ৱিকিপিডিয়ানৰ মনৰ কথা 
|
ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি আৰু লোকগাথাত মহিলা বিষয়ক সমল বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ৱিকিপিডিয়াত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা হৈছে নাৰীবাদ আৰু লোকগাথা সম্পাদনামেলা। ২০১৯ চনত “ৱিকি লাভ্ছ লাভ” নামেৰে এই প্ৰতিযোগিতাৰ আৰম্ভ কৰা হৈছিল আৰু ২০২০ চনত ইয়াৰ নাম সলনি কৰি “ৱিকি লাভ্ছ ফকল’ৰ” কৰা হৈছিল। ২০২১ চনৰে পৰা এই প্ৰকল্পক “নাৰীবাদ আৰু লোকগাথা” হিচাপে নামকৰণ কৰা হয়। অন্য ভাষাৰ ৱিকিপিডিয়াসমূহৰ দৰেই ২০১৯ চনত “ ৱিকি লাভ্ছ ৱুমেন”, ২০২০ চনত “ ৱিকি লাভ্ছ ৱুমেন দক্ষিণ এছিয়া” আৰু ২০২১ চনৰ পৰা “নাৰীবাদ আৰু লোকগাথা” নামেৰে অসমীয়া ৱিকিপিডিয়াতো প্ৰতিবছৰে এই প্ৰতিযোগিতা আয়োজন কৰি অহা হৈছে। নাৰীবাদ আৰু লোকগাথা সম্পাদনা মেলাৰ অংশ হিচাপে ২০১৯ চনত ১১১টা, ২০২০ চনত ১৩৫টা, ২০২১ চনত ৫০৭টা, ২০২২ চনত ১৭৫টা আৰু ২০২৩ চনত বৰ্তমানলৈকে ১৮০টা প্ৰবন্ধ ৰচনা কৰা হৈছে। ইয়াৰ লগতে একে উদ্দেশ্যৰে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ৱিকি লাভ্ছ ৱুমেন দক্ষিণ এছিয়া নামৰ আন এটা সম্পাদনামেলাও অনুষ্ঠিত কৰা হৈছিল। বিভিন্ন সময়ত ৱিকিপিডিয়াত আয়োজন কৰা এনে ধৰণৰ সম্পাদনামেলাসমূহে ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে সম্পাদকসকলকো উৎসাহিত কৰে আৰু সামগ্ৰিকভাবে ইণ্টাৰনেটত অসমীয়া ভাষাৰ উন্নতি সাধন কৰে। এয়াই আমাৰ বাবে এক ডাঙৰ সফলতা। - দিব্য দত্ত (বাৰ্তা) 17:55, 27 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
|
ভাল প্ৰবন্ধ 
|
নন্-বাইনেৰী হৈছে লিংগ পৰিচয়ৰ বাবে ব্যৱহৃত এটা আমব্ৰেলা টাৰ্ম অৰ্থাৎ শব্দ। যিসকলে নিজক কেৱল পুৰুষ বা মহিলা হিচাপে পৰিচয় নিদি, লিংগ বাইনেৰীৰ বাহিৰত থকা বুলি পৰিচয় দিয়ে। নন্-বাইনেৰী পৰিচয়সমূহ ৰূপান্তৰকামিতাৰ ভাগটোৰ অধীনত পৰে, কিয়নো নন্-বাইনেৰী লোকসকলে সাধাৰণতে তেওঁলোকৰ নিৰ্ধাৰিত লিংগৰ পৰা পৃথক লিংগৰ সৈতে চিনাক্তকৰণ কৰে, যদিও কিছুমান নন্-বাইনেৰী লোকে নিজকে ৰূপান্তৰকামী বুলি নাভাবে। নন্-বাইনেৰী লোকসকলে মধ্যৱৰ্তী বা পৃথক তৃতীয় লিংগ হিচাপে চিনাক্ত কৰিব পাৰে, এটাতকৈ অধিক লিংগৰ সৈতে চিনাক্ত কৰিব পাৰে, কোনো লিংগৰ পৰিচয়ত আৱদ্ধ নাৰাখিব পাৰে। লিংগ পৰিচয় যৌন বা ৰোমাণ্টিক অভিমুখিতাৰ পৰা পৃথক: নন্-বাইনেৰী লোকৰ যৌন অভিমুখিতা বিভিন্ন। নন্-বাইনেৰী হোৱাটো আৰু আন্তঃলিংগ হোৱাটোও একে নহয়; বেছিভাগ আন্তঃলিংগ লোকে পুৰুষ বা মহিলা বুলি চিনাক্ত কৰে। বিতংকৈ ইয়াত পঢ়ক...
যোৱামাহৰ ভাল প্ৰবন্ধ লোণ উৎপাদনৰ বিষয়ে ইয়াত পঢ়ক...
|
|
|
নিৰ্বাচিত চিত্ৰ 
|
|
প্ৰণামিকা অধিকাৰী: ২০২০ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ৯,৬৯৫ টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ১৪৮। অসমীয়া ৱিকিউৎসত তেওঁৰ সম্পাদনা সংখ্যা ৬,০৭৩। ইয়াৰ লগতে তেওঁ ৱিকিমিডিয়া কমন্সলৈয়ো উল্লেখনীয় বৰঙনি আগবঢ়াইছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “শ্ৰীময়ী অসমী পদক”, “লোকসংস্কৃতি পদক”, “এই মাহৰ ৱিকিমিডিয়ান”, “শ্ৰেষ্ঠ নৱাগত প্ৰবন্ধকাৰ পদক”, “ৱিকি শতক পদক”, “এডিটাথনৰ তেজীঘোঁৰা” আদি পদকেৰে সন্মানিত কৰিছে। অসমীয়া ৱিকি সমাজে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।
|
পদক 
|
|
ফেব্ৰুৱাৰী-২০২৩ৰ বিশেষ অভিলেখ 
|
|
উল্লেখনীয় কাম 
|
|
পৰিসংখ্যা আৰু অন্যান্য 
|
পৰিসংখ্যা
অন্যান্য সংযোগ
ঘোষণা
|
|