সবিতা দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সবিতা দেৱী

তিনশো দিন কে বাদ (১৯৩৮) ছবিত মতিলালৰ সৈতে সবিতা দেৱী
জন্ম আইৰিছ মৌড গেছপাৰ
১৯১৪
মৃত্যু ১৯৯৮ (বয়স ৮৩–৮৪)
চিলভাৰউড নাৰ্চিং হোম, বিষ্টন, নটিংহাম, ইংলেণ্ড
সমাধিস্থল উইলফোৰ্ড ক্ৰিমেট’ৰিয়াম, ৱেষ্ট ব্ৰিজফোৰ্ড, নটিংহাম
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৩০-১৯৪৭
দাম্পত্যসঙ্গী ডেভিদ ট্ৰফ’ৰ লিউৱিছ
সন্তান ১টা সতীয়া পুত্ৰ


সবিতা দেৱী (ইংৰাজী: Sabita Devi; ১৯১৪-৬৫) সবিতা দেৱী [1] এগৰাকী নিৰ্বাক চলচ্চিত্ৰ যুগৰ তথা হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। মেহতাব, বিব্বো, দুৰ্গা খোটে, গোহৰ, দেৱিকা ৰাণী আৰু সীতা দেৱীৰ সৈতে তেওঁক ভাৰতীয় চিনেমাৰ "প্ৰাৰম্ভিক যুগ"ৰ অন্যতম "বিশিষ্ট" আগশাৰীৰ মহিলা বুলি কোৱা হয়।[2] জন্মসূত্ৰে তেওঁ এগৰাকী ইহুদী আছিল।[3] সেই সময়ৰ আন ইংগ-ভাৰতীয় আৰু ইহুদী অভিনেত্ৰী সুলোচনা (ৰুবি মায়াৰ্ছ), সীতা দেৱী (ৰেনী স্মিথ), মাধুৰী (বেৰিল ক্লেচেন) আৰু মনোৰমাৰ (এৰিন ডেনিয়েলছ) দৰে হিন্দী চিনেমাত গ্ৰহণযোগ্যতা লাভ কৰিবলৈ নিজৰ নাম সবিতা দেৱীলৈ সলনি কৰিছিল।। [4] [5] প্ৰথম অৱস্থাত কলকাতাৰ ব্ৰিটিছ ডমিনিয়ন ফিল্মছ লিমিটেডত কাম কৰাৰ পিছত তেওঁ বম্বেলৈ স্থানান্তৰিত হয় আৰু মূলতঃ সাগৰ মুভিটনৰ দ্বাৰা নিৰ্মিত ছবিত অভিনয় কৰে। বেছিভাগ ছবিতে তেওঁৰ নায়ক মতিলাল। মতিলালৰ সৈতে কৰা তেওঁৰ জনপ্ৰিয় ছবি কেইমান হ’ল- সৰ্বোত্তম বাদামী পৰিচালিত ড° মাধুৰিকা (১৯৩৫) আৰু কুলবধু (১৯৩৭)।[6] তেওঁলোকে একেলগে অভিনয় কৰা প্ৰথমখন ছবি- চেহেৰ কা যাদু (১৯৩৪), যিখন মতিলালৰো প্ৰথম ছবি আছিল; [7] পৰৱৰ্তী ছবি- লগনা বন্ধন (১৯৩৬)। দুয়োখন ছবি কালিপ্ৰসাদ ঘোষে পৰিচালনা কৰিছিল। [8]

সবিতাক তেওঁৰ সময়ৰ শীৰ্ষ তিনিগৰাকী অভিনেত্ৰীৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা। ১৯৩৮ চনত তেওঁ সুলোচনা (ৰুবী মায়াৰ্ছ) আৰু গোহৰৰ পিছতে তৃতীয় সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী হিচাপে প্ৰতিমাহে ৩০০০ টকা লাভ কৰিছিল। বিশিষ্ট লেখক কে.এম. মুঞ্চি আৰু ৰমনলাল বসন্তলালক তেওঁৰ ছবিৰ কাহিনী লিখিবলৈ নিযুক্তি দিয়া হৈছিল। লগতে ব্যৱস্থা কৰা হৈছিল বিশেষ আখৰা আৰু মুক্তিৰ পূৰ্বে জোৰদাৰ প্ৰচাৰৰ।" [3] তেওঁ সৰ্বোত্তম বাদানীৰ দৰে এজন পৰিচালকৰ সৈতে কাম কৰিছিল, যিজন আছিল সেই সময়ৰ সামাজিক চলচ্চিত্ৰ নিৰ্মাণ কৰা অন্যতম শীৰ্ষস্থানীয় পৰিচালক। [9] তেওঁ বাদামী আৰু ৰঞ্জিত ষ্টুডিঅ'ৰ সহযোগত নিজা প্ৰডাকচন কোম্পানী সুদামা পিকচাৰ্ছ গঠন কৰিছিল। [10] ১৯৩৫–১৯৪৩ চনলৈকে সবিতাই পোন্ধৰখন ছবিত অভিনয় কৰে; আটাইবোৰ বাদামীয়ে পৰিচালনা কৰা। তেওঁ অভিনয় কৰা কমেডী ছবি যেনে আপ কি মৰ্জি (১৯৩৯) আৰু লেডিজ অনলি (১৯৩৯) বক্স অফিচ হিট আছিল। [11]

পৰিয়াল[সম্পাদনা কৰক]

বিব্বো আৰু সবিতা দেৱী লেডিজ অনলী (১৯৩৯) ছবিত

এটা ইহুদী পৰিয়ালত আইৰিছ গেছপাৰৰ জন্ম হৈছিল। চলচ্চিত্ৰত তেওঁ নাম লৈছিল সবিতা দেবী। ১৯৩৮ চনৰ নৱেম্বৰ মাহত বম্বেত তেওঁৰ পিতৃ পাৰ্চি অ’ছবৰ্ণ গেছপাৰৰ মৃত্যু হয়। [12] তাৰপিছত মাক তেওঁৰ মেনেজাৰ তথা সংগী হৈ থাকে। সবিতাৰ এজন ভায়েক আৰু এজনী ভনীয়েক আছিল। [13]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৩০ চনত কলকাতাৰ ব্ৰিটিছ ডমিনিয়ন ফিল্মছ লিমিটেডে প্ৰযোজনা কৰা তেওঁৰ প্ৰথমখন ছবি কামনাৰ আগুন এখন নিৰ্বাক ছবি আছিল। ছবিখনৰ পৰিচালক আছিল দীনেশ ৰঞ্জন দাস আৰু অভিনয় কৰিছিল- ধীৰেন্দ্ৰনাথ গাংগুলী, দেবকী বসু, ৰমলা দেৱী আৰু ৰাধাৰানীয়ে। [8] চিতোৰৰ ৰাণী পদ্মিনীয়ে জৌহৰ ব্ৰত পালন কৰি আত্মত্যাগ কৰা কাহিনীৰ ওপৰত আধাৰিত এখন অৰ্ধ-ঐতিহাসিক চলচ্চিত্ৰ আছিল। [14]

১৯৩৩ চনত তেওঁ প্ৰিয়নাথ এন. গাংগুলী আৰু তুলসী লাহিৰী পৰিচালিত আৰু ইষ্ট ইণ্ডিয়া ফিল্ম কোম্পানী প্ৰযোজিত ধৰ্মমূলক ছবি ৰাধা-কৃষ্ণত অভিনয় কৰে। তেওঁৰ সহ-শিল্পী আছিল ধীৰাজ ভট্টাচাৰ্য, ইন্দুবালা, অমৰ চৌধুৰী আৰু কমলা ঝাৰিয়া। [15]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

তালিকা:[1][16][17]

বৰ্ষ ছবি পৰিচালক
১৯৩০ কামনাৰ আগুন ধীৰেন্দ্ৰ গাংগুলী
১৯৩১ অপৰাধী দেৱিকা বসু
১৯৩১ টাকাই কি না হয় ধীৰেন্দ্ৰ গাংগুলী
১৯৩১ কণ্ঠহাৰ কালিপ্ৰসাদ ঘোষ
১৯৩১ মৰণেৰ পৰে এ.কে. ৰয়
১৯৩২ ভাগ্যলক্ষ্মী কালিপ্ৰসাদ ঘোষ
১৯৩৩ ৰাধা-কৃষ্ণ প্ৰিয়নাথ এন. গাংগুলী, তুলসী লাহিৰি
১৯৩৪ ছেহৰ কা যাদু কালিপ্ৰসাদ ঘোষ
১৯৩৪ ফৰজান্দে হিন্দ এজৰা মিৰ
১৯৩৪ গৃহলক্ষ্মী সৰ্বোত্তম বাদামী
১৯৩৪ চন্দ্ৰগুপ্ত এ.আৰ. কৰদাৰ
১৯৩৫ Vengeance Is Mine সৰ্বোত্তম বাদামী
১৯৩৫ ডাঃ মাধুৰিকা সৰ্বোত্তম বাদামী
১৯৩৬ লগ্ন-বন্ধন কালিপ্ৰসাদ ঘোষ
১৯৩৬ জীৱন লতা সৰ্বোত্তম বাদামী
১৯৩৬ গ্ৰামকন্যা সৰ্বোত্তম বাদামী
১৯৩৭ ককিলা সৰ্বোত্তম বাদামী
১৯৩৭ কুলবধু সৰ্বোত্তম বাদামী
১৯৩৮ তিন শো দিন কে বাদ সৰ্বোত্তম বাদামী
১৯৩৯ লেডিজ অনলি সৰ্বোত্তম বাদামী
১৯৩৯ আপ কী মৰ্জি সৰ্বোত্তম বাদামী
১৯৪০ ছিংগাৰী সৰ্বোত্তম বাদামী
১৯৪০ সাজনী সৰ্বোত্তম বাদামী
১৯৪১ বম্বাই কি ছেইৰ (Holiday In Bombay) সৰ্বোত্তম বাদামী
১৯৪৩ প্ৰাৰ্থনা সৰ্বোত্তম বাদামী
১৯৪৩ ফেশ্বন S. F. Hasnain
১৯৪৫ আম্ৰপালি নন্দলাল জছৱন্তলাল
১৯৪৭ সৰাই কি বহাৰ কৃষণ চন্দৰ

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 "Sabita Devi". Muvyz, Ltdmuvyz.com. Archived from the original on 30 September 2015. https://web.archive.org/web/20150930082522/http://muvyz.com/people/vx338220/Filmography/Actor। আহৰণ কৰা হৈছে: 1 September 2015. 
  2. Ashok Raj (1 November 2009). Hero Vol.1. Hay House, Inc. পৃষ্ঠা. 37–. ISBN 978-93-81398-02-9. https://books.google.com/books?id=tgo9BAAAQBAJ&pg=PT37। আহৰণ কৰা হৈছে: 30 August 2015. 
  3. 3.0 3.1 Patel, Baburao (December 1937). "India Has No Stars". Filmindia খণ্ড 3 (8): 5. https://archive.org/stream/filmindia19373803unse#page/n15/mode/2up। আহৰণ কৰা হৈছে: 2 September 2015. 
  4. Hymns Ancient & Modern Ltd (April 1982). "Religion Has Shaped Indian Films". ThirdWay. 4. 5. Hymns Ancient & Modern Ltd. পৃষ্ঠা. 6–. https://books.google.com/books?id=G6ZUFNi6Js8C&pg=PA6। আহৰণ কৰা হৈছে: 30 August 2015. 
  5. The Modern Girl around the World Research Group; Alys Eve Weinbaum; Lynn M. Thomas; Priti Ramamurthy; Uta G. Poiger; Madeleine Yue Dong; Tani E. Barlow (3 December 2008). The Modern Girl Around the World: Consumption, Modernity, and Globalization. Duke University Press. পৃষ্ঠা. 162–. ISBN 978-0-8223-8919-4. https://books.google.com/books?id=BxQxkiBqXrsC&pg=PA162। আহৰণ কৰা হৈছে: 30 August 2015. 
  6. Subodh Kapoor (2002). The Indian Encyclopaedia: Meya-National Congress. Cosmo Publications. পৃষ্ঠা. 4933–. ISBN 978-81-7755-273-7. https://books.google.com/books?id=ncL8Ve9FqNwC&pg=PA4933। আহৰণ কৰা হৈছে: 30 August 2015. 
  7. Gulazāra; Saibal Chatterjee (2003). "Motilal". Encyclopaedia of Hindi Cinema. Popular Prakashan. পৃষ্ঠা. 615–. ISBN 978-81-7991-066-5. https://books.google.com/books?id=8y8vN9A14nkC&pg=PT615। আহৰণ কৰা হৈছে: 30 August 2015. 
  8. 8.0 8.1 Ashish Rajadhyaksha; Paul Willemen (10 July 2014). Encyclopedia of Indian Cinema. Taylor & Francis. পৃষ্ঠা. 1994–. ISBN 978-1-135-94325-7. https://books.google.com/books?id=rF8ABAAAQBAJ&pg=PA1994-IA318। আহৰণ কৰা হৈছে: 30 August 2015. 
  9. Ashish Rajadhyaksha; Paul Willemen (10 July 2014). Encyclopedia of Indian Cinema. Routledge. পৃষ্ঠা. 267–. ISBN 978-1-135-94318-9. https://books.google.com/books?id=SLkABAAAQBAJ&pg=PA267। আহৰণ কৰা হৈছে: 30 August 2015. 
  10. Patel, Baburao (March 1939). "Editor's Mail". Filmindia খণ্ড 5 (3): 15. https://archive.org/stream/filmindia193905unse#page/n139/mode/2up। আহৰণ কৰা হৈছে: 2 September 2015. 
  11. Sanjit Narwekar (12 December 2012). "5-The Puppet Masters". Eena Meena Deeka: The Story of Hindi Film Comedy. Rupa Publications. পৃষ্ঠা. 66–. ISBN 978-81-291-2625-2. https://books.google.com/books?id=KbSbAwAAQBAJ&pg=PT66। আহৰণ কৰা হৈছে: 28 August 2015. 
  12. Patel, Baburao (December 1938). "Notes And News". Filmindia খণ্ড 4 (8): 36. https://archive.org/stream/filmindia193804unse#page/n369/mode/2up/search/Sabita। আহৰণ কৰা হৈছে: 2 September 2015. 
  13. Patel, Baburao (January 1939). "Editor's Mail". Filmindia খণ্ড 5 (1): 17. https://archive.org/stream/filmindia193905unse#page/n27/mode/2up। আহৰণ কৰা হৈছে: 2 September 2015. 
  14. Rachel Dwyer; Senior Lecturer in Indian Studies Rachel Dwyer (27 September 2006). Filming the Gods: Religion and Indian Cinema. Routledge. পৃষ্ঠা. 114–. ISBN 978-1-134-38070-1. https://books.google.com/books?id=ZsKR1RKoJKUC&pg=PA114। আহৰণ কৰা হৈছে: 1 September 2015. 
  15. Sanjit Narwekar (2005). Eena meena deeka: the story of Hindi film comedy. Rupa & Co.. ISBN 9788129108593. https://books.google.com/books?id=8-lkAAAAMAAJ। আহৰণ কৰা হৈছে: 1 September 2015. 
  16. "Sabita Devi-Filmography". Alan Goblecitwf.com. http://www.citwf.com/detailPerson.asp?personID=154313&sortOn=YEAR&sortBy=UP। আহৰণ কৰা হৈছে: 1 September 2015. 
  17. "Filmography-Sabita Devi". Chiloka.comchiloka.com. http://chiloka.com/celebrity/sabita-devi। আহৰণ কৰা হৈছে: 1 September 2015. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]