হেপ্পী টু ব্লিড
হেপ্পী টু ব্লিড (ইংৰাজী: Happy to bleed; অসমীয়া অনুবাদ: ৰক্তক্ষৰণত সুখী) হৈছে এক সামাজিক আন্দোলন। ভাৰতত ঋতুস্ৰাৱৰ সৈতে জড়িত যিকোনো বিষয়কে নিষিদ্ধ বুলি ভবা আৰু ইয়াক লজ্জাজনক, কলংকিত বিষয় বুলি বিবেচনা কৰা মনোবৃত্তিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবেই এই আন্দোলনৰ সৃষ্টি।[1][2] এই আন্দোলনটো আৰম্ভ কৰিছিল নিকিতা আজাদে। তেওঁ মূলতঃ জলন্ধৰৰ বাসিন্দা। তেওঁ এগৰাকী নাৰী অধিকাৰ কৰ্মী আছিল আৰু পাতিয়ালাৰ পাঞ্জাবী বিশ্ববিদ্যালৰ অন্তৰ্গত চৰকাৰী মহিলা কলেজৰ ইংৰাজীৰ বিভাগৰ এগৰাকী স্নাতক ছাত্ৰী আছিল।[3] আজাদৰ প্ৰকৃত নাম নিকিতা আৰোৰা। তেওঁ যুক্তৰাজ্যৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ২০১৮-২০২০ বৰ্ষৰ এগৰাকী ৰোডছ্ বৃত্তিধাৰী ছাত্ৰী। তাত তেওঁৰ অধ্যয়নৰ বিষয় আছিল এম.এচ.টি ইন ৱুমেনছ্ ষ্টাডিজ (MSt in Wome’s Studies, ২০১৯) আৰু হিষ্ট’ৰি অফ চায়েঞ্চ, মেডিচিন এণ্ড টেকনোল’জীৰ স্নাতকোত্তৰ।[4]
ইতিহাস
[সম্পাদনা কৰক]২০১৫ চনৰ ১৩ নৱেম্বৰত কেৰালাৰ সবৰীমালা মন্দিৰৰ দেৱস্ব’ম প্ৰধান প্ৰয়াৰ গোপালকৃষ্ণনে কয় যে মহিলাৰ বিশুদ্ধতা স্কেন আৰু বিচাৰ কৰিব পৰা মেচিন উদ্ভাৱন কৰাৰ পিছতহে মহিলাসকলক সবৰীমালা মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব।[5] তেওঁ কয়, "এটা সময় আহিব যেতিয়া মানুহে সুধিব যে গোটেই বছৰে মহিলা সকলক মন্দিৰত প্ৰৱেশৰ পৰা বঞ্চিত কৰা উচিত নেকি। আজিকালি শৰীৰ স্কেন কৰি অস্ত্ৰ-শস্ত্ৰ পৰীক্ষা কৰিব পৰা মেচিন আছে। এনে এটা দিন আহিব যেতিয়া মহিলাৰ বিশুদ্ধতা পৰীক্ষা কৰা মেচিন আৱিষ্কাৰ হ'ব।" এগৰাকী মহিলাৰ বাবে মন্দিৰত প্ৰৱেশ কৰাৰ 'সঠিক সময়' হয় নে নহয়; অৰ্থাৎ তেওঁৰ ঋতুস্ৰাৱ হৈ আছে নে নাই, সেইটো নিৰূপন কৰিবলৈ যেতিয়া সেই মেচিনটো উদ্ভাৱন হ'ব, আমি তেতিয়াহে মহিলাক ভিতৰলৈ সোমাবলৈ দিয়াৰ কথা ক'ম।"[6]
তেওঁৰ এই বক্তব্য বহুল সমালোচিত হয়।[6] এই বক্তব্যৰ বিৰোধ কৰি ২০ বছৰীয়া নিকিতা আজাদে ২০১৫ চনৰ ২১ নৱেম্বৰত হেপি টু ব্লিড অভিযান আৰম্ভ কৰে।[7] আজাদ আৰু তেওঁৰ বন্ধুসকলে ছ'চিয়েল মিডিয়াত অভিযান আৰম্ভ কৰে। চেনিটেৰী পেডৰ সৈতে নিজৰ ছবি পোষ্ট কৰে, য'ত লিখা আছিল হেপি টু ব্লিড।[5] এই অভিযানৰ ফেচবুক পেজত ইয়াক "ঋতুস্ৰাৱক নিষিদ্ধ বিষয় বুলি ভবাৰ আৰু মহিলাৰ ঋতুস্ৰাৱৰ স্বাস্থ্যক পণ্যকৰণ কৰাৰ বিৰুদ্ধে অভিযান" বুলি বৰ্ণনা কৰা হৈছে।[7] তেওঁ দেৱস্ব’ম প্ৰধান গোপালকৃষ্ণনলৈ এখন মুকলি চিঠি লিখি মহিলাক সবৰীমালাত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ যুক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।[8]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Sharma, Kalpana. "The open discussion on menstruation is #Happy To Bleed's biggest achievement" (en-US ভাষাত). Scroll.in. https://scroll.in/article/771449/the-open-discussion-on-menstruation-is-happy-to-bleeds-biggest-achievement। আহৰণ কৰা হৈছে: 2019-01-19.
- ↑ "Why are Indian women 'Happy to Bleed'?" (en-GB ভাষাত). 2015-11-23. https://www.bbc.com/news/world-asia-india-34900825.
- ↑ "Indian women launch 'happy to bleed' campaign to protest against a 'sexist' religious rule" (en ভাষাত). The Independent. 2015-11-25. https://www.independent.co.uk/news/world/asia/indian-women-launch-happy-to-bleed-campaign-to-protest-against-sexist-religious-rule-a6748396.html। আহৰণ কৰা হৈছে: 2019-01-19.
- ↑ "Rhodes House: Home of the Rhodes Scholarships". https://www.rhodeshouse.ox.ac.uk/scholars/rhodes-scholars-class-of-2018/nikita-arora.
- ↑ 5.0 5.1 "Women are #HappyToBleed, then what's the problem?" (en-IN ভাষাত). The Indian Express. 2015-11-24. https://indianexpress.com/article/trending/trending-in-india/women-are-happytobleed-then-whats-the-problem/। আহৰণ কৰা হৈছে: 2019-01-19.
- ↑ 6.0 6.1 "Let machine to scan purity come, will think about women entering Sabarimala: Devaswom chief". www.thenewsminute.com. 15 November 2015. https://www.thenewsminute.com/article/let-machine-scan-purity-come-will-think-about-women-entering-sabarimala-devaswom-chief-35998। আহৰণ কৰা হৈছে: 2019-01-19.
- ↑ "Happy To Bleed" (en ভাষাত). www.facebook.com. https://www.facebook.com/pages/category/Political-Organization/Mybloodmychoice/about/। আহৰণ কৰা হৈছে: 2019-01-19.
- ↑ "'A Young Bleeding Woman' Pens An Open Letter To The 'Keepers' Of Sabarimala Temple" (en ভাষাত). Youth Ki Awaaz. 2015-11-20. https://www.youthkiawaaz.com/2015/11/open-letter-to-devaswom-chief-sabrimala/। আহৰণ কৰা হৈছে: 2019-01-19.