ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দ্বাদশ বৰ্ষ | ফেব্ৰুৱাৰী | ২০২৩ | দ্বিতীয় সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

এই কথাখিনি মোবাইলত টাইপ কৰি থকা সময়ত মই লখিমপুৰৰ গোগামুখৰ পৰা ঢকুৱাখনা অভিমুখে বাছত গৈ আছোঁ। কাণত ইয়েৰফোন। মৃদু মৃদুকৈ বাংলা গান আৰু গ্লাছৰ ফাকেৰে সোমাই অহা পুৱাৰ চেঁচা বতাহ।

ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য ভাস্কৰে বৰ আদৰেৰে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ অনুষ্ঠানত অসমীয়া ৱিকিপ্ৰকল্পৰ গতি-প্ৰকৃতি সম্পৰ্কে ক'বলৈ আমন্ত্ৰণ জনাইছিল। ওচৰতে থকাবাবে না নকৰি অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিম বুলি কথা দিলোঁ। আচলতে কি বুলিনো লিখিম সেইকথা মনৰ মাজত জুকিয়াই থাকোঁতেই মই এচোৱা পাৰহৈ ঘিলামৰা পাইছিলোঁ। ঢকুৱাখনা পাবলৈ বেছিদূৰ নাছিল।

সাহিত্যসভাৰ অনুষ্ঠানত অংশগ্ৰহণৰ অভিজ্ঞতা কেনে বুলি সুধিলে মই যদি একেষাৰেই কওঁ, তেন্তে- বেয়া। বেয়া মানে একেবাৰে বেয়া। অৱশ্যে মই এনেকৈ নাভাবি যোগাত্মক ভাৱেই গ্ৰহণ কৰিবৰ সংগ্ৰামখিনিও কৰিছোঁ। যোগাত্মকখিনি এইখিনিয়ে যে নিজৰ ওচৰতে নিজৰ নাকটো কটা নোযোৱাকৈ অনুষ্ঠান আৰম্ভ হ'ল। কবিতাৰ নামত অদ্ভুত কিবাকিবি কিছুমান হজম কৰি মানসিকভাৱে ক'মাত যোৱাৰ পিছত বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'ব লগীয়া আমাৰ অনুষ্ঠানক প্ৰায় তিনিঘণ্টাৰ শকত গোৰ এটা মাৰি এই কবি সন্মিলনে উক্ত তিনিঘণ্টা গিলি শেষ কৰিছিল। আমাৰ ধৈৰ্যৰ সীমা চিঙিছিল। ৫.৫০ত অনুষ্ঠান আৰম্ভ হ'ল। মঞ্চত থকা আয়োজক সকলে অনুষ্ঠানৰ কথা গমেই নাপাই বুলি জনালে, সেয়ে কোনোমতে এখন গামোচা যোগাৰ কৰি সঞ্চালক মহোদয়কে সম্বৰ্ধনা জনালে। যিমান পাৰি সোনকালে শেষ কৰিবলৈ বিচাৰি আমাৰ এজন বক্তাই কিবা এটা ক'বলৈ মুখখন মেলিছিলহে মাত্ৰ, মোক আয়োজক এজনে আহি সুধিলে- "আপোনালোকৰ অনুষ্ঠান কেতিয়া শেষ হ'ব?" মোৰ এনে লাগিছিল, উঠি গুছিয়েই যাওঁ নেকি! নিজকে সান্তনা দি মই ক'লোঁ, সঞ্চালকক সোধক। ইয়াৰ পিছত আৰু কথা কোৱাৰ পৰিৱেশ থাকেনে? সময় আৰু পৰিস্থিতিৰ প্ৰতি সন্মান জনাই মই ক'বলৈ বুলি যুগুতোৱা কথাখিনিৰ পৰা কিছু ৰিল কাটি কেৱল পাঠ কৰি সামৰি থৈ দিলোঁ। ডেৰ ঘণ্টাৰ বাবে পৰিকল্পনা থকা আমাৰ এই অনুষ্ঠান আমি ৪৫ মিনিটত শেষ কৰি মঞ্চৰ পৰা নামি আহিলোঁ।

ইমানখিনি হতাশাৰ মাজতো সৰু ছোৱালী এজনী দৌৰি আহি ডায়েৰী এখন আগবঢ়াই দিলে। মই নামটো সুধি কিবা এটি লিখিবলৈ লওঁতেই তাই সুধিলে- "ছাৰ, আধুনিক ই-যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে আপুনি কাৰ কাৰ নাম ল'ব!" মই বিবুদ্ধিত পৰিলোঁ। দুটামান বাক্যত মোৰ উত্তৰ শেষকৰি আমি সকলোৱে চাহ বিৰতিত আড্ডা দি উঠি বিদায় মাগিলোঁ।

এইখিনিলৈকে টাইপ কৰি শেষহোৱালৈ ময়ো আহি ঢকুৱাখনা পালোঁহি। আজিলৈ ইমানতে সামৰি,

সেৱাৰে-

Nayan j Nath (বাৰ্তা) 03:29, 2 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

লোণ উৎপাদন অতীজৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পাহাৰীয়া ঠাইৰ প্ৰধান ব্যৱসায়বোৰৰ ভিতৰৰ আছিল৷ পাটকাই পৰ্বতমালাৰ অনেক ঠাইত পানীৰ সৈতে মিহলি হৈ থকা অৱস্থাত লোণ পোৱা গৈছিল আৰু সেই পানীৰ পৰা বিশেষ ব্যয়সাধ্য-কষ্টসাধ্য উপায়ে লোণ আহৰণ কৰি অসমত লোণৰ চাহিদা পুৃৰণ কৰা হৈছিল৷ এই লোণৰ দ্বাৰাই সমগ্ৰ ভূখণ্ডৰ জনগোষ্ঠীয় লোকসকলৰ মাজত ব্যৱসায়সূত্ৰে আদান-প্ৰদান চলিছিল৷ পৰৱৰ্তীকালত লোণ উৎপাদনৰ বাবে আহোম স্বৰ্গদেৱে পাইক নিযুক্ত কৰিছিল৷ লোণ ক্ষেত্ৰ অধিকাৰ কৰিবলৈ ৰজাসকলৰ মাজত যুঁজ-বাগৰ পৰ্যন্তও হৈছিল৷ বিতংকৈ ইয়াত পঢ়ক...


যোৱামাহৰ ভাল প্ৰবন্ধ অসমৰ স্বৰ্ণ শিল্পৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জানুৱাৰী-২০২৩ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৩৪

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. লুইছ ব্ৰেইল
  2. আলডুছ হাক্সলী

অন্যান্য

  1. বিশ্ব ব্ৰেইল দিৱস
  2. ‎তিনি ৰাজ্য

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. পৰিস্মিতা সিং
  2. সুভদ্ৰা দেৱী

অন্যান্য

  1. অমৰকোষ
  2. নৈষধ চৰিত
  3. কাশী কৰৱত মন্দিৰ (কাশী কৰৌত)
  4. ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস
  5. কলকাতাৰ দুৰ্গা পূজা
  6. মগহৰ

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. ‎জ্ঞানদা বৰা
  2. কমতাৰ নীলাধ্বজ
  3. কমতাৰ নীলাম্বৰ
  4. ৰামকুইৱাংবে জেনি

চলচ্চিত্ৰ বিষয়ক

  1. ‎ডক্তৰ বেজবৰুৱা ২

অন্যান্য

  1. ভুই মাগা বা ভালুক মাগা পৰ্ব
  2. নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প
  3. বৃত্তিয়াল বণিয়া
  4. ‎অসমত লোণ উৎপাদন
  5. বহাগ মাহৰ দেউল
  6. ব্ৰহ্ম সংহতি
  7. বিহালী অভয়াৰণ্য
  8. অসমৰ চূণ
  9. অসমৰ পৰম্পৰাগত পুখুৰী খনন
  10. মিছা

সানমিহলি

  1. মেষ্টেক্টমী
  2. ৱিকিপিডিয়াৰ ল’গ’
  3. ২০২৩
  4. ক্ৰীড়া মনোবিজ্ঞান
  5. প্ৰশ্ন কাকতৰ নক্সা
  6. ৰাষ্ট্ৰ আৰু শিক্ষা
  7. সাংস্কৃতিক স্নায়ুবিজ্ঞান
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
সাঁ‌চিপাতত লিখা পাৰিজাত হৰণৰ পৃষ্ঠা।
চিত্ৰ শিল্পী: ComparingQuantities
উল্লেখনীয় ৱিকিমিডিয়ান

ৰুমী বৰা: ২০১৩ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। লখিমপুৰৰ এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ৯,২৮০টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৮৫। অসমীয়া ৱিকিউৎসত তেওঁৰ সম্পাদনা সংখ্যা ৮,৪৬৬। ইয়াৰ লগতে তেওঁ ৱিকিমিডিয়া কমন্সলৈয়ো উল্লেখনীয় বৰঙনি আগবঢ়াইছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “ৱিকিউৎসৰ ভোটাতৰা পদক”, “অক্লান্ত সম্পাদক পদক”, “এই মাহৰ ৱিকিমিডিয়ান”, “ৱিকিউৎসৰ তাৰকা পদক পদক”, “সহযোগিতা পদক” আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
জোনালী বৰুৱা
অক্লান্ত কৰ্মী পদক
প্ৰণামিকা অধিকাৰী
কাৰিকৰী পদক
কুলধৰ ৰাভা
চাণক্য কুমাৰ দাস
দিব্য দত্ত







বিশেষ অভিলেখ
জানুৱাৰী-২০২৩ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

জানুৱাৰী মাহত অসমীয়া ৱিকিউদ্ধৃতিয়ে নিজাকৈ ড'মেইন লাভ কৰে। ইয়াৰোপৰি সদস্য নয়ন জ্যোতি নাথে ব্যক্তিগতভাৱে ৫০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১০,৯১২ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪৩৪ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিয়ে নিজাকৈ ড'মেইন লাভ কৰে।
  • ২৯ জানুৱাৰী তাৰিখে অসমীয়া ৱিকিমিডিয়া সমাজৰ ২০২৩ বৰ্ষৰ প্ৰথমখন মাহেকীয়া অনলাইন সভা অনুষ্ঠিত হয়। এই সভাত অসমীয়া ৱিকিপ্ৰকল্পসমূহৰ বৰ্তমানৰ স্থিতি আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হয়।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

(মানুহে অৱস্থা চাই ব্যৱস্থা কৰিবলৈ বাধ্য হয়৷ যাৰ কাপোৰ আছে যিমান পিন্ধিলেও জাৰ নুগুচে, কিন্তু কম কাপোৰ থকা মানুহে অলপ কাপোৰেৰেই জাৰ নিবাৰণ কৰিব পাৰে৷)


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
অনামিকা বড়া ১১ - -
ইংকীমনি হাজৰিকা ১৬ - - -
ঈশান জ্যোতি বৰা ৩৩ - - -
কুলধৰ ৰাভা ৫৮
গীতাৰ্থ বৰদলৈ -
চন্দন চিৰিং ফুকন ৬৮ - ৩৪ -
চাণক্য কুমাৰ দাস ৪৫ -
জোনালী বৰুৱা ১০৬ - - -
তুষাৰ্য ২২ - - -
১০ দীপাংকৰ ১৯ - - -
১১ দিব্য দত্ত ২৮ - ১২
১২ দীপকজ্যোতি মহন্ত - - -
১৩ নয়ন জ্যোতি নাথ ১০ - ১০০ ১১
১৪ প্ৰণামিকা অধিকাৰী ১৩ ৬৪ -
১৫ বাবুল বৈশ্য ৩০ - - ১৪৮
১৬ মৃদুল সিংহ ফুকন - -
১৭ মৃণাল ৰয় - ৫৩
১৮ মো. সাদমান ছাকিব - - ১৫৭
১৯ ৰাজদ্বীপ ৰাজবংশী - - -
২১ জি. এছ. বৰা ৩১ - - -


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: প্ৰিয়াংকুশ ডেকা , ভাস্কৰজ্যোতি ভূঞা, মৃদুল কুমাৰ শৰ্মা, ৰূপম দাস


বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।