মহাকপি জাতক
মহাকপি জাতক হ'ল বোধিসত্ত্ব হিচাপে বুদ্ধৰ পূৰ্বজন্মৰ জাতকৰ কাহিনী। সেই জন্মত তেওঁ আছিল কপিকুলৰ ৰজা।[2] তেওঁৰ অধীনত আশী হাজাৰ বান্দৰে বসবাস কৰিছিল।
কাহিনী
[সম্পাদনা কৰক]কাহিনীটোৰ মতে বোধিসত্ত্বৰ জন্ম হৈছিল এক বান্দৰ হিচাপে। তেওঁ আছিল ৮০ হাজাৰ বান্দৰৰ ৰজা। এই বান্দৰৰ জাকটোৱে গংগাৰ ওচৰৰ এখন ঠাইত বাস কৰিছিল আৰু এজোপা বৃহৎ আম গছৰ ফল ভক্ষণ কৰিছিল। বাৰাণসীৰ ৰজা ব্ৰহ্মদত্তই এবাৰ সেই আম গছজোপাৰ অধিকাৰী হ'বলৈ ইচ্ছা কৰে। সেই উদ্দেশ্যেৰে তেওঁ কপিকুলক হত্যা কৰিবলৈ সৈন্য-সামন্তৰে সৈতে গছজোপা ঘেৰি ধৰে। কিন্তু বোধিসত্ত্বই নিজে নৈখনৰ ওপৰত শৰীৰ ৰাখি এখন দলঙৰ সৃষ্টি কৰে আৰু ইয়াৰ দ্বাৰা গোটেই কপিকুলকেই নিৰাপদ স্থানলৈ পলায়ন কৰিবলৈ সহায় কৰে।
বুদ্ধৰ ঈৰ্ষাপৰায়ণ আৰু দুষ্ট খুলশালীয়েক দেৱদত্ত সেই জন্মত উক্ত কপিকুলৰে এজন আছিল। এই আক্ৰমণৰ সময়ত তেওঁ নিজৰ শত্ৰুক ধ্বংস কৰাৰ এটা ভাল সুযোগ বুলি ভাবি বোধিসত্ত্বৰ পিঠিত জঁপিয়াই তেওঁৰ বুকুত মাৰাত্মক আঘাত কৰিলে।
ৰজাই বোধিসত্ত্বৰ সৎকৰ্ম দেখি নিজৰ কৃতকৰ্মৰ বাবে অনুতাপ কৰে আৰু মৃত্যুৰ সময়ত তেওঁক অতি যত্নৰে চোৱা-চিতা কৰে। মৃত্যুৰ পিছত ৰজাই তেওঁক ৰাজকীয় সমাধিৰে সন্মান প্ৰদৰ্শন কৰে। [3]
ভাৰহুতৰ চিত্ৰণ
[সম্পাদনা কৰক]এই জাতক কথাৰ ভাৰহুতত থকা চিত্ৰণত বুদ্ধই পূৰ্বজন্মত বান্দৰ ৰজা হিচাপে আত্মবলিদান দি নিজৰ শৰীৰটোক এখন দলং হিচাপে আগবঢ়াইছে যাতে তেওঁৰ সতীৰ্থ বান্দৰবোৰে তেওঁলোকক আক্ৰমণ কৰা মানৱ ৰজাৰ পৰা পলায়ন কৰিব পাৰে। বান্দৰবোৰ পলায়ন কৰা নদীখনৰ এটা চুটি অংশত মাছৰ শৈলীৰে সজোৱা হৈছে। তাৰ ঠিক তলত তেওঁৰ কাৰ্যৰদ্বাৰা আপ্লুত মানুহবোৰে তেওঁক পৰিলে ধৰিবলৈ এখন বস্ত্ৰ আগবঢ়াই লৈছে।
সাঁচীৰ চিত্ৰণ
[সম্পাদনা কৰক]সাঁচীৰ শিলত কটা ভাস্কৰ্যতো মহাকপি জাতকৰ চিত্ৰণ দেখা যায়। ভাস্কৰ্যৰ তলফালে (স্তুপা নং ১, পশ্চিম পথ) ওপৰৰ পৰা তললৈ গংগা নদী বৈ যোৱাৰ চিত্ৰণ দেখা যায়। বাওঁফালে, ওপৰত, ডাঙৰ আম গছ এজোপাত দুটা বান্দৰ বহি থকা দেখা গৈছে। আনহাতে বান্দৰৰ ৰজা বোধিসত্ত্ব আমজোপাৰ পৰা নদীখনৰ সিপাৰলৈকে বিস্তৃত হৈ আছে। তেওঁৰ শৰীৰৰ ওপৰেৰে কিছুমান বান্দৰ সিপাৰৰ শিল আৰু জংঘললৈ পলাই গৈছে।
ইয়াৰ তলৰ অংশত বাওঁফালে ঘোঁৰাত উঠি নিজৰ সৈন্যৰ সৈতে ৰজা ব্ৰহ্মদত্ত আছে। ইয়াৰে এজনে ধনু-কাঁড় লৈ বোধিসত্ত্বৰ ফালে ওপৰলৈ লক্ষ্য কৰি আছে। ওপৰতো ৰজাৰ মূৰ্তি দেখা যায়। তেওঁ আমগছৰ তলত বহি মৃত্যুমুখত পৰা বোধিসত্ত্বৰ সৈতে কথা-বতৰা পাতিছে।