ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২২/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৯,৯২৮ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩৪৮ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
সূতিকা পটল (লেখক: গোবিন্দৰাম চৌধুৰী, ১৯০৮)
  • অনলাইন আলোচনা আৰু প্ৰশিক্ষণ: অসমীয়া ৱিকিমিডিয়ানসকলৰ এখন প্ৰীতিমেল আৰু কৰ্মশালা ২/১/২০২২ তাৰিখে কামৰূপ (মহানগৰ)ৰ ভৰলুমুখস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২৩ গৰাকী প্ৰবীণ-নবীন সদস্য আৰু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে।
ৱিকিমিডিয়ানৰ প্ৰীতিমেল আৰু কৰ্মশালাত উপস্থিত ন-পুৰণি ৱিকিমিডিয়ানসকল