শিল্পকলাৰ ইতিহাস পঢ়াইছিল।[5] পৰৱৰ্তী সময়ত তেওঁ পেৰিছ ভ্ৰমণ কৰিছিল; য’ত তেওঁ তেওঁৰ পঢ়া-শুনা অব্যাহত ৰাখে আৰু লা টেকনিক দে লা পেইনচাৰ ইণ্ডিনে ডি’এপ্ৰছ লেচ টেক্সটেছ ডু চিলপা লিখে।[6] তেওঁৰ ভাতৃ ধৰ্ম গুণসিংহে, কলম্বোৰ নালন্দা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল।[7]
গুণসিংহে ১৯৭০ চনৰপৰা কানাডাত বাস কৰিছিল। ২০১৭ চনৰ ২৫ মে’ত ৯২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[8]
কৰ্মজীৱন
[সম্পাদনা কৰক]তেওঁৰ আটাইতকৈ উৎকৃষ্ট সাফল্যবোৰ হৈছে; ১৯৫৬ চনত কবিতা সংকলন মাছ লিয়া নতি আতা (ব্লিচড বোনছ) প্ৰকাশৰ সৈতে সিংহলী কবিতাত মুক্ত শ্লোকৰ সৃষ্টি; ই সেই সময়ৰ সাহিত্যত এক বিপ্লৱৰ সূচনা কৰিছিল।[9] তেওঁ ১৯৬০ চনত হেৱেনেলা প্ৰকাশ কৰিছিল,[10] যাক চেতনা বৰ্ণনা শৈলীৰ নিয়ম অনুসৰি লিখা প্ৰথম সিংহলা উপন্যাস বুলি গণ্য কৰা হয়।[11] গুণসিংহে তেওঁৰ লিখনিত সিংহল আখৰ এন আৰু এল (මූර්ධජ ණ සහ ළ বৰ্জন কৰিছিল।[2]
তেওঁ তেওঁৰ কবিতাবোৰ এনেকুৱা বিষয়বস্তুৰ ওপৰত লিখিছিল যিবোৰ মী হৰাকা আৰু ৰাথু কেকুলাৰ দৰে বিষয়বস্তুতকৈ বহুত বেলেগ আছিল। কিন্তু তেওঁ সিংহল কবিতাত দৃষ্টান্ত প্ৰৱৰ্তন কৰা প্ৰথমগৰাকী ব্যক্তি আছিল।[2]তেওঁৰ অন্যান্য কবিতা সংকলনসমূহৰ ভিতৰত আছে আবি নিকমানা (১৯৫৮), ৰাথু কেকুলা (১৯৬২) আৰু অলকামনন্দৱা (১৯৯৮)।[12] তেওঁ সিংহলা চনট্ৰিবিউচন টু দ্য বুদ্ধ ষ্টেচু শীৰ্ষক গৱেষণা প্ৰবন্ধটো লিখিছিল যিয়ে বেছিভাগ মন্দিৰৰ ক্ৰমান্বয়ে হ্ৰাস হোৱা ম্যুৰালবোৰৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিছিল।[7]
১৯৬৮ চনত তেওঁ এখন চিত্ৰনাট্য লিখে আৰু তাৰ আধাৰত সাত সমুদুৰা চলচ্চিত্ৰখন নিৰ্মাণ কৰে; এই চলচ্চিত্ৰখনে সমালোচকৰ ভূয়সী প্ৰশংসা লাভ কৰে।[13] চিনেমাখনে শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালকসহ আঠটা সৰসাৱী বঁটা লাভ কৰে।[2][14] তেওঁ চিনেমাখনৰ কষ্টিউমও ডিজাইন কৰিছিল।[15] শ্ৰীলংকাৰ এগৰাকী অগ্ৰনী বুক কভাৰ ডিজাইনাৰ (গ্ৰন্থ প্ৰচ্ছদ নিৰ্মাতা) বুলিও গণ্য কৰা হয় আৰু তেওঁ কেইবাটাও ৰেডিঅ’ অনুষ্ঠানো পৰিচালনা কৰিছে।[16] ২০১০ চনত তেওঁ চিগিৰিয়াঃ কাশ্যপেজ সৌন্দৰ্য প্ৰাণময় নামৰ ৰচনাখন প্ৰকাশ কৰে, যাক আগতে ২০০৮ চনত কাচ্ছাপাচ্ হ’মেজ টু বিউটি শীৰ্ষকেৰে অনুবাদ কৰা হৈছিল। [7] [17][7][17]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Death of Prof. Emeritus Siri Gunasinghe". Daily News. http://dailynews.lk/2017/05/26/local/117115/death-prof-emeritus-siri-gunasinghe। আহৰণ কৰা হৈছে: 1 August 2017.
- ↑ 2.0 2.1 2.2 2.3 "Siri Gunasinghe". Dinamina. Archived from the original on 4 May 2021. https://web.archive.org/web/20210504152903/http://www.dinamina.lk/2017/05/31/%E0%B7%80%E0%B7%92%E0%B7%81%E0%B7%9A%E0%B7%82%E0%B7%8F%E0%B6%82%E0%B6%9C/34920। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ "Simple Siri". saaravita. http://www.saaravita.lk/saara-column/522275/සිම්පල්-සිරි। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ "Siri Gunasinghe : Rebel with a literary clout". Sunday Observer. http://archives.sundayobserver.lk/2005/01/16/fea25.html। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ "Siri Gunasinghe is silent". BBC Sinhala. https://www.bbc.com/sinhala/sri-lanka-40053257। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ Siri Gunasinghe, La technique de la peinture indienne d'après les textes du Silpa (Paris : Presses universitaires de France, 1957).
- ↑ 7.0 7.1 7.2 "He pierced deep into expression". Daily News. http://www.dailynews.lk/2017/05/31/features/117416/he-pierced-deep-expression। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ "Prof. Siri Gunasinghe passes away". lankapuvath. Archived from the original on 23 September 2020. https://web.archive.org/web/20200923204054/http://sinhala.lankapuvath.lk/2017/05/26/%E0%B6%B8%E0%B7%84%E0%B7%8F%E0%B6%A0%E0%B7%8F%E0%B6%BB%E0%B7%8A%E0%B6%BA-%E0%B7%83%E0%B7%92%E0%B6%BB%E0%B7%92-%E0%B6%9C%E0%B7%94%E0%B6%AB%E0%B7%83%E0%B7%92%E0%B6%82%E0%B7%84-%E0%B6%85%E0%B6%B7/। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ "Siri Gunasinghe is a cultural giant". Silumina. Archived from the original on 4 May 2021. https://web.archive.org/web/20210504151401/https://silumina.lk/2017/05/27/%E0%B7%80%E0%B7%92%E0%B7%81%E0%B7%9A%E0%B7%82%E0%B7%8F%E0%B6%82%E0%B6%9C/%E0%B7%83%E0%B7%92%E0%B6%BB%E0%B7%92-%E0%B6%9C%E0%B7%94%E0%B6%B1%E0%B7%83%E0%B7%92%E0%B6%82%E0%B7%84-%E0%B7%83%E0%B7%8F%E0%B6%82%E0%B7%83%E0%B7%8A%E0%B6%9A%E0%B7%98%E0%B6%AD%E0%B7%92%E0%B6%9A-%E0%B6%BA%E0%B7%9D%E0%B6%B0%E0%B6%BA%E0%B7%99%E0%B6%9A%E0%B7%8A। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ "In the shadow of metamorphosis". Daily News. https://dailynews.lk/2017/06/07/features/118125/shadow-metamorphosis। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ "Tribute: Prof Emeritus Siri Gunasinghe : Author, historian and critic". Sunday Observer. http://www.sundayobserver.lk/2017/05/28/news/tribute-prof-emeritus-siri-gunasinghe-author-historian-and-critic। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ "Siri Gunasinghe is the revolutionary poet of modern Sinhala poetry". Silumina. Archived from the original on 4 August 2020. https://web.archive.org/web/20200804142813/http://www.silumina.lk/2019/12/07/%E0%B6%B4%E0%B7%94%E0%B6%B1%E0%B7%8A%E0%B6%9A%E0%B6%BD%E0%B7%83/%E0%B7%83%E0%B7%92%E0%B6%BB%E0%B7%92-%E0%B6%9C%E0%B7%94%E0%B6%B1%E0%B7%83%E0%B7%92%E0%B6%82%E0%B7%84-%E0%B6%B1%E0%B7%96%E0%B6%AD%E0%B6%B1-%E0%B7%83%E0%B7%92%E0%B6%82%E0%B7%84%E0%B6%BD-%E0%B6%9A%E0%B7%80%E0%B7%92%E0%B6%BA%E0%B7%9A-%E0%B7%80%E0%B7%92%E0%B6%B4%E0%B7%8A%E0%B6%BD%E0%B7%80%E0%B7%93%E0%B6%BA-%E0%B6%9A%E0%B7%80%E0%B7%92%E0%B6%BA%E0%B7%8F। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ "Siri Gunasinghe". films.lk. http://www.films.lk/sinhala-cinema-artist-siri-gunasinghe-1392.html। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ "Sarasaviya Film Festival - 1968". Sarasaviya. http://archives.sarasaviya.lk/awards/?fn=1968। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ Mirror "The versatile exponent:Prof. Siri Gunasinghe". http://www.dailymirror.lk/article/The-versatile-exponent-Prof-Siri-Gunasinghe-129763.htmlwork=Daily Mirror। আহৰণ কৰা হৈছে: 1 August 2020.[সংযোগবিহীন উৎস]
- ↑ "The poet who dared". Sunday Observer. http://archives.sundayobserver.lk/2007/10/14/imp16.asp। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ "Siri Gunasinghe meets the Apsaras". Sunday Observer. http://archives.sundayobserver.lk/2010/01/03/mon10.asp। আহৰণ কৰা হৈছে: 1 August 2020.