ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২০/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৯১০ চনৰ পৰা ১৯৬০ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্ষিক প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন (জিডিপি), মহামন্দাৰ বছৰবোৰ (১৯২৯-১৯৩৯) ওপৰত আলোকপাত কৰা হৈছে

মহামন্দা বা বৃহৎ অৰ্থনৈতিক পতন (ইংৰাজী: Great Depression) আছিল এক গুৰুতৰ বিশ্বজুৰা তীব্ৰ অৰ্থনৈতিক মন্দাৱস্থা যি ১৯৩০-ৰ দশকত ঘটিছিল। ইয়াৰ আৰম্ভ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। সমগ্ৰ বিশ্বত মহামন্দাৰ সময় বিভিন্ন আছিল; বেছিভাগ দেশত, ই ১৯২৯ চনত আৰম্ভ হৈছিল আৰু ১৯৩০ দশকৰ শেষভাগলৈ আছিল। ই আছিল বিংশ শতিকাৰ আটাইতকৈ দীৰ্ঘতম, গভীৰতম, আৰু আটাইতকৈ বিস্তৃত মন্দাৱস্থা। বিশ্বব্যাপী অৰ্থনীতি কিমান তীব্ৰভাৱে হ্ৰাস হ'ব পাৰে তাৰ উদাহৰণ হিচাপে সাধাৰণতে মহামন্দাক ব্যৱহাৰ কৰা হয়।

১৯২৯ চনৰ ৪ ছেপ্টেম্বৰত আৰম্ভ হোৱা হ্ৰাসমান ষ্টকৰ মূল্যৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত মহামন্দা আৰম্ভ হৈছিল, আৰু ১৯২৯ চনৰ ২৯ অক্টোবৰৰ ষ্টক বজাৰ পতনৰ সৈতে সৰ্বত্ৰে বাতৰি হৈ পৰিছিল (এই দিনটোক ক'লা মঙলবাৰ বুলি কোৱা হয়)। ১৯২৯ আৰু ১৯৩২ চনৰ ভিতৰত, বশ্বব্যাপী মুঠ ঘৰুৱা উৎপাদন (জিডিপি)-ৰ আনুমানিক ১৫% হ্ৰাস হৈছিল। তুলনা কৰিলে দেখা যায় যে, ২০০৮-২০০৯ চনৰ মন্দাৱস্থাৰ সময়ত বশ্বব্যাপী জিডিপি ১% তকৈ কম হ্ৰাস হয়। কিছুমান অৰ্থনীতি ১৯৩০ৰ মাজভাগৰ ভিতৰত সুস্থ হবলৈ আৰম্ভ কৰে। অৱশ্যে, বহুতো দেশত মহামন্দাৰ নেতিবাচক প্ৰভাৱ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিলৈকে আছিল। ইয়াত বিতংকৈ পঢ়ক

যোৱা মাহৰ ভাল প্ৰবন্ধ হৰিশ-চন্দ্ৰৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...