ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২২/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
একচেটীয়া বজাৰত উৎপাদক আৰু উপভোক্তাৰ উদ্বৃত্ত তথা কল্যাণৰ ক্ষতিৰ চিত্ৰ ৰূপ।

একচেটীয়া বজাৰ বা একাধিকাৰ বজাৰ (ইংৰাজী: Monopoly) এনে এখন বজাৰ য'ত কেৱল এটি মাথো উৎপাদকে পণ্যটো উৎপাদন কৰে আৰু বৃহৎ সংখ্যক উপভোক্তাক বিক্ৰী কৰে।বিশেষভাৱে, এই সংজ্ঞাই নিভাজ একাধিকাৰক বুজায়। এনে বজাৰত উৎপাদকটোৰ কোনো প্ৰতিযোগী নাথাকে, আৰু সেয়েহে, উৎপাদকে সমগ্ৰ বজাৰৰ চাহিদাকে নিজে উৎপাদন কৰা সামগ্ৰীৰ চাহিদা বুলি গণ্য কৰে। একচেটীয়া বজাৰত উৎপাদকজন মূল্যৰ নিৰ্ধাৰক। সেইবাবে একচেটীয়া বজাৰ পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৰ একেবাৰেই বিপৰীত। এই দুই বিপৰীত মেৰুত অৱস্থিত বজাৰ ব্যৱস্থাৰ মাজত আহে স্বল্প বিক্ৰেতাৰ বজাৰ, একাধিকাৰ প্ৰতিযোগী বজাৰ ইত্যাদি।

একচেটীয়া বজাৰৰ উদয় বিভিন্ন কাৰণত হ'ব পাৰে, যাক কোৱা হয় প্ৰৱেশৰ বাধা। এনে কিছু প্ৰৱেশৰ বাধা হ'ল, পেটেণ্ট অধিকাৰ, চৰকাৰী নিয়ম, সেই খণ্ডত ব্যৱসায় আৰম্ভ কৰাৰ উচ্চ দাম ইত্যাদি। কোনো কোনো ক্ষেত্ৰত প্ৰৱেশৰ প্ৰাকৃতিক বাধা থাকে: যেনে বৃহৎ পৰিমাণৰ উৎপাদন কৰিলে প্ৰতি একক খৰচ ভালেমান হ্ৰাস হোৱা। তেনে একচেটীয়া বজাৰক প্ৰাকৃতিক একচেটীয়া বজাৰ বোলে।

একেচেটীয়া বজাৰত সাধাৰণতে পণ্যটোৰ মূল্য আন বজাৰতকৈ অধিক হয়, আৰু মুঠ বিক্ৰী কৰা পৰিমাণ কম হয়। কল্যাণ অৰ্থনীতিৰ প্ৰথম মৌলিক উপপাদ্যৰ মতে, পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰত উমৈহতীয়া কল্যাণ সৰ্বাধিক হয়। সেয়েহে, তেনে বজাৰতকৈ কম বিক্ৰী হোৱা যিকোনো বজাৰ, যেনে একচেটীয়া বজাৰত, বিক্ৰেতা আৰু গ্ৰাহক দুয়োৰে কল্যাণ যোগ কৰিলে, মুঠ কল্যাণ কম হয়। ইয়াক deadweight loss বোলা হয়।

একচেটীয়া বজাৰৰ বাবে হোৱা কল্যাণৰ ক্ষতিক চৰকাৰী নীতিৰে কিছু পৰিমাণে সোধৰাব পৰা যায়। এটি সাম্ভাৱ্য সমাধান হ'ল উৎপাদকক উৎপাদনৰ বাবে ৰাজসাহায্য প্ৰদান কৰা, যাতে উৎপাদন বৃদ্ধি হয়। আন এক সমাধান হ'ল উৎপাদকক ভিন ভিন গ্ৰাহকৰ পৰা ভিন ভিন মূল্য আদায় কৰাৰ অনুমতি প্ৰদান কৰা। ইয়াক মূল্য বৈষম্য বোলা হয়। অন্যথা চৰকাৰে একচেটীয়া বজাৰৰ উৎপাদকটোক বহুখণ্ডিত কৰি একচেটীয়া বজাৰখনক স্বল্প বিক্ৰেতাৰ বজাৰলৈ ৰূপান্তৰিত কৰিব পাৰে। এনে কৰা হয় প্ৰতিযোগিতা আইনৰ মাধমেৰে। প্ৰতিযোগিতা আইনে একচেটীয়া বজাৰ ভঙাতেই নহয়, এনে বজাৰ সৃষ্টি হোৱাৰ পৰা ৰক্ষা কৰাতো সহায় কৰে।বিতংকৈ ইয়াত পঢ়ক...


যোৱামাহৰ ভাল প্ৰবন্ধ মইনা পাৰিজাতৰ বিষয়ে ইয়াত পঢ়ক...