ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২৩/উল্লেখনীয় ৱিকিমিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উল্লেখনীয় ৱিকিমিডিয়ান

ৰুমী বৰা: ২০১৩ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। লখিমপুৰৰ এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ৯,২৮০টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৮৫। অসমীয়া ৱিকিউৎসত তেওঁৰ সম্পাদনা সংখ্যা ৮,৪৬৬। ইয়াৰ লগতে তেওঁ ৱিকিমিডিয়া কমন্সলৈয়ো উল্লেখনীয় বৰঙনি আগবঢ়াইছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “ৱিকিউৎসৰ ভোটাতৰা পদক”, “অক্লান্ত সম্পাদক পদক”, “এই মাহৰ ৱিকিমিডিয়ান”, “ৱিকিউৎসৰ তাৰকা পদক পদক”, “সহযোগিতা পদক” আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।