ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২২/উল্লেখনীয় ৱিকিমিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উল্লেখনীয় ৱিকিমিডিয়ান

প্ৰিয়াংকুশ ডেকা: ২০১৭ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। বাইহাটা চাৰিআলিৰ এই ৱিকিমিডিয়ানজনে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ১,১৮৭টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৫৭। অসমীয়া ৱিকিউৎসৰ লগতে তেওঁ ৱিকিডাটা, ৱিকিমিডিয়া কমন্স আদি ভগ্নী প্ৰকল্পলৈও উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে। উল্লেখযোগ্য যে প্ৰিয়াংকুশ ডেকাই বিজ্ঞানী ষ্টিফেন হকিঙৰ আত্মজীৱনীখন অসমীয়ালৈ "মোৰ সংক্ষিপ্ত জীৱন বৃত্তান্ত" নামেৰে অনুবাদ কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “ৱিকিপিডিয়াৰ প্ৰবন্ধকাৰ পদক”, “The Teamwork Barnstar”, “WLWI2019 Special Award”, “The Feather Barnstar” আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।