ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২০/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চে গোৱেৰা

আৰ্নেষ্ট' "চে" গোৱেৰা (ইংৰাজী: Ernesto "Che" Guevara; ১৪ জুন ১৯২৮ – ৯ অক্টোবৰ ১৯৬৭) আছিল এজন আৰ্জেণ্টেনীয় মাৰ্ক্সবাদী, বিপ্লৱী, চিকিৎসক, গ্ৰন্থকাৰ, গেৰিলা নেতা, কূটনীতিজ্ঞ, আৰু সামৰিক তত্ত্ববিদ। কিউবাৰ বিপ্লৱৰ এক অগ্ৰগণ্য নেতা।

চিকিৎসা বিভাগৰ ছাত্ৰ হৈ থকা সময়ত গোৱেৰাই সমগ্ৰ দক্ষিণ আমেৰিকা ভ্ৰমণ কৰিছিল আৰু জনতাৰ দৰিদ্ৰতা, ক্ষুধা আৰু যন্ত্ৰণা দেখি অত্যন্ত পীড়িত হৈছিল।

গোৱেৰাই ৰাউল আৰু ফিডেল কাষ্ট্ৰ'ৰ সাক্ষাৎ লভি তেওঁলোকে ২৬ জুলাইৰ আন্দোলনত সহযোগ কৰিছিল আৰু কিউবালৈ গৈ আমেৰিকা-সমৰ্থিত একনায়ত্ববাদী কিউবাৰ শাসক ফালগেনচিঅ' বাটিষ্টাক উৎখাত কৰিবলৈ চেষ্টা কৰিছিল। বিদ্ৰোহৰ কালছোৱাত খুব কম সময়ৰ ভিতৰতে গোৱেৰাৰ উত্থান হৈ সহকাৰী অধিনায়কৰ পদত অধিষ্ঠিত হয় আৰু দুবছৰজোৰা সফল গেৰিলা অভিযানৰ নেতৃত্ব দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উল্লেখ্য যে, এই বিদ্ৰোহৰ অন্তত বাটিষ্টা-সাম্ৰাজ্য সিংহাসনচ্যুত হয়।

বিতংকৈ পঢ়ক...