ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২১/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

উদ্বিগ্নতা মনোজগতৰ অস্থিৰতাৰ জৰিয়তে দেখা দিয়া এক বিশেষ অপ্ৰীতিকৰ অনাকাংক্ষিত আৱেগিক প্ৰাৱস্থা। মানসিক উদ্বিগ্নতা সাধাৰণতেই স্নায়ৱিক বিৱশতাৰ আচৰণ, যেনে উচপিচনি (লৰা-ঢপৰাকৈ অগা-পিছা কৰা), স্বেচ্ছাপ্ৰবৃত্ত বা ছ'মাটিক (somatic) উদ্বেগ আৰু অপ্ৰত্যাশিত পৰিস্থিতি বা ঘটনাৰ সম্পৰ্কে অস্থিৰ ৰোমন্থন বা পূৰ্বানুমান, ইত্যাদিৰ সৈতে সংপৃক্ত। স্বেচ্ছাপ্ৰবৃত্ত স্নায়ুতন্ত্ৰ (somatic nervous system) প্ৰান্তীয় স্নায়ুতন্ৰৰ এক অংশ, যি ঐচ্ছিক পেশীসমুহৰ মাধ্যমেৰে শৰীৰত লৰ-চৰ কৰা স্বতঃপ্ৰবৃত্ত ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে, আৰু স্বেচ্ছাপ্ৰবৃত্ত বা ছ'মাটিক উদ্বেগ হৈছে এইসমূহৰ লগত জড়িত। ই মূলতঃ ভৱিষতব্য কোনো ঘটনাৰ সম্পৰ্কে পূৰ্বানুমানৰ জৰিয়তে সৃষ্ট অস্বস্তিকৰ আৰু অস্থিৰ মনোৱস্থা বা মানসিক সন্ত্ৰস্ততাৰ সৈতে জড়িত।

উদ্বিগ্নতা অস্বস্তি আৰু দুশ্চিন্তাৰ সৈতে জড়িত অপ্ৰীতিকৰ অনুভূতি। আপাতত সাধাৰণ পৰিস্থিতিকেই আত্মপ্ৰসূত চিন্তাৰে অ-কেন্দ্ৰীভুত আৰু অতিঃপ্ৰতিক্ৰিয়াশীল ত্ৰাসগ্ৰস্ত ৰূপ দিয়াকেই সাধাৰণতে মানসিকভাৱে উদ্বিগ্ন অৱস্থা হিচাপে চিহ্নিত কৰা হয়। উদ্বিগ্নতাৰ সৈতে প্ৰায়েই পেশীজনিত উত্তেজনা, অস্থিৰতা, ক্লান্তি আৰু মনোযোগহীনতাৰ সমস্যা সংপৃক্ত হৈ থাকে। উদ্বিগ্নতা ভীতিগ্ৰস্ততাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। ভীতিগ্ৰস্ততা বাস্তৱ আৰু অনুধাৱিত তাৎক্ষণিক বিপদৰ ভাবুকি বা উৎসৰ সৈতে জড়িত, আৰু উদ্বিগ্নতা ভৱিষ্যতৰ কোনো উপাদানৰ পৰা প্ৰত্যাশিত বিপদ বা শংকাৰ দ্বাৰা উদ্ভূত। উদ্বেগগ্ৰস্থ ব্যক্তিয়ে সাধাৰণতে অতীতৰ উদ্বিগ্নতা উদ্বুদ্ধকাৰী পৰিস্থিতিৰ পৰা আঁতৰি থাকিব খোজে।ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ অমিতাভ ঘোষৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...