ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২২/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কি-পেড মোবাইল চলাই থকা সময়ত মই যেতিয়া ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিলোঁ, সেই সময়ত মই কোনো তাৰকা বা ঠাই আদিৰ নামৰ পাছত ৱিকিপিডিয়া বুলি লিখি সন্ধান কৰিছিলোঁ আৰু প্ৰাথমিক পৰ্যায়ত ৱিকিপিডিয়া সম্পৰ্কত মোৰ জ্ঞান ইমানেই আছিল। ইয়াৰ পিছতে মই ৱিকিপিডিয়া যে ইংৰাজীৰ লগতে অন্যান্য ভাৰতীয় ভাষাতো উপলব্ধ সেই বিষয়ে জানিবলৈ পাওঁ।

২০১৮ চনত এবাৰ দিল্লীত অল ইণ্ডিয়া ইয়ং চাওতালি ৰাইটাৰছ এচচিয়েশ্যনত অংশগ্ৰহণ কৰিবলৈ গৈ মই বহুকেইজন যুৱ লেখকৰ পৰা চাওতালি ৱিকিপিডিয়াৰ বিষয়ে জানিব পাৰোঁ। ইয়াৰ পিছতে মই ৱিকিপিডিয়াত এটা একাউণ্ট খুলি লওঁ আৰু সৰু সুৰা দুই এটা সম্পাদনা কৰিবলৈ আৰম্ভ কৰোঁ। পিছত বহুকেইজন সক্ৰিয় ৱিকিমিডিয়ানৰ পৰা অনলাইনযোগে কিছু কথা জানিব পাৰোঁ। দ্বিতীয় পৰ্যায়ত মই প্ৰায়েই অসমীয়া ৱিকিপিডিয়াৰ পৰা চাওতালি ৱিকিলৈ প্ৰবন্ধ অনুবাদ কৰা আৰম্ভ কৰোঁ। তেনেকৈয়ে হিন্দী, ইংৰাজী আদি ভাষাৰ পৰাও অনুবাদ কৰিবলৈ ধৰিলোঁ।

২০১৯ বৰ্ষত মুম্বাইত ৱিকিমিডিয়া ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত ট্ৰেইন দ্য ট্ৰেইনাৰ শীৰ্ষক কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ গৈ অসমীয়া ৱিকিপিডিয়াৰ সদস্য নয়ন, অজয় আৰু বাবুল বৈশ্য দাক লগ পাওঁ আৰু তেওঁলোকৰ জৰিয়তেই অসমীয়া ৱিকিপিডিয়া পৰিয়ালৰ সৈতে পৰিচয় ঘটে। অসমীয়া ৱিকিপিডিয়াত মোৰ বিশেষ বৰঙণি নাই যদিও চাওতালি ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত মই অসমীয়া ৱিকিপিডিয়াকে গুৰুত্ব দি আহিছোঁ। ভবিষ্যতে ৱিকিপিডিয়াৰ এই প্ৰকল্পটোৰ সৈতে অধিক সক্ৰিয়ভাৱে জড়িত হৈ মোৰ যৎসামান্য বৰঙণি আগবঢ়াব পাৰিম বুলি মই আশাবাদী।

Joy sagar Murmu (বাৰ্তা) 16:43, 1 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]