ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০১৯/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাউৰুৰ মানচিত্ৰ

নাউৰু (আধিকাৰিক নাম: নাউৰু গণৰাজ্য; নাউৰুয়ান ভাষাত: Repubrikin Naoero, ৰিপুব্ৰিকিন নাওয়েৰো) দক্ষিণ প্ৰশান্ত মহাসাগৰৰ মাইক্ৰ'নেছিয়া অঞ্চলৰ এক ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ নিকটতম দ্বীপ হ'ল ৩০০ কিলোমিটাৰ পূব দিশে অৱস্থিত কিৰিবাছৰ বানাবা দ্বীপ। নাউৰু মাটিকালি মাত্ৰ ২১ বৰ্গ কিলোমিটাৰ; ই ভেটিকান চিটি আৰু ম'ন'ক'ৰ পাছতে পৃথিৱীৰ তৃতীয় ক্ষুদ্ৰতম ৰাষ্ট্ৰ। ই পৃথিৱীৰ ক্ষুদ্ৰতম গণতন্ত্ৰ আৰু দ্বীপ ৰাষ্ট্ৰও; আৰু ইয়াৰ কোনো ৰাজধানী নাই। জনসংখ্যাৰ ফালৰ পৰা জুলাই ২০১৬-ৰ তথ্য অনুসৰি ১১,৩৪৭ জন লোকেৰে নাউৰু ভেটিকান চিটি আৰু টুভালুৰ পাছতে পৃথিৱীৰ তৃতীয় কম জনবহুল ৰাষ্ট্ৰ।

নাউৰুৰ আদি বাসিন্দাসকল হৈছে মাইক্ৰ'নেছীয় আৰু পলিনেছীয় মূলৰ লোক। ঊনবিংশ শতিকাৰ শেষভাগত জাৰ্মানীয়ে ইয়াক দখল কৰে। প্ৰথম বিশ্বযুদ্ধৰ পাছত ই অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু যুক্তৰাজ্যৰ অধীনৰ এক লিগ অফ নেছন মেণ্ডেট বা প্ৰশাসনিক অঞ্চলত পৰিণত হয়। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময় জাপানে নাউৰু দখল কৰে। যুদ্ধৰ শেষত ই পুণৰ অধীনস্থ প্ৰশাসনিক অঞ্চল পৰিণত হয়, আৰু অৱশেষত ১৯৬৮ চনত পূৰ্ণ স্বাধীনতা লাভ কৰে।

নাউৰু এক ফছফেট-শিলাৰ দ্বীপ। পূৰ্বতে ইয়াত ফছফেট আহৰণৰ বাবে অত্যাধিক খনন কাৰ্য চলিছিল আৰু এয়াই আছিল নাউৰুৰ অৰ্থনীতিৰ মূল উৎস। পিছে ২০১১ চনৰ তথ্য অনুসৰি দ্বীপটোত ফছফেটৰ পৰিমান প্ৰায় শেষ হৈ আহিছে আৰু ইয়াৰ খনন অৰ্থনৈতিক ভাবে লাভজনক হৈ ৰোৱা নাই। বিতংকৈ পঢ়ক...