জধিয়া বাঈ বাইগা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জধিয়া বাঈ বাইগা
জন্ম ১৯৩৯
উমৰিয়া, মধ্য প্ৰদেশ, ভাৰত
পেচা শিল্পকলা
বঁটা, সন্মান, পুৰস্কাৰ আদি নাৰী শক্তি পুৰস্কাৰ, (২০২২)
পদ্মশ্ৰী (২০২৩)

জধিয়া বাঈ বাইগা (ইংৰাজী: Jodhaiya Bai Baiga; জন্ম: ১৯৩৯) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বাইগা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে আৰু মধ্য প্ৰদেশৰ উমৰিয়া জিলাৰ লোৰহা গাঁৱত বাস কৰে।[1] জধিয়া বাঈ দুটি পুত্ৰ সন্তান আৰু এটি কন্যা সন্তানৰ মাতৃ।[2] তেওঁ বনাঞ্চলৰ পৰা আহৰণ কৰা কাঠ, পচন সাৰ আৰু বাদাম বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল।[3][2] ঘটনাক্ৰমে এদিন তেওঁ ছবি আঁকিবলৈ লয় আৰু বাইগা সম্প্ৰদায়ৰ পৰম্পৰাগত চিত্ৰকলাক প্ৰসাৰিত কৰে। নিজৰ কামৰ স্বীকৃতি স্বৰূপে জধিয়া বাঈয়ে ২০২২ চনৰ ৮ মাৰ্চ তাৰিখে, নাৰী দিৱসৰ দিনা[4] ৰাষ্ট্ৰপতিৰ পৰা নাৰী শক্তি পুৰস্কাৰ লাভ কৰে।[5] পৰৱৰ্তী সময়ত, ২০২৩ চনত ভাৰত চৰকাৰে কলাৰ ক্ষেত্ৰত আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[6]

সংক্ষিপ্ত জীৱনী[সম্পাদনা কৰক]

সৰুতেই পিতৃ-মাতৃক হেৰুওৱা জধিয়া বাঈৰ চল্লিশ বছৰ বয়সত স্বামীৰ মৃত্যু হয়।[7] তেতিয়া তেওঁ তিনিটি সন্তানৰ মাতৃ। স্বামীক হেৰুৱাই জধিয়া বৰ বিপদত পৰে আৰু দিন মজদুৰী কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ লয়। লাহে-লাহে তেওঁৰ ল’ৰা ডাঙৰ হয় আৰু সিহঁতেও কাম কৰিবলৈ আৰম্ভ কৰে। ৬০ বছৰ বয়সলৈকে জধিয়াৰ কলাৰ প্ৰতি কোনো ৰুচি নাছিল।[8] শান্তিনিকেতনৰ কলাভৱনৰ প্ৰাক্তন ছাত্ৰ আৰু জধিয়া বাঈৰ চিত্ৰকলাৰ গুৰু স্বৰ্গীয় আশীষ স্বামী মুম্বাইৰ পৰা লোৰহালৈ যেতিয়া আহে তেতিয়া জধিয়াৰ বয়স প্ৰায় ৬৭ বছৰ। উমৰিয়া আছিল আশীষ স্বামীৰ গৃহভূমি। ইয়ালৈ আহি তেওঁ ‘জন-গন তচবীৰখানা’ নাম দি এটি মুকলি ষ্টুডিঅ’ আৰম্ভ কৰে আৰু ঘটনাক্ৰমে জধিয়া বাঈক লগ পায়।[7]অশিক্ষিত জধিয়াই যেতিয়া তেওঁক জনায় যে তেওঁ পঢ়া-লেখা নাজানে তেতিয়া স্বামীয়ে জধিয়াক ছবি আঁকিবলৈ দিয়ে। এডাল কাঠ খৰিৰে ষ্টুদিঅ’ৰ মজিয়াত পাচলিৰ ছবি আঁকি জধিয়াৰ প্ৰথম ছবিৰ শিক্ষা আৰম্ভ হয়। লাহেকৈ তেওঁ ছবি আঁকিবলৈ কাগজ আৰু কেনভাচ পালে আৰু ৰঙৰ ব্যৱহাৰ শিকিলে।[7] ইয়াৰ পিছত জধিয়া বাঈয়ে আৰু পিছলৈ উভতি চাব লগা নহ’ল। বিলুপ্ত হ’বলৈ ধৰা বাইগা পৰম্পৰাগত শিল্পকলাই জধিয়াৰ তুলিকাত প্ৰাণ পাবলৈ আৰম্ভ কৰে[4] আৰু ছবি অঁকাটো তেওঁৰ চখ হৈ পৰে।[1] তেওঁৰ চিত্ৰ শৈলীক গণ্ড সম্প্ৰদায়ৰ প্ৰখ্যাত শিল্পী জনগড় সিং শ্যামৰ সৈতে তুলনা কৰা হৈছে[2] যদিও জধিয়া বাঈৰ চিত্ৰকৰ্ম আশ্চৰ্যজনক ভাবে মৌলিক।[9] কেনভাচ আৰু কাগজত চিত্ৰাংকন কৰাৰ পিছত, তেওঁ এতিয়া শিল্পকৰ্মৰ বাবে মাটি, ধাতু আৰু কাঠৰ দৰে অন্যান্য মাধ্যমও ব্যৱহাৰ কৰে। তেওঁৰ নাতিয়ে তৈয়াৰ কৰা মুখাসমূহত জধিয়া বাঈয়ে ৰং কৰে। তেওঁ মহুৱা গছৰ দৰে স্থানীয় বাইগা মোটিফ (motif)ৰ দ্বাৰা অনুপ্ৰাণিত।[2] জধিয়া বাঈ বাইগাৰ চিত্ৰসমূহ ভূপাল, দিল্লী, মিলান আৰু পেৰিছত প্ৰদৰ্শিত হৈছে।[5][1][2]

বাইগা চিত্ৰশৈলী[সম্পাদনা কৰক]

বাইগা চিত্ৰশৈলী হৈছে বাইগা আদিবাসী সকলৰ সেইখন কল্পনাৰ পৃথিৱী, যিখন তেওঁলোকে নিজা দৃষ্টিভংগীৰে দেখে আৰু ৰচনা কৰে। আশীষ স্বামীৰ মতে, বাইগা সকলে বৃক্ষ আৰু বাঘক শিৱ ৰূপে জ্ঞান কৰে আৰু সেয়ে নিজৰ ছবিত বঘাসুৰ আৰু বৃক্ষৰ ৰূপত শিৱক চিত্ৰিত কৰে। বাইগা চিত্ৰসমূহ ঘাইকৈ মুৰাল। তেওঁলোকে নিজৰ ঘৰবোৰ ছবিৰে চিত্ৰিত কৰে। ঘন অৰণ্যত বাস কৰা এই আদিবাসীসকলে নিজৰ ছবিসমূহত মুখ্যতঃ ঘন অৰণ্য, অৰণ্যত বিচৰণ কৰা জীৱ আৰু পৰিৱেশক চিত্ৰিত কৰে।[4]

বঁটা, সন্মান আৰু স্বীকৃতি[সম্পাদনা কৰক]

শান্তিনিকেতন বিশ্বভাৰতী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আদিত জধিয়া বাঈৰ ছবি প্ৰদৰ্শিত হৈছে। ভূপালৰ জনজাতীয় সংগ্ৰহালয়ত এখন স্থায়ী দেৱাল আছে, য’ত জধিয়া বাঈয়ে অংকন কৰা চিত্ৰকলা সংৰক্ষিত হৈ আছে। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে জধিয়া বাঈক সন্মানিত কৰাই নহয়, তেওঁ জধিয়া বাঈক সাক্ষাৎ কৰিবলৈ লোৰহা গাঁৱলৈ নিজেই গৈছিল।[4]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Staff writer(s) (6 October 2019). "Paintings of 80-year-old Madhya Pradesh woman on exhibit in Italy" (en ভাষাত). Hindustan Times. Asian News International. https://www.hindustantimes.com/it-s-viral/paintings-of-80-year-old-madhya-pradesh-woman-on-exhibit-in-italy/story-ujxCAOZoSuQiLhR9rlowUJ.html. 
  2. 2.0 2.1 2.2 2.3 2.4 Bhuyan, Avantika (2 May 2022). "What makes Jodhaiya Bai such an exciting new talent at 82" (en ভাষাত). Mintlounge. https://lifestyle.livemint.com/how-to-lounge/art-culture/what-makes-jodhaiya-bai-such-an-exciting-new-talent-at-82-111651461575282.html. 
  3. Staff writer(s) (6 May 2022). "ఏడు ప‌దుల వ‌య‌సులో పెయింటింగ్ నేర్చుకుని అవార్డులు అందుకుంటున్న బామ్మ‌" (te ভাষাত). Namasthe Telangana. https://www.ntnews.com/zindagi/madhya-pradesh-woman-jodhaiya-bai-baiga-this-80-years-old-woman-have-exiting-new-talent-in-painting-571048. 
  4. 4.0 4.1 4.2 4.3 "उम्र के ढलान पर जोधईया बाई की उड़ान! विलुप्त होती बैगा चित्रकला को किया जीवित, अब मिलेगा पद्मश्री पुरुस्कार". https://www.etvbharat.com.+26 January 2023. https://www.etvbharat.com/hindi/madhya-pradesh/state/umaria/world-womens-day-2022-mp-umaria-baiga-painting-jodhaiya-bai-padma-shri-award-rashtrapati-bhavan/mp20230126165424061061338। আহৰণ কৰা হৈছে: 2 February 2023. 
  5. 5.0 5.1 Kainthola, Deepanshu (8 March 2022). "President Presents Nari Shakti Puraskar for the Years 2020, 2021" (en ভাষাত). Tatsat Chronicle Magazine. https://tatsatchronicle.com/president-presents-nari-shakti-puraskar-for-the-years-2020-2021/. 
  6. "Padma Awards 2023 announced". Ministry of Home Affairs, Govt of IndiaPress Information Buereau. https://www.pib.gov.in/PressReleasePage.aspx?PRID=1893797। আহৰণ কৰা হৈছে: 26 January 2023. 
  7. 7.0 7.1 7.2 "MP elderly tribal woman who learnt painting at age of 70 receives Padma Shri in art field". https://www.aninews.in.+26 January 2023. https://www.aninews.in/news/national/general-news/mp-elderly-tribal-woman-who-learnt-painting-at-age-of-70-receives-padma-shri-in-art-field20230126174604/। আহৰণ কৰা হৈছে: 2 February 2023. 
  8. "82 साल की उम्र में जोधइया बाई इतनी रोमांचक नई प्रतिभा क्या बनाती है". https://lifestyle-livemint-com. https://lifestyle-livemint-com.translate.goog/how-to-lounge/art-culture/what-makes-jodhaiya-bai-such-an-exciting-new-talent-at-82-111651461575282.html?_x_tr_sl=en&_x_tr_tl=hi&_x_tr_hl=hi&_x_tr_pto=tc। আহৰণ কৰা হৈছে: 2 February 2023. 
  9. "फ्रॉम द हार्ट ऑफ़ इंडिया: जोधइया बाई बैगा". 2 March 2022. https://indiaartfair-in.translate.goog/from-the-heart-of-india-jodhaiya-bai-baiga?_x_tr_sl=en&_x_tr_tl=hi&_x_tr_hl=hi&_x_tr_pto=tc। আহৰণ কৰা হৈছে: 2 February 2023.