ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২১/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০০৯ ৰ পৰৱৰ্তী কালছোৱাত যেতিয়া মহাবিদ্যালয়ত অধ্যয়নৰত আছিলোঁ, কিবা তথ্য বিচাৰিবলৈ হ’লে এক অন্যতম উৎস হিচাপে ইংৰাজী ৱিকিপিডিয়াৰ সহায় লওঁ‌তে সদায়ে ভাবিছিলোঁ‌, অসমীয়াতো এনে এক ব্যৱস্থা থকাহ’লে ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ বিকাশ হোৱাৰ সমান্তৰালভাৱে ইংৰাজী ভাষাত কমকৈ দখল থকা মোৰ দৰে বহু ছাত্ৰ-ছাত্ৰী উপকৃত হ’লহেঁতেন। পৰৱৰ্তী সময়ত সম্ভৱতঃ ২০১৩ চন মানত অসমীয়া ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য বন্ধুবৰ শ্ৰী চন্দন চিৰিং ফুকনে অসমীয়া ৱিকিপিডিয়াৰ কথা জনাইছিল। লগতে এই মাধ্যমত জীৱকুলৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰিব পাৰোঁ বুলি পৰামৰ্শ আগবঢ়ায়। চিৰিং ফুকনৰ কথাত থাউকতে সঁহাৰি জনালোঁ‌ যদিও পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত সেয়া হৈ নুঠিল। অৱশ্যে অসমীয়া ৱিকিপিডিয়াৰ জগতখন দিনক-দিনে সমৃদ্ধ কৰিবলৈ বিভিন্নজনে যৎপৰোনাস্তি চেষ্টা কৰি অহা দেখা পাইছোঁ‌।

বৰ্তমানৰ অসমীয়া ৱিকিপিডিয়াৰ বিকাশ আৰু প্ৰসাৰে এক উৰ্ধ্বমুখী দিশত গতি কৰা দেখি খুবেই সুখী। নিজৰ ফালৰ পৰাও বিভিন্ন সময়ত কলম (ম'বাইল/ লেপটপৰ কী ব'ৰ্ড) হাতত তুলি লৈছোঁ‌ যদিও কৰ্মব্যস্ততাৰ বাবে কেতিয়াবা কোনোবা এটা প্ৰবন্ধ সৃষ্টি কৰি হয়তো আধৰুৱাকৈয়ে সামৰিবলগীয়া অৱস্থা হৈছে। কোনোবা সময়ত ইংৰাজী প্ৰবন্ধ একোটা অনুবাদ কৰিবলৈ লৈ ক'ডৰ অজ্ঞতাৰ বাবেও কলম সামৰিবলগীয়া হৈছে। এইখিনিতে এক অনুভৱ ব্যক্ত কৰিব বিচাৰোঁ‌ যে 'অসমীয়া ৱিকিপিডিয়া'ৰ জ্যেষ্ঠ আৰু অভিজ্ঞ সদস্যসকলে ইয়াত লিখিবলৈ, অনুবাদ কৰিবলৈ বা সম্পাদনা কৰিবলৈ যিকণ ক'ডীয় জ্ঞানৰ প্ৰয়োজন হয়, তেনে সম্পৰ্কীয় একোখন ৱেবিনাৰ বা কৰ্মশালা সময়ে সময়ে অনুস্থিত কৰিলে ইয়াৰ সক্ৰিয় সদস্যৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে প্ৰবন্ধৰ সংখ্যাও বৃদ্ধি হৈ এই মাধ্যমটোক আৰু অধিক মেটমৰা কৰি তুলিব। লগতে জনপ্ৰিয়তা বৃদ্ধি তথা প্ৰসাৰৰ বাবে যিসমূহ প্ৰতিযোগিতা আয়োজন কৰি আহিছে, সেয়া ভৱিষ্যতলৈও অব্যাহত ৰাখিব বুলিও আশা ৰাখিলোঁ‌।

অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ সদায়ে তাগিদা দি অহা ভাতৃপ্ৰতীম শ্ৰী নয়নজ্যোতি নাথলৈ কৃতজ্ঞতাৰে...

-Debuapriyo (বাৰ্তা) 14:13, 2 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]