নাউৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাউৰু গণৰাজ্য
Repubrikin Naoero  (Nauruan)
নীতিবাক্য
"God's will first"
"প্ৰথমে ভগবানৰ ইচ্ছা"
ৰাষ্ট্ৰীয় সঙ্গীত
Nauru Bwiema
"নাউৰু, আমাৰ গৃহভূমি"
নাউৰু-ৰ অৱস্থান
নাউৰু-ৰ অৱস্থান
ৰাজধানীনাই (de jure)
য়াৰেন (de facto)[a]
বৃহত্তম নগৰ ডেনিগ'ম'ডু
ৰাষ্ট্ৰভাষা (সমূহ) নাউৰুয়ান ভাষা
ইংৰাজী ভাষা
জনগোষ্ঠীসমূহ 
  • ৫৮% নাউৰুয়ান জাতি
  • ২৬% আন প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ অধিবাসী
  • ৮% ইউৰোপীয় লোক
  • ৮% চীনা লোক
জাতীয়তাসূচক বিশেষণ নাউৰুয়ান
চৰকাৰ সংসদীয় গণতন্ত্ৰ
স্বাধীনতা
 -  প্ৰশাসনিক অঞ্চলৰ পৰা, (অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু যুক্তৰাজ্যৰ পৰা) ৩১ জানুৱাৰী ১৯৬৮ 
মাটিকালি
 -  মুঠ ২১ বৰ্গ কিমি (১৯৩তম)
৮.১ বৰ্গ মাইল 
 -  জলভাগ (%) ০.৫৭ (০ বৰ্গ কিমি)
জনসংখ্যা
 -  অক্টোবৰ ২০১৮ লোকপিয়ল ১১,২০০'"`UNIQ--ref-০০০০০০০০-QINU`"' (২৩৪th)
জিডিপি (পিপিপি) ২০১৭ আনুমানিক
 -  মুঠ ১৬ কোটি ডলাৰ[2] (১৯২তম)
 -  জনমুৰি ১২,০৫২ ডলাৰ[2] (৯৪তম)
জিডিপি (নামমাত্ৰ) ২০১৭ আনুমানিক
 -  মুঠ ১১.৪ কোটি ডলাৰ[2] 
 -  জনমুৰি ৮,৫৭০ ডলাৰ[2] 
মুদ্ৰা অষ্ট্ৰেলিয়ান ডলাৰ (AUD)
সময় অঞ্চল (ইউটিচি+১২)
গাড়ী চলোৱা হয় বাওঁফালে
ইণ্টাৰনেট টিএলডি .nr
কলিং ক'ড +৬৭৪

নাউৰু (আধিকাৰিক নাম: নাউৰু গণৰাজ্য; নাউৰুয়ান ভাষাত: Repubrikin Naoero, ৰিপুব্ৰিকিন নাওয়েৰো; ইংৰাজী ভাষাত: Republic of Nauru, ৰিপাব্লিক অফ নাউৰু) দক্ষিণ প্ৰশান্ত মহাসাগৰৰ মাইক্ৰ'নেছিয়া অঞ্চলৰ এক ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ নিকটতম দ্বীপ হ'ল ৩০০ কিলোমিটাৰ পূব দিশে অৱস্থিত কিৰিবাছবানাবা দ্বীপ। নাউৰু মাটিকালি মাত্ৰ ২১ বৰ্গ কিলোমিটাৰ; ই ভেটিকান চিটি আৰু ম'ন'ক'ৰ পাছতে পৃথিৱীৰ তৃতীয় ক্ষুদ্ৰতম ৰাষ্ট্ৰ। ই পৃথিৱীৰ ক্ষুদ্ৰতম গণতন্ত্ৰ আৰু দ্বীপ ৰাষ্ট্ৰও; আৰু ইয়াৰ কোনো ৰাজধানী নাই।[3] জনসংখ্যাৰ ফালৰ পৰা জুলাই ২০১৬-ৰ তথ্য অনুসৰি ১১,৩৪৭জন লোকেৰে নাউৰু ভেটিকান চিটি আৰু টুভালুৰ পাছতে পৃথিৱীৰ তৃতীয় কম জনবহুল ৰাষ্ট্ৰ।

নাউৰুৰ আদি বাসিন্দাসকল হৈছে মাইক্ৰ'নেছীয় আৰু পলিনেছীয় মূলৰ লোক। ঊনবিংশ শতিকাৰ শেষভাগত জাৰ্মানীয়ে ইয়াক দখল কৰে। প্ৰথম বিশ্বযুদ্ধৰ পাছত ই অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু যুক্তৰাজ্যৰ অধীনৰ এক লিগ অফ নেছন মেণ্ডেট বা প্ৰশাসনিক অঞ্চলত পৰিণত হয়। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময় জাপানে নাউৰু দখল কৰে। যুদ্ধৰ শেষত ই পুনৰ অধীনস্থ প্ৰশাসনিক অঞ্চল পৰিণত হয়, আৰু অৱশেষত ১৯৬৮ চনত পূৰ্ণ স্বাধীনতা লাভ কৰে।

নাউৰু এক ফছফেট-শিলাৰ দ্বীপ। পূৰ্বতে ইয়াত ফছফেট আহৰণৰ বাবে অত্যধিক খনন কাৰ্য চলিছিল আৰু এয়াই আছিল নাউৰুৰ অৰ্থনীতিৰ মূল উৎস। পিছে ২০১১ চনৰ তথ্য অনুসৰি দ্বীপটোত ফছফেটৰ পৰিমাণ প্ৰায় শেষ হৈ আহিছে আৰু ইয়াৰ খনন অৰ্থনৈতিক ভাবে লাভজনক হৈ ৰোৱা নাই।[4] এই ফছফেট আহৰণৰ ফলত নাউৰুৰ পৰিবেশত বিপৰ্যয়ৰ সূচনাও হৈছে, লগতে ফছফেটৰ খনন কম হৈ অহাৰ বাবে নাউৰু অৰ্থনৈতিক ভাবে দুৰ্বল হৈ পৰিছে। সেয়ে অৰ্থ উপাৰ্জনৰ বাবে নাউৰুৰ চৰকাৰে বিভিন্ন অপ্ৰচলিত পদ্ধতিৰ আশ্ৰয় লৈছে। যেনে, ১৯৯০ ৰ দশকৰ আৰম্ভণিৰ পৰা নাউৰু কলাধন বৈধ কৰাৰ কেন্দ্ৰত পৰিণত হয়।[5] ইয়াৰোপৰি বিদেশী বিনিয়োগক আকৰ্ষণৰ অৰ্থে নাউৰুত কৰৰ পৰিমাণ একেবাৰে নগণ্য কৰি দিয়া হৈছে।[5] নাউৰুৱে অষ্ট্ৰেলিয়া চৰকাৰৰ অনুদানো গ্ৰহণ কৰিছে। তাৰ বিনিময়ত নাউৰুক অষ্ট্ৰেলিয়াই ইয়াৰ ৰাজনৈতিক আশ্ৰয় প্ৰাৰ্থীবোৰৰ কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰে। অষ্ট্ৰেলিয়াৰ ওপৰত নাউৰুৰ অত্যধিক নিৰ্ভৰশীলতাৰ বাবে বহুতেই নাউৰুক অষ্ট্ৰেলিয়াৰ পৰোক্ষভাবে-অধীন ৰাষ্ট্ৰ (client state) ৰূপে গণ্য কৰে।[6][7][8]

ইতিহাস[সম্পাদনা কৰক]

এক নাউৰুয়ান যুঁজাৰু, ১৮৮০

নাউৰুত প্ৰথমে অন্ততঃ ৩,০০০ বছৰ পূৰ্বে মাইক্ৰ'নেছীয় আৰু পলিনেছীয় লোকসকলে বসতি স্থাপন কৰিছিল।[9] নাউৰুত ঐতিহাসিকভাবে ১২টা গোষ্ঠী বা উপজাতি আছিল। নাউৰুৰ জাতীয় পতাকাটোৰ ১২টা বিন্দুৰ তৰাই এইসকলক প্ৰতিনিধিত্ব কৰে।[10] সেইসময়ত নাউৰুৰ অধিবাসীসকলে মিনপালন আৰম্ভ কৰিছিল। তেওঁলোকে লুণীয়া পানীৰ ইবিজা নামৰ মাছবিধৰ পোনা ধৰি বুদা লেগুন নামৰ মিঠা পানীৰ উপহ্ৰদত মিনপালনৰ বাবে ব্যৱহাৰ কৰিছিল। এই মাছ তেওঁলোকৰ খাদ্যৰ এক নিৰ্ভৰযোগ্য উৎস আছিল। ইয়াৰ লগতে অন্যান্য স্থানীয়ভাবে উপলব্ধ ফল যেনে নাৰিকল আৰু পেনডেনাচ নামৰ ফল খাদ্যৰ বাবে ব্যৱহাৰ কৰিছিল।[11][12] "নাউৰু" নাম উৎপত্তি সম্ভৱতঃ নাউৰুয়ান ভাষাৰ শব্দ এনাউৰু-ৰ পৰা হৈছে, যাৰ অৰ্থ "মই সাগৰৰ পাৰলৈ যাওঁ। "[13]

১৭৯৮ চনত ব্ৰিটিছ কেপ্টেইন জন ফেয়াৰ্ণে তেওঁৰ হাণ্টাৰ নামৰ ব্যৱসায়িক জাহাজেৰে ভ্ৰমণ কৰাৰ সময়ত নাউৰুক দেখা পায়। তেওঁ হৈছে নাউৰুক দেখা প্ৰথমজন ইউৰোপীয়ান লোক। নাউৰুৰ মোহনীয় প্ৰাকৃতিক ৰূপৰ বাবে ফেয়াৰ্ণে ইয়াক "প্লিজেণ্ট আইলেণ্ড" (Pleasant Island) নামেৰে নামকৰণ কৰে।[14][15] ১৮২৬ চনৰ পৰা আৰম্ভ কৰি নাউৰু আৰু জাহাজেৰে ভ্ৰমণ কৰা ইউৰোপীয়সকলৰ মাজত সঘনাই যোগাযোগ আৰম্ভ হয়। ইউৰোপীয়সকলৰ বাবে নাউৰু হৈ পৰে চফা খোৱা পানীৰ এক উৎস।[16]

এই সময়তে, ইউৰোপীয় জাহাজবোৰ পৰা পলাতক লোকসকলে দ্বীপটোত বসবাস আৰম্ভ কৰে। দ্বীপটোৰ বাসিন্দাসকলে তেওঁলোকৰ লগত খাদ্যবস্তুৰ বিনিময়ত সুৰা আৰু আগ্নেয়াস্ত্ৰৰ আদান-প্ৰদান কৰে।[17] এই আগ্নেয়াস্ত্ৰসমূহ ১৮৭৮ চনত আৰম্ভ হোৱা দহ বছৰযোৰা নাউৰুৰ গৃহযুদ্ধত ব্যৱহাৰ কৰা হৈছিল।[18]

গ্ৰেট ব্ৰিটেনৰ সৈতে এক চুক্তিৰ পাছত, ১৮৮০ চনত জাৰ্মানীৰ সৈতে নাউৰু সংযুক্ত হয় আৰু প্ৰশাসনিক সুবিধাৰ উদ্দেশ্যে জাৰ্মানীৰ মাৰ্চেল দ্বীপপুঞ্জৰ লগত অন্তৰ্ভুক্ত কৰা হয়।[19][20] জাৰ্মানসকলৰ আগমণৰ ফলত নাউৰুৰ গৃহযুদ্ধ সমাপ্ত হয় আৰু দ্বীপটো শাসন কৰিবৰ বাবে ৰজাৰ প্ৰতিষ্ঠিত কৰা হয়। ৰজাসকলৰ ভিতৰত সৰ্বাধিক পৰিচিত ৰজা আছিল আৱেইদা। গিলবাৰ্ট দ্বীপপুঞ্জৰ পৰা খ্ৰিষ্টান মিছনেৰীসকলৰ আগমণ নাউৰুলৈ ঘটে ১৮৮৮ চনত।[21][22] জাৰ্মান ঔপনিবেশকাৰীসকলে দ্বীপটোক "নাউডো" বা "অনাউৰু" নামেৰে মাতিছিল।[23] জাৰ্মানসকল প্ৰায় তিন দশক ধৰি নাউৰুক শাসন কৰে। ১৮৯০ চনত নিযুক্ত দ্বীপটোৰ প্ৰথম প্ৰশাসক আছিল ৰবাৰ্ট ৰাছ নামৰ এজন জাৰ্মান ব্যৱসায়ী। তেওঁ পাছত এগৰাকী নাউৰুয়ান মহিলাৰ সৈতে বিবাহপাশতো আৱদ্ধ হয়।[21]

খনিজ পদাৰ্থৰ সন্ধানকাৰী এলবাৰ্ট ফুলাৰ এলিছে ১৯০০ চনত নাউৰুত ফছফেট আৱিষ্কাৰ কৰে।[20][15] প্ৰশান্ত মহাসাগৰীয় ফছফেট কোম্পানীয়ে ১৯০৬ চনত জাৰ্মানীৰ সৈতে কৰা চুক্তিৰ পাছত ফছফেটৰ খনন আৰম্ভ কৰে আৰু ১৯০৭ চনৰ পৰা ইয়াৰ ৰপ্তানি আৰম্ভ কৰে।[14][24] ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত অষ্ট্ৰেলিয়ান সৈন্যবাহিনীয়ে নাউৰু দখল কৰে। ১৯১২ চনত মিত্ৰশক্তিৰ সিদ্ধান্ত মৰ্মে নাউৰুক যুক্তৰাজ্যৰ অধীনৰ এক লিগ অফ নেছন মেণ্ডেট বা প্ৰশাসনিক অঞ্চলত পৰিণত কৰা হয়। ১৯১২ চনত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু যুক্তৰাজ্যৰ চৰকাৰৰে নাউৰুৰ প্ৰশাসন আৰু ব্ৰিটিছ ফছফেট কমিছন নামৰ এক আন্তঃচৰকাৰী সংস্থাৰ দ্বাৰা ফছফেটৰ খনন আৰু ৰপ্তানি বাবে এক ত্ৰিপাক্ষীক চুক্তি সাক্ষৰ কৰে।[19][25]

১৯২০ চনত দ্বীপটোত ইনফ্লুৱেঞ্জা মহামাৰীয়ে দেখা দিয়ে, স্থানীয় নাউৰুয়ানৰ মাজত ইয়াৰ মৃত্যুহাৰ আছিল ১৮%।[26]

১৯২৩ চনত লীগ অফ নেছনে অষ্ট্ৰেলিয়াক নাউৰুৰ ওপৰত ট্ৰাষ্টি মেণ্ডেট প্ৰদান কৰে, নিউজিলেণ্ড আৰু যুক্তৰাজ্য সহ-ট্ৰাষ্টি ৰূপে ৰয়।[27] ১৯৪০ চনৰ ৬ আৰু ৭ ডিছেম্বৰত সেইসময়ৰ নাজী জাৰ্মানীৰ সামৰিক জাহেজে ফছফেট সৰবৰাহ কৰা ৫খন জাহাজৰ ওপৰত আক্ৰমণ কৰি ডুবায়।[28][29]

১৯৪৩ চনত নাউৰুৰ বিমানঘাঁটিত আমেৰিকান বায়ুসেনাই কৰা বোমা বিস্ফোৰণ[30]

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪২ চনৰ ২৫ আগষ্টত জাপানৰ সৈন্যই নাউৰু দখল কৰে।[29] জাপানীসকলে দ্বীপটোত এক বিমানঘাঁটি নিৰ্মাণ কৰে। আমেৰিকান সৈন্যই এই বিমানঘাঁটিটোক প্ৰথমবাৰৰ বাবে ১৯৪৩ চনৰ ২৫ মাৰ্চত বোমা বিস্ফোৰণ কৰে, ফলত নাউৰুলৈ খাদ্য সৰবৰাহ বন্ধ হৈ পৰে। জাপানে ১,২০০জন নাউৰুৰ নিবাসীক শ্ৰমিক ৰূপে কাম কৰিবৰ বাবে সেইসময়ত জাপানৰ অধীনৰ চুুক দ্বীপপুঞ্জলৈ নিৰ্বাসিত কৰে।[30] মিত্ৰশক্তিয়ে নাউৰুক দখল নকৰি বাদ দি যায় আৰু জাপানৰ দিশে অগ্ৰসৰ হয়। জাপানৰ কামাণ্ডাৰ হায়াইকি চ'য়েদাই অষ্ট্ৰেলিয়ান সৈন্যবাহিনীৰ হাতত আত্মসমৰ্পণৰ ফলত অৱশেষত ১৯৪৫ চনৰ ১৩ ছেপ্টেম্বৰত নাউৰু জাপানৰ দখলৰ পৰা মুক্তি লাভ কৰে।[31] চুুক দ্বীপপুঞ্জৰ পৰা জাপানৰ কাৰাধীন ৭৩৭জন জীৱিত নাউৰুয়ানক স্বভূমিলৈ প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰা হয়। ১৯৪৬ চনৰ জানুৱাৰীত ব্ৰিটিছ ফছফেট কমিছনৰ জাহাজেৰে তেওঁলোকক নাউৰুলৈ উভটাই অনা হয়।[32]

১৯৪৭ চনত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু যুক্তৰাজ্যক ট্ৰাষ্টি হিচাপে লৈ ৰাষ্ট্ৰসংঘই নাউৰুক ইয়াৰ ট্ৰাষ্ট অঞ্চল ৰূপে প্ৰতিষ্ঠা কৰে।[33][34] এই ব্যৱস্থাৰ অধীনত নাউৰু হৈ পৰে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু যুক্তৰাজ্য যৌথ প্ৰশাসনিক অঞ্চল। এই চুক্তিৰ মৰ্মে প্ৰথমে অষ্ট্ৰেলিয়াই ৫ বছৰৰ বাবে প্ৰশাসক নিয়োগ কৰিব, আৰু তাৰ পাছৰ প্ৰশাসকসকলক তিনিওখন দেশে আলোচনাৰে নিয়োগ কৰিব।[19][35] পিছে প্ৰকৃতাৰ্থত কেৱল অষ্ট্ৰেলিয়াইহে ইয়াত প্ৰশাসনিক ক্ষমতা প্ৰয়োগ কৰে।[19][35]

১৯৬৪ চনত নাউৰুৰ সকলো বাসিন্দাক অষ্ট্ৰেলিয়াৰ অধীনৰ কুৰ্টিচ দ্বীপলৈ স্থানান্তৰিত কৰাৰ প্ৰস্তাব আগবঢ়োৱা হয়। সেইসময়ত ফছফেটৰ খননৰ ফলত নাউৰুৰ প্ৰাকৃতিক পৰিবেশ বিনষ্ট হৈ পৰিছিল আৰু অনুমান কৰা হৈছিল যে এনেদৰে খনন চলি থাকিলে ১৯৯০ চনলৈ নাউৰু বসবাসৰ অনুপযোগী হৈ পৰিব। এই স্থানান্তৰৰ লগতে অষ্ট্ৰেলিয়াৰ চৰকাৰে নাউৰুয়ানসকলক অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব দিয়াৰো প্ৰস্তাব আগবঢ়ায়।[36][37] পিছে নাউৰুয়ানসকলে অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব গ্ৰহণ কৰিবলৈ মান্তি নহ'ল আৰু কুৰ্টিচ দ্বীপৰ ওপৰত সাৰ্বভৌম অধিকাৰ বিচাৰি স্বাধীন ৰাষ্ট্ৰ গঠন কৰিব বিছাৰিলে। এই কথাত অষ্ট্ৰেলিয়াৰ চৰকাৰ মান্তি নহ'ল।[38] সেয়ে নাউৰুৱে কুৰ্টিচ দ্বীপলৈ স্থানান্তৰিত কৰাৰ প্ৰস্তাব নাকচ কৰে আৰু নিজকে স্বাধীন ৰাষ্ট্ৰ হিচাপে গঠন কৰি ফছফেটৰ খনিসমূহ নিজাকৈ পৰিচালনা কৰিব বিছাৰিলে।[39]

১৯৬৬ চনৰ জানুৱাৰীত নাউৰু স্বায়ত্ত্বশাসিত হয় আৰু সংবিধান প্ৰণয়নৰ দুবছৰ পাছত ১৯৬৮ চনত স্বাধীনতা লাভ কৰে। স্বাধীন ৰাষ্ট্ৰখনৰ প্ৰথম ৰাষ্ট্ৰপতি হয় হেমৰ ডিৰোবৰ্চ।[40] ১৯৬৭ চনৰ নাউৰুবাসীসকলে ব্ৰিটিছ ফছফেট কমিছনৰ সম্পদসমূহ ক্ৰয় কৰে আৰু ১৯৭০ চনত ফছফেট খনিসমূহৰ নিয়ন্ত্ৰণ স্থানীয় প্ৰতিষ্ঠান নাউৰু ফছফেট কৰ্পৰেচনৰ হাতলৈ হস্তান্তৰ কৰে। খনিসমূহৰ পৰা হোৱা উপাৰ্জনে নাউৰুয়ানসকলক বিশ্বৰ চহকী লোকসকলৈ পৰিণত কৰে।[41][42] ১৯৮৯ চনত নাউৰুৱে অষ্ট্ৰেলিয়াৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় ন্যায়বিচাৰ আদালতত গোচৰ তৰে। গোচৰৰ মূল কাৰণ আছিল দ্বীপটোৰ ওপৰত কৰা অষ্ট্ৰেলিয়া প্ৰশাসন আৰু খননৰ ফলত ধ্বংস হোৱা দ্বীপটোৰ প্ৰাকৃতিক পৰিবেশ পৰিকাৰ কৰাৰ বিফলতা। পাছে খনন হোৱা অঞ্চলবোৰৰ পুনৰসংস্থাপনৰ চৰ্তত এই গোচৰ আদালতৰ বাহিৰত বুজাবুজি হয়।[33][43]

ভূগোল[সম্পাদনা কৰক]

নাউৰুৰ মানচিত্ৰ

নাউৰু প্ৰশান্ত মহাসাগৰৰ দক্ষিণ-পশ্চিমে অৱস্থিত এক ২১ বৰ্গ কিলোমিটাৰ[3] (৮.১ বৰ্গ মাইল) মাটিকালিৰে ডিম্বাকাৰ আকৃতিৰ দ্বীপ। ই বিষুৱ ৰেখাৰ পৰা ৫৫.৯৫ কিলোমিটাৰ (৩৪.৭৭ মাইল) দক্ষিণে অৱস্থিত।[44] দ্বীপটো প্ৰবাল প্ৰাচীৰেৰে পৰিবেষ্টিত, যিবোৰ কম জোৱাৰৰ সময়ত দৃষ্টিগোচৰ হৈ পৰে।[45] প্ৰবাল প্ৰাচীৰবোৰৰ বাবে দ্বীপটোত বন্দৰ স্থাপন সম্ভৱ হৈ পৰা নাই, কেৱল কিছুমান সৰু নাওহে দ্বীপটোৰ মূলভূমিৰ কাষলৈ প্ৰবেশৰ অনুমতি দিয়া হয়।[46] সমুদ্ৰতীৰ পৰা মূলভূমিৰ ফালে ১৫০-ৰ পৰা ৩০০ মিটাৰ বহল অঞ্চল হৈছে উৰ্বৰ উপকূলীয় ভূমি।[45]

প্ৰবালৰ থিয় গৰাই নাউৰুৰ কেন্দ্ৰীয় মালভূমি অঞ্চল আৱৰি ৰাখিছে। মালভূমিটোৰ সৰ্বোচ্চ স্থান হৈছে সমুদ্ৰপৃষ্ঠৰ পৰা ৭১ মিটাৰ (২৩৩ ফুট) উচ্চতাত অৱস্থিত কামাণ্ড ৰিজ।[47]

নাউৰুৰ একমাত্ৰ উৰ্বৰ উপকূলীয় ভূমি এলাকাত নাৰিকল গছৰ ভাল ফচল হয়। দ্বীপটোৰ ভিতৰত থকা বুদা লেগুন নামৰ উপহ্ৰদটোৰ আশেপাশে কল, আনাৰস, শাক-পাচলি, পেনডেনাচ ফল আৰু কিছু স্থানীয় গছ গজে।[45]

নাউৰু প্ৰশান্ত মহাসাগৰৰ তিনিটা মূল ফছফেট-শিলাৰ দ্বীপৰ ভিতৰত এটা আছিল; আন দুটা আছিল কিৰিবাছৰ বানাবা বা অ'চিন আইলেণ্ড আৰু ফৰাচী পলিনেছীয়াৰ মাকাটেয়া। নাউৰুত ফছফেট ৰিজাৰ্ভ বৰ্তমানে প্ৰায় সম্পূৰ্ণভাবে নিঃশেষ হৈ পৰিছে। কেন্দ্ৰীয় মালভূমিত ফছফেট খননৰ ফলত মাটি অনুৰ্বৰ হৈ পৰিছে। খনন ফলত বৰ্তমান নাউৰুৰ ভূমি অঞ্চলৰ প্ৰায় ৮০% অনুৰ্বৰ আৰু বসবাসৰ বাবে অনুপযোগী।[42] ইয়াৰ লগতে এয়াও অনুমান কৰা হৈছে যে খনিবোৰৰ অপবাহৰ ফলত ৪০% সামুদ্ৰিক প্ৰাণী মৃত্যু মুখত পৰিছে।[45][48]

নাউৰুত মিঠা পানীৰ প্ৰাকৃতিক উৎস সীমিত। ইয়াত বৰষুণৰ পানী সংৰক্ষণ কৰা হয়। দ্বীপটোৰ বেছিভাগ বাসিন্দাই পানীৰ বাবে নাউৰু ইউটিলিটি এজেঞ্চিৰ তিনিটা সাগৰৰ লুণীয়া পানী খোৱাৰ উপযোগী কৰা প্লেণ্টৰ ওপৰত নিৰ্ভৰ কৰে।

জলবায়ু[সম্পাদনা কৰক]

সাগৰ আৰু বিষুৱ ৰেখাৰ কাষত নাউৰুৰ অৱস্থান হোৱাৰ কাৰণে বছৰজুৰি ইয়াৰ জলবায়ু গৰম আৰু অতি আৰ্দ্ৰ। নৱেম্বৰ আৰু ফেব্ৰুৱাৰীৰ মাজত মৌচুমী জলবায়ুৰ বাবে নাউৰুত বৰ্ষাপাত হয়, কিন্তু ঘূৰ্ণীবতাহ একেবাৰেই নাহে। গড় বৰ্ষাপাতৰ পৰিমাণ পৰিবৰ্তনশীল আৰু কেইবাৰো খৰাং পৰিস্থিতি দ্বীপটোত দেখা গৈছে।[9][49] দিনৰ সময়ত নাউৰুৰ তাপমাত্ৰা সচৰাচৰ ৩০ ৰ পৰা ৩৫ ডিগ্ৰি ছেণ্টিগ্ৰেড আৰু ৰাতি ২৫ ডিগ্ৰি ছেণ্টিগ্ৰেড হয়।[50]

নাউৰুত কোনো জান-জুৰি বা নদী নাই। ঘৰৰ ছাদৰ পৰা বৰষুণৰ পানী সংগ্ৰহ কৰা হয়। ফছফেট সৰবৰাহ কৰিবলৈ অহা জাহাজবোৰত দ্বীপটোলৈ আন দেশৰ পৰা পানী কঢ়িয়াই অনা হয়।[51]

য়াৰেন জিলা, নাউৰুৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 34
(93)
37
(99)
35
(95)
35
(95)
32
(90)
32
(90)
35
(95)
33
(91)
35
(95)
34
(93)
36
(97)
35
(95)
37
(99)
গড় উষ্ণতা - উচ্চ °C (°F) 30 30 30 30
(86)
30
(86)
30
(86)
30
(86)
30
(86)
30
(86)
31
(88)
31
(88)
31
(88)
30
(86.5)
গড় উষ্ণতা - নিম্ন °C (°F) 25
(77)
25
(77)
25
(77)
25
(77)
25
(77)
25
(77)
25
(77)
25
(77)
25
(77)
25
(77)
25
(77)
25
(77)
25.0
(77.0)
সৰ্বনিম্ন উষ্ণতা °C (°F) 21
(70)
21
(70)
21
(70)
21
(70)
20
(68)
21
(70)
20
(68)
21
(70)
20
(68)
21
(70)
21
(70)
21
(70)
20
(68)
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) 280
(11.02)
250
(9.84)
190
(7.48)
190
(7.48)
120
(4.72)
110
(4.33)
150
(5.91)
130
(5.12)
120
(4.72)
100
(3.94)
120
(4.72)
280
(11.02)
2,080
(81.89)
Avg. precipitation days 16 14 13 11 9 9 12 14 11 10 13 15 152
উৎস: [1]
আকাশৰ পৰা নাউৰুৰ দৃশ্য

জীৱকুল[সম্পাদনা কৰক]

গছ-গছনিৰ অভাব আৰু ফছফেট খননৰ পৰিণতিৰ ফলত এই দ্বীপত জীৱ-জন্তুৰ বসতি কম। বহুতো স্থানীয় চৰাই সিহঁতৰ আবাসস্থল ধ্বংস হোৱাৰ কাৰণে দ্বীপটোৰ পৰা নোহোৱা বা বিৰল হৈ গৈছে।[52] দ্বীপটোত প্ৰায় ৬০টা সংবাহী উদ্ভিদৰ প্ৰজাতি আছে কিন্তু ইয়াৰ এটাও দ্বীপটোৰ স্থানীয় প্ৰজাতি নহয়। নাৰিকলৰ খেতি, ফছফেটৰ খনন আৰু বাহিৰৰ পৰা অনা উদ্ভিদবোৰৰ বাবে নাউৰুৰ স্থানীয় উদ্ভিদৰ বিকাশত মাৰাত্মকভাবে ব্যাঘাত ঘটিছে।[9]

নাউৰুত কোনো স্থানীয় স্থলচৰ স্তন্যপায়ী প্ৰাণী নাই, কিন্তু দ্বীপটোত স্থানীয় পতংগ, স্থল কেকোঁৰা আৰু চৰাই আছে, ইয়াৰ মাজৰে স্থানীয় নাউৰু ৰিড ৱাৰ্বলাৰ চৰাই অন্যতম। পলিনেছীয়ান এন্দুৰ, মেকুৰী, কুকুৰ, গাহৰি আৰু মুৰ্গী জাহাজেৰে আন ঠাইৰ পৰা নাউৰুলৈ অনা হৈছিল।[53] প্ৰবাল প্ৰাচীৰৰ বৈচিত্ৰপূৰ্ণ সামুদ্ৰিক জীৱবোৰৰ বাবে দ্বীপটোৰ ভ্ৰমণকাৰীসকলৰ মাজত মাছমৰা এক জনপ্ৰিয় কাৰ্যত পৰিণত হৈছে; লগতে স্কুবা ডাইভিং আৰু স্ন'ৰকেলিংও জনপ্ৰিয়।[54]

ৰাজনীতি[সম্পাদনা কৰক]

নাউৰুৰ সংসদ ভৱন

নাউৰুৰ ৰাষ্ট্ৰপ্ৰধান গৰাকী হৈছে দেশখনৰ ৰাষ্ট্ৰপতি, তেওঁ ১৯ গৰাকী সদস্যৰ একক সংসদীয় সংসদৰ প্ৰধান। নাউৰু ৰাষ্ট্ৰসংঘ, কমনৱেলথ অফ নেশ্বনছ, এছীয় উন্নয়ন বেংক আৰু পেছিফিক আইলেণ্ডচ ফ'ৰামৰ সদস্য। দেশখনে কমনৱেলথ আৰু অলিম্পিক গেমছত অংশগ্ৰহণ কৰে। শেহতিয়াকৈ নাউৰু আন্তঃৰাষ্ট্ৰীয় নবীকৰণযোগ্য শক্তি সংস্থা (আইআৰইএনএ)-ৰ সদস্যতাও গ্ৰহণ কৰিছে। নাউৰু গণৰাজ্য ২০১৬ চনৰ এপ্ৰিলত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ১৮৯তম সদস্য হয়।

নাউৰু এক সংসদীয় গণতন্ত্ৰ।[40] দেশখনৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপ্ৰধান হোৱাৰ লগতে চৰকাৰ প্ৰধানো হয়। ৰাষ্ট্ৰপতি ৰূপে কাৰ্যৰত হৈ থাকিবৰ সংসদীয় বাবে আস্থাৰ প্ৰয়োজন। ১৯ সদস্যৰ একক সংসদীয় সংসদ প্ৰতি তিন বছৰৰ মূৰে-মূৰে নিৰ্বাচিত হয়।[55] সংসদে ইয়াৰ সদস্যসমূহৰ মাজৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে আৰু ৰাষ্ট্ৰপতি গৰাকীয়ে পাঁচৰ পৰা ছয় গৰাকী সদস্যৰ এক মন্ত্ৰীসভা গঠন কৰে।[56]

নাউৰুত ৰাজনৈতিক দলৰ কোনো অনুষ্ঠানিক সংস্থান নাই, প্ৰাৰ্থীসকল সাধাৰণতে নিৰ্দলীয় ৰূপে ঠিয় হয়। বৰ্তমান সংসদৰ ১৯জন সদস্যৰ ১৫ জনেই নিৰ্দলীয়। নউৰুৰ ৰাজনীতিত সক্ৰিয় চাৰিটা ৰাজনৈতিক দল হ'ল: নউৰু পাৰ্টি, ডেমক্ৰেটিক পাৰ্টি, নউৰু ফাৰ্ষ্ট আৰু চেণ্টাৰ পাৰ্টি। পিছে চৰকাৰৰ ভিতৰত মিত্ৰগোটবোৰ গঠন সচৰাচৰ ৰাজনৈতিক দলীয় সম্পৰ্কতকৈ পাৰিবাৰিক সম্পৰ্কৰ ভিত্তিতহে হয়।[57]

১৯৯২-ৰ পৰা ১৯৯৯ পৰ্যন্ত দেশখনত নউৰু দ্বীপ কাউঞ্চিল (এনআইচি) নামৰ এক স্থানীয় চৰকাৰ ব্যৱস্থা আছিল। এই ৯জন সদস্যৰ কাউঞ্চিলটোৱে পৌৰসেৱাসমূহ চোৱাচিতা কৰাৰ বাবে স্থাপন কৰা হৈছিল। এনআইচি ১৯৯৯ চনত খাৰিজ কৰা হয় আৰু ইয়াৰ সমস্ত সম্পদ তথা দ্বয়িত্ব ৰাষ্ট্ৰীয় চৰকাৰক অৰ্পণ কৰা হয়।[58] নাউৰুত মাটিৰ ম্যাদ আন দেশতকৈ ভিন্ন: ইয়াত এটুকুৰা মাটিৰ মালিক কোনো ব্যক্তি বা পৰিয়াল হলেও নউৰুৰ সকলো নাগৰিকৰেই দ্বীপটোৰ সমস্ত মাটিৰ ওপৰত কিছু পৰিমাণৰ অধিকাৰ আছে। চৰকাৰ বা আন কোনো সংস্থাই কোনো মাটিৰ মালিক হ'ব নোৱাৰে, সেয়ে কিনো মাটি ব্যৱহাৰৰ পূৰ্বে মাটিৰ মালিকজনৰ সৈতে ইজাৰ ব্যৱস্থা কৰাতো প্ৰয়োজনীয়। অনা-নাউৰুয়ানে মাটিৰ গৰাকী হ'ব নোৱাৰে।[9]

মুখ্য ন্যায়াধীশৰ দ্বাৰা পৰিচালিত নাউৰুৰ উচ্চতম ন্যায়ালয় দেশখনৰ সৰ্বোচ্চ সাংবিধানিক আদালত। অন্যান্য গোচৰ দুই ন্যায়াধীশ সম্পন্ন আপিল আদালতত আপিল কৰিব পাৰি। সংসদে ন্যায়ালয়ৰ সিদ্ধান্তক সলনি কৰিব নোৱাৰে। ঐতিহাসিকভাবে, আপিল আদালতৰ শুনানি অষ্ট্ৰেলিয়াৰ উচ্চ ন্যায়ালয়ত[59][60] আপিল কৰিব পৰা গৈছিল যদিও এনে খুব কমকৈহে ঘটিছিল। পিছে ১২ মাৰ্চ ২০১৮-ত নাউৰু চৰকাৰে একতৰফিয়াভাবে এই চুক্তি বাতিল কৰাৰ ফলত অষ্ট্ৰেলিয়াৰ উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ উকলি যায়।[61][62][63] নিম্ন আদালতসমূহ জিলা আদালত আৰু পাৰিবাৰিক আদালতৰ সমন্বয়েৰে গঠিত, তেনে প্ৰতিখন আদালতৰ নেতৃত্ব একোজন ব্যক্তিয়ে কৰে যি উচ্চতম ন্যায়ালয় এগৰাকী ৰেজিষ্টাৰাৰ হোৱাৰ লগতে সেই আদালতটোৰ আবাসিক মেজিষ্ট্ৰেটো হয়। ইয়াৰোপৰি আৰু দুটা অৰ্ধ-আদালত আছে: পাবলিক চাৰ্ভিচ আপিল বৰ্ড আৰু পুলিছ আপিল বৰ্ড, এই দুয়োৰে সভাপতিত্ব কৰে মুখ্য ন্যায়াধীশে।[45]

প্ৰাশাসনিক বিভাজন[সম্পাদনা কৰক]

জিলাসহ নাউৰুৰ মানচিত্ৰ

নাউৰু ১৪টা প্ৰশাসনিক জিলাত বিভক্ত আৰু ৮টা নিৰ্বাচনী এলেকাত বিভক্ত। প্ৰতিটো জিলাক গাঁৱত বিভক্ত কৰা হৈছে।[45][3] সৰ্বাধিক জনবহুল জিলাটো হৈছে ডেনিগ'ম'ডু জিলা, ইয়াৰ জনসংখ্যা ১,৮০৪ জন, তাৰ মাজৰ ১,৪৯৭জন নাউৰু ফছফেট কৰ্পৰেচনৰ "ল'কেচন" নামৰ এক আবাসিক অঞ্চলত বাস কৰে। নিম্নলিখিত তালিকাত ২০১১ চনৰ লোকপিয়লৰ অনুসাৰি জিলাসমূহৰ জনসংখ্যা দেখুওৱা হৈছে।[64]

নং জিলা পূৰ্বৰ নাম মাটিকালি
(হেক্টৰ)
জনসংখ্যা
(২০১১)
গাঁৱৰ
সংখ্যা
জনঘনত্ব
(প্ৰতি হেক্টৰ)
আইৱ' (Aiwo) Aiue ১১০ ১,২২০ ১১.১
আনাবাৰ (Anabar) Anebwor ১৫০ ৪৫২ ১৫ ৩.০
আনেটান (Anetan) Añetañ ১০০ ৫৮৭ ১২ ৫.৯
আনিবাৰে (Anibare) Anybody ৩১০ ২২৬ ১৭ ০.৭
বাইটচি (Baitsi) Beidi, Baiti ১২০ ৫১৩ ১৫ ৪.৩
ব' (Boe) Boi ৫০ ৮৫১ ১৭.০
বাউদা (Buada) Arenibok ২৬০ ৭৩৯ ১৪ ২.৮
ডেনিগ'ম'ডু (Denigomodu) Denikomotu ১১৮ ১,৮০৪ ১৭ ১৫.৩
এৱা (Ewa) Eoa ১২০ ৪৪৬ ১২ ৩.৭
১০ ইজুউ (Ijuw) Ijub ১১০ ১৭৮ ১৩ ১.৬
১১ মেনেং (Meneng) Meneñ ৩১০ ১,৩৮০ ১৮ ৪.৫
১২ নিব'ক (Nibok) Ennibeck ১৬০ ৪৮৪ ১১ ৩.০
১৩ উআব' (Uaboe) Ueboi ৮০ ৩১৮ ৩.০
১৪ য়াৰেন (Yaren) Moqua ১৫০ ৭৪৭ ৪.০
  নাউৰু Naoero ২,১২০ ১০,০৮৪ ১৬৯ ৪.৮

জনবসতি[সম্পাদনা কৰক]

জনগাঁথনি[সম্পাদনা কৰক]

২০১৬ চনৰ জুলাইৰ তথ্য অনুসৰি নাউৰুৰ জনসংখ্যাৰ ১১,৩৪৭ জন, এয়া ভেটিকান চিটি আৰু টুভালুৰ পাছতে পৃথিৱীৰ তৃতীয় কম জনবহুল ৰাষ্ট্ৰ। দেশখনৰ জনসংখ্যা পূৰ্বে বৰ্তমানতকৈ বেছি আছিল, পিছে ২০০৬ চনত ১,৫০০জন বহিৰাগত শ্ৰমিকে দ্বীপটো এৰি কিৰিবাছ আৰু টুভালুলৈ প্ৰত্যৰ্পণ কৰে। এই প্ৰত্যৰ্পণৰ মূল উদ্দেশ্য আছিল ফছফেট খনিৰ শ্ৰমিক হ্ৰাস কৰা।[65]

পশ্চিমীয়া সংস্কৃতিৰ অনুসৰণকাৰীৰ ক্ষেত্ৰত নাউৰু দক্ষিণ প্ৰশান্ত মহাসাগৰৰ দেশসমূহৰ ভিতৰতে আগৰণুৱা।[66]

জাতিগত গোষ্ঠী[সম্পাদনা কৰক]

জাতিগতভাবে নাউৰুৰ ৫৮% লোক নাউৰুয়ান, ২৬% আন প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ লোক, ৮% ইউৰোপীয় আৰু আন ৮% হান চীনা লোক।[3] নাউৰুয়ানসকলৰ পূৰ্বপুৰুষ আছিল মাইক্ৰ'নেছীয় আৰু পলিনেছীয় লোক। বিংশ শতিকাত নাউৰুৰ ঐতিহাসিক ১২টা উপজাতি গোষ্ঠীৰ মাজৰ দুটা বিলুপ্ত হয়।[45]

ভাষা[সম্পাদনা কৰক]

নাউৰুৰ চৰকাৰী ভাষা হৈছে নাউৰুয়ান ভাষা, ই এক সুকীয়া প্ৰশান্ত মহাসাগৰীয় দ্বীপ ভাষা। ৯৬% নাউৰুয়ান লোকে ঘৰত নাউৰুয়ান ভাষাৰে কথা পাতে।[65] নাউৰুয়ান ভাষা দেশৰ বাহিৰত ব্যৱহৃত নোহোৱাৰ ফলত ইংৰাজী ভাষা চৰকাৰী কাম-কাজ আৰু ব্যৱসায়ৰ বাবে বহুলভাবে ব্যৱহৃত হয়।[3][45]

ধৰ্ম[সম্পাদনা কৰক]

নাউৰুৰ এক গিৰ্জাঘৰ

দ্বীপটোত প্ৰচলিত প্ৰধান ধৰ্ম হ'ল খ্ৰীষ্টান ধৰ্ম (ইয়াৰে নাউৰু কংগ্ৰেছনেল চাৰ্চ ৩৫.৭১%, ৰোমান কেথলিক ৩২.৯৬%, এচেমব্লাৰ অফ গড ১২.৯৮% আৰু বাপ্টিষ্ট ১.৪৪%)।[45] নাউৰুৰ সংবিধানত ধৰ্মীয় স্বাধীনতাৰ আছে।

সংস্কৃতি[সম্পাদনা কৰক]

প্ৰতিবছৰৰ ২৬ অক্টোবৰত দেশখনত আংগাম দিৱস পালন কৰা হয়; দুই বিশ্বযুদ্ধ আৰু ১৯২০ চনৰ ইনফ্লুৱেঞ্জা মহামাৰীৰ পৰা নাউৰুয়ানসকলৰ পুনৰুদ্ধাৰৰ স্মৃতিত এয়া উদযাপন কৰা হয়।[67] ঔপনিৱেশিক আৰু সমসাময়িক পশ্চিমীয়া সংস্কৃতিয়ে বৰ্তমান খিলঞ্জীয়া নাউৰুয়ান সংস্কৃতিৰ স্থান লৈছে।[68] কিছু পুৰণা ৰীতি-নীতি সংৰক্ষণ কৰা হৈছে, কিছু পৰম্পৰাগত সংগীত, শিল্প আৰু মাছ মৰা পদ্ধতি এতিয়াও পৰিশীলন কৰা হয়।[69]

মিডিয়া[সম্পাদনা কৰক]

নাউৰুৰ পৰা কোনো দৈনিক বাতৰি কাকত প্ৰকাশ নাপায়, মিনেন ক' নামৰ এখন পষেকীয়া কাকত প্ৰকাশ পায়। দেশখনত এক ৰাষ্ট্ৰীয় টেলিভিছন ষ্টেচন আছে: নউৰু টেলিভিছন (এনটিভি)-এ নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ অনুষ্ঠান সম্প্ৰচাৰ কৰে। ইয়াৰ লগতে এক চৰকাৰী অ-ব্যৱসায়িক ৰেডিঅ' ষ্টেচন আছে: ৰেডিঅ' নাউৰু-এ ৰেডিঅ' অষ্ট্ৰেলিয়া আৰু বিবিচিৰ অনুষ্ঠান সম্প্ৰচাৰ কৰে।[70]

ক্ৰীড়া[সম্পাদনা কৰক]

নাউৰুৰ লিঙ্কবেল্ট অ'ভেল ষ্টেডিয়ামত অষ্ট্ৰেলিয়ান ফুটবল খেল খেলা দেখা গৈছে

অষ্ট্ৰেলিয়ান ফুটবল নউৰুৰ আটাইতকৈ জনপ্ৰিয় খেল। অষ্ট্ৰেলিয়ান ফুটবল আৰু ভাৰোত্তোলনক দেশখনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হিচাপে বিবেচনা কৰা হয়। দ্বীপটোত আঠটা দলৰ এক অষ্ট্ৰেলিয়ান ফুটবলৰ লীগও অনুষ্ঠিত হয়।[71] নাউৰুৰ আন জনপ্ৰিয় খেলাসমূহ হৈছে ভলিবল, নেটবল, টেনিছ আৰু মাছ মৰা। নাউৰু কমনৱেলথ গেমছত অংশ লৈছে লগতে গ্ৰীষ্মকালীন অলিম্পিকত ভাৰোত্তোলন আৰু জুডোত অংশগ্ৰহণ কৰিছে।[72]

নাউৰুৰ ৰাষ্ট্ৰীয় বাস্কেটবল দলে ১৯৬৯ চনত পেছিফিক গেমছত অংশ লৈছিল আৰু চল'মন দ্বীপপুঞ্জ আৰু ফিজিক পৰাজিত কৰিছিল।

বিগত কেইবছৰমান ধৰি ৰাগবি চেভেনছ খেলৰ জনপ্ৰিয়তা দ্বীপটোত বাঢ়িছে আৰু ইয়াৰ এক ৰাষ্ট্ৰীয় দলো গঠন কৰা হৈছে। নাউৰুৱে ২০১৫ চনৰ পৰা ওচেনিয়াৰ চেভেনছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি আহিছে।

বন্ধৰ দিন[সম্পাদনা কৰক]

নাউৰুত ৩১ জানুৱাৰীত স্বাধীনতা দিৱস পালন কৰা হয়।[73]

ৰাজহুৱা সেৱা[সম্পাদনা কৰক]

শিক্ষা[সম্পাদনা কৰক]

নাউৰুৰ সাক্ষৰতাৰ হাৰ ৯৬ শতাংশ। ছয়ৰ পৰা ষোল্ল বছৰ বয়সৰ শিশুৰ বাবে শিক্ষা বাধ্যতামূলক, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষা বাধ্যতামূলক নহয়।[74] দ্বীপটোত তিনিটা প্ৰাথমিক বিদ্যালয় আৰু দুটা মাধ্যমিক বিদ্যালয় আছে: এয়া হৈছে নাউৰু মহাবিদ্যালয় আৰু নাউৰু মাধ্যমিক বিদ্যালয়।[75] নাউৰুত দক্ষিণ প্ৰশান্ত মহাসাগৰীয় বিশ্ববিদ্যালয়ৰ এটি কেম্পাছো আছে। ১৯৮৭ চনত এই কেম্পাছতো স্থাপন কৰাৰ পূৰ্বে শিক্ষাৰ্থীসকলে বিদেশৰ গৈ বা দূৰবৰ্তী শিক্ষা গ্ৰহণ কৰিব লগাত পৰিছিল।[76] ২০১১ চনৰ পৰা অষ্ট্ৰেলিয়াৰ নিউ ইংলেণ্ড বিশ্ববিদ্যালয়ে এটা কেন্দ্ৰ স্থাপন কৰি দ্বীপটোৰ প্ৰায় ৩০জন নউৰুয়ান শিক্ষকক শিক্ষা বিষয়ত সহযোগী ডিগ্ৰীৰ পাঠদান আৰম্ভ কৰে। এই শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়া-শুনা শেষ কৰালৈ ডিগ্ৰী অবিৰত থাকিব।[77] এই প্ৰকল্পৰ নেতৃত্ব কৰিছে সহযোগী অধ্যাপক পেপ চেৰ'ই আৰু পৃষ্ঠপোষকতা কৰিছে অষ্ট্ৰেলিয়াৰ বৈদেশীক আৰু বাণিজ্য মন্ত্ৰালয়ে।

নাউৰুৰ ৰাজহুৱা পুথিভঁৰালটো জুইত পুৰি ধ্বংস হৈছিল। ২০১৮ চনৰ মে' মাহত নাউৰুৰ ৰাজহুৱা পুথিভঁৰাল নতুন ভৱনটো দক্ষিণ প্ৰশান্ত মহাসাগৰীয় বিশ্ববিদ্যালয় কেম্পাছৰ চৌহদত আনুষ্ঠানিক ভাবে মুকলি কৰা হয়। নাউৰু মাধ্যমিক বিদ্যালয়, কায়চাৰ কলেজ আৰু আইৱ' প্ৰাথমিক বিদ্যালয়ৰ চৌহদতো পুথিভঁৰাল আছে।[78]

স্বাস্থ্য[সম্পাদনা কৰক]

নাউৰুৰ বাসিন্দাসকলক নাউৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষত খোজকঢ়া দেখা গৈছে। নাউৰুয়ানসকল হৈছে পৃথিৱীৰ সকলোতকৈ মেদবহুল লোক।[79]

২০০৯ চনৰ তথ্য অনুসৰি নাউৰুবাসীসকলৰ আয়ুকাল পুৰুষৰ ক্ষেত্ৰত ৬০.৬ বছৰ আৰু মহিলাৰ ক্ষেত্ৰত ৬৮.০ বছৰ।[80]

গড় বডি মাচ ইনডেস্ক (বিএমআই)-ৰ ভিত্তিত নাউৰুয়ানসকল হৈছে পৃথিৱীৰ সবাটোকৈ বেছি ওজনবহুল লোক;[79] নাউৰুৰ ৯৭ শতাংশ পুৰুষ আৰু ৯৩ শতাংশ মহিলাই ওজনবহুল বা মেদবহুল।[79] ২০১২ চনত মেদবহুলতাৰ হাৰ আছিল ৭১.৭ শতাংশ।[81] সাধাৰণতে প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহত মেদবহুলতা দেখা যায়।

নাউৰুৰ ৪০% লোক টাইপ-২ বহুমূত্ৰ ৰোগত আক্ৰান্ত, এয়া পৃথিৱীৰ ভিতৰতে সৰ্বাধিক।[82] নাউৰুত আন খাদ্য সম্পৰ্কিত গুৰুত্বপূৰ্ণ ৰোগসমূহৰ ভিতৰত বৃক্কৰ ৰোগ আৰু হৃদৰোগ অন্যতম।[80]

পৰিবহণ[সম্পাদনা কৰক]

স্থলপথ[সম্পাদনা কৰক]

নাউৰুত মুঠ ৪১ কিলোমিটাৰ দৈৰ্ঘ্যৰ স্থলপথৰ আছে; ইয়াৰে ২৯ কিলোমিটাৰ পকা ৰাস্তা। পকা ৰাস্তাৰ ভিতৰত দ্বীপটোৰ চাৰিওপাশ আবৰি ১৭ কিলোমিটাৰ জুৰা উপকূলীয় ৰাস্তা আছে যাক আইলেণ্ড ৰিং ৰোড নামেৰে জনা যায়। আন কেঁচা ৰাস্তাৰ দৈৰ্ঘ্য প্ৰায় ১২ কিলোমিটাৰ; এইবোৰে কেন্দ্ৰীয় মালভূমিক সংযোগ কৰে আৰু মূলতঃ ফছফেট খনিৰ বাবে ব্যৱহাৰ কৰা হয়। দেশখনত যান-বাহন বাওঁফালে চলোৱা হয়।

দ্বীপটোৰ একমাত্ৰ পাঁচ কিলোমিটাৰ নৰ'-গেজৰ ৰেলপথটোৱে ফছফেট খনিসমূহ সংযোগ কৰে। এই ৰেলপথটোৱে ফছফেট খনিৰ পশ্চিমৰ সংগ্ৰহ কেন্দ্ৰটোৰ পৰা প্ৰচেচিং কেন্দ্ৰটোলৈ চলে।

ৰাজহুৱা পৰিবহণৰ বাবে দেশখনত বাছৰ চলাচল আছে।

জলপথ আৰু বিমানপথ[সম্পাদনা কৰক]

আকাশৰ পৰা নাউৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দৃশ্য

দ্বীপটোত আইৱ'ত এক আন্তঃৰাষ্ট্ৰীয় বন্দৰ আছে। প্ৰবাল প্ৰাচীৰবোৰৰ বাবে ডাঙৰ জাহাজসমূহ দ্বীপটোৰ উপকূলৰ একেবাৰে কাষ চপাটো কঠিন। সেয়ে তেনে জাহাজবোৰে বন্দৰটোৰ পৰা কিছু দূৰত্বত লঙ্গৰ পেলাব লগা হয়।

নাউৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে দেশখনৰ একমাত্ৰ বিমানবন্দৰ আৰু নাউৰু এয়াৰলাইনছ এই দ্বীপটোৰ একমাত্ৰ বিমান সংস্থা। পূৰ্বৰ বিমান সংস্থা এয়াৰ নাউৰু ফছফেট খনিৰ উত্থানৰ সময় প্ৰতিষ্ঠা হৈছিল, পিছে ই অৰ্থনৈতিক সমস্যাৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজ দিব লগা হৈছিল। ২০০৫ চনৰ ডিচেম্বৰত এয়াৰ নাউৰুৰ বিমান চলাচল বন্ধ হৈ যায়, ফলত কেইবামাহৰ বাবে নাউৰুলৈ যোগাযোগ কেৱল জলপথেৰেহে সম্ভৱ হৈ ৰয়। ২০০৫-ৰ ছেপ্টেম্বৰত টাইৱানৰ অৰ্থৰ সাহায্যৰে বিমান পৰিবহণ পুনৰ আৰম্ভ হয়। প্ৰথমে আৱাৰ এয়াৰলাইন নামেৰে আৰম্ভ হোৱা বিমান সংস্থাটো পাছলৈ ২০১৪ চনত নাউৰু এয়াৰলাইনছ নামলৈ পৰিবৰ্তন কৰা হয়। বৰ্তমানে নাউৰু এয়াৰলাইনছে সপ্তাহটোৰ পাঁচটা দিনত অষ্ট্ৰেলিয়াৰ ব্ৰিচবেন, ফিজিৰ নাদী আদি ঠাইলৈ যাত্ৰীবাহী বিমান পৰিচালনা কৰে।[83] পেছিফিক এয়াৰ এক্সপ্ৰেছে ব্ৰিচবেনলৈ কাৰ্গো বিমানৰ পৰিচালনা কৰে।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "National Report on Population ad Housing". Nauru Bureau of Statistics. http://www.spc.int/prism/nauru/PublicDocuments/Census/Nauru_2011_Census_Report_FINAL.pdf। আহৰণ কৰা হৈছে: 9 June 2015. 
  2. 2.0 2.1 2.2 2.3 "Report for Selected Countries and Subjects". www.imf.org. http://www.imf.org/external/pubs/ft/weo/2017/01/weodata/weorept.aspx?pr.x=58&pr.y=9&sy=2017&ey=2022&scsm=1&ssd=1&sort=country&ds=.&br=1&c=836&s=NGDPD,NGDPDPC,PPPGDP,PPPPC,LP&grp=0&a=. 
  3. 3.0 3.1 3.2 3.3 3.4 CIA World Fact Book Archived 2020-05-01 at the Wayback Machine URL Accessed 2006-05-02
  4. Hogan, C Michael (2011). "Phosphate". Encyclopedia of Earth. National Council for Science and the Environment. http://www.eoearth.org/article/Phosphate?topic=49557। আহৰণ কৰা হৈছে: 17 June 2012. 
  5. 5.0 5.1 Hitt, Jack. "The Billion-Dollar Shack". https://www.nytimes.com/2000/12/10/magazine/the-billion-dollar-shack.html?mcubz=1। আহৰণ কৰা হৈছে: 29 January 2018. 
  6. "Pacific correspondent Mike Field". Radio New Zealand. 18 June 2015. http://www.radionz.co.nz/national/programmes/ninetonoon/audio/201759087/pacific-correspondent-mike-field। আহৰণ কৰা হৈছে: 8 December 2015. 
  7. "Nauru's former chief justice predicts legal break down". SBS News. Special Broadcasting Service. http://www.sbs.com.au/news/article/2014/03/13/naurus-former-chief-justice-predicts-legal-break-down। আহৰণ কৰা হৈছে: 8 December 2015. 
  8. Ben Doherty. "This is Abyan's story, and it is Australia's story". The Guardian. https://www.theguardian.com/australia-news/2015/oct/28/this-is-abyans-story-and-it-is-australias-story। আহৰণ কৰা হৈছে: 12 December 2016. 
  9. 9.0 9.1 9.2 9.3 Nauru Department of Economic Development and Environment (2003). "First National Report to the United Nations Convention to Combat Desertification". ৰাষ্ট্ৰসংঘ. Archived from the original on 22 July 2011. https://web.archive.org/web/20110722013720/http://www.unccd.int/cop/reports/asia/national/2002/nauru-eng.pdf। আহৰণ কৰা হৈছে: 25 June 2012. 
  10. Whyte, Brendan (2007). "On Cartographic Vexillology". Cartographica খণ্ড 42 (3): 251–262. doi:10.3138/carto.42.3.251. 
  11. Pollock, Nancy J (1995). "5: Social Fattening Patterns in the Pacific—the Positive Side of Obesity. A Nauru Case Study". In De Garine, I. Social Aspects of Obesity. Routledge. পৃষ্ঠা. 87–111. 
  12. Spennemann, Dirk HR (January 2002). "Traditional milkfish aquaculture in Nauru". Aquaculture International খণ্ড 10 (6): 551–562. doi:10.1023/A:1023900601000. 
  13. West, Barbara A (2010). "Nauruans: nationality". Encyclopedia of the Peoples of Asia and Oceania. Infobase Publishing. pp. 578–580. ISBN 978-1-4381-1913-7. 
  14. 14.0 14.1 Maslyn Williams & Barrie Macdonald (1985). The Phosphateers. Melbourne University Press. পৃষ্ঠা. 11. ISBN 0-522-84302-6. 
  15. 15.0 15.1 Ellis, Albert F. (1935). Ocean Island and Nauru; Their Story. প্ৰকাশক Sydney, Australia: Angus and Robertson, limited. পৃষ্ঠা. 29. OCLC 3444055. 
  16. Langdon, Robert (1984), Where the whalers went: an index to the Pacific ports and islands visited by American whalers (and some other ships) in the 19th century, Canberra, Pacific Manuscripts Bureau, p.180. আই.এচ.বি.এন. 086784471X
  17. Marshall, Mac; Marshall, Leslie B (January 1976). "Holy and Unholy Spirits: The Effects of Missionization on Alcohol Use in Eastern Micronesia". Journal of Pacific History খণ্ড 11 (3): 135–166. doi:10.1080/00223347608572299. 
  18. Reyes, Ramon E. Jr (1996). "Nauru v. Australia". New York Law School Journal of International and Comparative Law খণ্ড 16 (1–2). http://heinonline.org/HOL/LandingPage?collection=journals&handle=hein.journals/nylsintcom16&div=6&id=&page=। আহৰণ কৰা হৈছে: 14 April 2019. 
  19. 19.0 19.1 19.2 19.3 "Commonwealth and Colonial Law" by Kenneth Roberts-Wray, London, Stevens, 1966. p. 884
  20. 20.0 20.1 Firth, Stewart (January 1978). "German Labour Policy in Nauru and Angaur, 1906–1914". The Journal of Pacific History খণ্ড 13 (1): 36–52. doi:10.1080/00223347808572337. 
  21. 21.0 21.1 Hill, Robert A, ed (1986). "2: Progress Comes to Nauru". The Marcus Garvey and Universal Negro Improvement Association Papers. 5. University of California Press. ISBN 978-0-520-05817-0. 
  22. Ellis, AF (1935). Ocean Island and Nauru – their story. Angus and Robertson Limited. পৃষ্ঠা. 29–39. 
  23. Hartleben, A (1895). Deutsche Rundschau für Geographie und Statistik. পৃষ্ঠা. 429. 
  24. Manner, HI; Thaman, RR; Hassall, DC (May 1985). "Plant succession after phosphate mining on Nauru". Australian Geographer খণ্ড 16 (3): 185–195. doi:10.1080/00049188508702872. 
  25. Gowdy, John M; McDaniel, Carl N (May 1999). "The Physical Destruction of Nauru". Land Economics খণ্ড 75 (2): 333–338. doi:10.2307/3147015. 
  26. Shlomowitz, R (November 1990). "Differential mortality of Asians and Pacific Islanders in the Pacific labour trade". Journal of the Australian Population Association খণ্ড 7 (2): 116–127. PMID 12343016. 
  27. Hudson, WJ (April 1965). "Australia's experience as a mandatory power". Australian Outlook খণ্ড 19 (1): 35–46. doi:10.1080/10357716508444191. 
  28. Waters, SD (2008). German raiders in the Pacific (3rd সম্পাদনা). Merriam Press. পৃষ্ঠা. 39. ISBN 978-1-4357-5760-8. 
  29. 29.0 29.1 Bogart, Charles H (November 2008). "Death off Nauru". CDSG Newsletter: 8–9. Archived from the original on 12 October 2013. https://web.archive.org/web/20131012031555/http://cdsg.org/reprint%20PDFs/CDSGNnov08.pdf। আহৰণ কৰা হৈছে: 16 June 2012. 
  30. 30.0 30.1 Haden, JD (2000). "Nauru: a middle ground in World War II". Pacific Magazine. Archived from the original on 8 February 2012. https://web.archive.org/web/20120208125727/http://166.122.164.43/archive/2000/April/04-03-19.htm। আহৰণ কৰা হৈছে: 16 June 2012. 
  31. Takizawa, Akira; Alsleben, Allan (1999–2000). "Japanese garrisons on the by-passed Pacific Islands 1944–1945". Forgotten Campaign: The Dutch East Indies Campaign 1941–1942. Archived from the original on 6 January 2016. https://web.archive.org/web/20160106231303/http://www.dutcheastindies.webs.com/japan_garrison.html. 
  32. Garrett, J (1996). Island Exiles. Australian Broadcasting Corporation. পৃষ্ঠা. 176–181. ISBN 0-7333-0485-0. 
  33. 33.0 33.1 Highet, K; Kahale, H (1993). "Certain Phosphate Lands in Nauru". American Journal of International Law খণ্ড 87 (2): 282–288. doi:10.2307/2203821. Archived from the original on 11 May 2011. https://web.archive.org/web/20110511143145/http://www.icj-cij.org/docket/index.php?p1=3&p2=3&code=naus&case=80&k=e2। আহৰণ কৰা হৈছে: 11 October 2008. 
  34. Cmd. 7290
  35. 35.0 35.1 Cmd. 1202
  36. "Island Purchase For Nauruans". The Canberra Times (Australian Capital Territory, Australia) খণ্ড 38 (10,840): পৃষ্ঠা 5. 6 May 1964. http://nla.gov.au/nla.news-article104291886। আহৰণ কৰা হৈছে: 1 April 2019. 
  37. "Nauruans Likely To Settle Curtis Island". The Canberra Times (Australian Capital Territory, Australia) খণ্ড 37 (10,549): পৃষ্ঠা 9. 30 May 1963. http://nla.gov.au/nla.news-article131721012। আহৰণ কৰা হৈছে: 1 April 2019. 
  38. "Lack of Sovereignty 'Disappoints' Nauruans". The Canberra Times (Australian Capital Territory, Australia) খণ্ড 37 (10,554): পৃষ্ঠা 45. 5 June 1963. http://nla.gov.au/nla.news-article131721799। আহৰণ কৰা হৈছে: 1 April 2019. 
  39. "Nauru not to take Curtis Is.". The Canberra Times (Australian Capital Territory, Australia) খণ্ড 38 (10,930): পৃষ্ঠা 3. 21 August 1964. http://nla.gov.au/nla.news-article105839593। আহৰণ কৰা হৈছে: 1 April 2019. 
  40. 40.0 40.1 Davidson, JW (January 1968). "The Republic of Nauru". The Journal of Pacific History খণ্ড 3 (1): 145–150. doi:10.1080/00223346808572131. 
  41. Squires, Nick (15 March 2008). "Nauru seeks to regain lost fortunes". BBC News Online. http://news.bbc.co.uk/2/hi/programmes/from_our_own_correspondent/7296832.stm। আহৰণ কৰা হৈছে: 16 March 2008. 
  42. 42.0 42.1 Watanabe, Anna (16 September 2018). "From economic haven to refugee 'hell'". Kyodo News. https://english.kyodonews.net/news/2018/09/0fdc626a0cdb-feature-nauru-from-economic-goldmine-to-refugee-hell.html। আহৰণ কৰা হৈছে: 17 September 2018. 
  43. Case Concerning Certain Phosphate Lands in Nauru (Nauru v. Australia) Application: Memorial of Nauru. ICJ Pleadings, Oral Arguments, Documents. United Nations, International Court of Justice. January 2004. ISBN 978-92-1-070936-1. 
  44. "Distance Finder". https://www.mapdevelopers.com/distance_finder.php?&points=%5B%5B0%2C166.93721696734428%5D%2C%5B-0.5025939262347026%2C166.93721696734428%5D%5D। আহৰণ কৰা হৈছে: 9 April 2017. 
  45. 45.0 45.1 45.2 45.3 45.4 45.5 45.6 45.7 45.8 "Background Note: Nauru". State Department Bureau of East Asian and Pacific Affairs. September 2005. https://2009-2017.state.gov/r/pa/ei/bgn/16447.htm। আহৰণ কৰা হৈছে: 11 May 2006. 
  46. "Nauru: National Environmental Management Strategy and National Environmental Action Plan". South Pacific Regional Environment Programme. পৃষ্ঠা: 234. Archived from the original on 11 May 2012. https://web.archive.org/web/20120511023524/http://www.sprep.org/att/IRC/eCOPIES/Countries/Nauru/11.pdf। আহৰণ কৰা হৈছে: 18 June 2012. 
  47. Jacobson, Gerry; Hill, Peter J; Ghassemi, Fereidoun (1997). "24: Geology and Hydrogeology of Nauru Island". Geology and hydrogeology of carbonate islands. Elsevier. পৃষ্ঠা. 716. ISBN 978-0-444-81520-0. 
  48. Republic of Nauru (1999). "Climate Change – Response". First National Communication. United Nations Framework Convention on Climate Change. http://unfccc.int/resource/docs/natc/naunc1.pdf। আহৰণ কৰা হৈছে: 9 September 2009. 
  49. Affaire de certaines terres à phosphates à Nauru. International Court of Justice. 2003. পৃষ্ঠা. 107–109. ISBN 978-92-1-070936-1. 
  50. "Pacific Climate Change Science Program". Government of Australia. Archived from the original on 27 February 2012. https://web.archive.org/web/20120227175200/http://www.cawcr.gov.au/projects/PCCSP/pdf/6._Nauru_GH_poster.pdf। আহৰণ কৰা হৈছে: 10 June 2012. 
  51. "Yaren | district, Nauru" (en ভাষাত). Encyclopedia Britannica. https://www.britannica.com/place/Yaren। আহৰণ কৰা হৈছে: 2019-09-02. 
  52. "NAURU Information on Government, People, History, Economy, Environment, Development". Archived from the original on 27 July 2013. https://web.archive.org/web/20130727070348/http://www.un.int/nauru/countryprofile.html. 
  53. BirdLife International. "Important Bird Areas in Nauru". Secretariat of the Pacific Regional Environmental Programme. Archived from the original on 13 January 2013. https://archive.is/20130113065145/http://www.sprep.org/att/IRC/eCOPIES/Birdlife-Pacific/Important%20Bird%20Area%20Coverage%20by%20Country.htm। আহৰণ কৰা হৈছে: 18 June 2012. 
  54. "Nauru Ecotourism Tours – Sustainable Tourism & Conservation Laws". http://www.internationalwildlifelaw.org/NauruFish.html। আহৰণ কৰা হৈছে: 11 September 2012. 
  55. Matau, Robert (6 June 2013) "President Dabwido gives it another go" Archived 26 September 2013 at the Wayback Machine . Islands Business.
  56. Levine, Stephen; Roberts, Nigel S (November 2005). "The constitutional structures and electoral systems of Pacific Island states". Commonwealth & Comparative Politics খণ্ড 43 (3): 276–295. doi:10.1080/14662040500304866. 
  57. Anckar, D; Anckar, C (2000). "Democracies without Parties". Comparative Political Studies খণ্ড 33 (2): 225–247. doi:10.1177/0010414000033002003. 
  58. Hassell, Graham; Tipu, Feue (May 2008). "Local Government in the South Pacific Islands". Commonwealth Journal of Local Governance খণ্ড 1 (1): 6–30. http://www.austlii.edu.au/au/journals/ComJlLocGov/2008/3.html। আহৰণ কৰা হৈছে: 30 January 2011. 
  59. "Nauru (High Court Appeals) Act (Australia) 1976". Australian Legal Information Institute. http://www.austlii.edu.au/au/legis/cth/consol_act/ncaa1976254। আহৰণ কৰা হৈছে: 7 August 2006. 
  60. Dale, Gregory (2007). "Appealing to Whom? Australia's 'Appellate Jurisdiction' Over Nauru". International & Comparative Law Quarterly খণ্ড 56 (3): 641. doi:10.1093/iclq/lei186. 
  61. Gans, Jeremy (20 February 2018). "News: Court may lose Nauru appellate role". Opinions on High. Melbourne Law School, The University of Melbourne. https://blogs.unimelb.edu.au/opinionsonhigh/2018/02/20/news-court-may-lose-nauru-appellate-role/comment-page-1/। আহৰণ কৰা হৈছে: 2 April 2018. 
  62. Clarke, Melissa (2 April 2018). "Justice in Nauru curtailed as Government abolishes appeal system". ABC News. http://www.abc.net.au/news/2018-04-02/nauru-now-without-court-of-appeal/9609524। আহৰণ কৰা হৈছে: 2 April 2018. 
  63. Wahlquist, Calla (2 April 2018). "Fears for asylum seekers as Nauru moves to cut ties to Australia's high court". The Guardian. https://www.theguardian.com/world/2018/apr/02/fears-for-asylum-seekers-as-nauru-moves-to-cut-ties-to-australias-high-court। আহৰণ কৰা হৈছে: 2 April 2018. 
  64. "Nauru—The population of the districts of the Republic of Nauru". City Population. 2011. http://www.citypopulation.de/Nauru.html। আহৰণ কৰা হৈছে: 10 June 2015. 
  65. 65.0 65.1 "Country Economic Report: Nauru". Asian Development Bank. পৃষ্ঠা: 6. Archived from the original on 7 June 2011. https://web.archive.org/web/20110607064452/http://www.adb.org/Documents/CERs/NAU/CER-NAU-2007.pdf। আহৰণ কৰা হৈছে: 20 June 2012. 
  66. "Yaren | district, Nauru" (en ভাষাত). Encyclopedia Britannica. https://www.britannica.com/place/Yaren। আহৰণ কৰা হৈছে: 2019-09-02. 
  67. "Nauru Celebrates Angam Day". United Nations. Archived from the original on 21 October 2004. https://web.archive.org/web/20041021183752/http://www.un.int/nauru/angumday.html। আহৰণ কৰা হৈছে: 19 June 2012. 
  68. Nazzal, Mary (April 2005). "Nauru: an environment destroyed and international law". lawanddevelopment.org. http://www.lawanddevelopment.org/docs/nauru.pdf। আহৰণ কৰা হৈছে: 19 June 2012. 
  69. "Culture of Nauru". Republic of Nauru. Archived from the original on 4 January 2013. https://archive.today/20130104134932/http://www.republicofnauru.com/2012/06/culture-of-nauru.html। আহৰণ কৰা হৈছে: 19 June 2012. 
  70. "Country Profile: Nauru". BBC News Online. http://news.bbc.co.uk/1/hi/world/asia-pacific/country_profiles/1134221.stm। আহৰণ কৰা হৈছে: 2 May 2006. 
  71. "Nauru Australian Football Association". Australian Football League. Archived from the original on 31 December 2008. https://web.archive.org/web/20081231192459/http://www.afl.com.au/development/international/internationalleagues/nauru/tabid/10343/default.aspx। আহৰণ কৰা হৈছে: 19 June 2012. 
  72. "Nauru Olympic Committee History". Nauru Olympic Committee. Archived from the original on 26 July 2012. https://web.archive.org/web/20120726171226/http://www.sportingpulse.com/assoc_page.cgi?c=2-3847-0-0-0&sID=172619। আহৰণ কৰা হৈছে: 20 June 2012. 
  73. Stahl, Dean A.; Landen, Karen (2001). Abbreviations Dictionary (10 সম্পাদনা). CRC Press. পৃষ্ঠা. 1436. ISBN 9781420036640. https://books.google.com/books?id=t3fLBQAAQBAJ&pg=PA1436। আহৰণ কৰা হৈছে: 30 January 2017. 
  74. Waqa, B (1999). "UNESCO Education for all Assessment Country report 1999 Country: Nauru". Archived from the original on 25 May 2006. https://web.archive.org/web/20060525060901/http://www2.unesco.org/wef/countryreports/nauru/contents.html। আহৰণ কৰা হৈছে: 2 May 2006. 
  75. "Schools Archived 5 July 2018 at the Wayback Machine." Government of Nauru. Retrieved on 5 June 2018.
  76. "USP Nauru Campus". University of the South Pacific. http://www.usp.ac.fj/index.php?id=usp_nauru_home। আহৰণ কৰা হৈছে: 19 June 2012. 
  77. "Nauru Teacher Education Project". https://www.une.edu.au/about-une/academic-schools/school-of-education/research/nauru। আহৰণ কৰা হৈছে: 5 December 2015. 
  78. Book Provision in the Pacific Islands. UNESCO Pacific States Office, 1999. আই.এচ.বি.এন. 9820201551, 9789820201552. p. 33 Archived 5 July 2018 at the Wayback Machine.
  79. 79.0 79.1 79.2 "Fat of the land: Nauru tops obesity league". The Independent. 26 December 2010. https://www.independent.co.uk/life-style/health-and-families/health-news/fat-of-the-land-nauru-tops-obesity-league-2169418.html। আহৰণ কৰা হৈছে: 19 June 2012. 
  80. 80.0 80.1 "Nauru". World health report 2005. World Health Organization. http://www.who.int/countries/nru/en/index.html। আহৰণ কৰা হৈছে: 2 May 2006. 
  81. Nishiyama, Takkaki (27 May 2012). "Nauru: An island plagued by obesity and diabetes". Asahi Shimbun. Archived from the original on 28 May 2014. https://web.archive.org/web/20140528121809/http://ajw.asahi.com/article/globe/feature/obesity/AJ201205270051। আহৰণ কৰা হৈছে: 23 January 2013. 
  82. King, H; Rewers M (1993). "Diabetes in adults is now a Third World problem". Ethnicity & Disease খণ্ড 3: S67–74. 
  83. "Flight schedule for Nauru Airlines". https://www.nauruairlines.com.au/bookings/booking-information/flight-schedule/। আহৰণ কৰা হৈছে: 31 January 2019. 

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

  • Gowdy, John M.; McDaniel, Carl N. (2000). Paradise for Sale: A Parable of Nature. University of California Press. ISBN 978-0-520-22229-8. 
  • Williams, Maslyn; Macdonald, Barrie (1985). The Phosphateers. Melbourne University Press. ISBN 0-522-84302-6. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]